ন-উদ্যমীয়ে পুঁজিৰ বাবে কেইবাটাও উৎসৰ প্ৰতি মনোযোগ দিয়ক: উগেন টাশ্বি

ন-উদ্যমীয়ে পুঁজিৰ বাবে কেইবাটাও উৎসৰ প্ৰতি মনোযোগ দিয়ক: উগেন টাশ্বি

Sunday April 16, 2017,

2 min Read

এখন বিশ্ববিদ্যালয় হৈছে এনে এখন ঠাই য'ত নতুন ধাৰণাৰ জন্ম হয় আৰু সেইবোৰ বিকশিত হয় । এনে পৰিবেশত একো একোজন ছাত্ৰই নতুন এটা প্ৰডাক্ট সৃষ্টি কৰি তাক বেংকাৰৰ সহায়ত এট ব্যৱসায়ত পৰিণত কৰিব পাৰে । এটা ব্যৱসায় কেনেকৈ আৰম্ভ কৰিব লাগে আৰু তাক কেনেকৈ চলাব লাগে সেই সম্পৰ্কে ধাৰণা লাভ কৰিবলৈ উদ্যমিতাৰ স্পৃহা থকা ব্যক্তিয়ে নিয়মিত এনে অনুস্থানলৈ যাব লাগে য'ত ব্যৱসায় জগতৰ সৈতে জড়িত বিভিন্ন লোকৰ আগমন হয় । তেজপুৰ বিশ্ববিদ্যালয়ৰ সম্পৰ্ক-২০১৭ অনুস্থানত নতুন উদ্যমী সকলৰ প্ৰতি এই উপদেশ দিয়ে আই ডি বি আইৰ উত্তৰ পূৰ্বাঞ্চলৰ মূৰব্বী উগেন টাশ্বিয়ে ।

image


টাশ্বিয়ে কয় যে উদ্যমী সকলে এটা সঠিক প্ৰডাক্টৰ লগতে এটা সঠিক ৰাজহ আৰ্হিৰ সৈতে প্ৰস্তুত হৈ আহিলে বেংকাৰ সকলৰ পৰা ভাল সঁহাৰি পায় । ভাল প্ৰকল্প হ'লে বেংকে ঋণ দিয়াৰ ক্ষেত্ৰত কাৰ্পণ্য নকৰে বুলি তেওঁ কয় । অৱশ্যে এজন উদ্যমীয়ে অকল এটা বেংকৰ ওপৰতে নিৰ্ভৰ নকৰি বিভিন্ন উৎসৰ ওপৰত দৃষ্টি ৰখাৰ ওপৰত গুৰুত্ব দিয়া ভাল যাতে তেওঁৰ পুঁজি সংগ্ৰহৰ সম্ভাৱনা বৃদ্ধি পায় । তেওঁ কয় যে এজন উদ্যমীয়ে এনে বেংকৰ কাষ চাপিব লাগে যি সহজে, কম সুতত ঋণ দিয়ে আৰু যাৰ সেৱাৰ মান উন্নত । আই ডি বি আই কিদৰে এটা উন্নয়ন বেংকৰ পৰা ৰাজহুৱা খণ্ডৰ এটা বাণিজ্যিক বেংকত পৰিণত হল সেই বিষয়েও তেওঁ কয় । লগতে আই ডি বি আই বেংক সদায় উদ্যমী সকলক সহায় কৰিবলৈ আগ্ৰহী বুলিও তেওঁ কয় ।   

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ভাল প্ৰকল্পত বেংকে বিনিয়োগ কৰিবই: পি ভি এছ এল এন মুৰ্তি, এছ বি আই

ভাৰত চৰকাৰক আদালতলৈ নিয়া এটি ন বছৰীয়া শিশু

ৰ'লছ ৰয়ছ থকা এজন নাপিত