আই আই টি গুৱাহাটীত ম'বাইল এপ নিৰ্মাণৰ প্ৰশিক্ষণ শিবিৰ

আই আই টি গুৱাহাটীত ম'বাইল এপ নিৰ্মাণৰ প্ৰশিক্ষণ শিবিৰ

Saturday November 26, 2016,

2 min Read

৭ৰপৰা ১২ ডিচেম্বৰলৈ আই আই টি গুৱাহাটীত ম'বাইল এপ্লিকেচনছ নিৰ্মাণৰ ওপৰত এক প্ৰশিক্ষণ অনুস্থিত হ'ব । এই প্ৰশিক্ষণ শিবিৰ পৰিচালনা কৰিব ডেমিয়েন্ত ছফ্টৱেৰে । উদ্যেগ জগতৰ শেহতীয়া প্ৰয়োজন সমূহলৈ লক্ষ্য্ ৰাখি এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আৰ্হি প্ৰস্তুত কৰা হৈছে । বিভিন্ন উদ্যোগৰ বাবে ম'বাইলৰ জগতখন বৰ্তমান অতি গুৰুত্বপূৰ্ণ । এই প্ৰশিক্ষণ অনুস্থান আই আই টিৰ প্ৰত্যক্ষ তত্বাৱধানত অনুস্থিত হ'ব ।

Image : shutterstock

Image : shutterstock


ভাৰতৰ কৰ্মক্ষম জনসংখ্যাৰ গড় বয়স হৈছে ২৯ বছৰ । উন্নত অৰ্থনীতি সমূহৰ তুলনাত ই ভাৰতৰ বাবে এক সুবিধাজনক কথা। ভাৰতে এক গোলকীয় জ্ঞানভিত্তিক অৰ্থনীতিৰ ৰূপ লবলৈ গৈ আছে । কিন্তু এই ক্ষেত্ৰত বিভিন্ন প্ৰচেষ্টা স্বত্তেও চাহিদা আৰু যোগানৰ মাজত এটা ডাঙৰ পাৰ্থক্য থাকি গৈছে । নিযুক্ত হবলৈ প্ৰস্তুত জনসংখ্যা ভাৰতত ৫ শতাংশহে । চাকৰিৰ বাবে আন দেশলৈ যোৱা মানুহৰ সংখ্যা ইমান বৃদ্ধি পাইছে যে গোলকীয় স্তৰত প্ৰতিযোগিতা ষথেষ্ট বাঢ়ি গৈছে । এই সময়তে যদি আমি আমাৰ শিক্ষা ব্যৱস্থাটোৰ কেৰোণ সমূহ দূৰ নকৰোঁ বা দক্ষতা বিকাশৰ ক্ষেত্ৰত থকা বাধাবোৰ দূৰ নকৰোঁ তেনেহলে আমি বিশ্বৰ নেতৃত্ব লোৱাৰ ক্ষমতা চিৰদিনৰ বাবে হেৰুৱাম । 

দক্ষতা বিকাশ এটা কেইবাতৰপীয়া পদক্ষেপ । স্কীল ইণ্ডিয়া কাৰ্যক্ৰমৰ অধীনত স্নাতকসকলৰ কাৰিকৰী দক্ষতা বিকাশৰ বাবে আই আই টি গুৱাহাটীত এটা ইলেক্ট্ৰনিকছ এণ্ড ইনফৰমেছন, কমিউনিকেছন টেকনলজী একাডেমী স্থাপন কৰা হৈছে । এই কাৰ্যক্ৰমৰ ভিতৰত চৰকাৰ, উদ্যোগ, প্ৰশিক্ষক আৰু শিক্ষা জগতৰ মাজত সমন্বয়ৰ মাধ্যমেৰে কাম আগবঢ়োৱা হৈছে । যুৱ সকলৰ বাবে প্ৰশিক্ষণ আগবঢ়োৱা এই কেন্দ্ৰৰ উদ্দেশ্য । উল্লেখযোগ্য যে এই কেন্দ্ৰৰ এক এমপেনেল্ড সদস্য হৈছে ডেমিয়েন্ট ছফটৱেৰ । 

২১ নৱেম্বৰৰপৰা এই কাৰ্যসূচীৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছে । ইচ্ছুক অংশগ্ৰহণকাৰীয়ে E & ICT, আই আই টি গুৱাহাটীৰ ৱেবছাইটত লগ ইন কৰি প্ৰপত্ৰ পূৰণ কৰিব পাৰে অথবা প্ৰপত্ৰৰ স্কেন কৰা কপি [email protected] আৰু [email protected] লৈ পঠিয়াব পাৰে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিমুদ্ৰীকৰণৰ সাংবিধানিক বৈধতা সম্পৰ্কে ২ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ত শুনানী

এইগৰাকী কাশ্মীৰি মহিলাই ফুলৰ খেতিক দিছে এক নতুন ৰূপ

এগৰাকী মূখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব লোৱা প্ৰথম মহিলা আই পি এছ সুবাষিণী শংকৰণ

অসমৰ থলুৱা মাছ হ'ব পাৰে বৈদেশিক বাণিজ্যৰ এক অন্যতম উৎস