বয়োজ্যেষ্ঠৰ যতনেৰে ব্যৱসায় Beautiful Yearsৰ

বয়োজ্যেষ্ঠৰ যতনেৰে ব্যৱসায়  Beautiful Yearsৰ

Thursday December 24, 2015,

5 min Read

চিনেমা জগতত বয়সস্থ অভিনেতাবোৰক নায়কৰ পৰা আঁতৰাই বিভিন্ন চৰিত্ৰাভিনয় কৰিবলৈ দিয়া হয় । কিন্তু বাস্তৱ ক্ষেত্ৰখনৰ গণসংযোগৰ পৰা বিজ্ঞাপন জগতৰ পৰা বিভিন্ন ব্যৱসায়িক ক্ষেত্ৰত বয়সস্থ লোকসকল কিন্তু নিশ্চিহ্ন হৈ পৰে। কাৰণ এইসমুহ ক্ষেত্ৰত যুৱ শক্তিক অধিক প্ৰাধান্য প্ৰদান কৰা হয়। এনেকুৱা লাগে যেন বয়োজ্যেষ্ঠৰ বাবে এইখন দেশত কোনো ঠায়েই নাই ।

বৰ্তমানৰ জনসংখ্যাৰ প্ৰতি মন দিলে এটা কথা অনুমান কৰিব পাৰি যে অনাগত ১০টা বছৰৰ পিছত জনসংখ্যাত সেই ৰূপালী প্ৰজন্মৰে সংখ্যা বৃদ্ধি হব। এইসকল লোকেই একোটা সক্ৰিয় জীৱন কটালে, কোম্পানী গঢ়ি তুলিলে,বিভিন্ন অভিলেখৰ অধিকাৰী হল। তদুপৰি বিভিন্ন আওপুৰণি পদ্ধতিৰে বিভিন্ন কাম কৰি গ'ল। তেওঁলোক একোটা অৱসৰপ্ৰাপ্ত জীৱন কটাবলৈ সক্ষম হ'বনে বাৰু ? তেওঁলোকে জানো আশা কৰে যে তেওঁলোকৰ সতি সন্তানে তেওঁলোকৰ বাৰ্ধক্যত নিজৰ কাম কাজ বা বৃত্তি পৰিহাৰ কৰি তেওঁলোকৰ অসুখৰ সময়ত সংগ দিয়ক ?

এটা সুযোগৰ সন্ধানত থকা উদ্যোগীসকলৰ বাবে এইয়া এক সোণালী সুযোগ হব পাৰে। United Nations Population Fund (UNFPA) আৰু Help Age Internationalৰ এক যুটীয়া সমীক্ষাত প্ৰকাশ পাইছে যে , “ভাৰতত প্ৰায় বৰ্তমান ১০০ মিলিয়ন বয়সস্থ লোক আছে আৰু ২০৫০ চনলৈ এই সংখ্যা ২০শতাংশ বৃদ্ধি হৈ ৩২৩ মিলিয়নলৈ বৃদ্ধি হব।”

বাৰ্ধ্যক্যৰে ব্যৱসায়-

যোৱা কেইটামান বছৰত দেশৰ ৬০ উৰ্ধৰ লোকসকলক বাণিজ্যিক দিশত অথবা সামাজিক দিশত সহায় কৰিব পৰাকৈ কেইবাটাও ষ্টাৰ্ট আপৰ জন্ম হৈছে। যেনে Goodhands, /Senior Shelf, Pramati Care, SeniorWorld, আৰু Silver Talkies আদি ষ্টাৰ্ট আপৰ জন্ম হৈছে। কিছুসংখ্যক যুৱ প্ৰজন্মই নিজৰ বৃদ্ধ আত্মীয় স্বজনৰ আলপৈছান ধৰোতে হোৱা বেয়া অভিজ্ঞতাৰে আৰম্ভ কৰিছিল এইসমুহ ষ্টাৰ্ট আপ।


image


যদিও এই কথা অতি বেচি ব্যক্তিগত, কিন্তু ৫১বছৰীয়া ভ্লাদিমিৰ ৰুপ্পোৰ কয়, “মই মোৰ ল'ৰা-ছোৱালীৰ ওপৰত নিৰ্ভৰশীল হব নিবিচাৰোঁ। মই নিজৰ সৈতেই বুঢ়া হ'ব বিচাৰোঁ। ” বিগত ১৬বছৰে বাংগালুৰুত বসবাস কৰি আহিছে ভ্লাদিমিৰে। তেওঁ Beautiful Yearsৰ প্ৰতিস্থাপক। তেওঁৰ এই কামৰ উদ্দেশ্য হৈছে “ নিজৰ যতন নিজেই লোৱা বয়োজ্যোষ্ঠ্য সকলৰ জীৱনৰ মান উন্নীত কৰা, উদ্ভাৱনী সামগ্ৰী প্ৰদান কৰা, সহমত আৰু বুজাবুজি আৰু জ্যেষ্ঠ্যসকলৰ বাবে সযতন বৃদ্ধি কৰা ” তেওঁ তদুপৰি কয়, “আমি বয়োজ্যোষ্ঠ্যসকলৰ বাবে TripAdvisor বা Zomato হৈ পৰিব বিচাৰোঁ। ”

