MITৰ ড্ৰপ আউট হ’লগৈ ফিক্সমাষ্টাৰ্ছৰ সহ প্ৰতিষ্ঠাপক

MITৰ ড্ৰপ আউট হ’লগৈ ফিক্সমাষ্টাৰ্ছৰ সহ প্ৰতিষ্ঠাপক

Thursday November 26, 2015,

4 min Read

এতিয়া চাহিদা অনুযায়ী সেৱা আগবঢ়োৱাৰ যুগ। শুনা কথাত নিৰ্ভৰ কৰি কিবা এটা কৰাৰ দিন এতিয়া নাই। দ’ৰমিন্ট, হাউছজয়, আৰ্বানক্লেপ, কুইক আদিকে ধৰি বহু উদ্যোগে হাউছ ছাৰ্ভিছৰ ক্ষেত্ৰত চাহিদা আৰু যোগানৰ মাজৰ দূৰত্ব হ্ৰাস কৰাত মনোনিবেশ কৰিছে।

এনে প্ৰতিষ্ঠানৰ শাৰীত যোগ দিয়া আন এটা প্ৰতিষ্ঠান হ’ল ফিক্সমাষ্টাৰ্ছ। ঘৰত বা কাৰ্যালয়ত উপভোক্তাই বিচৰা অনুসৰি মেৰামতি আৰু মেইন্টেনেন্স ছাৰ্ভিছ আগবঢ়ায় ফিক্সমাষ্টাৰ্ছে। ফিক্সমাষ্টাৰ্ছৰ টীমটোৱে জনোৱা মতে ফিক্সমাষ্টাৰ্ছে এতিয়া ছাৰ্ভিছ প্ৰভাইদাৰৰ এটা শক্তিশালী নেটৱৰ্কো গঢ়ি তুলিছে। ফিক্সমাষ্টাৰ্ছৰ নেটৱৰ্কত থকা প্ৰতিটো ছাৰ্ভিছ প্ৰভাইদাৰকে উন্নত মানৰ কাম আৰু বিশ্বাসযোগ্যতাৰ বাবে ভালকৈ চাই-চিতি লোৱা হয় যাতে উপভোক্তাই এটা ক্লিকতে উন্নত মানৰ সেৱা লাভ কৰিব পাৰে।

এপছৰ কাম-কাজ

উপভোক্তাই মোবাইল এপছ্, ৱেবচাইট বা ফোনযোগে কোনো সেৱাৰ বাবে অনুৰোধ জনালে ফিক্সমাষ্টাৰ্ছে মিনিটৰ ভিতৰতে নিৰ্দিষ্ট ছাৰ্ভিছ প্ৰভাইদাৰক নিয়োগ কৰি প্ৰয়োজনীয় ন্যুনতম সময়ৰ ভিতৰত কামটো সম্পূৰ্ণ কৰি তোলে। উপভোক্তাই নিৰ্দিষ্ট কৰি থোৱা পৰিমাণৰ ধন পৰিশোধ কৰে কম্পেনীক। কম্পেনীয়ে প্ৰতিটো কামৰ বাবে ৮০শতাংশ ছাৰ্ভিছ প্ৰভাইদাৰক দি নিজৰ বাবে ৰাখে ২০ শতাংশ।

কেনেকৈ জন্ম হ’ল ফিক্সমাষ্টাৰ্ছৰ

ফিক্সমাষ্টাৰ্ছৰ  প্ৰতিষ্ঠাপক কেইজন

ফিক্সমাষ্টাৰ্ছৰ প্ৰতিষ্ঠাপক কেইজন


মাছাছুছেটছ্ ইনষ্টিটিউট অৱ টেকন’লজিৰ ড্ৰপ আউট ৱিক্সিত আৰোৰা আৰু নিউয়ৰ্কৰ হেকাৰ স্কুলৰ স্নাতক ভূষণ লোধ লগ লাগিছিল ক্লাচিফাইড প্লেটফৰ্মত একেলগে কাম কৰাৰ মানসেৰে। প্ৰথমে দুয়োজনে নিজৰ নিজৰ অভিজ্ঞতাৰ পৰা কলেজ ক্লাচিফাইডছতে গুৰুত্ব দিছিল। কিম্তু তিনিমাহৰ পিছতে বজাৰ খনৰ পৰিসৰ বৰ ডাঙৰ নহয় বুলি উপলদ্ধি কৰি তেওঁলোকে কামটো বন্ধ কৰাৰ সিদ্ধান্ত ল’লে।

