এতিয়া হোৱাটচ্ এপ হ’ল শুল্ক বিহীন...

এতিয়া হোৱাটচ্ এপ হ’ল শুল্ক বিহীন...

Tuesday January 26, 2016,

1 min Read

বিশ্বৰ ভিতৰতে সর্বাধিক জনপ্ৰিয় মেচেজিঙ এপ হোৱাটচ্ এপ ব্যৱহাৰৰ বিনিময়ত এতিয়াৰ পৰা আৰু আপুনি এপইচাও খৰচ কৰিব নালাগে৷ কম্পেনীটোৱে এক বিবৃতি যোগেৰে পূর্বে প্ৰতিজন গ্ৰাহকৰ পৰা বছৰি ১ ডলাৰকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থাটো লোপ কৰাৰ কথা ঘোষণা কৰিছে৷ লগতে আন কোনো কম্পেনীৰ বিজ্ঞাপন হোৱাটচ্ এপৰ জৰিয়তে প্ৰচাৰ কৰি ধন আহৰণ কৰাৰো কোনো অভিপ্ৰায় নাই বুলি সেই বিবৃতিটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে৷

কোম্পেনীৰ ঘোষণাটোত কোৱা অনুসৰি বর্তমানে বিশ্বত ১০০ কোটিতকৈয়ো অধিক লোকে হোৱাটচ্ এপ ব্যৱহাৰ কৰে৷ হোৱাটচ্ এপে কৰা ঘোষণাটো আছিল এনেধৰণৰ, “পৃথিৱীৰ প্ৰায় ১০০ কোটি লোকে বন্ধু-বান্ধৱ, পৰিয়াল-পৰিজন তথা ব্যৱসায়িক সমন্ধ থকা আন লোকৰ সৈতে বার্তালাপ আৰু সংবাদ প্ৰেৰণ কৰিবলৈ হোৱাটচ্ এপৰ ব্যৱহাৰ কৰে আৰু কম্পেনীয়ে এতিয়াৰে পৰা এই গ্ৰাহক সকলক শুল্কবিহীন ভাৱে সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে”৷

image


উল্লেখযোগ্য যে চচিয়েল নেটৱর্কিং চাইট ফেচবুকে ২০১৪ চনত হোৱেটচ্ এপৰ মালিকীস্বত্ব কিনি লৈছিল৷