আনে নোযোৱা পথেৰে ভ্ৰমণ কৰা ড° সঞ্জয় অগ্ৰৱাল

আনে নোযোৱা পথেৰে ভ্ৰমণ কৰা ড° সঞ্জয় অগ্ৰৱাল

Thursday June 09, 2016,

5 min Read

ড° সঞ্জয় অগ্ৰৱাল এনে এজন ব্যক্তি যি অগতানুগতিক এটা পথ লোৱাৰ সাহস কৰিছিল। এই পথ সহজ নাছিল। প্ৰতি পদে পদে আছিল বাধা বিপত্তি । কিন্তু বিভিন্নজনৰ নিৰাশাজনক সাৱধানবাণীকো আওকাণ কৰি সেই পথেৰেই তেওঁ সফলতা লাভ কৰিলে আৰু বহুতৰ বাবে আদৰ্শত পৰিণত হল । তেওঁক দেখিয়েই আন বহুতেও সেই পথ গ্ৰহণ কৰিলে ।

আশীৰ দশকত কৰ্ডিয়াক ছাৰ্জন হোৱাটো সময়ৰ সৈতে যুঁজাৰ দৰেই কঠিন আছিল । কিন্তু তথাপি সাহস, একাগ্ৰতা আৰু উদ্যমেৰে তেওঁ সফলতা লাভ কৰিলে আৰু আজি দেশৰ শ্ৰেষ্ঠতম কাৰ্ডিয়াক ছাৰ্জনসকলৰ অন্যতম ড° সঞ্জয় অগ্ৰৱাল । তেওঁৰ দৰে সাহসী চিকিৎসকৰ বাবেই আজি দেশত কাৰ্ডিয়াক ছাৰ্জনৰ এক দল তৈয়াৰ হৈছে আৰু ভাৰতত হৃদযন্ত্ৰৰ ডাঙৰ ডাঙৰ আৰু জটিল অস্ত্ৰোপচাৰ সম্পন্ন হয় । এইসকল চিকিৎসকৰ কষ্টৰ ফলতেই আজি হৃদযন্ত্ৰৰ ৰোগসমূহ ভাৰতত দুৰাৰেগ্য হৈ থকা নাই ।

এক বিশেষ সাক্ষাৎকাৰত ড° সঞ্জয় অগ্ৰৱালে নিজৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ ঘটনা য়'ৰ ষ্ট'ৰীৰ আগত বৰ্ণনা কৰে । নবম শ্ৰেণীত থাকোঁতেই সঞ্জয় অগ্ৰৱালে চিকিৎসক হোৱাৰ সিদ্ধান্ত লৈছিল । এই সিদ্ধান্ত আছিল নিজৰ । কোনো উপদেশ বা কাৰো হেঁচাৰ বাবে এই সিদ্ধান্ত লোৱা নাছিল তেওঁ । এই সিদ্ধান্ত সেই সময়ৰ পৰিস্থিতি অনুসৰি লোৱা হৈছিল । সেই সময়ত সকোলোৱেই হয় চিকিৎসক নহয় অভিযন্তা হোৱাৰ সিদ্ধান্ত লৈছিল । সঞ্জয় অগ্ৰৱালে যেতিয়া নিজৰ পিতৃ-মাতৃক নিজৰ সিদ্ধান্তৰ কথা কলে তেতিয়া তেওঁলোক খুবেই সূখী হ'ল । কিন্তু চিকিৎসাশাস্ত্ৰ অধ্যয়নৰ সময়ত তেওঁ এনে এটা সিদ্ধান্ত ল'লে যিটো শুনি সকলো আচৰিত হৈ পৰিল । কাৰণ এই সিদ্ধান্ত আছিল সোঁতৰ সম্পূৰ্ণ বিপৰীত সিদ্ধান্ত । তেওঁ সিদ্ধান্ত লৈছিল কাৰ্ডিয়াক ছাৰ্জন অৰ্থাৎ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰা চিকিৎসক হোৱাৰ ।

ড° সঞ্জয় অগ্ৰৱালে কয়, 'মই আনতকৈ বেলেগ কিবা এটা কৰাত ইচ্ছুক আছিলো । মোৰ মনত এক সাংঘাটিক উৎসাহ আছিল । মই ভাবিছিলো যে মই শৈল্যচিকিৎসক হ'ম আৰু হৃদযন্ত্ৰৰ শৈল্যচিকিৎসক হ'ম। সেই সময়ত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ এক প্ৰত্যাহ্বানপূৰ্ণ কাম বিবেচিত হৈছিল । মই ভাবিছিলো যিহেতু এই কামটো টান গতিকে মই ইয়াকেই কৰিম আৰু সফলতাৰে কৰিম । সেই সময়ত ভাৰতৰ মাত্ৰ দুঠাইত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ হৈছিল । দিল্লীৰ এইমছত আৰু ভেলোৰৰ চি এম চিত । কিন্তু এইবোৰতো আওপুৰণি পদ্ধতি প্ৰয়োগ হৈছিল । প্ৰশিক্ষণৰ সুবিধাও নাছিল আৰু সেইকাৰণেই কোনেও এই বিদ্যা শিকিবলৈ আগ্ৰহ নকৰিছিল । '

তেওঁৰ সৈতে সেই সময়ত ১৯৬ জন শিক্ষাৰ্থীয়ে এম বি বি এছ পাঠ্যক্ৰম কৰিছিল আৰু তাৰে মাত্ৰ চাৰিজনে ছুপাৰ স্পেচিয়েলিটি পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল । সঞ্জয় অগ্ৰৱালে কাৰ্ডিয়াক ছাৰ্জাৰী বাছি লোৱাৰ বিপৰীতে আনকেইজনে ক্ৰমে প্লাষ্টিক ছাৰ্জাৰী, নেফ্ৰ'লজী আৰু স্নায়ুৰোগ বাছি লৈছিল ।

সঞ্জয় অগ্ৰৱালে বাছি লোৱা পথ সহজ নাছিল । সেই সময়ত ৰোগীসকলেও হৃদযন্ত্ৰ অস্ত্ৰোপচাৰৰ ওপৰত আস্থা নাৰাখিছিল । ভাৰতত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ বাবে অত্যাধুনিক সা-সুবিধাও আজিৰ দৰে উপলব্ধ নাছিল । নব্বৈৰ দশকৰপৰা লাহে লাহে এই অৱস্থাৰ উন্নতি হ'বলৈ ধৰে । কিছুমান নতুন নতুন পদ্ধতিৰো প্ৰয়োগ হ'বলৈ ধৰিছিল । অন্যান্য দেশৰ সৈতেও প্ৰযুক্তিৰ আদান প্ৰদান হ'বলৈ ধৰিছিল । ইয়াৰ লগে লগে কাৰ্ডিয়াক ছাৰ্জাৰীৰ ক্ষেত্ৰত ভাৰতবৰ্ষ আগুৱাই যাবলৈ ধৰিলে ।

ড° সঞ্জয় অগ্ৰৱালে কয়, 'হৃদৰোগক এসময়ত দুৰাৰোগ্য বুলি ভবা হৈছিল । কিন্তু এতিয়া হৃদযন্ত্ৰ জটিল ৰোগসমূহৰ চিকিৎসা সহজ । ভাৰতত এতিয়া কাৰ্ডিয়াক ছাৰ্জাৰীৰ সকলো উপকৰণ উপলব্ধ ।'

জীৱনৰ প্ৰথমটো অস্ত্ৰোপচাৰৰ কথা আনন্দ মনেৰে স্মৰণ কৰি তেওঁ কয়, 'বাইশ বছৰীয়া এজন চফল ডেকা । তেওঁৰ হৃদযন্ত্ৰত এটা ছিদ্ৰ আছিল । দুঘন্টা ধৰি মই অস্ত্ৰোপচাৰটো কৰিছিলো আৰু সফল হৈছিলো । বিশ বছৰ হৈ গ'ল । তেওঁ আজিও স্বাস্থ্য পৰীক্ষাৰ বাবে মোৰ ওচৰলৈ আহে ।' ড° সঞ্জয় অগ্ৰৱালে আজিও সোঁৱৰে সেই প্ৰথম অস্ত্ৰোপচাৰৰ উত্তেজনা আৰু সফলতাৰ আনন্দ । সেই সফলতাই তেওঁৰ আত্মবিশ্বাস বহুগুণে বঢ়াই তুলিলে ।

ড° সঞ্জয় অগ্ৰৱালে এতিয়ালৈকে পাঁচ হাজাৰতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছে । সফলতাৰ এই ধাৰা আজিও অব্যাহত ৰাখিছে তেওঁ । তেওঁৰ মতে, 'ৰৈ যোৱা মানেই পতন । কেতিয়াও ৰৈ যাব নালাগে । মই সদায় আগবাঢ়ি গৈ থাকিবলৈ চেষ্টা কৰোঁ। আজি যি স্তৰত আছো তাতকৈ ওপৰলৈ যাবলৈ মোৰ চেষ্টা অব্যাহত থাকে । ' সফলতা কি বুলি প্ৰশ্ন কৰাত তেওঁ কয়, 'মোৰ বাবে সফলতা হ'ল চিকিৎসাৰ পাছত ৰোগীৰ মূখত বিৰিঙি উঠা হাঁহি । মই বিচাৰোঁ যিমান পাৰি সিমান মানুহৰ জীৱনলৈ যাতে আনন্দ আনিব পাৰোঁ ।'

