RiiDL ৰ সহায়ত যন্ত্ৰৰে চালিত চেছ ব'ৰ্ড নিৰ্মাণ মুম্বাইৰ হাৰ্ডৱেৰ অভিযন্তাৰ

RiiDL ৰ সহায়ত যন্ত্ৰৰে চালিত চেছ ব'ৰ্ড নিৰ্মাণ মুম্বাইৰ হাৰ্ডৱেৰ অভিযন্তাৰ

Sunday November 08, 2015,

4 min Read

কে জে সোমায়া কলেজ অৱ ইঞ্জিনীয়াৰিঙত নামভৰ্তিৰ পাছতে ভব্য গোহিল আৰু আতুৰ মেহতাৰ চিনা পৰিচয় ঘটিছিল৷ ভাৰতত অভিযান্ত্ৰিক কলেজসমূহৰ নৱাগত ছাত্ৰ-ছাত্ৰীসকললৈ মন কৰিলে এটা কথা প্ৰতিপন্ন হয় যে অধিকাংশ নৱাগতই বাছনি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবেই অথবা এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি ইতিমধ্যে কৰি থোৱাৰ বাবেই অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিছে৷ কিন্তু মুষ্টিমেয় অভিযান্ত্ৰিক ছাত্ৰ-ছাত্ৰীয়ে মনত অভিযান্ত্ৰিক শিক্ষাৰ প্ৰতি সহজাত প্ৰবৃতি অথবা এই পাঠ্যক্ৰম অধ্যয়নৰ জৰিয়তে আনন্দ লাভৰ বাবেই অভিযান্ত্ৰিক কলেজত নামভৰ্তি কৰে৷ ভব্য আৰু আতুৰে পৰস্পৰৰ মাজত হোৱা কথা-বতৰাৰ পৰা বুজি পালে যে তেওঁলোক দুয়ো এই মুষ্টিমেয় সংখ্যক ছাত্ৰৰ গোটটোৰ অন্তৰ্ভূক্ত৷

‘পাঠ্যক্ৰম অধ্যয়নৰ সমান্তৰালভাৱে আমি প্ৰথম ছেমিষ্টাৰৰ পৰাই আজৰি সময় কটোৱাৰ বাবে বিভিন্ন ধৰণৰ প্ৰযুক্তি আৰু ক্ষুদ্ৰ প্ৰকল্পৰ জ্ঞান আহৰণ কৰিবলৈ ল'লো৷' এক ই মেইল সাক্ষাৎকাৰত ভব্যই এইদৰে কয়৷ ভব্য আৰু গোহিলৰ মাজত চিনা-পৰিচয় হৈছিল তেওঁলোকৰ কলেজৰ এক অনুষ্ঠানত৷ কোনো সৃজনশীল আৰু উদ্ভাৱনীমূলক কামত দুয়ো জড়িত আছিল৷ ইয়াৰ জৰিয়তে দুয়ো নিজকে আনক আকৰ্ষণ কৰিব পাৰিছিল৷ কলেজৰ সকলোৱে ভব্য আৰু আতুৰক এই বুলিয়েই জানিছিল৷

image



‘RiiDl অৰ্থাসোমায়া বিদ্যাবিহাৰৰ গৱেষণা পৰীক্ষাগাৰত নৱগত ছাত্ৰ-ছাত্ৰীয়ে এনেধৰণৰ প্ৰকল্পৰ কাম কৰাটো সাধাৰণতে চকুত নপৰে৷ কিন্তু আমি এই কামেই কৰি আনন্দিত হৈছিলো৷' এইদৰে স্মৃতিচাৰণ কৰে ভব্যই৷ নতুন কাম আৰম্ভ, দক্ষতা বিকাশ প্ৰকল্প, বাস্তৱৰ সমস্যা সমাধান কৰিব বিচৰাসকলৰ বাবে সোমায়া বিদ্যাবিহাৰৰ RiiDL-এ উদ্ভাৱনী কেন্দ্ৰ আৰু গতিবৰ্ধক হিচাপে কাম কৰি আছে৷ ইয়াতে ভব্য আৰু আতুৰৰ জীৱন আৰম্ভ হৈছিল৷ ‘ইলেকট্ৰ'নিকছ ইঞ্জিনীয়াৰিঙৰ দ্বিতীয় বৰ্ষত অধ্যয়ন কৰি থকাৰ সময়ত RiiDL ত আমি ক্ষুদ্ৰ প্ৰকল্প তৈয়াৰ কৰিছিলো৷ এই প্ৰকল্পসমূহ Maker Faire, Rome ত গডৰেজ, কেপজেমিনি, ৱাছআপ আন্ধেৰী, আই আই টি বোম্বে আৰু আই আই টি খড়গপুৰৰ প্ৰকল্পৰ স'তে প্ৰদৰ্শন কৰা হৈছিল৷ তাত আমি ইতিবাচক সঁহাৰি লাভ কৰিছিলো যিটোৱে আমাক এনে ধৰণৰ কাম অব্যাহত ৰাখিবলৈ উৎসাহিত কৰিলে৷' এইদৰে কয় আতুৰে৷

