অনুসূচীত জাতি জনজাতিৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক মুদ্ৰা যোজনাই ধৰিছে পূঁজিৰ যোগান

অনুসূচীত জাতি জনজাতিৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক মুদ্ৰা যোজনাই ধৰিছে পূঁজিৰ যোগান

Sunday January 10, 2016,

2 min Read

‘সবকা সাথ সবকা বিকাশ’৷ ক্ষমতালৈ অহাৰ আগতে এইটোৱেই আছিল নৰেন্দ্ৰ মোডীৰ শ্লোগান৷ ক্ষমতালৈ অহাৰ পিছত প্ৰতিশ্ৰুতি অনুযায়ী আর্থিক অন্তর্ভুক্তিৰ জৰিয়তে সকলো জাতি জনগোষ্ঠীৰ লোককে সমভাৱে আগবঢ়াই নিয়াটোত চৰকাৰৰ গুৰুত্ব আৰোপ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মতে মুদ্ৰা যোজনাৰ অধীনত ভাৰতৰ চুকে-কোণে সিঁচৰিত হৈ থকা দলিত সম্প্ৰদায়ৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ মাজত ইতিমধ্যে প্ৰায় ৫০,০০০ কোটি টকাৰ ঋণ প্ৰদান কৰা হৈছে৷ দিল্লীত এনে সম্প্ৰদায়ৰ লোকসকলৰ এখন সভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কৈছিল যে এই আঁচনিৰ অধীনত প্ৰায় ৮০,০০০ ক্ষুদ্ৰ ব্যৱসায়ীয়ে ঋণ লাভ কৰিছে৷ এই ঋণ প্ৰদান কৰোতে অনুসূচীত জাতি জনজাতিৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে মহিলাসকলকো অগ্ৰাধিকাৰ দিয়া হৈছে৷ এই মুদ্ৰা যোজনাৰ দ্বাৰা চৰকাৰখনে ইতিমধ্যে ১৪ কোটি মানুহক কর্মসংস্থান দিবলৈ সক্ষম হোৱা বুলিও মোডীয়ে নিজৰ ভাষণত উল্লেখ কৰিছিল৷

অনুসূচীত জাতি জনজাতিৰ আন এখন জাতীয় সভাত দিয়া ভাষন প্ৰসঙ্গত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংবিধান প্ৰণেতা বি. আৰ. আম্বেদকাৰে শিল্প আৰু উদ্যোগক সাৰথি কৰি এই জাতি জনগোষ্ঠী সমূহৰ বিকাশৰ কাৰণে সেই তাহানিতে চিন্তা কৰাৰ প্ৰসঙ্গটো উল্লেখ কৰে৷ এই একেটা প্ৰসঙ্গতে তেখেতে কয় যে আগতে সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলে কোনো বেঙ্ক অথৱা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ ল’বলৈ যাওঁতে মূৰৰ ঘাম মাটিত পেলাবলগা হৈছিল৷ কিন্তু এতিয়া অৱস্থাৰ পৰিবর্তন হৈছে৷ বেঙ্ক অথৱা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা পিছপৰা শ্ৰেণীৰ লোক আৰু মহিলা সকলে ঋণ লোৱাৰ ক্ষেত্ৰত নীতি-নিয়মবোৰ যথেষ্ট শিথিল কৰা হৈছে৷ এতিয়া প্ৰধানমন্ত্ৰীৰ মুদ্ৰা যোজনাৰ অন্তর্গত পিছপৰা শ্ৰেণীৰ ক্ষুদ্ৰ উদ্যোগী আৰু মহিলা উদ্যোগীকক ৫০,০০০ ৰ পৰা ১০ লাখ টকা পর্যন্ত ঋণ প্ৰদান কৰি থকা হৈছে৷

image


এই চৰকাৰৰ মূল লক্ষ্যত আর্থিক অন্তর্ভূক্তিৰ বিষয়টোৱে গভীৰতাৰে স্থান পাইছে৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে এই লক্ষ্যৰ বিষয়ে ক’বলৈ বর্ণনা কৰোতে জনালে যে চাকৰিদাতা সৃষ্টি কৰাহে ইয়াৰ উদ্দেশ্য, চাকৰি প্ৰার্থী সৃষ্টি কৰা নহয়৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ক’লে যে আমাৰ সমাজৰ গৰিষ্ঠ সংখ্যক লোকৰ উন্নতি অবিহনে ভাৰতৰ উন্নতি সম্ভৱ নহয়৷ সেই দিশত কৰা চিন্তা চর্চাৰ ফলস্বৰুপেই ভাৰতীয় অর্থনীতিৰ বুনিয়াদ শক্তিশালী কৰি গঢ়ি তুলিবলৈকে এই মুদ্ৰা যোজনাৰ প্ৰৱর্তন কৰা হৈছে৷ বাবাচাহেব আম্বেদকাৰৰ প্ৰসঙ্গত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে তেখেত কেৱল মাত্ৰ সংবিধানৰ ৰচয়িতাই নাছিল, তেখেত এজন অভিজ্ঞ অর্থনীতিবিদো আছিল৷ নৰেন্দ্ৰ মোডীৰ মতে ‘বাবাচাহেব আম্বেদকাৰে কেৱল উদ্যোগেহে দলিত আৰু পিছপৰা সম্প্ৰদায়ৰ লোকসকলৰ অৱস্থাৰ উন্নতি ঘটাব পাৰিব বুলি ভৱা ধাৰণাটো সম্পূর্ণ শুদ্ধ আছিল’৷ আম্বেদকাৰৰ সপোনক সৰোগত কৰিয়েই কেন্দ্ৰীয় চৰকাৰে অনুসূচীত জাতি আৰু জনজাতিৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ মূলধনৰ অভাৱ দূৰ কৰিবলৈকে ২০০ কোটি টকাৰ ‘ভেঞ্চাৰ কেপিটেল ফাণ্ড’ এটা তৈয়াৰ কৰাৰ কথাটো উল্লেখ কৰে৷ এই ফাণ্ডৰ অধীনত ইতিমধ্যে ১৪৪ কোটি টকা মোকোলায়ো দিয়া হৈছে বুলি তেখেতে কয়৷

‘আমাৰ চৰকাৰ মানে আপোনাৰ চৰকাৰ৷ আমি শাসনৰ জৰিয়তে আপোনালোকক ক্ষমতাশালী কৰি গঢ়ি তুলিব খুজিছো৷ অদূৰ ভবিষ্যতে আমি এই লক্ষ্যত উপনীত হ’ব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস আছে’ – এই বক্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ৷