ৰেড লাইট অঞ্চলৰ পোহৰৰ ৰং সলনি কৰিলে 'কত-কথা'ই

ৰেড লাইট অঞ্চলৰ পোহৰৰ ৰং সলনি কৰিলে 'কত-কথা'ই

Thursday December 10, 2015,

4 min Read

সমাজত এনে কিছুমান ব্যক্তি আছে যি কেৱল নিজৰ বাবে জীয়াই নাথাকে।সমাজৰ হিতৰ কাৰণে নিজৰ জীৱনটো সমৰ্পণ কৰাই তেওঁলোকৰ লক্ষ্য।এনে মানুহৰ সংখ্যা কম হ'লেও এইসকল লোকেই সমাজখন জীয়াই থকাৰ উপযোগী কৰি ৰাখে।তেনে এগৰাকী আদৰ্শণীয় মহিলা গীতাঞ্জলি বব্বৰ।সমাজৰ এনে এটা শ্ৰেণী, যিটো শ্ৰেণী নিষ্পেষিত,অৱহেলিত হোৱাৰ লগতে তেওঁলোকক অস্পৃশ্য জ্ঞান কৰা হয়,সেই শ্ৰেণীটোক সন্মানেৰে সমাজত জীয়াই থকাৰ ক্ষেত্ৰত গীতাঞ্জলিয়ে জীৱনৰ মূল্যবান সময় অৰ্পণ কৰিছে।

নতুন দিল্লীৰ জে.বি.ৰোডস্থিত ৰেডলাইট এলেকা।যলৈ বিনা প্ৰয়োজনত মানুহ নাযায়।ইয়াত বসবাস কৰা লোকসকল যেন বেলেগ ধাতুৰে গঢ়া সমাজৰ পৰা বিছিন্ন লোক।আন মানুহৰ কাৰণে তেওঁলোক অস্পৃশ্য। কিন্তু গীতাঞ্জলি বব্বৰ সেই এলেকাটোলৈ গলে তাত থকা লোকসকলৰ জীৱনৰ স্তিমিত সপোনবোৰ পুনৰ সাৰ পাই উঠে।তেওঁলোকৰ মাজত হেৰাই যোৱা আত্মবিশ্বাস পুনৰ সজীৱ হৈ উঠে।এওঁলোকৰ কাৰোবাৰ বাবে গীতাঞ্জলি ভনীয়েক, কাৰোবাৰ বাবে বায়েক আৰু কাৰোবাৰ বাবে জীয়েক।কিন্তু কোন এওঁলোক?

image


জীৱিকাৰ তাগিদাত বা আন পৰিস্থিতিৰ স্বীকাৰ হৈ বেশ্যা বৃত্তিত জড়িত হোৱা এইসকল অসহায় মহিলা আৰু তেওঁলোকৰ পিতৃ পৰিচয়হীন শিশুবোৰ।

'কত-কথা' নামৰ এটা সংস্থাৰ জন্মদাত্ৰী গীতাঞ্জলি বব্বৰে তেওঁলোকক কেৱল বিচাৰি উলিওৱাই নহয়,তেওঁলোকৰ জীৱনত পৰিৱৰ্তন আনিবলৈ নিজৰ লোভনীয় চাকৰি ত্যাগ কৰিলে।দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতা কৰি থাকোঁতে গীতাঞ্জলিয়ে 'অনন্ত' নামৰ এটা থিয়েটাৰ গ্ৰুপৰ সৈতে জড়িত হৈছিল।গান্ধী ফেলশ্বিপ ৰ অধীনত ৰাজস্থানৰ 'থিৰপালী বড়ী' গাঁৱত দুই বছৰ গৱেষণা কাৰ্য কৰি থকাৰ মাজতে গীতাঞ্জলিৰ সমাজ সেৱা কাৰ্যৰ প্ৰতি আগ্ৰহ জন্মিছিল।সমাজৰ অসহায় লোকসকলৰ বাবে কিবা এটা কৰিবলৈ তেওঁ যেন অন্তৰাত্মাৰ আহ্বান শুনা পাইছিল। পৰৱৰ্তী সময়ত গীতাঞ্জলিয়ে ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংগঠন 'নাকো' ৰ লগত জড়িত হৈছিল।এই সংগঠনৰ লগত জড়িত হৈ থাকোতেই গীতাঞ্জলিৰ দিল্লীৰ ৰেড লাইট অঞ্চল হিচাপে পৰিচিত জে.বি. ৰোডৰ লগত পৰিচয় হৈছিল।

