বিদ্যুৎ, ডিজেল অবিহনে পানীৰে পানী সিঁচা টাৰবাইন নিৰ্মাণ কৰিলে উত্তৰপ্ৰদেশৰ এজন কৃষকে

বিদ্যুৎ, ডিজেল অবিহনে পানীৰে পানী সিঁচা টাৰবাইন নিৰ্মাণ কৰিলে উত্তৰপ্ৰদেশৰ এজন কৃষকে

Monday December 07, 2015,

3 min Read

‘মংগল টাৰবাইনৰ সহায়ত বিদূৰ কৃষকৰ পানী সিঁচা সমস্যা...’

‘লিমকা বুক অৱ ৰেকৰ্ডচত নাম অন্তভুক্তি...’

‘প্ৰয়োজন ৫০ হাজাৰৰ পৰা ৫ লাখ টকা...’

দেশৰ ২৪শতাংশ কৃষিযোগ্য ভুমি আৱৰি আছে অলাগতীয়াল বননীৰে। য’ত পানী সিঁচাৰ ব্যৱস্থা থাকিলে দেশ খাদ্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ সুযোগ আহিলেহেতেন। এনে ধৰণৰ এটা চিন্তাৰেই উত্তৰ প্ৰদেশৰ ললিতপুৰ জিলাৰ বাসিন্দা মংগল সিং নামৰ কৃষক এজনে পানীৰ দ্বাৰা চালিত এটা টাৰবাইন উদ্ভাৱন কৰিলে। এই টাৰবাইনৰ সহায়ত নদী বা নলাৰ পানী পোনপটীয়াকৈ অন্য স্থানলৈ সিঁচিব পাৰি। আটাইতকৈ লক্ষণীয় দিশটো হ’ল টাৰবাইনটো চলাবলৈ প্ৰয়োজন নহয় বিদ্যুত শক্তি বা ডিজেলৰ। এনেদৰে কৃষকৰ মাটিডৰাত পানী সিঁচাৰ লগতে পৰিবেশ সুৰক্ষিতও হয়।

কেনেদৰে উদ্ভাৱন হ’ল ‘মংগল টাৰবাইন’

মংগল টাৰবাইন

মংগল টাৰবাইন


“মোৰ পঢ়াশুনা হৈছিল উচ্চতৰ মাধ্যমিক শ্ৰেণীলৈকে। ইয়াৰ পিছৰ শিক্ষা গ্ৰহণ কৰিবলৈ হলে মই যাব লাগিব ২০ কিলোমিটাৰ আতৰলৈ। সেয়ে পঢ়া শুনা বাদ দি ককাই ভাইৰ সৈতে খেতিৰ কামতে ধৰিলো।” খেতিৰ সৈতে জড়িত হৈ পৰাৰ কথা এনেদৰে ক’লে মংগল সিঙে। মংগল সিঙে খেতিত পানী সিঁচিবৰ বাবে ব্যৱহাৰ কৰিছিল ১৫ হৰ্ছ পাৱাৰৰ এটা মটৰৰ। এবাৰ মটৰটো যি বেয়া হ’ল আৰু ভাল নহলেই। মংগল সিঙে এটা নতুন মটৰ কিনিবৰ বাবে বেংকত ঋণ বিচাৰি বহু আবেদন নিবেদন কৰিলে যদিও বেংকে ঋণ নিদিলে। ক্ষোভত মংগল সিঙ পণ ল’লে নিজেই কিবা এটা কৰি উলিয়াব, যিটো আনৰ বাবেও এক উদাহৰণ হৈ ৰব। কিন্তু কি কৰা যাব? ভাবি চিন্তি থাকোতেই মনলৈ আহিল, সৰুতে কপিকলেৰে পানী তোলা কুঁৱাৰ পাৰত খেলা ধুলা কৰাৰ কথা। কপিকলৰ সহায়েৰে পানী সিঁচা কিবা উপায় উলিয়াব পৰা যায় নেকি চিন্তা কৰিলে মংগলে। পানীৰ পৰা বিজুলী উৎপাদন কৰা টাৰবাইনৰ কথাও মংগলে কিছু পৰিমাণে শুনিছে। এই দুয়োটা কথা ভাবি মংগলে এটা চক্ৰ সাজিলে, যিটোৰ দ্বাৰা পানী সিঁচা পাম্প এটা চলাব পাৰি।

‘মংগল টাৰবাইনে’ কেনেদৰে কাম কৰে

‘মংগল টাৰবাইন’ বোৱতী পানীৰ ধাৰাৰে চলে। প্ৰয়োজন অনুসৰি ডাঙৰ বা সৰু চক্ৰ গিয়েৰ বক্সৰ সৈতে সংযোগ কৰি দিয়া হয়। মটৰ ইঞ্জিনৰ দৰে দ্ৰুত গতিৰে ঘুৰাই দিয়া হয়। এনেধৰণে ইঞ্জিন, মটৰ, ডিজেল বা বিদ্যুত নোহোৱাকৈ পাইপৰ সহায়ত প্ৰয়োজনীয় স্থানলৈ পানী লৈ যাব পাৰি। পানী ঘৰুৱা ব্যৱহাৰৰ বাবেও পাম্প কৰি টেংকীলৈ উঠাব পাৰি। ইয়াৰ উপৰিও একেটা পানীচক্ৰৰে গিয়েৰ বক্সৰ আনফালে পুলী লগাই ধানখুণ্ডা, আটা পিহাৰ দৰে কামো কৰিব পাৰি। আনকি জেনেৰেটৰ সংলগ্ন কৰি বিদ্যুৎ শক্তিও উৎপাদন কৰিব পাৰি মংগল টাৰবাইনৰ সহায়ত।

মংগল সিং

মংগল সিং


‘মংগল টাৰবাইন’ৰ যাত্ৰা

মংগল টাৰবাইন উদ্ভাৱনৰ পিছত মংগল সিঙে প্ৰথমে ললিতপুৰ জিলাৰ উপায়ুক্তৰ ওচৰত টাৰবাইনটো প্ৰদৰ্শন কৰিলে। ভূপালৰ চেন্ট্ৰেল ইনষ্টিটিউট অৱ এগ্ৰিকালচাৰ ইঞ্জিনীয়াৰিঙতো নিজে সঁজা মেচিনটো প্ৰদৰ্শন কৰিলে মংগল সিঙে। উদ্দেশ্য মেচিনটোৰে জড়িত প্ৰযুক্তিৰ বৈজ্ঞানিক বিশ্লেষণ হওক। সেয়াই নহয়, মংগলে উদ্ভাৱন কৰা মেচিনৰ সহায়ত নিজৰ গাওঁখনৰ ওচৰত থকা শ হেক্টৰ বকৰাণী মাটিলৈ পানী সিঁচি সেউজীয়া কৰি তুলিলে। মংগলে কোৱা অনুসৰি উত্তৰাখণ্ডৰ ধানস্যালী অঞ্চলৰ পৰা ৫ কিলোমিটাৰ নিলগলৈকে ‘মংগল টাৰবাইন’ ব্যৱহাৰ কৰি পানী সিঁচিছে। আগতে ১২০ মিটাৰ তলৰ পৰা খোৱা পানী সংগ্ৰহ কৰা লোকসকলে এতিয়া এই মেচিন ব্যৱহাৰ পৰি পাহাৰৰ ওপৰলৈ পানী উঠাব পৰা হ’ল।

‘মংগল টাৰবাইন’ৰ ব্যৱহাৰ

image


মংগল টাৰবাইনৰ আন এক উল্লেখযোগ্য সুবিধা হ’ল পানীৰ ধাৰা অব্যাহত ৰাখিলে কম পানীৰেও কাম কৰে টাৰবাইনটোৱে। ইয়াৰ উপৰিও স্থানীয়ভাবেও টাৰবাইনটো নিৰ্মাণ কৰিব পাৰি। ইয়াৰ বাবে কোনো দুৰ্লভ সামগ্ৰীৰ প্ৰয়োজন নহয়। মংগল সিঙে কোৱা মতে ডিজাইনৰ ওপৰত নিৰ্ভৰ কৰি এই মেচিনটোৰ বাবে ৫০ হাজাৰ টকাৰ পৰা ৫লাখ টকা প্ৰয়োজন হ’ব পাৰে। এই উদ্ভাৱনৰ বাবে ২০১৩ চনত মংগল সিঙৰ নাম অন্তৰ্ভুক্ত হয় ‘লিমকা বুক অৱ ৰেকৰ্ডচ’ত। মংগল সিঙে কোৱা মতে ‘মংগল টাৰবাইন’ এতিয়া কেৱল উত্তৰ প্ৰদেশতে নহয় উত্তৰাখণ্ড আৰু মধ্যপ্ৰদেশৰ বহু অঞ্চলতো বহু অঞ্চলত ব্যৱহাৰ হয়। খেতিপথাৰত অধিক উৎপাদনেৰে মংগল টাৰবাইলৰ ব্যৱহাৰৰ উপযোগীতা তেওঁলোকে প্ৰমাণ কৰি দেখুৱাইছে

মূলঃ হৰিশ বিস্ত

অনুবাদঃ মুকুন্দ মাধৱ নেওগ

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিমান প্ৰযুক্তিৰ ডিজাইনিঙৰ পৰা অনলাইনত চাহ বিক্ৰী কৰালৈ, অভিজিত মজুমদাৰৰ সাফল্যৰ কাহিনী।

১৫ লাখ টকা লোকচান আৰু এবছৰতে বন্ধ হৈ যোৱা মোৰ প্ৰথম ব্যৱসায়টো

দীপা মালিকঃ শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি অসম্ভৱক সম্ভৱ কৰি তোলা এগৰাকী মহিলা

ডুডল ডুৰ চিত্ৰকলা আৰু উদ্যোগশীল ৰচনা প্ৰভু