বীৰুবালা ৰাভা: যি নিজেই এক বিশাল প্ৰতিষ্ঠান

0

আসন্ন বিপদৰপৰা কোনোমতে সাৰি আহিছিল মহিলাগৰাকী । ভিতৰুৱা গাঁওখনৰ অন্ধবিশ্বাসী মানুহবোৰ এচাম দুষ্টলোকৰ প্ৰৰোচনাত পৰি মহিলাগৰাকীক ডাইনী আখ্যা দি আক্ৰমণ কৰিবলৈ সাজু হৈছিল । কিন্তু সেই আক্ৰমণৰপৰা হাত সাৰি আহি ক্ষান্ত নহ'ল তেওঁ । আৰম্ভ কৰিলে এক যুদ্ধ। অন্ধবিশ্বাস আৰু অজ্ঞানতাৰ বিৰুদ্ধে, ডাইনী প্ৰথাৰ বিৰুদ্ধে এক যুদ্ধ । ডাইনী প্ৰথাৰ বলি হোৱাসকলক ৰক্ষা কৰাৰ এক যুঁজ । এখন ভিতৰুৱা গাঁৱৰ জনজাতীয় এই মহিলাগৰাকী আজি বিশ্ববিখ্যাত । শান্তিৰ নবেল বঁটাৰ বাবে মনোনীত প্ৰথমগৰাকী অসমীয়া বিৰুবালা ৰাভা । এনে এগৰাকী নাৰী যি এক প্ৰতিবাদী কণ্ঠ ৰূপে থিয় দি সোণোৱালী ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰায়ে নহয়, সমাজৰ বাবে এক আভা হৈও উদ্ভাষিত হৈ উঠিছে ।


গোৱালপাৰা জিলাৰ অতি ভিতৰুৱা অঞ্চল ঠাকুৰবিলা গাৱৰ বীৰুবালা ৰাভাই ডাইনী, অন্ধবিশ্বাস, কুসংস্কাৰক মাষিমুৰ কৰাত এক গুৰুত্বৰ্পূণ পদেক্ষপ গ্ৰহণ কৰি আহিছে । বীৰুবালা ৰাভা অকল গোৱালপাৰা জিলাৰে নহয় সমগ্ৰ ৰাজ্যৰ বাবে অমূল্য সম্পদ। কিয়নো আজি য'তেই অন্ধবিশ্বাস, ডাইনী সমস্যাই গা কৰি উঠিছে, তাতে বীৰুবালা ৰাভা হাজিৰ হৈ জনসধাৰাণক সেৱা আগবঢাইছে ।

২১ বছৰৰ আগৰ বীৰুবালা ৰাভা

আজিৰ পৰা উভতি যাব লাগিব প্ৰায় ২১ বছৰৰ আগলৈ, তেতিয়া আছিল ১৯৮৫ চন । বীৰুবালা ৰাভাৰ নিজৰ ভাষাত, 'সামাজিকভাৱে বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত আমাৰ সংসাৰলৈ প্ৰথম সন্তান ধৰ্মেশ্বৰ আহিল । সৰুতে সি ঠিকেই আছিল । যেতিয়া ধৰ্মেশ্বৰ পঞ্চমমান পালে হঠাতে স্নায়ু ৰোগত আক্ৰান্ত হ'ল, মাজে মাজে মুৰ্চ্চাও গৈছিল, ওচৰতে পাব পৰাকৈ ডাক্তৰ নাছিল । এবাৰ বহু কষ্ট কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ গৈছিলো , সিমান সুফল পোৱা নাছিলো । সঠিক সময়ত সঠিক চিকিৎসা কৰিব পৰাকৈ আৰ্থিক অৱস্থাও টনকিয়াল নাছিল । পু্ত্ৰ ধৰ্মেশ্বৰৰ এনে অৱস্থা দেখি মোৰ দুখ কুলাই পাচিৰে নধৰা হৈছিল । বেজ, দেওধানীৰ শৰণাপন্ন হৈছিলো । দেওধানীয়ে মংগল চাই ক’লে যে ধৰ্মেশ্বৰৰ গাত পৰী লম্ভিছে আৰু পৰীজনী ৰ্বত্তমান গৰ্ভৱতী হৈ আছে । কাইলৈ বা পৰহিৰ ভিতৰত পৰীজনীয়ে সন্তান জন্ম দিব আৰু তিনিদিন পিছতে সি মৰি যাব। পিছে দেওধানীৰ কথামতে ধৰ্মেশ্বৰ নমৰিল, কিন্তু তাৰ অসুখ বাঢ়ি গৈ থাকিল । নৱম শ্ৰেণী পাওঁতে সি পাগল হ’ল । তাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হ’ল । অবশেষত ৰাইজে তাক হাত- ভৰি বান্ধি জন্তুৰ দৰে আবদ্ধ কৰি থব লগা হ'ল । ধৰ্মেশ্বৰ এনে অৱস্থা দেখি হিয়া ঢুকুৰিয়াই কান্দিছিলো । উপায়হীন হৈ প্ৰশাসনৰ সহযোগত চিকিৎসাৰ বাবে শ্বিলং লৈ পঠাই দিলো । জীৱিত সত্বেও যৌৱন প্ৰাপ্ত অৱস্থাত নিজ প্ৰত্ৰক বুকুৰ আঁতৰ কৰিব লগা হোৱাত শোকত ম্ৰিয়মান হৈ পৰিছিলো ।'

