বিশ্বৰ কনিষ্ঠতম তবলাবাদক ত্ৰুপ্তৰাজ

বিশ্বৰ কনিষ্ঠতম তবলাবাদক ত্ৰুপ্তৰাজ

Wednesday November 30, 2016,

1 min Read

দুবছৰ বয়স নৌহওতেই ত্ৰুপ্তৰাজ পাণ্ড্যাই তবলা বজাবলৈ আৰম্ভ কৰিছিল। দুবছৰ বয়সত মুম্বাইৰ সোমাইয়া কলেজত তেওঁ প্ৰথমবাৰৰ বাবে ৰাজহুৱা মঞ্চত পৰিবেশন কৰিছিল । তিনি বছৰ বয়সত তেওঁৰ অনুষ্ঠান আকাশবাণীত পোনপটীয়াকৈ সম্প্ৰচাৰিত হৈছিল । চাৰি বছৰ বয়সত তেওঁ দূৰদৰ্শনত অনুষ্ঠান প্ৰদৰ্শন কৰিছিল । ৬ বছৰ বয়সত তেওঁ গীণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড কৰ্ত্তৃপক্ষৰ পৰা বিশ্বৰ কনিষ্ঠতম তবলাবাদক হিচাপে স্বীকৃতি লাভ কৰে । 

Image : Facebook

Image : Facebook


"জন্মৰ সময়ৰে পৰা তেওঁৰ তালৰ জ্ঞান অতি সুন্দৰ ।" ত্ৰুপ্তৰাজৰ পিতৃ অতুল পাণ্ড্যাই কয় । আইতাকে ভজন গাই থকা অৱস্থাত তেওঁ এলুমিনিয়ামৰ বাচন বজাবলৈ ধৰিছিল । এইদৰে তেওঁ লাহে লাহে তবলাৰ প্ৰতি আকৃষ্ট হবলৈ আৰম্ভ কৰে । 

Image : ScoopWhoop

Image : ScoopWhoop


গীণিজ বুকত নাম অন্তৰ্ভূক্ত হোৱাৰ পাছৰে পৰা তেওঁ বিভিন্ন অনুষ্ঠানত পৰিবেশন কৰি হৈছে । ইতিমধ্যে ওস্তাদ জাকিৰ হুছেইন, পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়া, ওস্তাদ ইকবাল আহমেদ খানৰ আশীষ লাভ কৰিবলৈ সক্ষম হৈছে তেওঁ । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নগা যুৱতী লুলু ফাইগাই বেলজিয়াম তোলপাৰ লগাইছে নগা ব্যঞ্জনেৰে

পৰিস্থিতিৰ বিৰুদ্ধে গৈ ব্যৱসায় স্থাপন কৰা এগৰাকী কাশ্মীৰী যুৱতী

পেলনীয়া প্লাষ্টিকেৰে ঘৰ বনায় এইজন সামাজিক উদ্যমীয়ে

আমাজন কতৃপক্ষই কৰ্মচাৰীৰ বাবে পাতিছে এখন অৰণ্য