অসমৰ সংগীত ক্ষেত্ৰৰ এটা সম্ভাৱনাময় প্ৰতিভাৰ নাম-তাব্ৰেজা জিনত

অসমৰ সংগীত ক্ষেত্ৰৰ এটা সম্ভাৱনাময় প্ৰতিভাৰ নাম-তাব্ৰেজা জিনত

Monday February 22, 2016,

4 min Read

পুৰণি মিস্কাৰ গ্ৰাইণ্ডাৰত হাৰমনিয়ামৰ ৰিডৰ দৰে থকা চুইচবোৰত আঙুলি ফুৰাই সা,ৰে,গা,মা...সপ্ত স্বৰৰ সাধনা কৰাৰ খেলা কৰিছিল চাৰিবছৰীয়া এগৰাকী শিশুৱে। সংগীতৰ প্ৰতি থকা ধাউতি শিশুটিৰ মাজত সৰুৰে পৰাই লক্ষ্য কৰিছিল পিতৃ-মাতৃয়ে।সেয়ে গান শিকাবৰ বাবে এজন ঘৰুৱা শিক্ষক নিয়োগ কৰি দিছিল। পাঁচ বছৰ বয়সত প্ৰথম ষ্টেজ প্ৰগ্ৰেম কৰি শ্ৰোতা-দৰ্শকৰ মৰম, প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। কণমানি গৰাকীৰ সাৱলীল কন্ঠত আপ্লুত হৈ এজন সদাশয় ব্যক্তিয়ে তাইৰ হাতত মৰমতে গুজি দিছিল কেইটামান টকা। সেয়াই আৰম্ভণী। সংগীতৰ এই যাত্ৰাত শ্ৰোতাৰ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি, প্ৰশংসা, পুৰস্কাৰেৰে অসমৰ এটা চিনাকি কন্ঠ আৰু সংগীত ক্ষেত্ৰৰ এক সম্ভাৱনা হিচাপে পৰিচিত হৈছে তাব্ৰেজা জিনত।

তিতাবৰৰ প্ৰাগজ্যোতিকা বিদ্যালয়ত দশম শ্ৰেণীলৈকে পঢ়া তাব্ৰেজা বৰ্তমান গুৱাহাটীৰ ছাউথ পইন্ট স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। দশম শ্ৰেণীতে গায়িকা নীলাক্ষি মহন্তৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা লৈ বিশাৰদ ডিগ্ৰী লাভ কৰিছিল। সাত বছৰ বয়সৰ পৰাই যোৰহাটৰ ৰেডিঅ' চেন্টাৰত গীত পৰিবেশন কৰিছিল। বৰ্তমান সোতৰ বছৰীয়া তাব্ৰেজাই বিভিন্ন অনুষ্ঠান, মঞ্চত গীত পৰিবেশন কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত তাব্ৰেজাই কয়-'মই কেতিয়াৰ পৰা গান গুণগুণাইছো মোৰ মনত নাই। আম্মাহঁতে কয় তেতিয়া মোৰ চাৰি বছৰ বয়স হৈছিল। সংগীত মোৰ বাবে শ্বাস-প্ৰশ্বাসৰ প্ৰক্ৰিয়াৰ দৰে। মই গান গাই ভাল পাওঁ। মানুহে যেতিয়া মোৰ গান শুনি ভাল লগা বুলি কয় তেতিয়া ভাল লাগে। মই যি অনুষ্ঠানতে অংশগ্ৰহণ কৰিছো, সকলোতে পুৰস্কাৰ পাইছোঁ। তাৰ ভিতৰত দেৰগাঁৱত সদৌ অসম ভিত্তিত আয়োজিত জ্যোতি সংগীতৰ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ,ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত আদিত পুৰস্কাৰ পাইছোঁ। দহ বছৰ বয়সত মই প্ৰথমটো ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিলো। মহাৰাষ্ট্ৰত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত মই দ্বিতীয় স্থান পাইছিলো। পুৰস্কাৰ বা স্থান প্ৰাপ্তি মোৰ লক্ষ্য নহয়, কিন্তু এইবোৰে মোক আগুৱাই যাবলৈ প্ৰেৰণা দিছে।'

image


উল্লেখযোগ্য যে জনপ্ৰিয় ৰিয়েলিটি শ্ব' ইণ্ডিয়ান আইডলৰ বাবে তেওঁ নিৰ্বাচিত হৈছিল যদিও শাৰীৰিক অসুস্থতাৰ বাবে যাব পৰা নাছিল। আনহাতে জি.টি.ভি.ৰ 'সাৰেগামা' শীৰ্ষক ৰিয়েলিটি শ্ব'ৰ গ্ৰুমাৰ সঞ্জয় বিদ্যাৰ্থীৰ ওচৰত দহ দিনীয়া এক প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছিল।সেই প্ৰশিক্ষণ সন্দৰ্ভত তাব্ৰেজাই কয়-'তাত প্ৰশিক্ষণ পদ্ধতি যথেষ্ট ব্যতিক্ৰম আছিল। ভইচ কন্ট্ৰল,গানৰ মাজত শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া,ভইচৰ বাবে কি কি ব্যায়াম ৰাতিপুৱা কৰিব লাগে ,সেইবোৰ শিকাইছিল। সেই দহ দিনীয়া প্ৰশিক্ষণটোৰ পৰা বহু উপকৃত হলোঁ। তেওঁলোকে মোৰ কন্ঠটো ব্যতিক্ৰম বুলি কৈছিল। সেয়ে মোক ডিফাৰেন্ট ষ্টাইলৰ(ৰক)গানবোৰ গাবলৈ দিছিল। সেই প্ৰশিক্ষণৰ জৰিয়তে অলকা য়াগনিক, আদনান ছামী আদিৰ দৰে বিখ্যাত সঙ্গীতজ্ঞ সকলৰ সান্নিধ্য লাভ কৰাটো মোৰ বাবে সৌভাগ্য আছিল।'