ড° সঞ্জয় অগ্ৰৱাল আমেৰিকাৰ কে ডেন্টন কূলী আৰু ভাৰতৰ নৰেশ ট্ৰেহানৰ সফলতাৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত । এই দুয়োজনকে তেওঁ নিজৰ আদৰ্শ জ্ঞান কৰে । যুৱসমাজৰ বাবে তেওঁৰ উপদেশ, ' Follow your passion. আনে কি কয় সেই কথাত গুৰুত্ব নিদি নিজৰ কাম কৰি যোৱা । কোৱাই বহু কথাই কয় । সেইবোৰত গুৰুত্ব দিব নালাগে । '

ড° সঞ্জয় অগ্ৰৱালে কানপুৰৰ গণেশ শংকৰ বিদ্যাৰ্থী মেডিকেল কলেজৰপৰা এম বি বি এছ, এম এছ আৰু এম চি এইচ ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ ১৯৯৪ চনত হায়দৰাবাদৰ এপল' হাস্পাতালত যোগদান কৰে আৰু বিগত ২২ বছৰ ধৰি তাতেই কাম কৰি আছে ।

কথাই কথাই জীৱনৰ আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ অস্ত্ৰোপচাৰৰ কথা উল্লেখ কৰিলে ড° সঞ্জয় অগ্ৰৱালে-

'কেথ লেবত এজন যুৱকৰ কৰোনাৰী এঞ্জিঅ'গ্ৰাম চলি আছিল । হঠাৎ তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰিল । সকলো আচৰিত হ'ল । আমি আৰ্টিফিচিয়েল চাৰ্কুলেশ্যন আৰু কাৰ্ডিঅ' পলমনাৰী মাছাজৰ জৰিয়তে তেওঁৰ হৃদযন্ত্ৰটোক পুনৰ কাৰ্যক্ষম কৰাৰ চেষ্টা কৰিলো । এই চেষ্টা চলি থাকোঁতেই আমি তেওঁক অপাৰেশ্যন থিয়েটাৰলৈ লৈ গ'লো । তাত তেওঁৰ বাইপাছ ছাৰ্জাৰী কৰা হ'ল । এই অস্ত্ৰোপচাৰ সফল হ'ল আৰু পিছদিনা তেওঁ ভাল হৈ উঠিল । বহুতৰে বাবে ই এক মিৰাকল আছিল । এই ঘটনাটো মোৰ সদায় মনত থাকে ।'

ড° সঞ্জয় অগ্ৰৱালপ পত্নী কবিতা এগৰাকী শিশুৰোগ বিশেষজ্ঞ । তেওঁলোকৰ দুগৰাকী ছোৱালী । ডাঙৰগৰাকীয়ে বিটছ পিলানীৰ হায়দৰাবাদ শাখাত ইঞ্জিনিয়াৰিং শিক্ষা গ্ৰহণ কৰি আছে আৰু সৰুগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী । ড° সঞ্জয় অগ্ৰৱালে পিতৃৰ চকৰিসূত্ৰে দেশৰ বিভিন্ন ঠাইত নিজৰ পঢ়া-শুনা কৰিছিল । ইন্টাৰমিডিয়েট পাঠ্যক্ৰমৰ পাছত যেতিয়া মেডিকেলৰ প্ৰৱ্শিকা পৰীক্ষাত তেওঁ অৱতীৰ্ণ হৈছিল তেতিয়া ৭০০ আসনৰ বাবে ৫৪০০০ তকৈও অধিক শিক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল । কিন্তু সঞ্জয় অগ্ৰৱাল প্ৰথমবাৰতেই এই পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈছিল । 

অনুবাদ- ঋদ্ধীশ চক্ৰৱৰ্তী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

হুইল চেয়াৰৰপৰা ৰেম্পৱাক আৰু বিশ্বৰেকৰ্ডলৈ ৰুচিকা শৰ্মাৰ যাত্ৰা

স্বপ্নভঙ্গই জন্ম দিছিল বিশ্ব অভিলেখৰ স্বপ্নৰ: অভিজিৎ বৰুৱা

দৰিদ্ৰ শ্ৰমিকৰ পৰা আমেৰিকান প্ৰযুক্তি কোম্পানীৰ মুখ্য কাৰ্যবাহী হোৱা এগৰাকী অসাধাৰণ নাৰীৰ অদম্য সাহসৰ কাহিনী

এতিয়া অসমত সহজ হ'ব উদ্যোগ স্থাপন প্ৰক্ৰিয়া