বৈভৱ ডমকুনদ্বাৰে ফিক্সমাষ্টাৰ্ছৰ পঞ্জীয়ণ কৰিছিল দুবছৰৰ পূৰ্বেই। বৈভৱৰ সৈতে এইবাৰ লগ হ’ল ৱিক্সিত আৰু ভুষণ। তিনিও মিলি ‘ৰিপেয়াৰ এণ্ড মেইন্টেনেন্স ছাৰ্ভিছ কম্পেনী’ আৰম্ভ কৰাৰ কথাটো চিন্তা কৰিলে। বৈভৱ স্কুলীয়া শিক্ষাৰ পাছত বাৰ্কলেৰ ইউনিভাৰচিটি অৱ কেলিফৰ্নিয়াত প্ৰায় ১৬ বছৰ কাল আছিল। সেই অভিজ্ঞতাৰ পৰা বৈভৱে উপলদ্ধি কৰিলে আমেৰিকাৰ তুলনাত ভাৰতত এই উদ্যোগটো কিমান চালুকীয়া অৱস্থাতে আছে!

সফলতাৰ দুৱাৰদলিত

“আমি একেলগে গোটেই বিষয়টো ৪৫ দিন অধ্যয়ন কৰিলো। উপভোক্তা, ছাৰ্ভিছ প্ৰভাইডাৰ, হাৰ্ডৱেৰ ষ্ট’ৰ, আৰু প্ৰক্ৰিয়াটোৰ সৈতে জড়িত বহুতকে সাক্ষাৎ কৰিলো। এই সময়চোৱাতে আমি উপলদ্ধি কৰিব পাৰিছিলো এই ক্ষেত্ৰখনৰ কিমান সম্ভাৱনা আছে।” ৱিক্সিটৰ ভাষ্য এয়া।

ৱিক্সিটৰ মতে তেওঁলোকে কেৱল উপভোক্তাৰ চাহিদা- যোগান ধৰা এটা কম্পেনী খোলাৰ কথা কোনোদিনেই ভবা নাছিল, চিন্তা কৰিছিল বাস্তবিকতেই উপভোক্তাই এবাৰ যোগাযোগ কৰিয়েই সমস্যা সমাধান হোৱাৰ অভিজ্ঞতা লাভ কৰক।

প্ৰথমে তেওঁলোকে নিজেই ফিল্ডত নামি পৰিছিল। অতি সোনকালেই ফিক্সমাষ্টাৰ্ছে বন্ধুবৰ্গই চিনাকি কৰি দিয়া দুজন ফুলটাইম আৰু দুজন পাৰ্ট টাইম কৰ্মী ল’লে। এই সময়খিনি তেওঁলোকৰ বাবে বৰ গুৰুত্বপূৰ্ণ আছিল কাৰণ উপভোক্তাৰ প্ৰতিটো অনুৰোধ সময়মতে খেলিমেলি নোহোৱাকৈ পুৰণ কৰাৰ প্ৰত্যাহ্বান আহি পৰিছিল।

“আমি কাম আৰম্ভ কৰিছিলো ৭০৩০০ ৭০৪০০ ফোন নম্বৰটোৰে। আমি বিশ্বাস কৰিছিলো এটা ভাল নম্বৰ সদায়ে গুৰুত্বপূৰ্ণ। নম্বৰটোৰ বাবেই প্ৰথমে বহু উপভোক্তাই আমালৈ ফোন কৰিব বিচাৰিছিল। প্ৰথমে আমি অঞ্চল হিছাপে বাছি লৈছিলো পশ্চিম পুণে। প্ৰথম সপ্তাহত আমি ১৩টা কাম পালো। আমাক প্ৰয়োজন হ’ল চাৰিটা ছাৰ্ভিছ প্ৰভাইডাৰৰ।” আৰম্ভণিৰ দিনবোৰৰ কথা এনেদৰে মনত পেলালে ৱিক্সিটে।

ফিক্সমাষ্টাৰ্ছ বৰ্তমান সমগ্ৰ পুণেতে উপলদ্ধ। আৰম্ভণিৰে পৰা পাঁচটা মাহত ৫,০০০ তকৈও অধিক লোকৰ ঘৰত সেৱা আগবঢ়াইছে ফিক্সমাষ্টাৰ্ছে। ফিক্সমাষ্টাৰ্ছৰ টীমটোৱে জনোৱা মতে একে গতিতে তেওঁলোকৰ কাম আগবাঢ়ি গৈ আছে। আৰু তেওঁলোকে বিভিন্ন ধৰণৰ মেৰামতিৰ কাম পাবলৈ চিন্তা চৰ্চা কৰি আছে।

