ভাৰতত সলনি হ'ব আওপুৰণি বতৰ বিজ্ঞান প্ৰযুক্তি

ভাৰতত সলনি হ'ব আওপুৰণি বতৰ বিজ্ঞান প্ৰযুক্তি

Saturday June 18, 2016,

2 min Read

কৃষিপ্ৰধান দেশ ভাৰতত বতৰৰ সঠিক আগজাননী অতি গুৰুত্বপূৰ্ণ । অথচ ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ ভুমিকা এই ক্ষেত্ৰত সন্তোষজনক নহয় । বিভাগটোৱে যদি ডাৱৰীয়া বতৰৰ আগজাননী দিয়ে তেনেহলে মানুহে ফৰকাল বতৰৰ বাবে প্ৰস্তুত হোৱাটো নতুন কথা নহয় । কিন্তু এই পৰিস্থিতিৰ অচিৰেই অৱসান ঘটিব । 

টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুসৰি বতৰ বিজ্ঞান বিভাগে এটা নতুন ছুপাৰ কম্পিউটাৰৰ বাবদ ৪০০ কোটি টকা খৰচ কৰিব । এই কম্পিউটাৰৰ সহায়ত বতৰৰ আগজাননী নিৰ্ভুলকৈ দিয়াটো সম্ভৱ হ'ব । আমেৰিকাত ব্যৱহৃত ত্ৰিবিম্বীয় প্ৰযুক্তিৰ জৰিয়তে বৰ্ষাৰ আগজাননী দিয়াটো সম্ভৱ হ'ব । ডাৱৰ বিস্ফোৰণ, ধুমুহা, বানপানী আদিৰ সঠিক আগজাননীৰে বহু প্ৰাকৃতিক দুৰ্যোগৰ প্ৰশমন ঘটাব পৰা যাব ।

২০১৭ চনৰপৰা বতৰৰ আগজাননীৰ ক্ষেত্ৰত এই ছুপাৰ কম্পিউটাৰে বহু বৈপ্লবিক পৰিৱৰ্তন ঘটাব । এই প্ৰযুক্তি সম্পৰ্কে দুটামান জানিবলগীয়া কথা -

বৃটিছৰ দিনৰপৰা চলি অহা পৰিসংখ্যা ভিত্তিক ব্যৱস্থাটোক সম্পুৰ্ণৰুপে নতুন ব্যৱস্থাৰে সলনি কৰা হ'ব 

ত্ৰিবিম্বীয় ব্যৱস্থাটোৰ বাবে প্ৰচণ্ড শক্তিশালী কম্পিউটাৰ ব্যৱস্থাৰ প্ৰয়োজন 

এই ব্যৱস্থাটো ২০১৭ত কাৰ্যক্ষম হৈ উঠাৰ সম্ভাৱনা

বতৰ বিজ্ঞান বিভাগে এতিয়া ব্যৱহাৰ কৰি থকা ভাস্কৰ ছুপাৰ কম্পিউটাৰৰ তুলনাত ই দহগুণ বেছি খৰতকীয়া হ'ব 

ধুমুহা, বৰষুণ, ডাৱৰ বিস্ফোৰণৰ আগজাননী নিৰ্ভুল হ'ব 

দেশৰ কৃষি উৎপাদন ১৫ শতাংশ বৃদ্ধি কৰাত ই সহায় কৰিব কাৰণ ইয়াৰ সহায়ত খেতিয়কসকলে কৃষিৰ বাবে সঠিক সময় বতৰৰ আগজাননীৰে সৈতে জানিবলৈ সক্ষম হ'ব

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

১০০৯ বাৰ বিফল হৈও 'কেএফচি'ৰে বিশ্বজয় কৰিছিল ৬৫ বছৰীয়া কৰ্ণেল ছেণ্ডাৰ্ছে

'পৰৱৰ্তী আইনষ্টাইন' চব্ৰিনা পেষ্টাৰস্কিয়ে ১৪ বছৰ বয়সতে উৰাইছিল নিজে সজা বিমান

গৌতম গোস্বামীয়ে onlineguwahati.com যোগে আগবঢ়াইছে তথ্যপ্ৰযুক্তিৰ অনলাইন প্ৰশিক্ষণ