অড-ইভেন ফৰ্মূলা: এক সাহসী আৰু সুন্দৰ পদক্ষেপ

অড-ইভেন ফৰ্মূলা: এক সাহসী আৰু সুন্দৰ পদক্ষেপ

Wednesday December 09, 2015,

5 min Read

এসময়ত মই ভাবিছিলো যে জলবায়ু পৰিবৰ্তন আৰু পৰিবেশ সম্পৰ্কীয় বিষয়বোৰ উচ্চশ্ৰণীৰ এচাম লোকৰ বাবে বৌদ্ধিক বিলাসিতাৰ বিষয়।সৰ্বসাধাৰণ মানুহে দৈনিক জীৱনপ্ৰণালীক হে বেছি গুৰুত্ব দিয়ে।কিন্তু আজি মই অনুভৱ কৰোঁ যে মোৰ ধাৰণা সম্পূৰ্ণ ভুল আছিল। সাম্প্ৰতিক সময়ত প্ৰতিজন দিল্লীবাসীৰ বাবে প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰয়োগ কৰা অ'ড-ইভেন ফৰ্মূলা আলোচনাৰ বিষয় হৈ পৰিছে।ৰাজধানী দিল্লীত প্ৰদূষণে ভয়াৱহ ৰূপ লোৱাৰ পৰিপ্ৰেক্ষিতত উচ্চ ন্যায়ালয়ে সকীয়নি বাৰ্তা প্ৰদান কৰাৰ লগতে দিল্লীক 'গেছ চেম্বাৰ' বুলি সকীয়াই দিছে।এই বাৰ্তাৰ পিছত সাধাৰণ নাগৰিক সকলো সচেতন হৈ পৰিছে। আনকি সাংসদ সকলেও মাস্ক পৰিধান কৰি সংসদলৈ যোৱা পৰিলক্ষিত হৈছে।

image


এই কথাত কোনো সন্দেহ নাই যে দিল্লীত প্ৰদূষণে যি ভয়াবহ ৰূপ লৈছে অনতিপলমে ইয়াৰ প্ৰতিকাৰ লোৱাৰ প্ৰয়োজন আহি পৰিছে।২০১৪ চনত World Health Organisation এ ১৬০ খন ডাঙৰ চহৰৰ ভিতৰত দিল্লী অন্যতম প্ৰদূষিত চহৰ বুলি ঘোষণা কৰিছিল।এই সমস্যাৰ সমাধান হিচাপে দিল্লী চৰকাৰে যান-বাহন নিয়ন্ত্ৰণ কৰাৰ কথা চিন্তা কৰি অ'ড-ইভেন ফৰ্মূলা ঘোষণা কৰিছে। এই ফৰ্মূলা অনুসৰি প্ৰতি বিকল্প দিনত গাড়ীৰ নম্বৰ আৰু তাৰিখৰ নম্বৰৰ সামঞ্জস্য ৰাখি বাকী গাড়ীবোৰৰ চলাচল বন্ধ কৰি দিয়া হ'ব।এই ফৰ্মূলাই প্ৰতিটো দিনত মুঠ চলাচল হোৱা যান-বাহন আধালৈ হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।ভাৰতবৰ্ষত যান-বাহন নিয়ন্ত্ৰণৰ এয়া এক নতুন পৰীক্ষা।কিন্তু এতিয়া চিন্তিত হৈ পৰিছে সাধাৰণ লোকসকল।তেওঁলোকৰ চিন্তাৰ কাৰণসমূহ এনেধৰণৰ-

১)যদি কোনো লোকৰ গাড়ীৰ নম্বৰ সেইদিনাৰ নিষিদ্ধ নম্বৰটোৰ সৈতে একে হয় আৰু তেওঁৰ ক্ষেত্ৰত চিকিৎসাজনিত জৰুৰীঅৱস্থা আহি পৰে তেওঁ কি কৰিব ?

২)শাৰীৰিক প্ৰতিবন্ধী লোকসকলৰ ক্ষেত্ৰত কি হ'ব কিয়নো দৰকাৰী সুবিধাখিনি নথকাৰ বাবে তেওঁলোকে পাব্লিক ট্ৰান্সপৰ্টত উঠিব নোৱাৰে। সেয়ে ব্যক্তিগত বাহন তেওঁলোকৰ বাবে অতি জৰুৰী।

৩) যিসকল মহিলাই ব্যক্তিগত বাহন ব্যৱহাৰ কৰি অফিচ যায় আৰু ৰাতি দেৰিলৈকে কাম কৰে; তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্ব কোনে ল'ব? নে তেওঁলোকে কাম এৰি দিব ?