'এদিন মই নিজেই ডাইনী হৈছিলো'

বৰপুত্ৰৰ বিড়ম্বনাবোৰ মাৰ নৌ যাওঁতেই বীৰুবালাৰ স্বামী এক দুৰাৰোগ্য ৰোগ আক্ৰান্ত হৈছিল । গাৱৰে এগৰাকী লোকে প্ৰৰোচনা কৰি কৈছিল যে ঘৰৰে বান, ঘৰৰে শান , ঘৰতে ডাইনী, ঘৰতে ভুতুনী । অৰ্থাৎ এই কথাৰ মূলভাব এইয়ে যে বীৰুবালা নিজেই ডাইনী হৈ নিজ ল'ৰাক পাগল আৰু স্বামীক বেমাৰী কাৰিছে । পিছে গাৱৰ ৰাইজে এনে মন্তব্যৰ ভিত্তি মিটিং কৰাত বীৰুবালা ৰাভা আৰু তেখেতৰ স্বামীয়ে সমাজত প্ৰতিবাদ কৰাত ডাইনী অভিহিত কৰাৰ পৰিকল্পনা, বহু বাক –বিতণ্ড ব্যৰ্থ হয় ।

বীৰুবালা ৰাভাৰ ডাইনীৰ বিৰুদ্ধে প্ৰথম কণ্ঠ

১৯৯৯ চনৰ কথা , গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ দদান মন্দিৰৰ প্ৰাংগনত ৰাজুহুৱা সভা হৈছিল। সভাত ঠাকুৰবিলা অঞ্চলৰ ৫ গৰাকী মহিলা যুৱতীক ডাইনী সজাই অভিযুক্ত কৰা হৈছিল । কিন্তু সেই সভাত বীৰুবালা ৰাভাই সেই ৰ্দুভগীয়া মহিলাৰ পক্ষে থিয় হৈ “তেওঁলোক ডাইনী কেতিয়ও হ’ব নোৱাৰে, এয়া অন্ধবিশ্বাস” বুলি প্ৰথমে প্ৰতিবাদ কৰিছিল । লগতে বীৰুবালা ৰাভাই বুজাই দিছিল যে তেওঁৰ পুত্ৰ ধৰ্মেশ্বৰক দেওধনীয়ে মৰিব বুলি কৈছিল, তেন্তে সি আজি কেনেকৈ জীয়াই আছে ? বেজ, দেওধানী চব ভণ্ড । কিন্তু অতি পৰিতাপৰ কথা যে এই আহ্বান, এই প্ৰতিবাদী কণ্ঠৰ বাবে সমাজে এঘৰীয়া কৰিছিল ।

এখোজ দুখোজকৈ আৰম্ভণী

পৰিস্থিতিৰ লগত মোকামিলা কৰিব পৰাকৈ বীৰুবালা ৰাভাৰ আছিল অত্যন্ত সাহস । সমাজে এঘৰীয়া কৰিলেও এইগৰাকী যোদ্ধা কিন্তু পিছ পৰি নাথাকিল । ইখনৰ পিছত সিখন গাৱলৈ গৈ, কেতিয়াবা বহু দুৰ বাট অকলে খোজ কাঢ়ি ডাইনী অন্ধবিসশ্বাস যে অযুক্তিকৰ ধাৰণাৰ কথা বুজাই গ’ল । এনেদৰে এগৰাকী নহয় ৩৫ গৰাকী ব্যক্তিৰ জীৱন ৰক্ষাৰ বাবে সাহসেৰে আগভাগ লৈছিল, যাৰ বাবে ডাইনী বিৰোধী অভিযানৰ বাবে ২০০৫ চনত প্ৰজেক্ট থাউজেণ্ড উইমেনৰ মনোনয়নত শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত প্ৰথম অসমীয়া হোৱাৰ যোগ্যতা অৰ্জন কৰে ।

