সহায়: ফেচবুকৰ মাধ্যমেৰেই গঢ়ি উঠা এক সমাজসেৱী গোট

সহায়: ফেচবুকৰ মাধ্যমেৰেই গঢ়ি উঠা এক সমাজসেৱী গোট

Sunday February 07, 2016,

2 min Read

ইতিবাচক চিন্তাই সকলোলৈ কঢ়িয়াই আনে আনন্দ অথবা সুখৰ বতৰা । সেই চিন্তা লাগিলে এক মিনিটৰ বাবেই হওক কিম্বা দীৰ্ঘসময়ৰ বাবে হওক । হয় আজি আপোনাক জনাব বিচাৰিছো ইতিবাচক চিন্তাৰে ফেচবুকত জন্ম হোৱা এটা গোট 'সহায়: এক প্ৰয়াস’ৰ বিষয়ে । যি গোটৰ উমাল আবেশত প্ৰাণ পাই উঠিছে নিছলা কিম্বা আৰ্ত্তজনে । সেয়েহে কওঁ 'সহায়: এক প্ৰয়াস' ই দান বা অনুদান নহয় মাত্ৰ এক দায়িত্ববোধ ।

image


'সহায়: এক প্ৰয়াস'ৰ আঁৰৰ মানুহজন

গুৱাহাটী মহানগৰীৰ লংকেশ্বৰৰ নিৱাসী মেৰিলীন দত্তৰ ইতিবাচক চিন্তাৰ অংকুৰণত ২০১২ চনত জন্ম লাভ কৰে এই গোটটোৱে । ডº ভূপেন হাজৰিকাৰ জনপ্ৰিয় “মানুহে মানুহৰ বাবে” শীৰ্ষক গীতৰ বাণীক মূলমন্ত্ৰ হিচাপে লৈ মেৰিলীন দত্তই এনে এটা মহৎ কামৰ উদ্দেশ্য লৈ আগবাঢ়ে । ফেচ্বুককে মাধ্যম হিচাপে সাৰথি কৰি মানৱতাৰ দিশৰ প্ৰথমটো খোজ পেলায় । ফেচবুকৰ জৰিয়তে সকলোৰেপৰা পোৱা সহায়, দিহা-পৰামৰ্শ, আৰ্থিক অনুদান লাভ কৰি আৰ্ত্তজনৰ সাৰথি হৈ উঠিছে । উল্লেখযোগ্য যে ইতিমধ্যে অসমৰ বিভিন্ন জিলাত দুখীয়া ছাত্ৰ-ছাত্ৰীক মাচুল, কিতাপ-পত্ৰ, ইউনিফৰ্ম যোগান ধৰাৰ উপৰিও ঠেটুৱৈ ধৰা জাৰত ফুটপাথত নিশাযাপন কৰা অনাথসকলক উমাল ছুৱেটাৰ যোগান ধৰে । ইয়াৰ উপৰিও বিভিন্ন উৎসৱ যেনে ৰঙালী বিহুত দৰিদ্ৰসকলক নতুন এৰী চাদৰ, গামোছা, ধুতী, মেখেলা, ব্লাউজ আৰু ঈদত পায়জামা, কুৰ্ত্তা, শাৰী উপহাৰ হিচাপে আগবঢ়ায় । আনহাতে অসম নাগালেণ্ড সীমান্তৰ উৰিয়াম ঘাটত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ ক্ষতিগ্ৰস্ত লোকসকলক চাৰি লক্ষাধিক টকাৰ খাদ্যবস্তু চাউল, চিৰা, চেনি-বিস্কুট, শিশুখাদ্য সাহাৰ্য্য বিতৰণ কৰিছিল সহায়ে। অজস্ৰজনৰ সহায়ৰ হাত আগবঢ়োৱা সহায় এক প্ৰয়াস গোটটোৱে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে একোখনকৈ অভিধানো প্ৰদান কৰিছে ।

মেৰিলীন দত্তৰ ভাষাত, 'সহায়: এক প্ৰয়াস' গোটৰ সৃষ্টি কেৱল মই নহয়, আমি (সমূহ ফেচবুকৰ ফ্ৰেণ্ড) । আমাৰ বৰ্তমান সদস্য ৩০০ ৰো অধিক আছে । সক্ৰিয় হিচাপে প্ৰায় ৮০ জনৰো অধিক সদস্যই সহযোগিতা আগবঢ়াই আহিছে । অসমৰ প্ৰতিখন জিলাতে আমাৰ সদস্য আছে । আমি ব্যক্তিগতভাৱে কাকো দান বৰঙণি বিচাৰি অনুৰোধ নকৰোঁ । কোনোবাই স্ব-ইচ্ছাই আগবঢ়োৱা বৰঙণিহে গ্ৰহণ কৰো । আমাৰ কোনো কাৰ্যালয় বা ৰচিদ নাই । বৰ্তমানলৈকে কেৱল ফেচবুকৰ জৰিয়তে আঠ লক্ষাধিক টকা সংগ্ৰহ কৰিছো । কিন্তু ইয়াৰ প্ৰতিটো টকাৰ প্ৰাপ্তি, ব্যয় হিচাপসমূহ ফেচবুকত দাঙি ধৰিছো ।'

image


সৎ চিন্তা, সৎ উদ্দেশ্যত সদায় ভগৱান সহায়ক

ইতিমধ্যে উল্লেখ কৰিছো যে সহায় এক প্ৰয়াস গোটটো চিনাকী অচিনাকী মানৱীয়তাবাদী লোকৰ সমষ্টি । প্ৰবাসী অসমীয়া সকলেও যথেষ্ট বৰঙণি আগবঢ়াই আহিছে । আটাইতকৈ ডাঙৰ কথা এয়ে যে একাংশ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পকেট খৰচেৰে বৰঙণি আগবঢ়ায়। ই অতিকৈ সুভ লক্ষণ ।


এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


এইধৰণৰ অন্যান্য কাহিনী

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰুৱা অঞ্চললৈ তথ্য-প্ৰযুক্তি লৈ যোৱা গুৱাহাটীৰ উদ্যোগীজন

নৱজাতকৰ বাবে জীৱনদায়িনী এক অভূতপূৰ্ব মাতৃদূগ্ধৰ বেংক

চল্লিশ টকা মূলধনেৰে আৰম্ভ কৰা 'অসম প্ৰাকৃতিক উদ্যোগ' আজি এক আগশাৰীৰ ব্ৰেণ্ড

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান