৫০জন অমৰনাথ যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা ছেলিম মিৰ্জা

৫০জন অমৰনাথ যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা ছেলিম মিৰ্জা

Thursday July 20, 2017,

2 min Read

অমৰনাথ যাত্ৰীৰ ওপৰত অনন্তনাগত হোৱা আক্ৰমণত সাতজন নিহত আৰু ১৯ জন আহত হয় । এই আক্ৰমণৰ সময়ত প্ৰচণ্ড সাহস আৰু প্ৰত্যুৎপন্নমতিত্বৰে বাছখনৰ ড্ৰাইভাৰ ছেলিম মিৰ্জাই ৫০ জন লোকৰ প্ৰাণৰক্ষা কৰে । এই লোকসকলক তেওঁ নিৰাপদ স্থানলৈ লৈ গৈ তেওঁলোকৰ প্ৰাণৰক্ষা কৰে । 

Image source: Hindustan Times

Image source: Hindustan Times


এই আক্ৰমণ সংঘটিত হোৱা স্থানৰপৰা নিৰাপদে উলিয়াই নি তীৰ্থযাত্ৰীসকলক দুই কিলোমিটাৰ দুৰৰ সেনা চাউনীলৈ লৈ যায় ছেলিমে । ছেলিমে কয়, 

"নিশা আঠ বজাত আমাৰ বাছখন সন্ত্ৰাসবাদীয়ে ঘেৰি ধৰে । তেওঁলোকে প্ৰথমে আগফালৰপৰা গুলিয়াইছিল যাতে মোক হত্যা কৰি তেওঁলোকে বাছখন ৰখাি দিব পাৰে । মি কোনোমতে এই গুলিবৰ্ষণৰপৰা ৰক্ষা পৰিলো আৰু গাড়ীখন চলাই আগলৈ গৈ থাকিলো । মই নাজানো ক'ৰপৰা মই ইমান শক্তি পাইছিলো । হয়তো আল্লাই মোক এই শক্তি দিছিল । " 

বাছখনৰ পঞ্জীয়ন আছিল গুজৰাটৰ আৰু গুজৰাটৰ মূখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে কয়, 

মই বাছ চালকজনক ধনঅযবাদ জনাইছো আৰু তেওঁক সাহসিকতাৰ বঁটাৰ বাবে সন্মানিত কৰা হ'ব । ছেলিমৰ সম্পৰ্কীয় ভাতৃ জাভেড মিৰ্জাই কয়, 

"ছেলিমে মোক নিশা ৯.৩০ বজাত ফোন কৰি কয় যে তেওঁ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছখন সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মূখীন হৈছে । তেওঁ সেই সময়ত এটা নিৰাপদ স্থানৰ সন্ধানত আছিল । তেওঁ সাতজন লোকৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে যদিও ৫০ জন লোকক তেওঁ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিবলৈ সক্ষম হয় । মই তেওঁক লৈ গৌৰৱ কৰোঁ ।" 

 এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বিশ্বৰ আটাইতকৈ পুৰণি মাৰাথন জয় কৰা প্ৰথম মহিলা অঞ্জলি ছাৰাউগী

দিল্লী মেট্ৰত বিনামূলীয়াকৈ পোৱা যাব কিতাপ

ধঁপাতৰ বাবে প্ৰতি ৬ চেকেণ্ডত এজন লোকৰ মৃত্যু হয় ভাৰতত