'যেতিয়া মই প্ৰথমবাৰলৈ এটা পতিতালয়লৈ গৈছিলোঁ, তাৰ পৰিবেশ দেখি অহাৰ পিছত মই তিনি ৰাতি শুব পৰা নাছিলো।ৰাজধানী চহৰখনৰ মাজমজিয়াত আৰু ইণ্ডিয়া গেটৰ কাষতে প্ৰতি মিনিটত কিশোৰীৰ বেচা-কিনা চলিছে,মানুহৰ নৃশংসতাৰ বলি হৈ প্ৰতি মিনিটত কিশোৰীয়ে প্ৰাণ হেৰুৱাইছে। কিন্তু এই বিষয়ে ভাবিবলৈ যেন কাৰো সময় নাই! এই অনুভৱে মোৰ অন্তৰাত্মাক জোকাৰি গৈছিল।' তাৰপাছত গীতাঞ্জলিয়ে নিজেই বিভিন্ন পতিতালয়লৈ গৈ মহিলা সকলক লগ ধৰিছিল। তেওঁলোকৰ মনৰ অৱস্থা জানিবলৈ চেষ্টা কৰিছিল।আৰু এনেদৰে গীতাঞ্জলি সেই মহিলা সকলৰ বাবে আপোন হৈ পৰিছিল।

image


অৱশ্যে কিছুমান পতিতালয়লৈ গৈ তেওঁ ভাল ব্যৱহাৰ পোৱা নাছিল। এদিন এখন পতিতালয়ৰ মহিলাই গীতাঞ্জলিক বেয়া ব্যৱহাৰ কৰি উলিয়াই পঠিয়াইছিল।গীতাঞ্জলিক দুৰ্ব্যৱহাৰ কৰা দেখি আন এখন পতিতালয়ৰৰ এগাৰাকী মহিলা আহি তেওঁক অনুৰোধ কৰিছিল যে গীতাঞ্জলিয়ে তেওঁক পঢ়ুৱাৰ দায়িত্ব ল'ব পাৰিব নেকি? গীতাঞ্জলিৰ মনলৈ যেন পুনৰ উদ্যম ঘূৰি আহিল।তেওঁ শনিবাৰ আৰু দেওবাৰে মহিলাসকলক পঢ়াবলৈ আৰম্ভ কৰিলে।আৰম্ভণীতে তেওঁক এই কৰ্মত সহায় কৰিছিল জে.বি.ৰোডৰ কাষতে নিজৰ চিকিৎসালয় থকা এজন চিকিৎসকে।চিকিৎসালয়ৰে ওপৰৰ এটা কোঠাত মহিলা সকলক শিক্ষাদান আৰম্ভ কৰিলে গীতাঞ্জলিয়ে।কিন্তু কেইদিনমানৰ পিছত বিষেশ কাৰণত তেওঁ কোঠাতো এৰি দিব লগা হল।তাৰপাছত গীতাঞ্জলিয়ে পতিতালয়সমূহলৈ গৈ শিক্ষা দান অব্যাহত ৰাখিলে।

এই কাৰ্যৰ বাবে গীতাঞ্জলিয়ে তেওঁৰ চাকৰি ত্যাগ কৰিলে।পৰৱৰ্তী সময়ত গীতাঞ্জলিৰ সমাজ সেৱাৰ প্ৰতি থকা নিষ্ঠাৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁৰ কিছুমান বন্ধু তেওঁক সহায়ৰ বাবে আগবাঢ়ি আহিল।বন্ধুসকলেও বেলেগ বেলেগ পতিতালয়তত মহিলা সকলক পঢ়ুউৱাৰ দায়িত্ব ল'লে।লাহে লাহে পতিতালয়ত বাস কৰা শিশুসকলো শিক্ষাৰ বাবে আগ্ৰহান্বিত হ'ল।গীতাঞ্জলিয়েও এই অনাথ শিশুসকলক পঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিলে।শিশুসকলক শিক্ষাদানৰ লগতে তেওঁলোকৰ সৈতে খেলা-ধূলা কৰাৰ উপৰি শিশুসকলক চিনেমা দেখুৱাবলৈও লৈ গৈছিল।লাহে লাহে শিশুৰ সংখ্যা বাঢ়ি যোৱাৰ বাবে জে.বি.ৰোডৰ এটুকুৰা ঠাই ভাড়ালৈ লৈ তাত শিক্ষাদান কাৰ্য অব্যাহত ৰাখিলে।

image


গীতাঞ্জলিৰ ওচৰত শিক্ষা লাভ কৰা শিশুসকলৰ চাৰিজনে বৰ্তমান দিল্লীৰ নিজামুদ্দিন অঞ্চলৰ এখন স্কুলত শিক্ষকতা কৰি আছে।তাৰে এজনে শিক্ষকতাৰ বাবে ফেলশ্বিপ লাভ কৰিছে।আন কেইজনমানে ফটোগ্ৰাফী,থিয়েটাৰ আৰু ডান্সিঙ গ্ৰুপত যোগ দি আত্মনিৰ্ভৰশীল হব পাৰিছে।ইয়াৰোপৰি কিছুমান শিশু নেশ্যনেল স্কুল অৱ্ ড্ৰামাৰ লগতো জড়িত হোৱা বুলি গীতাঞ্জলিয়ে জানিবলৈ দিয়ে।এইদৰে গীতাঞ্জলিয়ে কেৱল শিশুসকলক সপোন দেখুওৱাই নহয়, সপোনৰ সৈতে জীয়াই থাকিবলৈও শিকাইছে।

image


এই পতিতালয়ত বসবাস কৰা মহিলা সকলৰ ভোটাৰ আই.ডি.কাৰ্ড পৰ্যন্ত নাছিল।এই কথালৈ গুৰুত্ব দি 'কত-কথা'ই এই মহিলাসকলক সমাজত পৰিচয়েৰে জীয়াই থাকিবলৈ ভোটাৰ আই.ডি.কাৰ্ড প্ৰস্তুত কৰি দিছিল।'কত-কথা'ৰ সহযোগত পাঁচশ মহিলাই ভোটাৰ আই.ডি.কাৰ্ড, ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড প্ৰস্তুত কৰিব পাৰিছিল।ইয়াৰোপৰি মহিলাসকলক আত্মনিৰ্ভৰশীল হোৱাৰ বাবে বেংক একাউন্ট খোলা দিয়া হৈছে তেওঁলোকে যাতে ভৱিষ্যতৰ বাবে সঞ্চয় কৰিব পাৰে।জে.বি.ৰোডৰ অন্ধকাৰ আৰু অকলশৰীয়া জীৱনৰ পৰা এক সন্মানজনক জীৱন জীয়াই থাকিবৰ বাবে 'কত-কথা'ৰ এক প্ৰকল্পৰ অধীনত মহিলাসকলক শিল্প কলা, ফটো ফ্ৰেম, কাণফুলি, ফোঁট আদি বনোৱাৰ প্ৰশিক্ষণ দিয়া হৈছে। দিপান্বিতা, নববৰ্ষ আদিৰ সময়ত মহিলাসকলৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়।সম্প্ৰতি সাত জন সক্ৰিয় সদস্য আৰু এশ জন স্বেচ্ছাসেৱী সদস্যৰ সৈতে 'কত-কথা' এটা শক্তিশালী গোট।

গীতাঞ্জলি আৰু তেওঁৰ সংস্থা 'কত-কথা'ই প্ৰত্যক্ষ বা পৰোক্ষভাৱে জে.বি. ৰোডৰ চাৰি বছৰৰ পৰা ওঠৰ বছৰৰ ৬৬ জন শিশু-কিশোৰৰ ভৰণ-পোষণৰ দায়িত্ব লৈছে।এই শিশু-কিশোৰ সকলৰ প্ৰয়োজন সমূহ পুৰাবৰ বাবে 'কত-কথা'ৰ স্বেচ্ছাসেৱক দিন-ৰাতিয়ে ব্যস্ত হৈ থাকে।শিশুসকলৰ মাজত গঢ় লৈ উঠা আত্মবিশ্বাসৰ প্ৰমাণ এয়ে যে এই শিশুসকলে বৰ্তমান বিনাদ্বিধাৰে নিজকে জে.বি.ৰোডৰ বাসিন্দা বুলি পৰিচয় দিব পাৰে।গীতাঞ্জলিয়ে এই খিনি কৰিয়ে সন্তুষ্ট হোৱা নাই। তেওঁ চৰকাৰৰ ওচৰত আবেদন জনাইছে যাতে ১৫ আগষ্ট দিনটো 'চেক্স ফ্ৰী' ডে হিচাপে ঘোষণা কৰা হওঁক যাতে সেইদিনা গোটেই দেশৰ বেশ্যালয়বোৰ বন্ধ থাকে আৰু গণিকাসকলে নিজৰ ইচ্ছাৰে বছৰৰ এটা দিন জীয়াই থাকিব পাৰে।

image



মূল: হৰিশ বিষ্ট

অনুবাদ:পূবালী ভাগৱতী