‘আর্থিক নীতি – ভৱিষ্যতৰ লক্ষ্য’ : বিশেষজ্ঞ আৰু অর্থনীতিবিদসকলৰ সৈতে মত বিনিময় প্রধানমন্ত্রীৰ

‘আর্থিক নীতি – ভৱিষ্যতৰ লক্ষ্য’ : বিশেষজ্ঞ আৰু অর্থনীতিবিদসকলৰ সৈতে মত বিনিময় প্রধানমন্ত্রীৰ

Thursday December 29, 2016,

2 min Read

মঙ্গলবাৰে নীতি আয়োগৰ দ্বাৰা আয়োজিত এক গুৰুত্বপূৰ্ণ বৈঠকত বিশিষ্ট অর্থনীতিবিদ আৰু বিশেষজ্ঞসকলৰ সৈতে ‘আর্থিক নীতি – ভৱিষ্যতেৰ লক্ষ্য’ শীৰ্ষক বিষয় সম্পর্কে মত বিনিময় কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদী।

বিশেষজ্ঞ আৰু অর্থনীতিবিদসকলৰ সৈতে হোৱা আলোচনাকালত কৃষি, দক্ষতা বিকাশ আৰু কর্ম-সংস্থানৰ সুযোগ সৃষ্টি, কৰ ব্যৱস্থা তথা মাচুল নীতি, শিক্ষা, ডিজিটেল প্রযুক্তি, আবাসিক, পর্যটন, বেংকিং, প্রশাসনিক সংস্কাৰ, তথ্য আৰু পৰিসংখ্যাচালিত নীতি বিশ্লেষণ আৰু উন্নয়নৰ লক্ষ্যত ভৱিষ্যতৰ কাৰ্যপন্থাসহ অর্থনৈতিক কর্মপ্রচেষ্টাৰ বিভিন্ন বিষয় সন্দৰ্ভত এই মত-বিনিময় অনুষ্ঠানত আলোচনা কৰা হয়৷ এই প্রসঙ্গত অর্থনীতিবিদ আৰু বিশেষজ্ঞসকলে তেওঁলোকৰ ব্যক্তিগত মতামতো প্রধানমন্ত্রীৰ সমূখত তুলি ধৰে।

image


বৈঠকত অংশগ্রহণকাৰী বিশিষ্টব্যক্তিসকলৰ মতামত, পৰামর্শ আৰু চিন্তাধাৰাৰ বাবে তেওঁলোকক ধন্যবাদ জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে। দক্ষতা বিকাশ আৰু পর্যটনৰ দৰে ক্ষেত্রসমূহত উদ্ভাৱনী চিন্তাৰ খোৰাক যোগাবৰ বাবে প্ৰধানমন্ত্ৰীয়ে উপস্থিত সকলোকে আহ্বান জনায়৷

সংসদত বাজেট উত্থাপনৰ সময় আগুৱাই নিয়াৰ সম্ভাৱনা প্রসঙ্গত প্রধানমন্ত্রীয়ে কয়, দেশৰ প্রকৃত অর্থনীতিৰ ওপৰত ই এক বিশেষ প্রভাৱ পেলাব। কাৰণ, আমাৰ বর্তমান বাজেট উত্থাপনৰ সময়সূচী অনুযায়ী ব্যয় অনুমোদন প্রক্রিয়া সম্পূর্ণ হয় বর্ষাকালৰ প্রাকক্ষণত। ইয়াৰ ফলত, বর্ষা ঋতুৰ প্রাক্‌ক্ষণত উৎপাদনশীলতাৰ সময়ত চৰকাৰী কাৰ্যসূচীসমূহ তুলনামূলকভাৱে যথেষ্ট পিছ পৰি যায়। এই বিষয় সম্পর্কে বিশেষ চিন্তা চৰ্চা কৰিয়েই বাজেট উত্থাপনৰ সময় আগুৱাই নিয়াৰ আশা কৰা হৈছে বুলি জনায় শ্রী নৰেন্দ্র মোদীয়ে। তেওঁ কয়, এই নতুন ব্যৱস্থাত নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বেই ব্যয় অনুমোদনৰ কাম সম্পূর্ণ কৰি তোলা হ’ব।

আজি অনুষ্ঠিত এই বৈঠকত উপস্থিত আছিল কেন্দ্রীয় বিত্তমন্ত্রী অৰুণ জেটলি, পৰিকল্পনা দপ্তৰৰ প্ৰতিমন্ত্রী ৰাও ইন্দৰজিৎ সিং আৰু নীতি আয়োগৰ অধ্যক্ষ অৰবিন্দ পানাগাৰিয়াৰ উপৰিও কেন্দ্রীয় চৰকাৰ আৰু নীতি আয়োগৰ উচ্চপদস্থ বিষয়াসকল।

মঙ্গলবাৰে অনুষ্ঠিত হোৱা এই বৈঠকত উপস্থিত থকা বিশেষজ্ঞ তথা অর্থনীতিবিদ সকলৰ ভিতৰত আছিল – অধ্যাপক প্রবীণ কৃষ্ণ, অধ্যাপক সুখপাল সিং, অধ্যাপক বিজয় পাল শর্মা, নীলকান্ত মিশ্র, সুৰজিৎ ভাল্লা, ড. পুলক ঘোষ, ড. গোবিন্দ ৰাওঁ, মাধৱ চৱন, ড. এন. কে. সিং, বিবেক দাহেজিয়া, প্রমথ সিন্হা, সুমিত বসু আৰু টি এন নিনান।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

(উৎস- পি আই বি)

একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি

গাৱঁৰ মহিলাক লৈ অৰ্থনৈতিক বিপ্লৱ কৰিছে এইগৰাকী মহিলাই

অতিৰিক্ত খাদ্য পেলাব নোৱাৰিব ফ্ৰান্সৰ ছুপাৰমাৰ্কেটে

পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড