আজিও কাৰ্যক্ষম ভাৰতৰ প্ৰথমটো এলিভেটৰ

আজিও কাৰ্যক্ষম ভাৰতৰ প্ৰথমটো এলিভেটৰ

Monday August 15, 2016,

1 min Read

ভাৰতৰ প্ৰথমটো এলিভেটৰ ক'ত আছে জানেনে ? স্বধীনতাৰ ৫৫ বছৰৰ আগতে স্থাপিত এই এলিভেটৰটো আছে পশ্চিম বঙ্গৰ ৰাজ্যপালৰ চৰকাৰী বাসভৱন অৰ্থাৎ ৰাজভৱনত । ই আজিও কাৰ্যক্ষম ।

কলকাতাত ২৭ একৰজোৰা এক চৌহদত অৱস্থিত ৰাজভৱন ১৮০৩ চনত নিৰ্মাণ কৰা হৈছিল । স্বাধীনতাৰ আগলৈকে ইয়াক গৱৰ্ণমেন্ট হাউছ নামেৰে জনা গৈছিল । 

চিপাহী বিদ্ৰোহৰ পাছত ১৮৫৮ চনত এই ভৱন ইষ্ট ইণ্ডিয়া কম্পেনীৰপৰা বৃটিছ চৰকাৰৰ হাতলৈ যায় আৰু ই ভাইচৰয়ৰ বাসভৱনত পৰিণত হয় । ১৯১১ চনত দিল্লীলৈ ৰাজধানী স্থানান্তৰিত হোৱাৰ আগলৈকে ই ভাইচৰয়ৰ বাসভৱন হৈ আছিল । 

১৮৯২ চনত অটিছ কোম্পেনীয়ে এই এলিভেটৰ নিৰ্মাণ কৰিছিল । ১৯৬৯ আৰু ২০১০ চনত ইয়াৰ কিছু আধুনিকীকৰণ কৰা হৈছে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

উদ্যোগশীলতাৰ শিক্ষা মণিৰাম দেৱানৰপৰা

পাক সেনাৰ মেজৰ হোৱা ভাৰতীয় চোৰাংচোৱাজন

দৈনিক ৮ কি:মি: পাহাৰ বগাই এখন স্কুল জীয়াই ৰাখিছে এজন শিক্ষকে

এটা ব্যৱসায় আৰম্ভ কৰাৰ আগত কাৰ পৰামৰ্শ ল'ব আৰু কাৰ নল'ব