৪)সেইসকল পিতৃ-মাতৃ যিসকলে তেওঁলোকৰ সন্তানক স্কুল বাছ বা অ'টত স্কুললৈ পঠিওৱাৰ সলনি নিজা গাড়ী ব্যৱহাৰ কৰে তেওঁলোকে কি কৰিব?

image


উক্ত আটাইকেইটা বিষয়ে গুৰুত্বপূৰ্ণ আৰু চিন্তনীয়।মই এই কথাও স্বীকাৰ কৰোঁ যে বিৰোধী দলে এই বিষয়ত কৰা মন্তব্যবোৰত দ্বিধা ৰৈ গৈছে।AAP চৰকাৰৰ এজন প্ৰতিনিধি হিচাপে মই সকলোকে নিশ্চিত কৰিব বিচাৰিছ যে এই ঘোষণা প্ৰযোজ্য হোৱাৰ ক্ষেত্ৰত এতিয়াও সৰ্বশেষ সিদ্ধান্ত লোৱা হোৱা নাই।মাত্ৰ এক আঁচনি তৈয়াৰ কৰি এই আঁচনি ৰূপায়ন কৰাৰ দিনটো ঘোষণা কৰা হৈছে।দ্বিতীয়তে,আঁচনি বনোৱাৰ বাবে-ট্ৰেফিক বৰ্ডৰ প্ৰধান সঞ্চালক, পৰিবেশ সুৰক্ষা বৰ্ডৰ সঞ্চালক, আৰু কৰ বিভাগৰ সঞ্চালকৰ এক তিনিজনীয়া সমিতি গঠন কৰা হৈছে।পৰৱৰ্তী সময়ত সকলো বিভাগীয় কৰ্তৃপক্ষৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ মতামত আৰু উপদেশ সমূহ বিবেচনা কৰাৰ পিছতহে এই আঁচনি কাৰ্যকৰী কৰাৰ কথা বিবেচনা কৰা হ'ব। সেয়ে এই বিষয়ে চিন্তিত নহ'বলৈ মই সকলোকে আহ্বান জনাইছো।শেহতীয়া আঁচনিখনৰ বাবে অপেক্ষা কৰক। তাৰপাছত আপোনালোকৰ মতামত সমূহ ব্যক্ত কৰিব।জনতাৰ সা-সুবিধালৈ লক্ষ্য ৰাখি আচঁনিখনত সাল-সলনি আনিবলৈ প্ৰায় দুসপ্তাহ সময় লাগিব।

মই পুনৰাবৃত্তি কৰিছো যে ভাৰতত এই আঁচনি নতুন হলেওঁ সমগ্ৰ পৃথিৱীজুৰি এনে আঁচনি প্ৰযোজ্য হৈ আছে।পেৰিছ আৰু বেইজিঙত ইতিমধ্যে এনে আঁচনি প্ৰয়োগৰ চিন্তা কৰা হৈছে।মেক্সিক', বগতা,ছান্টিয়াগ', চাও প'ল',লণ্ডন,এথেন্স, ছিংগাপুৰ,তেহৰান,হণ্ডৰা,লা প্লাজা আদি চহৰত এই আঁচনি ৰূপায়িত হৈছে।গুৰুত্বপূৰ্ণ কথাটো হ'ল এই আঁচনি ৩৬৫ দিনৰ বাবে প্ৰযোজ্য নহয়।প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে জৰুৰীকালীন অৱস্থাত বা প্ৰয়োজন অনুসৰি এই ফৰ্মূলা প্ৰয়োগ কৰাৰ লগতে প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ,যান-বাহন বন্ধ কৰা হব।বগতা চহৰত সপ্তাহত দুবাৰ এই আঁচনি প্ৰয়োগ কৰা হয়।চাও প'ল' চহৰত ১৯৯৭ চনৰ পৰা আৰু বেইজিঙত সপ্তাহত এবাৰকৈ এই আঁচনি ৰূপায়ন কৰা হৈছে ।অৱশ্যে ২০০৮ চনত বেইজিঙত অনুষ্ঠিত হোৱা অলিম্পিক গেমছৰ সময়ত এই আঁচনি দুমাহলৈ শিথিল কৰাৰ লগতে নাগৰিক সকলক তিনিমাহৰ যান-বাহনৰ টেক্স চৰকাৰে ৰেহাই দিছিল।

