অনুপম পোহৰেৰে উদ্ভাসিত সুন্দৰবন

অনুপম পোহৰেৰে উদ্ভাসিত সুন্দৰবন

Thursday December 31, 2015,

4 min Read

৬০-৭০ৰ দশকৰ কলকাতা। চৌদিশে ভাঙি দিয়া, চূৰমাৰ কৰি দিয়াৰ শ্লোগান। সেই সোঁতত কিছু উটি গৈছিল অমল পণ্ডিত তেতিয়া তেওঁৰ ভৰ যৌৱন। কাকো কেৰেপ নকৰা বয়স। অন্যায় দেখা মাত্ৰকে উচ্চস্বৰে প্ৰতিবাদী কণ্ঠ ওলাই আহে। নিমাখিত পৰিয়াল এটাত এনে ‘উদণ্ড’ ল’ৰা থাকিলে পৰিয়ালৰ মানুহ অতিষ্ঠ হোৱাৰ কথা। সেয়েহে অমলক লৈ অভিভাৱকসকলৰ চিন্তাৰ শেষ নাছিল। ককায়েক বিমলকৃষ্ণ পণ্ডিতে ভাবি উলিয়ালে যে ভাতৃৰ সুমতি ঘূৰাই আনিব পাৰিব একমাত্ৰ এছ এন বি ছাৰে। মানে কানিং ষ্ট্ৰীটৰ বংকিম সৰদাৰ কলেজৰ উপাধ্যক্ষ সুধীন্দ্ৰনাথ ভট্টাচাৰ্য। যাওঁ নাযাওঁ কৰি এদিন ভায়েকক লগত লৈ বিমল পণ্ডিত কলেজ পালেগৈ। সুধীন্দ্ৰ নাথ ভট্টাচাৰ্যই অমলৰ ভৰিৰ পৰা মূৰলৈ ভালকৈ চাই ল’লে। তেওঁ ক’লে, ‘বিমল, ভায়েৰাক লৈ তুমি চিন্তা কৰিব নালাগে। তাক ইয়াতে থৈ যোৱা।’’

image


সেই থৈ যোৱাৰ সিদ্ধান্তই অমলৰ জীৱন সলনি কৰি দিলে। সুধীৰ ছাৰৰ লগত একেটা ঘৰতে থকা-খোৱা। সকলো কথাতে সুধীৰ ছাৰে অমলৰ খবৰ ৰাখে, কিন্তু পঢ়া-শুনাৰ বিষয়ে একো এটা নকয়। অমলে দেখা পায় কিদৰে সদায় কাউৰী পুৱাতে উঠি এটা গেঞ্জী আৰু লুঙি পিন্ধি লৈ হোষ্টেলৰ ঘৰে ঘৰে যায় সুধীৰ ছাৰ। পঢ়াত বহাৰ বাবে সকলোকে জগাই দিয়েগৈ। কোনোবাই কিবা নোৱাৰিলে সেয়া বুজাই দিয়েগৈ। কলকাতাৰ আন যিকোনো কথাতকৈ সুধীৰ ছাৰৰ এই ‘সন্ন্যাসে’ ভবাই তোলে অমল পণ্ডিতক। তেওঁ ভাবে এইদৰে গোটেই জীৱন পঢুৱাৰ নামত উছৰ্গা কৰাৰ আঁৰত কি আছে? নিশ্চয় কিবা এটা আছে। অমল বাবুৰ দেউতাক ৰাখাল চন্দ্ৰ পণ্ডিত আছিল এজন স্বাধীনতা সংগ্ৰামী । জীৱনত যিমানখিনি পাইছিল তাতকৈ বেছি দান কৰিছিল। বাসন্তী এলেকাত তেওঁৰ চেষ্টাতেই প্ৰথম এখন হাস্পতাল হৈছিল। আনকি তেওঁৰ প্ৰচেষ্টাতে প্ৰথম স্কুলখনো হৈছিল। কিন্তু দেউতাকৰ মৃত্যুৰ ঘটনাই নিমাখিত মানুহটোক শিহৰিত কৰি তোলে। অমলবাবুৰ মতে, দেখিলে, ইমান খ্যাতি, যশ, প্ৰতিপত্তি থকা সত্ত্বেও মানুহৰ মৃতু কিমান নিদাৰুণ। মানুহৰ বাবে কিবা কৰিবলৈ হ’লে ৰাস্তাত নামিব লাগিব। তেওঁ কেবাটাও নিশা শুব নোৱাৰিলে। ভাবি থাকিল কিদৰে আগবঢ়া উচিত। এদিন গৈ ছাৰক ক’লে যে আশ্ৰম খুলিব। ছাৰ একেবাৰতে ৰাজী- ‘‘তোমাৰ তাতে ল’ৰা-ছোৱালী মানুহ হ’ব আৰু আমি কলেজত পঢ়াম।’’ অৱশ্যে ছাৰৰ সতৰ্কবাণীও মনত পৰে। কাৰণ এই কাম কৰিবলৈ হ’লে হেজাৰটা বাধা আহিব, দুৰ্নাম হ’ব। অৱশ্যে এইবিলাক সহ্য কৰাৰ ক্ষমতা অমল বাবুৱে ছাৰৰ পৰাই পাইছিল।

১৯৯০ চন। সুধীন্দ্ৰ নাথ ভট্টাচাৰ্যৰ উপস্থিতিত আশ্ৰম আৰম্ভ হয়। বাসন্তীৰ মহেশপুৰ অঞ্চলৰ এই শিক্ষা প্ৰতিষ্ঠানৰ নাম। অমল বাবুৱে তেওঁৰ দেউতাক ৰাখাল চন্দ্ৰ পণ্ডিতৰ নামেৰে ৰাখিছিল। কিন্তু আশ্ৰম কিদৰে চলিব? বাসন্তীৰ যশোদা বিদ্যাপীঠত শিক্ষাদানৰ নামত দৰমহাৰ পইচাকেইটা আশ্ৰম চলোৱাৰ নামত শেষ হয়। কোনো নোহোৱা অনাথ শিশুসকলৰ বাবে এই শিক্ষা প্ৰতিষ্ঠান অমল বাবুৰ প্ৰিয়।

image


বাসন্তীৰ কোনো এখন ঠাইত কোনোবাই এটা নৱজাতক পেলাই দিছিল। তাক তুলি আনি অমল বাবুৱে নাম ৰাখিলে পথিক ওৰফে ফেলু। চাওঁতে চাওঁতে ফেলুৱে ৬টা বসন্ত পাৰ কৰিলে। এনেকুৱা বহুতো ফেলুক গাঁৱে গাঁৱে ঘূৰি অমল বাবুৱে আশ্ৰমলৈ লৈ আহিল। আয়লাৰ তাণ্ডৱৰ পিছত এতিয়াও সুন্দৰবনৰ বহুতো মানুহে সেই ক্ষয়-ক্ষতিৰ মোকাবিলা কৰিব পৰা নাই। কিমানে যে ভঙা বান্ধৰ ওপৰতে ৰাতি কটাই আছে। শেষ আশ্ৰয়কণো যাওঁ যাওঁ। তাতো ওলায়গৈ অমল ছাৰ। গাঁৱৰ ল’ৰা-ছোৱালীৰ পঢ়াৰ ব্যৱস্থা কৰি দিয়ে। সুন্দৰবনৰ বহুতো নিঃস্ব আৰু অনাথ শিশু এতিয়া অমল পণ্ডিতৰ আশ্ৰয়ত। নিজৰ কেও-কিছু নাথাকিলেও তেওঁ অজস্ৰ সন্তানৰ অভিভাৱক। আবাসিক স্কুল প্ৰতিষ্ঠা কৰি তেওঁ দুবেলা দুমুঠি খুউৱাৰ ব্যৱস্থা কৰিছে। যোৱা ২৫ বছৰে অমল পণ্ডিতৰ এই আশ্ৰমৰ পৰা ৫০জন অনাশ শিশুৱে জীৱনৰ ৰাস্তা বিচাৰি উলিয়াইছে। কিছুমানে ভাল ভাল চাকৰি কৰিছে। কিছুমানে গীত-মাতত নাম কৰিছে। বৰ্তমানে তেওঁৰ আশ্ৰমত আছে ২০জন বিদ্যাৰ্থী। তেওঁলোকে অমল বাবুৱে প্ৰতিষ্ঠা কৰা যশোদা বিদ্যাপীঠত পঢ়াশুনা কৰে।

সদ্য অৱসৰপ্ৰাপ্ত সুধীন ছাৰে কলেজ জীৱনতো এই আশ্ৰমৰ বাবে শ্ৰম কৰিছিল। প্ৰতিদিনে পুৱা ল’ৰা-ছোৱালীহঁতক টোপনিৰ পৰা উঠাই পাত বঢ়াই দিয়ে। বঢ়াৰ আগতে মুৰি, বিস্কুট আৰু চাহ। তাৰ পিছত গা পা ধুই সকলো স্কুললৈ যায়। আশ্ৰমৰ কাষতে প্ৰাইমেৰী স্কুল। টিফিনৰ সময়ত আশ্ৰমলৈ ঘূৰি আহি দালি-তৰকাৰী বা মাছেৰে দুপৰীয়াৰ সাজ খাই আকৌ স্কুললৈ যায়। আবেলি ঘূৰি আহি অলপ খেলা-ধূলা বা গান-বাজনা কৰি সন্ধিয়া সকলো পঢ়াত বহে। যোৱা ২৫ বছৰ ধৰি এই সকলোবোৰ বিষয় তদাৰকী কৰি আহিছে অমল বাবুৱে। এতিয়া তেওঁৰ বয়স বাঢ়িছে, শৰীৰো পৰি আহিছে। তথাপি এৰি দিয়া নাই। ২০জনৱ বিদ্যাৰ্থীৰ লগতে দুজন ৰান্ধনিৰ খৰচ পেঞ্চনৰ টকাৰে কিদৰে জোৰা মাৰিব পাৰি? অৱশ্যে তাৰ সমাধানো নোহোৱা নহয়। অমল বাবুৰ কামৰ প্ৰতি আগ্ৰহী হৈ গাঁৱৰ কিছুমান মানুহ আগবাঢ়িছে আহিছে। যাৰ যি ঘৰত আছে, পটল, মাছ বা গাখীৰ দি যায়। গাঁৱৰ মহিলাসকলেও নিজ ইচ্ছাই আহি আশ্ৰমৰ ৰন্ধাবঢ়া বা সৰা-মচা আদি কাম কৰি দিয়েহি। সুধীন ছাৰৰ দুই-চাৰিজন ছাত্ৰও আহিছে। সকলোৰে সহযোগত এইদৰে আগবাঢ়ি আছে। স্থানীয় বজাৰলৈ গালে কোনেও অমল বাবুক শুদা হাতে ঘূৰাই নপঠায়।

আচলতে ছাৰৰ লগত থাকি অমল পণ্ডিতে বুজিছে যে কাকো উপদেশ দিয়াৰ দৰকাৰ নাই। নিজৰ জীৱনেই পৰিচয়। তেওঁৰ আশ্ৰমৰ সন্তানে ভৱিষ্যতে এনে কৰিব, তেনে কৰিব, এইবোৰ তেওঁ ভাবি নাথাকে। আশ্ৰমতে তেওঁ হোমিওপেথি চিকিৎসালয় খুলিছে। শুভাকাংক্ষীৰ পৰা পোৱা চিলাই মেচিন গাঁৱৰ ছোৱালীক গতাই দিছে। সিহঁতেও দুপইচা অৰ্জন কৰিছে। ইমানবোৰ ল’ৰা-ছোৱালীৰ দায়িত্ব। সেই বুলি তেওঁৰ মনত গৌৰৱ নাই। বাসন্তীৰ মহেশপুৰ এলেকাৰ পাঁচ মাইলৰ ভিতৰত কোনো দুৰ্গাপূজা নাই। সেয়েহে কত বছৰ ধৰি আশ্ৰমতে দশভূজা দেৱীৰ আৰাধনা চলি আহিছে। হয়তো এনেকৈয়েই তেওঁলোকে অশিক্ষা, অৱহেলা নামৰ অসুৰবিলাকক পৰাস্ত কৰিব বিচাৰিছে।

মূল : তন্ময় মুখাৰ্জী

অনুবাদ : সুৰেশ কুমাৰ

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

‘আটাইতকৈ কুৎসিত মহিলা’ৰ চিনাকি ভেদি আনৰ বাবে আজি প্ৰেৰণাৰ উৎস লিজ্জী

হুইল চেয়াৰত বহা এজন সেনা বিষয়াই কান্ধ পাতি লৈছে ৫০০ ল’ৰা-ছোৱালীৰ দায়িত্ব

নিজে কষ্টকৰ জীৱন কটাইও আনৰ বাবে লাখ টকাৰ বিনামূলীয়া ঔষধ গোটোৱা ৭৯ বছৰীয়া ‘মেডিচিন বাবা’

ৰ'লছ ৰয়ছ থকা এজন নাপিত