ব’ৰ্ড গেম তৈয়াৰৰ ধাৰণাটো আছিল অধিক ভাব-বিনিময়ৰ জৰিয়তে খেলা৷ ইয়াত কায়িক উপস্থিতি উপলব্ধি কৰা হয়৷ দবা খেল প্ৰিয় খেল হোৱা বাবে ভব্য আৰু আতুৰে প্ৰথমে যন্ত্ৰচালিত চেছ ব’ৰ্ড নিৰ্মাণৰ সিদ্ধান্ত লৈছিল৷ যন্ত্ৰচালিত দবা খেল মূলতঃ হৈছে ভাব আদান-প্ৰদানৰ খেল৷ এই খেলত এজন লোকে কম্পিউটাৰৰ স'তে দবা খেলে৷ ইয়াত দবাৰ কায়িক অৱস্থিতিক উপলব্ধি কৰা হয়৷

প্ৰথম অৱস্থাত এই যন্ত্ৰচালিত দবা খেল দৃষ্টিহীনসকলৰ বাবে তৈয়াৰ কৰা হৈছিল৷ অৱশ্যে সময় বাগৰাৰ লগে লগে আনসকলেও এই খেল খেলিব পৰা কৰি তোলা হ'ল৷ ‘আমি এন এ বি (দৃষ্টিহীনসকলৰ ৰাষ্ট্ৰীয় সংস্থা) লৈ গৈছিলো আৰু এই যন্ত্ৰচালিত দবা খেল খেলাসকলৰ স'তে ভাব বিনিময় কৰিছিলো৷ তেতিয়া আমি তেওঁলোকৰ পৰা তেওঁলোকে কিদৰে এই খেল খেলিছে আৰু কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেই কথা জানিবলৈ চেষ্টা কৰিছিলো৷' এনেদৰে কয় ভব্যই৷ ভব্য আৰু আতুৰে চাৰি মাহত এই যন্ত্ৰচালিত দবা খেলৰ এক ক্ষুদ্ৰ সংস্কৰণ তৈয়াৰ কৰিছিল৷ ইয়ে বহুতৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে দবা খেল ভালপোৱা আৰু প্ৰযুক্তি সম্পকীয় জ্ঞান থকাসকলে ইয়াৰ প্ৰতি আগ্ৰহ দেখুৱালে৷ এই যন্ত্ৰচালিত ডবা নিৰ্মাতাসকলে অনেকৰ মতামত লাভ কৰিলে৷ একেদৰে এই খেলৰ স'তে কেনে ধৰণৰ সা-সুবিধা [ফিছাৰ] সংযোগ কৰিব পাৰি তাৰ পৰামৰ্শ আগবঢ়ালে৷


