মুখ্য বন্দৰ ন্যাস আইন, ১৯৬৩’ ৰ পৰিৱর্তে মুখ্য বন্দৰ ন্যাস কর্তৃপক্ষ বিধেয়ক, ২০১৬ লৈ কেবিনেটৰ অনুমোদন

মুখ্য বন্দৰ ন্যাস আইন, ১৯৬৩’ ৰ পৰিৱর্তে মুখ্য বন্দৰ ন্যাস কর্তৃপক্ষ বিধেয়ক, ২০১৬ লৈ কেবিনেটৰ অনুমোদন

Monday December 19, 2016,

1 min Read

মুখ্য বন্দৰ ন্যাস আইন, ১৯৬৩’ ৰ পৰিৱর্তনৰ উদ্দেশ্যে মুখ্য বন্দৰ ন্যাস কর্তৃপক্ষ বিধেয়ক, ২০১৬ খন উপস্থাপনৰ বাবে অলপতে নতুন দিল্লীত আয়োজিত এক কেন্দ্ৰীয় কেবিনেট বৈঠকত যাৱতীয় অনুমোদন প্ৰদান কৰা হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত অনুষ্ঠিত হৈছিল এই বৈঠক৷ এই অনুমোদনৰ ফলত, আৰু অধিক দক্ষতাৰে কাম কৰাৰ ক্ষেত্রত ক্ষমতা লাভ কৰিব দেশৰ মুখ্য বন্দৰসমূহে। তাৰ লগতে সিদ্ধান্ত গ্রহণৰ ক্ষেত্রতো পূর্ণ স্বাধীনতা থাকিব বিভিন্ন বন্দৰ কর্তৃপক্ষৰ। ইয়াৰ বাবে সেই বন্দৰসমূহৰ প্রতিষ্ঠানিক আন্তঃগাঁথনিৰো আধুনিকীকৰণ হ’ব।

image


বন্দৰসমূহৰ আন্তঃগাঁথনিৰ প্রসাৰ আৰু ব্যৱসায়-বাণিজ্যৰ সুযোগ-সুবিধাৰ বাস্তৱায়িত কৰাৰ সিদ্ধান্ত গ্রহণৰ বিষয়টোৰ বিকেন্দ্রীকৰণৰো কথা উল্লেখ কৰা হৈছে এই প্ৰস্তাৱিত বিধেয়কখনত৷ কেৱল সেয়াই নহয়, বন্দৰ প্রশাসন আৰু পৰিচালনা ক্ষেত্রতো যথেষ্ট উন্নতি ঘটিব বুলি প্রস্তাৱিত বিধেয়কখনত আশা প্রকাশ কৰা হৈছে।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নাৰী শক্তিক পুনৰ প্ৰমাণ কৰি দিল্লীৰ পৰা লণ্ডনলৈ গাড়ী চলাই অভিযান সম্পূৰ্ণ কৰিলে নিধি তিৱাৰী আৰু তেওঁৰ দুই সহযাত্ৰীয়ে

উত্তৰ-পূবৰ ‘ঘৰুৱা’ পৰ্যটনৰ প্ৰচাৰত গুৰুত্ব ড০ জিতেন্দ্ৰ সিঙৰ

অষ্ট্ৰেলিয়াৰ চৰাইৰে শোণিতপুৰত উদ্যমিতাৰ নিদৰ্শন দাঙি ধৰিছে এক দম্পতীয়ে

মহিলা ক্ৰিকেট বিশ্বৰ এক মহান তাৰকা ভাৰতৰ মিতালী ৰাজ