ভ্লাডি হৈছে ৩০বছৰৰ আন্তৰ্জাতিক অভিজ্ঞতাৰে পুষ্ট এগৰাকী ছফ্টৱেৰ এক্সিকিউটিভ। ৰাছিয়াৰ চেইন্ট পিটাৰ্চবাৰ্গত জন্মগ্ৰহণ কৰা ভ্লাদিয়ে ১২বছৰ কাল ইজৰাইলৰ জেৰুজালেমত কাম কৰাৰ পাছত বাংগালুৰুলৈ আহে। ২০০০চনত তেওঁ এটা ব্ৰিটিছ বহুজাতিক কোম্পানীৰ শাখা খোলে, যিটো কালক্ৰমত ২,২০০ মানুহেৰে গঠিত হয়। “মোৰ প্ৰাৰম্ভিক ৬মাহৰ চুক্তি ১৬বছৰলৈ বৃদ্ধি হৈ গ'ল। ” তেওঁ কয়।

২০১৬চনৰ জানুৱাৰীৰ শেষলৈ তেওঁ Ciscoৰ VP Engineering পদ ত্যাগ কৰি সম্পুৰ্ণৰূপে Beautiful Yearsত মনোনিবেশ কৰে।

বয়স কেতিয়াও হেঙাৰ নহয় -

“মোৰ এগৰাকী খুৰীৰ কথা কব পাৰোনে ? তেওঁৰ বয়স ৮৬বছৰ। তেওঁ কয়, ‘যেতিয়াই মই আইনালৈ চাওঁ মই ভাবো কোন এই কুৰুপা নাৰী? এয়াতো মই নহয়: মই জানো যে এই একেগৰাকী নাৰীয়েই ৬০-৭০বছৰ আগতে ময়েই আছিলো! কিন্তু আনে সেই কুৰুপা নাৰীগৰাকীক হে দেখে, মোক নহয়।’ জ্যেষ্ঠ্য সকলে ভালকৈ বুজিছেনে?” ভ্লাদিৰ প্ৰশ্ন। এই প্ৰশ্নটোৱেই তেওঁক তেওঁৰ সমস্ত সাঁচতীয়া ধনেৰে Beautiful Years গঠন কৰিবলৈ উদ্বুদ্ধ কৰিছিল

এই ব্যৱস্থাটো ব্যৱহাৰকাৰীসকলৰ বাবে বিনামুলীয়া আৰু ভ্লাদিৰ পৰিকল্পনা হৈছে এই বিশেষ বয়সৰ লোকসকলক সেৱাৰ জৰিয়তে ই-কমাৰ্চ প'ৰ্টেলটোৰ পৰা ধন আহৰণ কৰা। “আমাৰ ই-দোকানে বয়োজ্যেষ্ঠ্যসকলক জীৱনৰ মান উন্নিত কৰিব পৰা সামগ্ৰী যোগান ধৰে। নখ কটা যন্ত্ৰৰ দৰে সৰু বস্তুৰ পৰা আতচী কাঁচলৈ। কিতাপ থোৱা সামগ্ৰীৰ পৰা চুৰিলৈকে। আনকি বৈদ্যুতিক হুইলচেয়াৰো। স্থানীয়ভাবে নিৰ্মিত সামগ্ৰীৰ সমান্তৰালভাবে Beautiful Yearsএ আন্তৰ্জাতিক বজাৰৰ সামগ্ৰীৰো আমদানি কৰিবলৈ ওলাইছে। পাৰ্কিনছনছ বোমাৰত ভোগা ৰোগীৰ বাবে বিশেষ চচমাৰ পৰা মধুমেহত ভোগা ৰোগীৰ বাবে বিশেষ জোতালৈকে। আনকি শয্যাশায়ী ৰোগীৰ বাবেও বিভিন্ন সামগ্ৰী অনা হব। ”

যিসকলে বয়োজ্যেষ্ঠ্যসকৰ যতনৰ সামগ্ৰী ক্ৰয় কৰে, তেওঁলোকক তাৰ লগত সংগতি থকা অান সামগ্ৰীৰো প্ৰয়োজন হয়। “আমি যতন লওতা, ফিজিওথেৰাপিষ্ট, হোম ডায়োগনেষ্টিক চাৰ্ভিছ আৰু মেডিকেল সামগ্ৰীৰ যোগানকাৰীৰো তথ্য দিওঁ। ” ৱেবচাইটটোত সেৱা প্ৰদানকাৰীৰ তালিকা চোৱাচিতা কৰা প্ৰবিত্ৰা ৰেড্ডিয়ে কয়।