প্ৰতিখন চহৰৰ আন্ত:গাঁঠনি সুকীয়া।এথেন্স চহৰখন ভৌগলিকভাৱে দুটা জ'নত বিভক্ত-আন্ত: আৰু বাহ্যিক জ'ন।প্ৰদূষণৰ দিশৰ পৰা গোটেই চহৰখন দিনজুৰি নীৰিক্ষণ কৰি থকা হয়।যদি প্ৰদূষণে বিপদৰেখা স্পৰ্শ কৰে তেতিয়া ৰেডিঅ', টি.ভি.আৰু আন মিডিয়াৰ জৰিয়তে জৰুৰীকালীন অৱস্থা ঘোষণা কৰি আন্ত: জ'নত যান-বাহন চলাচল বন্ধ কৰি দিয়া হয়।আনহাতে কিছুমান চহৰত এই ফৰ্মূলা গোটেই দিনজুৰি প্ৰয়োগ কৰাৰ বিপৰীতে আন কিছুমান চহৰত ট্ৰেফিক পিক্ আৱাৰত যেনে পুৱা ৮.৩০ ৰ পৰা ১০.৩০ লৈ আৰু গধূলি ৫.৩০ ৰ পৰা ৭.৩০ লৈ প্ৰযোজ্য হয়।আনহাতে পেৰিছত পুৱা ৫.৩০ ৰ পৰা ৰাতি ১১.৩০ লৈ এই ফৰ্মূলা প্ৰয়োগ কৰা হয়।

লণ্ডন, ষ্ট'কহ'ম ৰ দৰে চহৰত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কিছুমান বিশেষ ৰাস্তা যান-বাহন চলাচলৰ বাবে ব্যৱহাৰ কৰা হয়।ইয়াক LEZ (low emission zones) মডেল বুলি কোৱা হয়।এনে চহৰসমূহ কিছুমান জ'নত বিভক্ত কৰাৰ লগতে প্ৰদূষণ সৃষ্টিকাৰী যান-বাহন বন্ধ কৰি দিয়া হৈছে।কোনোবাই এই আইন উলংঘা কৰিলে মোটা অংকৰ জৰিমনা ভৰিব লগীয়া হয়।লণ্ডনৰ দৰে চহৰত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে পাৰ্কিং চাৰ্জ বঢ়াই দিয়া হয়। এই ব্যৱস্থাৰ দ্বাৰা কম প্ৰদূষণ সৃষ্টিকাৰী যান-বাহনক অগ্ৰাধিকাৰ দিয়া হয়।পাৰ্কিং চাৰ্জৰ পৰা লণ্ডন চহৰখনে লাভ কৰা দুই বিলিয়ন পাউণ্ড যাতায়ত ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে ব্যৱহাৰ কৰা হয়।

image


সেইদৰে ছিংগাপুৰ চহৰৰ যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থা আৰু মনকৰিবলগীয়া।এখন গাড়ী কিনিবলৈ গ্ৰাহকে যিমান টকা দিব লাগে তাৰ দুগুণ টকা ব্যয় কৰিব লাগে গাড়ীৰ লাইচেন্স আৰু গাড়ী ৰখা ঠাইৰ বাবে।আনহাতে বেইজিঙ চহৰত কাৰ পাৰ্চেজ ৰেজিছট্ৰেশ্যন ছিষ্টেম আছে। এই লটাৰী ছিষ্টেমত বিশেষ নম্বৰৰ গাড়ীহে ৰাস্তাত চলাবলৈ অনুমতি দিয়া হয়।

যান-বাহন নিয়ন্ত্ৰণৰ বাবে এনে বহু পদক্ষেপ আছে। অ'ড-ইভেন ফৰ্মূলাটো ইয়াৰ অন্তৰ্গত এক প্ৰক্ৰিয়া যিটো জৰুৰীকালীন অৱস্থাত অতি প্ৰয়োজনীয় বুলি বিবেচিত হ'ব।ভাৰতবৰ্ষৰ ৰাজধানী চহৰখনক প্ৰদূষণমুক্ত কৰাৰ বাবেই এক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।মই আশা কৰোঁ এক শুভ চিন্তা আৰু সুন্দৰ ভৱিষ্যতৰ বাবে এক নতুন আৰম্ভণী হওক।সেয়ে আহক আমি সকলোৱে মিলি এই সাহসী আৰু সুন্দৰ পদক্ষেপক আদৰণি জনাওঁ।এয়া সম্ভৱ হব দিল্লী বাসীয়ে যদি এটা সুস্থ আৰু সুন্দৰ ভৱিষ্যতৰ কথা চিন্তা কৰি জীৱনপ্ৰণালীত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰে।আহক আমি এয়া কৰি দেখুৱাও।

মূল: আশুতোষ ( এসময়ৰ দেশৰ আগশাৰীৰ সাংবাদিক তথা IBN7 ৰ মেনেজিং এডিটৰ আশুতোষ বৰ্তমান আম আদমী পাৰ্টিৰ মূখপাত্ৰ )

অনুবাদ:পূবালী ভাগৱতী

(Image credit - Shutterstock )