কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানত উদ্যমিতা দক্ষতা বিকাশ কাৰ্যসূচীৰ সামৰণি

কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানত উদ্যমিতা দক্ষতা বিকাশ কাৰ্যসূচীৰ সামৰণি

Saturday August 05, 2017,

1 min Read

দ্বিতীয়বাৰৰ বাবে কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান চিআইটিত (CIT) পাঁচদিনীয়াকৈ অনুষ্ঠিত হয় উদ্যোগশীলতা দক্ষতা বিকাশ অনুষ্ঠান । ২৪ জুলাইৰপৰা ২৮ জুলাইলৈ পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠানত আছিল বিভিন্ন কৰ্মশালা, বক্তৃতানুস্থান, কেৰিয়াৰ আৰু মনোবৈজ্ঞানিক পৰামৰ্শ ইত্যাদি বিভিন্ন কাৰ্যসূচী । এই কাৰ্যসূচীত অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীৰ সংখ্যা আছিল ৩০ ।

image


এই অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে বিভিন্ন সমল ব্যক্তিৰপৰা বিভিন্ন বিষয়ত প্ৰশিক্ষণ লাভ কৰে । কেইবাজনো উদ্যমীয়ে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ লগতে উদ্যমিতা সম্পৰ্কীয় বহু তথ্যৰ লগতে বিভিন্ন প্ৰশ্নৰো উত্তৰ দিয়ে । বিভিন্ন চৰকাৰী বিভাগৰ প্ৰতিনিধিয়ে চৰকাৰৰ বিভিন্ন আঁচনি সম্পৰ্কত বিশদভাৱে জনোৱাৰ উপৰিও প্ৰশিক্ষাৰ্থীসকলৰ বিভিনিন প্ৰশ্নৰ উত্তৰ দিয়ে । ইয়াৰ উপৰিও উদ্যমিতাৰ সৈতে সম্পৰ্ক থকা বিভিন্ন বিষয়ৰ বিশেষজ্ঞই প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে ।

এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে এই অনুষ্ঠানে তেওঁলোকক উদ্যমিতা সম্পৰ্কে বহু গুৰুত্বপূৰ্ণ দিশৰ সন্ধান দিয়া বুলি উল্লেখ কৰে । এই অনুষ্ঠানৰ আহ্বায়ক অধ্যাপক গুণজিৎ শৰ্মাই অঞ্চলটোত উদ্যমিতা বিকাশৰ বাবে এনে ধৰণৰ অনুষ্ঠানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে আগন্তুক দিনত শিক্ষানুষ্ঠানখনে এনেধৰণৰ অধিক অনুষ্ঠানৰ আয়োজন কৰিব ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এবছৰত ১১ লাখ গছপুলি ৰোৱা এগৰাকী মহিলা

মেৰীনা বীচত চাহ বিক্ৰী কৰোঁতেই বিশাল ব্যাৱসায়িক সাম্ৰাজ্যৰ সপোন দেখিছিল এইগৰাকী মহিলাই

বন্ধ কাৰখানা চলাই বিশাল কোম্পানী গঢ়া এজন শ্ৰমিক