উত্তৰ-পূৰ্বাঞ্চলত চিকিৎসা সেৱা সহজ কৰি তুলিছে অক্সিস্কোৱেৰে

উত্তৰ-পূৰ্বাঞ্চলত চিকিৎসা সেৱা সহজ কৰি তুলিছে অক্সিস্কোৱেৰে

Friday July 01, 2016,

2 min Read

নিজৰ মাতৃৰ বাবে চিকিৎসকৰ সময় লোৱাক লৈ বহু লটি-ঘটিৰ সন্মূখিন হৈছিল নবজ্যোতি দাস । ইয়াৰ ফলতেই তেওঁৰ মনলৈ আহিছিল এটা চিন্তা- যদি এটা এনেকুৱা প্লেটফৰ্ম বনোৱা যায় য'ত চিকিৎসক এজন বিচাৰি উলিওৱাৰপৰা আৰম্ভ কৰি তেওঁৰ সময় লোৱালৈকে সকলো কাম কৰিব পাৰি তেনেহলে কেনেকুৱা হ'ব ? এই চিন্তাৰেই ফচল অক্সিস্কোৱেৰ নামৰ ষ্টাৰ্টআপটো। 

নবজ্যোতি দাস, বিকাশ গগৈ আৰু অভিনৱ কুম্বাঙে ২০১৫ চনত আৰম্ভ কৰে oxysquare নামৰ এই ষ্টাৰ্টআপটো । বৰ্তমান সাতজনীয়া এটা দলেৰে পৰিচালনা কৰি থকা হৈছে অক্সিস্কোৱেৰ । ইয়াত প্ৰয়োজনীয় চিকিৎসক এজন বিচাৰি উলিউৱাৰ লগতে মিনিটৰ ভিতৰত নিজৰ সুবিধামতে তেওঁৰপৰা সময় লোৱাৰো সুবিধা আছে । চিকিৎসকৰ লগতে শেহতীয়াকৈ হাস্পাতালো অন্তৰ্ভূক্ত হৈছে এই ৱেবছাইটত । 

image


প্ৰথমতে এটা গুৱাহাটী ভিত্তিক বিনামূলীয়া তথ্য প্ৰদানকাৰী ৱেবছাইট হিচাপে আৰম্ভ হোৱা অক্সিস্কোৱেৰে এমাহৰ ভিতৰতে অসমৰ বিভিন্ন ঠাইৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰপৰা ভিজিটৰ লাভ কৰিবলৈ সক্ষম হয় । এই কথাই যথেষ্ট উৎসাহিত কৰিলে টীম অক্সিস্কোৱেৰক । অতি কম সময়ৰ ভিতৰত অক্সিস্কোৱেৰৰ ৱেবছাইটত দৈনিক ১০০০ ভিজিটৰ আহিবলৈ লয় । উল্লেখযোগ্য যে বিশেষ কোনো মাৰ্কেটিং বা প্ৰচাৰ অবিহনেই এই কথা সম্ভৱ হৈছিল । 

অতি সোনকালে কম খৰচত ডায়েগনিষ্টিক পেকেজ, ই-ৰিপ'ৰ্ট আৰু ঘৰৰপৰা তেজৰ নমুনা সংগ্ৰহৰ দৰে সুবিধা প্ৰৱৰ্তন কৰিব অক্সিস্কোৱেৰে । 

image


আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিহে অনুপ্ৰাণিত কৰে বুলি সোধাত নবজ্যোতিয়ে কয়, 'কাম নকৰিলে কোনো অনুপ্ৰেৰণাই কামত নাহে । কামেই আমাৰ বাবে অনুপ্ৰৰণা । ইতিমধ্যে চিকিৎসকসকলে আমাক ভূয়সী প্ৰশংসা কৰিছে আৰু আমি স্বাস্থ্যখণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰিম বুলি আশাবাদী । 

উল্লেখযোগ্য যে ২০১৬ চনত ষ্টাৰ্টআপ অৱ দা ব্ৰহ্মপুত্ৰ ভেলী বি প্লান প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে অক্সিস্কোৱেৰ । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মহিলাৰ স্বাস্থ্যৰ বাবে এজন পুৰুষৰ বিচিত্ৰ সংগ্ৰাম

ৰাজকোটৰ কলেজৰ ছাত্ৰই নিৰ্মাণ কৰিছে বায়ুচালিত গাড়ী

অভিশাপ হ'লগৈ আশীৰ্বাদ: দাল-দৰিদ্ৰ পৰিয়ালৰ জন্মান্ধ যুৱক শ্ৰীকান্ত বোলা আজি কোটিপতি উদ্যোগপতি

মডেল মাতৃৰ পৰা মডেল উদ্যোগীলৈ – তাৰা শৰ্মা চলুজাৰ কাহিনী