image


এই যন্ত্ৰচালিত ডবা খেলৰ বৰ্তমানৰ সংস্কৰণ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে নিৰ্মাতা সাজু হৈছে৷ এই খেল প্ৰথমে চীন মুকলি কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল৷ কিন্তু এই খেলৰ জটিল সা-সঁজুলি আৰু গুণগতমান ৰক্ষা কৰাটোৱে এই ক্ষেত্ৰত নিৰ্মাতাক সমস্যাৰ সন্মুখীন কৰালে৷ ‘এই খেল যেনেধৰণৰ সা-সঁজুলিৰে নিৰ্মাণ কৰা হৈছে তথা ইয়াৰ মানবিশিষ্ট গুণে৷ চীনত খেলবিধ প্ৰথমে মুকলিৰ ক্ষেত্ৰত আমাক ভবাই তুলিলে৷ সেয়েহে আমি চীনৰ পৰিৱৰ্তে ভাৰতত এই খেলবিধ মুকলিৰ সিদ্ধান্ত ল'লো৷ ইয়াৰ জৰিয়তে মেক ইন ইণ্ডিয়া কাৰ্যসূচীলৈও সঁহাৰি যোগাব৷ ইয়াক লৈ আমি গৌৰৱবোধ কৰিছো৷ আমি সৰ্বোত্তম মান ধৰি ৰখাৰ বাবে আমাৰ পৰীক্ষাগাৰত কম পৰিসৰত এই গেম নিৰ্মাণৰ সিদ্ধান্ত ল'লো৷ ইয়ে গ্ৰাহকৰ স'তে আমাৰ সম্পৰ্ক বৰ্তি থকাত প্ৰকৃততেই সহায় কৰিব৷' এইদৰে কয় আতুৰে৷ এন এ বিত দৃষ্টিহীনসকলৰ স'তে ভাব বিনিময় কৰি ঘূৰি অহাৰ পাছত আতুৰ আৰু ভব্যই ২০০৩ৰ মাজভাগত এই খেলৰ চাৰিটা ক্ষুদ্ৰ সংস্কৰণ তৈয়াৰ কৰিলে৷ এই প্ৰকল্প নিৰ্মাণত বিভিন্ন শাখাৰ অভিযান্ত্ৰিকৰ শিক্ষা গ্ৰহণকাৰীৰ প্ৰয়োজন হৈছিল৷ আতুৰ আৰু ভব্য ইলেকট্ৰনিক ইঞ্জিনীয়াৰিঙৰ শিক্ষা গ্ৰহণকাৰী হোৱাৰ বাবে তেওঁলোকৰ বাবে এই প্ৰকল্প মনোৰঞ্জনৰ বিষয় হোৱাৰ লগতে প্ৰত্যাহ্বানজনক হৈ পৰিছিল৷ তেওঁলোকে প্ৰকল্পৰ কাম প্ৰথমে ইলেকট্ৰনিকছৰ দিশৰ পৰা আৰম্ভ কৰিলে৷ এই স্তৰ অন্ত পৰাৰ পাছত তেওঁলোকে যান্ত্ৰিক অংশৰ কাম আৰম্ভ কৰিলে৷ তাৰ পাছত স্বয়ক্ৰিয় অংশসমূহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিলে৷ যোৱা অক্টোবৰত তেওঁলোকে Maker Faire, Rome ত এই যন্ত্ৰচালিত চেছ ব’ৰ্ড প্ৰদৰ্শন তথা মুকলি কৰাৰ সময়ত অনেক গ্ৰাহকৰ পৰা সঁহাৰি লাভ কৰিলে৷ এইসকলৰ মাজত আছিল বিমানকোঠৰ কৰ্মচাৰী, ৰিজ'ৰ্টৰ কৰ্মচাৰী, নাগৰিক সমাজৰ ক্লাব ঘৰ, কাফে-হোটেল আদি৷ ইয়ে ভব্য আৰু আতুৰক উত্তমৰো উত্তম প্ৰকল্প মুকলি কৰিবলৈ উৎসাহ জোগালে৷ ‘আমি বিভিন্ন চেছ ক্লাবৰ পৰা এই খেল নিজৰ মতে কৰি ল'ব পৰা ব্যৱস্থা সংযোজনৰ বাবে অনেক আবেদন লাভ কৰিছিলো৷ ইয়ে আমাক পৰৱৰ্তী লানি এনে প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত গৱেষণা আৰু বিকাশ সাধন কৰিবলৈ উৎসাহিত কৰিছে৷' এইদৰে কয় ভব্যই৷ এই গেম প্ৰথমে ক্ষুদ্ৰ ভাগত নিৰ্মাণ কৰা হ'ব৷ কায়িক বোৰ্ডৰ উপৰি এই গেমে অনলাইনত খেলোতেও সহায় কৰিব৷ ভব্য আৰু আতুৰে বিশ্বৰ যিকোনো স্থানত থকা লোকৰ স'তে এই খেল খেলিব পৰাকৈ নিৰ্মাণৰ লক্ষ্য লৈছে৷ এই সম্পৰ্কত দুয়ো কয় , 'ভাৰতত বৰ্তমানে কম্পিউটাৰ হাৰ্ডৱেৰৰ ক্ষেত্ৰখন আকৰ্ষণীয় হৈছে৷ ২০১৪ ত আমি আৰম্ভ কৰি আমি আগলৈ আগবাঢ়িছো৷ আমি আশা কৰিছো যে নতুন নতুন ক্ষুদ্ৰ প্ৰকল্প নিৰ্মাণকাৰীয়ে এই ক্ষেত্ৰত পদক্ষেপ ল'ব৷ ইয়াৰ জৰিয়তে তেওঁলোকে দেশৰ হাৰ্ডৱেৰ জগতখনত স্থান দখল কৰিব৷’

ৱেবছাইটঃ Chess Automated আৰু [email protected] ৰ জৰিয়তে যোগাযোগ কৰক