ভ্লাডিয়ে আনকি ৰাজহ সংগ্ৰহৰ অৰ্থে ডাঙৰ চিকিৎসালয়, বেংক, ৰিয়েল এষ্টেত কোম্পানী আদিৰ সৈতে সজাগতা কাৰ্যসূচী হাতত লোৱাৰো কথা ভাবিছে।

লাস্যময়তাৰে জীৱন যাপন-

কিন্তু সম্প্ৰতি ভ্লাডিয়ে বৃদ্ধসকলৰ মাজত এখন সমাজ গঠন কৰি তেওঁলোকৰ মাজত ভাবৰ আদান প্ৰদান কৰাৰ লগতে বহুতো গল্প গুজৱৰ ব্যৱস্থা কৰাত মনোনিবেশ কৰিছে। তেওঁ তদুপৰি সেইসকল লোকৰ বাবে কিছু ব্যৱস্থা কৰিব বিচাৰে যিয়ে বয়োজ্যেষ্ঠ্যসকলৰ যতন লয়, কিন্তু নিজেও পিছে বৰ বেছি ডেকা নহয়। ভ্লাদিয়ে তদুপৰি কয়, “যিসকল নিজেও যুৱ নহয় অথচ বয়োবৃদ্ধসকলৰ যতন লয়, তেওঁলোকৰ বাবে কৰণীয় বহুত আছে। ! অন্তত একো কৰিব নোৱাৰিলেও আমি আমাৰ পিতৃ-মাতৃ আৰু ককা আইতাৰ জীৱনৰ ধুনীয়া কাহিনীবোৰ চাইটটোত দিব পাৰোঁ। সেইমৰ্মে বহুতো তেনেকুৱা কথা-কাহিনী দিয়াও হৈছে ছাইটটোত। আমাৰ এই পৰ্টেলটোত ‘Beautiful Ageing’ নামৰ এটা শিতানো আছে। শুনাত স্ববিৰোধী হ'লেও ইয়েই সত্য নহয় জানো ? বাৰ্ধক্য বাৰু সুন্দৰ হব নোৱাৰেনে, ইয়াৰ লাস্যময়তাৰে?”


image


কেইবছৰমান আগতে নিজৰ স্বামী,পুত্ৰ,ভগ্নী,জোৱাই সকলোকে হেৰুৱাই ভ্লাদিৰ খুৰীয়েকগৰাকীয়ে ৮৩বছৰ বয়সত কম্পিউটাৰ শিকি লয় আৰু তেওঁ হেৰুওৱা আত্মীয়সকলৰ জীৱনৰ স্মৃতিসমুহ আৰু তেওঁলোকে জীৱনত কটোৱা সুন্দৰ কথাসমুহ লিখা আৰম্ভ কৰিলে। “নিজৰ নিখনীকলৈ তেওঁ যথেষ্ট একাগ্ৰ হৈ পৰিল। ইয়ে তেওঁক জীৱন যাপনৰ এক নতুন মাত্ৰা দিলে। তেওঁ হৈ পৰিল বিগত একাধিক প্ৰজন্মৰ কন্ঠ। সেইমতেই তেওঁ হৈ পৰিল নাতি-পুতিৰ প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাৰ স্ৰোত। ,” ভ্লাদিয়ে কয়।

মনত আজিও যৌৱনৰ উদ্যম-

এই কথাত বিতৰ্ক হব পাৰে যে ভাৰতীয়সকলে বয়োবৃদ্ধসকলৰ যতনৰ ক্ষেত্ৰত বহু গুৰুত্ব প্ৰদান কৰে। দৈনিক সংবাদপত্ৰত প্ৰকাশিত বৃদ্ধসকলৰ সৈতে সংঘটিত অপৰাধজনিত ঘটনাৰ বাতৰিসমুহে এই কথাৰ সত্যতাক নুই কৰে। ভ্লাদিয়ে কয়, “কেতিয়াবা হাজাৰ মানুহতকৈ ১০জন মানুহক নিয়ন্ত্ৰণ কৰাটো অধিক কঠিন আৰু প্ৰত্যাহ্বান মুলক হৈ পৰে আৰু মই এই প্ৰত্যাহ্বানৰ মুখামুখি হৈ ভাল পাও। মই ষ্টাৰ্ট আপৰ জগতত প্ৰৱেশ কৰা নৱ প্ৰজন্মৰ আগত প্ৰমাণ কৰিব বিচাৰোঁ যে আমাৰ প্ৰজন্ময়ো এই কাৰ্য সিদ্ধি কৰিব পাৰে। !”

মূল- দিপ্তী নায়াৰ

অনুবাদ- প্ৰাঞ্জল শৰ্মা