লাহে লাহে বীৰুবালা ৰাভাৰ বিপক্ষে মাত মাতা সকলে বুজি উঠে যে ডাইনী বুলি একো নাই , মাথো অন্ধবিশ্বাস আৰু সকলোৱে বীৰুবালা ৰাভাক পুনৰ আকোৱালি লয় ।

বীৰুবালা আৰু মিছন বীৰুবালা

বীৰুবালা ৰাভাৰ সাহস, সততা, দৃঢ়তা দেখি অসমৰ বহু অঞ্চলৰ যুৱক, যুৱতী, পুৰুষ, মহিলা একে উদ্দেশ্যতে কাম কৰি যাবলৈ অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে যাত্ৰাত বীৰুবালা ৰাভাৰ লগ হয় । আৰু ইয়াৰ ঠিক এবছৰৰ পিছত ২০১২ চনত আনুষ্ঠানিক ভাবে জন্ম হয় মিছন বীৰুবালা । বীৰুবালা ৰাভাৰ আৰ্দশৰে পুৰিপুষ্ট মিছন বীৰুবালাৰ ৰ্বত্তমান সদস্যৰ সংখ্যা ৮০০ ৰো অধিক । ইতিমধ্যে ইয়াৰ প্ৰায় ১০০ সদস্যই অসমৰ মুঠ ১৪ খন জিলাত অন্ধবিশ্বাস অথবা ডাইনী সন্দৰ্ভত সজাগতা সভা কৰ্মশালা অনুষ্ঠিত কৰি সেৱা আগবঢাইছে । উল্লেখযোগ্য যে মিছন বীৰুবালাই ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি, দুধনৈ মহাবিদ্যালয়, চাবুৱা ডি ডি আৰ কলেজ ডিব্ৰু মহাবিদ্যালয়, ফিল’বাৰী কনিষ্ঠ মহাবিদ্যালয় আৰু ছেৰফাংগুৰি মিছন বীৰুবালাৰ কোষ (Working Cell) গঠন কৰিছে, যাতে ই ঘটাব পাৰে এক নৱ চেতনাৰ উন্মেষ।

ইতিমধ্যে বহু সন্মানেৰে বিভূষিত হৈছে বীৰুবালা। ২০১০ চনত ৰিলায়েন্স ইনডাষ্ট্ৰী এল. টি. ডি’ৰ পৰা “ৰিয়েল হিৰ” খিতাপ, টাই আহোম যুৱ পৰিষদৰ পৰা “বীৰাংগনা মুলা গাভৰু” বঁটা, “জয়মতী” বঁটা, “সমাজ প্ৰাণ সেৱা” বঁটা, আৰু শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ, ডি. আদি ইয়াৰ অন্যতম ।

মিছন বীৰুবালাই গাঁৱৰ সচেতন শিক্ষিত ব্যক্তি, প্ৰশাসনৰ সহযোগত অসমৰ বিভিন্ন ঠাইত গৈ জনসজাগতামূলক সভা পাতি অন্ধবিশ্বাস দূৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে । এই যুঁজৰ অক্লান্ত সৈনিক বীৰুবালা ।


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী


বয়ন শিল্পক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ প্ৰয়াস কৰা উদ্যমী মহিলা-হেমপ্ৰভা চুতীয়া

পেম্বা গিয়ালজে শ্বেৰ্পা- নিষ্ঠুৰ পৰ্বত k2ত সাহস আৰু জীৱন সংগ্ৰামৰ কাহিনী

অসমত নিবনুৱা সমস্যা নাই, আছে নিষ্কৰ্মাৰ সমস্যা: আই.আই.ই. ৰ সঞ্চালক মনোজ কুমাৰ দাস

৯৯ বছৰীয়া এগৰাকী যুৱতী: গুৱাহাটীৰ অৰুণা মুখাৰ্জী

উত্তৰ-পূৱ ভাৰতৰ ‘পুষ্পসজ্জা’ৰ ক্ষেত্ৰখনক নতুন মাত্ৰা দিছে নাচিমা বেগম লহকৰে

ভালপাওঁ বুলি ক’বলৈ আমি কিয় টান পাওঁ !