পৃথকনো কিহত

ফিক্সমাষ্টাৰ্ছ বহু প্ৰত্যাহ্বানৰো সন্মুখীন হৈছে। উপভোক্তা যিমানেই নাথাকক প্ৰয়োজনীয় চাহিদা অনুসৰি মান সম্পন্ন ছাৰ্ভিছ প্ৰভাইডাৰ বিচাৰি উলিওৱা, ফিক্সমাষ্টাৰ্ছৰ লক্ষ্যৰ ওপৰত বিশ্বাস থকা মানুহ বিছাৰি উলিওৱা লগতে উপভোক্তাৰ অনুৰোধ লবলৈ এটা নিৰ্ভৰযোগ্য টীম বিচাৰি উলিওৱা প্ৰতিটো কামতে আছে প্ৰত্যাহ্বান।

ফিক্সমাষ্টাৰ্ছে সম্পূৰ্ণৰূপে ৰিপেয়াৰ আৰু মেন্টেনেন্সতে মনোযোগ দিছে, সেইবাবেই অন্যান্য প্ৰতিযোগী কম্পেনী বোৰতকৈ ফিক্সমাষ্টাৰ্ছে পৃথক পৰিচিতি লাভ কৰিছে। এই ক্ষেত্ৰখনত কেৱল ছাৰ্ভিছ প্ৰভাইদাৰ আৰু উপভোক্তাৰ মাজত যোগাযোগ ৰাখি কম দামতে কাম কৰি দিয়া বহু কম্পেনী আছে, কিন্তু উপভোক্তাই বাৰে বাৰে ফোন কৰিব লগীয়াত পৰে!

মেৰামতিৰ কামটো খুবেই প্ৰত্যাহ্যানমূলক আৰু কেৱল চাহিদা-যোগানৰ কথা চিন্তা কৰিলে ইয়াত এটা পক্ষৰো লাভ নহয়। ফিক্সমাষ্টাৰ্ছৰ এই ক্ষেত্ৰত অভিজ্ঞতা সুকীয়া। কাৰণ উপভোক্তাৰ অনুৰোধ লোৱাৰ পৰা সমস্যা সমাধান কৰালৈকে গোটেই প্ৰক্ৰিয়াটোত ই জড়িত হৈ থাকে। আৰু সেই বাবেই ফিক্সমাষ্টাৰ্ছৰ অন্যতকৈ পৃথক। “কিবা খেলিমেলি হ’লে আমি উপভোক্তাই বিচৰাটো নোপোৱালৈকে নেৰোঁ।” ৱিক্সিতৰ মন্তব্য।

বিনিয়োগ আৰু উত্তৰণ

ফিক্সমাষ্টাৰ্ছৰ প্ৰাৰম্ভিক মূলধন লোৱা হৈছিল বৈভৱৰ কম্পেনীৰ পৰা। এতিয়া ফিক্সমাষ্টাৰ্ছৰ লক্ষ্য পুণেৰ ২৫,০০০ উপভোক্তাক সেৱা যোগান ধৰা। পৰবৰ্তী সময়ত ফিক্সমাষ্টাৰ্ছৰ আৰু পৰিকল্পনা আছে যদিও সেয়া নিৰ্ভৰ কৰিব প্ৰক্ৰিয়াটোত তেওঁলোকে লাভ কৰা অভিজ্ঞতাৰ ওপৰত। কিন্তু সকলোৰে বাবে ৰিপেয়াৰ আৰু মেইন্টেনেন্সে সহজ উপলদ্ধ কৰাটো ফিক্সমাষ্টাৰ্ছৰ অন্যতম মূল লক্ষ্য।

এতিয়া মহানগৰ সমূহত গেলামালৰ পৰা চেলুন, হেণ্ডিমেনৰ সেৱালৈকে সকলো বিচাৰিলেই ঘৰতে পোৱা যায়। ২০১৩ চনতে এনে কম্পেনী আছিল প্ৰায় ১১৭ টা। শেহতীয়াকৈ ভাৰতত অন-ডিমাণ্ড ছাৰ্ভিছৰ প্ৰতিযোগিতা ক্ৰমে বৃদ্ধি পাইছে। Vyomo, GetLook, Bulbul, VanityCube আদিৰ দৰে বহু কম্পেনী বজাৰলৈ আহিছে। লক্ষণীয়ভাবে সৰহ সংখ্যক কম্পেনীৰে এই বৰ্ষত বিনিয়োগ বৃদ্ধি পাইছে। এয়া নিশ্চয় অন-ডিমাণ্ড ছাৰ্ভিছ বজাৰ খনৰ বাবে এক সুখবৰ।

মূলঃ সিন্ধু কাশ্যপ

অনুবাদঃ মুকুন্দ মাধৱ নেওগ