মাকৰ কাৰণে ৫৫ ফুট গভীৰ কুঁৱা খান্দি উলিওৱা কিশোৰজন

মাকৰ কাৰণে ৫৫ ফুট গভীৰ কুঁৱা খান্দি উলিওৱা কিশোৰজন

Wednesday November 30, 2016,

2 min Read

কৰ্ণাটকৰ ছেট্টিছাৰা গাৱঁৰ ১৭ বছৰীয়া পৱন কুমাৰে খান্দি উলিয়ালে ৫৫ ফুট গভীৰ এটা নাদ । সদায় কামৰ পৰা আহি বহু দূৰৰ কুঁৱাৰ পৰা পানী আনিবলৈ যোৱা মাকৰ কষ্ট লাঘৱ কৰিবল বাবে তেওঁ এই কাম হাতত লৈছিল । 

Image : The Hindu

Image : The Hindu


পৱনৰ পিতৃ এজন ৰান্ধনি আৰু তেওঁৰ মাক নেত্ৰাৱতী এটা ছপাশালত শ্ৰমিক । আৰ্থিক দূৰৱস্থাৰ বাবে তেওঁলোকৰ হাতত কুঁৱা খান্দিবৰ সমল নাছিল । সেয়েহে তেওঁৰ মাকে সদায় সন্ধিয়া কামৰ পৰা আহি আধা কিলোমিটাৰ দূৰৰ এটা কুঁৱাৰ পৰা কেইবাবাৰো পানী আনিবলৈ যাব লাগিছিল । 

এজন স্থানীয় হাইড্ৰ'লজিষ্টৰ পৰামৰ্শ অনুসৰি পৱনে কুঁৱা খন্দাৰ সঠিক স্থান নিৰুপণ কৰি তাত নিজেই কুঁৱা খান্ধিবলৈ আৰম্ভ কৰে । মাজতে মাত্ৰ তেওঁৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ সময়ত দহ দিন তেওঁ কাম কৰা নাছিল । এই কুঁৱাটো তেওঁ ৪৫ দিনত খান্দি শেষ কৰে । প্ৰখৰ ৰদত পাথৰুৱা মাটিত কুঁৱা খন্দাটো সহজ নাছিল । কিন্তু ৫৩ ফুট খন্দাৰ পাছত যেতিয়া পানী বিৰিধি অহা দেখিলো তেতিয়া মোৰ মনলৈ এটা পূৰ্ণতাৰ ভাব আহিল । আৰু দুফুট খন্দাৰ পাছত কুঁৱাটোত পানী ওলাল ষ মই সুখী যে মোৰ মায়ে এতিয়া পানী আনিবলা দূৰলৈ যাব নালাগে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এখন নদী পৰিষ্কাৰ কৰা "ইক' বাবা" সন্ত বলবীৰ সিং

এক দম্পতিৰ প্ৰচেষ্টা: ভাৰতৰ প্ৰথমখন ব্যক্তিগত অভয়াৰণ্য

বিশ্বৰ কনিষ্ঠতম তবলাবাদক ত্ৰুপ্তৰাজ

ইঞ্জিনীয়াৰিঙৰ এই প্ৰৱক্তাজন আছিল ১৩ বছৰ স্কুলৰ মূখ নেদখা শিশু শ্ৰমিক