আঙুলিৰ চাপেৰেই বিমান বন্দৰত প্ৰবেশ কৰিব পৰা যাব

0

অচিৰেই ভাৰতৰ বিমান বন্দৰ সমূহত বৰ্ডিং পাছৰ কাৰণে দিঘলীয়া শাৰীত থিয় দিব লগা নহ'ব । অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে বিমান বন্দৰ সমূহত বায়মেট্ৰিক পদ্ধতি প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছে । 

Image : (L) - Quartz; (R) - IndiaTimes
Image : (L) - Quartz; (R) - IndiaTimes

এই পদ্ধতিত এজন ব্যক্তিয়ে নিজৰ পৰিচয় পত্ৰৰ সলনি কেৱল আঙুলিৰ চাপ দি বিমান বন্দৰত প্ৰৱেশ কৰিব পাৰিব । এই পদ্ধতিৰ লগত সঙ্গতি ৰাখি সকলো যাত্ৰীয়ে টিকট বুকিং কৰিবৰ সময়ত তেওঁৰ আধাৰ কাৰ্ডৰ সৈতে সংযোগ স্থাপন কৰা হ'ব। উল্লেখযোগ্য যে এতিয়ালৈকে ১০০ কোটি আধাৰ কাৰ্ড ইছ্যু কৰা হৈছে আৰু ইয়াৰ যওগেদি নেশ্বনেল ডিজিটেল ৰেজিষ্ট্ৰিত এই সকলোবোৰ লোকৰ তথ্য জমা হৈ আছে ।  

ইতিমধ্যে পৰীক্ষামূলকভাৱে এই ব্যৱস্থা হায়দৰাবাদৰ ৰাজীব গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে । এই ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ পিছত সমগ্ৰ দেশৰ বিমান যাত্ৰীসকলে সকাহ পাব । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এগৰাকী সফল মুক বধিৰ এথলীট আৰু মডেল ছফিয়া জো

সংগীতৰ মাধ্যমেৰে বিশ্ববাসীক একত্ৰ কৰাৰ প্ৰচেষ্টাত ব্ৰতী জেজ গোৱা ষ্টুডিঅ'

জাহাজৰ খালাছী এম জি মুথুৱে গঢ়িলে বিশাল ব্যাৱসায়িক সাম্ৰাজ্য

বিলাসিতা নহয়, সমাজ সচেতনতাৰে উদযাপিত এখন বিয়া