আপুনি কিয় ষ্টাৰ্টআপ আৰম্ভ কৰিব নালাগে

আপুনি কিয় ষ্টাৰ্টআপ আৰম্ভ কৰিব নালাগে

Thursday February 11, 2016,

3 min Read

১০,০০০ কৰ্মচাৰীৰ এক বৃহৎ কোম্পানীত মই কাম কৰি আছিলো। কডিং, ক’ড ৰিভিউ, ষ্টেটাছ ৰিপৰ্ট কম্পাইলিঙৰ মাজত ব্যস্ততাৰ সমানে অদৰকাৰী মিটিঙতো মই উপস্থিত থাকিবলগীয়া হৈছিল।একমাত্ৰ আনন্দৰ উৎস আছিল মাহৰ শেহত লাভ কৰা দৰমহাৰ চেকখন।

ষ্টাৰ্টআপক লৈ সৰ্বসাধাৰণৰ মাজত বহুতো জল্পনা-কল্পনা আছে।ষ্টাৰ্টআপৰ জড়িয়তে বিনিয়োগকাৰীৰ পৰা কোটি কোটি ডলাৰৰ আয় কৰাৰ সপোন সকলোৱে দেখে।মই দেখা পাইছিলো যে প্ৰযুক্তিগতভাৱে হোৱাটছএপৰ দৰে এপ্লিকেছন প্ৰস্তুত কৰা অথবা ই-ৰিটেইল ষ্ট'ৰ এখন খোলাটো কঠিন নহয়।

এনেকৈয়ে এদিন নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ মোৰ সপোনে আকাৰ লাভ কৰে।সকলো ঠিক কৰাৰ পিছত আমি কোম্পানী আৰম্ভ কৰিলো আৰু নিজৰ জমা ধন কোম্পানীৰ একাউণ্টত জমা কৰিলো।দক্ষ প্ৰযুক্তিবিদক কামত লগাই আমাৰ সপোনৰ কাম আৰম্ভ কৰিলো।

আমি সামগ্ৰীবিধৰ নিৰ্মাণ সম্পূৰ্ণ হোৱালৈ অপেক্ষা কৰিছিলো যাতে ইয়াক বজাৰত মেলিব পৰা যায়।আমি ইয়াৰ সফলতাত এশ শতাংশই বিশ্বাসী আছিলো।

কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি ভবাধৰনে কামবোৰ হৈ নুঠিল।

image


ষ্টাৰ্টআপৰ সপোন...

আমাৰ ষ্টাৰ্টআপৰ যাত্ৰাত আমি বহুতো ভুল কৰিলো।নিজে আৱিষ্কাৰ নকৰা পথত খোজ দিলে এনেধৰণৰ ভুল হোৱাটো নিশ্চিত।মোৰ জীৱনৰ অভিজ্ঞতাৰ পৰা মই আপোনালোকক ক’ব বিচাৰো যে কিয় আমি ষ্টাৰ্টআপ আৰম্ভ কৰাটো উচিত নহয়।

ধন

যদিহে আপুনি ফ্লিপকাৰ্টৰ দৰে কোটি টকাৰ ভিচি বিনিয়োগ লাভ কৰা ষ্টাৰ্টআপ আৰম্ভ কৰিব বিচাৰিছে অথবা হোৱাটছএপৰ দৰে বজাৰ দখল কৰিব বিচাৰে নতুবা বজাৰত ধুমুহা তোলা ফেচবুকৰ দৰে আইপিঅ’ পাব বিচাৰে তেনেহ’লে ইয়াক মই নিশ্চিতভাৱে ভাল চিন্তা আখ্যা দিম।কিন্তু তথাপিও অনুৰোধ ধনৰ পিছত দৌৰ নিদিব।

বজাৰত উপযোগী সামগ্ৰীৰ ওপৰত গুৰুত্ব দিয়ক আৰু ধনৰ সোঁত অহাটো নিশ্চিত

কেৱল বহুত টকা ঘটাৰ লক্ষ্যৰে এটা কোম্পানী আৰম্ভ নকৰিব।মূল্যৱান সামগ্ৰী অথবা সেৱা প্ৰস্তুত কৰিবলৈ ষ্টাৰ্টআপৰ গঠন কৰক যাতে মানুহে আপোনাৰ সামগ্ৰী ভাল পাবলৈ লয়।

ক্ষমতা (মইয়েই সৰ্বেসৰ্বা)

নিজৰ কোম্পানী আৰম্ভ কৰাৰ পিছত আপুনিয়ে ইয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ অধিগ্ৰহণ কৰিব।কোম্পানীৰ শীৰ্ষ পদত আৰোহণ কৰাটো নিশ্চিতভাৱে ভাল লগা অনুভৱ। কিন্তু এইখিনিতে স্পাইদাৰমেন ছবিৰ পিটাৰ পাৰ্কাৰৰ এটা বচন খাপ খায়-সৰ্বশক্তিৰ সৈতে সৰ্ববৃহৎ দায়িত্বও ল’বলগীয়া হয়।

ষ্টাৰ্টআপত আটাইতকৈ অসহায় ব্যক্তিজনেই হৈছে মুখ্য কাৰ্যবাহী বিষয়া।ইয়াত আপুনিয়েই সকলো দায়িত্ব মুৰ পাতি ল’বলগীয়া হয়।ডাঙৰ কোম্পানীসমূহৰ বিপৰীতে ইয়াত আপোনাৰ স্থান প্ৰকৃততে সকলোতকৈ তলত।

সকলো ৰৈ যোৱা কাম আপুনি সম্পূৰ্ণ কৰিবলগীয়া হয়,গতিকে এয়া যথেষ্ট কঠিন কাম।একাউণ্টিং,মাৰ্কেটিং,কৰ্মচাৰী নিযুক্তিৰ পৰা বিপণনলৈকে সকলো আপোনাৰ দায়িত্ব।

আপুনি সকলোৰে অভিযোগ শুনিবলগীয়া হয় কিন্তু আপোনাৰ অভিযোগ কাৰো আগত ব্যক্ত কৰিব নোৱাৰে।(আপুনি সৌভাগ্যশালী যদিহে আপোনাৰ সৈতে সহ প্ৰতিষ্ঠাপক থাকে।)

আপোনাৰ গ্ৰাহক আৰু বিনিয়োগকৰ্তাই আপোনাৰ বাবে ‘বছ’ আৰু ডাঙৰ কোম্পানীসমূহৰ দৰে আপুনি কৰ্মচাৰীৰ জীৱন নিয়ন্ত্ৰণ কৰিব নোৱাৰে।

স্বাধীনতা

যিকোনো ঠাইৰ পৰা যিকোনো সময়ত কাম কৰাৰ আপোনাৰ দীৰ্ঘদিনীয়া সপোন পূৰণ হয়।আপুনি দিনটোৰ যিকোনো সময়ৰ পৰা কামত ধৰিব পাৰে আৰু নিজৰ লেপটপ যেতিয়াই বিচাৰে অফ কৰিব পাৰে।আপোনাক কোনেও প্ৰশ্ন নকৰে।

প্ৰতি সপ্তাহে ৪০ ঘণ্টাতকৈ অধিক যদি আপুনি কাম কৰিব নোৱাৰে তেনেহ’লে ষ্টাৰ্টআপত কাম কৰাৰ ইচ্ছা পৰিহাৰ কৰাই শ্ৰেয়।

প্ৰকৃততে আপুনি আগতকৈ অধিক কাম কৰিবলগীয়া হয় কাৰণ এতিয়া আপুনি আনৰ কাৰণে নহয় নিজৰ বাবে কাম কৰি আছে।সকলোবোৰ বিশৃংখলতা আতৰাই কাম কৰি যোৱাৰ গধুৰ দায়িত্ব আপোনাৰ কান্ধতে থাকে।হয়তো প্ৰতিসপ্তাহে ৮০ঘণ্টাকৈ কাম কৰিও আপোনাৰ কাম বাকী ৰৈ যাব পাৰে।

দেওবাৰবোৰ আৰু বন্ধৰ দিন হৈ নাথাকে।সেইদৰে সোমবাৰবোৰ আগৰ দৰে ভয়ানক হৈ দেখা নিদিয়ে।

চেলিব্ৰেটী

মই এনেকুৱা ব্যক্তিকো লগ পাইছো যিসকলে ষ্টাৰ্টআপ খুলিব বিচাৰে কেৱল চেলিব্ৰেটী হোৱাৰ বাসনাৰে।কিন্তু মই আপোনালোকক ক’ব বিচাৰো আমাৰ কাণত কেৱল সফলতাৰ কাহিনীবোৰহে পৰে বিফলতাৰ মুখ দেখি বন্ধ হৈ পৰা শতকৰা ৯০% ষ্টাৰ্টআপৰ বিষয়ে আমি ঘুনাক্ষৰেও গম নোপোৱাকৈ থাকি যায়।প্ৰথম দুবছৰতে অধিকাংশ ষ্টাৰ্টআপৰ পতন ঘটে আৰু বাকী দহ শতাংশ ষ্টাৰ্টআপেও চেলিব্ৰেটীৰ মৰ্যাদা পাবলৈ দীঘলীয়া যাত্ৰা অতিক্ৰম কৰিবলগীয়া হয়।

আপোনাৰ ক্ষেত্ৰত বজ্ৰপাতৰ সম্ভাৱনাতকৈও এটা বিলিয়ন ডলাৰ ষ্টাৰ্টআপৰ গৰাকী হোৱাৰ সম্ভাৱনা কম।

প্ৰথম বছৰতে মোৰ প্ৰথম ষ্টাৰ্টআপ বন্ধ হৈ পৰিছিল।যদি আপোনাক কেৱল নাম আৰু খ্যাতিয়েই লাগে তেনেহ’লে আজিৰ দিনত সেয়া পাবলৈ বহুতো সহজ পথ আছে।

ভুল কাৰণত ষ্টাৰ্টআপ আৰম্ভ নকৰিব।বৰ্তমানতকৈ পৃথিৱীখনক অধিক সুন্দৰ কৰাৰ যদি বাসনাৰে কাম কৰিব বিচাৰিছে তেতিয়াহে ষ্টাৰ্টআপ আৰম্ভ কৰক। আনে সমাধান নকৰা গ্ৰাহকৰ প্ৰকৃত সমস্যা সমাধান কৰক।


মূল-প্ৰদীপ গয়েল

অনুবাদ-তুলিকা দেৱী


এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


কেতবোৰ অন্যান্য কাহিনী

অসমীয়া জলপানক বিশ্বসভালৈ নিয়াৰ সপোন - 'ভোগালী জলপান'

চল্লিশ টকা মূলধনেৰে আৰম্ভ কৰা 'অসম প্ৰাকৃতিক উদ্যোগ' আজি এক আগশাৰীৰ ব্ৰেণ্ড

৯৯ বছৰীয়া এগৰাকী যুৱতী: গুৱাহাটীৰ অৰুণা মুখাৰ্জী

সহায়: ফেচবুকৰ মাধ্যমেৰেই গঢ়ি উঠা এক সমাজসেৱী গোট