সংগীত প্ৰতিভা জন্মগত হলেও ইয়াৰ বাবে সাধনাৰ প্ৰয়োজন বুলি বিশ্বাস কৰে তাব্ৰেজাই। 'মই দৈনিক ১-২ ঘন্টা ৰেৱাজ কৰোঁ। বন্ধ দিনত চাৰি ঘন্টালৈকে কৰোঁ। ৰাতিপুৱা ভইচৰ মাইনৰ এক্সাৰচাইজ কৰাৰ লগতে গধূলি ক্লাছিকেল গাওঁ। সকলো ৰাগেই ভাল পাওঁ। কিন্তু ভৈৰৱী ৰাগটো মোৰ বেছি প্ৰিয়।'

image


এজন গায়ক হ'বলৈ শাস্ত্ৰীয় সংগীতৰ জ্ঞান কিমান প্ৰয়োজন। এই প্ৰশ্নৰ উত্তৰত তাব্ৰেজাই কৈছিল যে এজন গায়কৰ ৰুটটো ক্লাছিকেল। গতিকে শাস্ত্ৰীয় সংগীত নিশিকাকৈ এজন গায়ক হোৱাৰ কথা ভাবিব নোৱাৰি। তাব্ৰেজাই বিভিন্ন সময়ত বিভিন্ন জনৰ ওচৰত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছে। তেওঁ কয়-মোৰ প্ৰথম গুৰু আছিল নৱদ্বীপ শইকীয়া ছাৰ। ছাৰে মোক হাৰমনিয়ামৰ প্ৰাথমিক জ্ঞান দিছে। বিনোদ ছাৰ, নিলিময় ছাৰ আদিৰ পৰাও যথেষ্ট শিকিছো। বৰ্তমান মই চান্দমাৰিৰ 'শংখ' নামৰ সংগীত বিদ্যালয় এখনত শিকি আছোঁ। দিগন্ত ভাৰতী ছাৰৰ পৰা বহু কথা শিকিছোঁ। সঙ্গীত আচলতে কি, ছুফী, গোৱালপৰীয়া লোকগীত আদিৰ অৰিজিনৰ বিষয়ে বহু কথা শিকিছোঁ। ইয়াৰোপৰি গুৱাহাটীত আয়োজিত শাস্ত্ৰীয় সংগীতৰ কৰ্মশালাত বিশ্ব ভাৰতীৰ সংগীত গুৰু শ্বাশ্বতী চৌধুৰীৰ ওচৰতো সঙ্গীতৰ বিভিন্ন জ্ঞান লাভ কৰিছো। মই ভাবোঁ শিকা প্ৰক্ৰিয়াটো কেতিয়াও শেষ নহয়। যিমান শিকা যায়, ভাব হয় আৰু শিকিবলৈ আছে।

গীত গোৱাৰ উপৰি গীটাৰ, কী বৰ্ড, হাৰমনিয়াম আদি বাদ্যযন্ত্ৰ সুন্দৰকৈ বজাব পাৰে তাব্ৰেজাই।

image


সংগীতৰ এই যাত্ৰাত স্মৰণীয় মুহূৰ্ত

'ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ উদ্বোধন কৰোঁতে মোক গান গোৱাৰ সুবিধা দিছিল। সেয়া মোৰ বাবে গৌৰৱৰ কথা বুলি ভাবোঁ। ইয়াৰোপৰি 'শংখ'ই আয়োজন কৰা কৰ্মশালা এটাত গীত পৰিবেশন কৰাৰ পিছত জুবিন গাৰ্গে মোৰ কন্ঠৰ প্ৰশংসা কৰিছিল আৰু কৈছিল-তই সংগীত এৰি নিদিবি। এই কথাবোৰে মোক সদায় প্ৰেৰণা দিছে।'

সঙ্গীতৰ এই যাত্ৰাত পিতৃ-মাতৃৰ সম্পূৰ্ণ সহযোগিতাৰ লগতে পৰিয়ালবৰ্গৰ উৎসাহ-প্ৰেৰণা আছে বুলি তাব্ৰেজাই কয়- 'মোৰ আম্মাই গান নাগায়। কিন্তু তেওঁৰ যথেষ্ট আইডিয়া আছে। অনুষ্ঠানত পৰিবেশনৰ বাবে গীত নিৰ্বাচন কৰাত আম্মাই মোক সহায় কৰে।'

গীত ৰেকৰ্ডিঙৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ শিল্পী সকলক লৈ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ পৰা 'সাগৰ সঙ্গম' শীৰ্ষক এলবামত গীত গোৱাৰ লগতে 'মাঘৰ বিহু আহিলে' শীৰ্ষক ভিডিঅ' এলবামত ভৃগু কাশ্যপ, ভিটালী দাস, গীতালি কাকতি আদিৰ লগতে তাব্ৰেজাই কন্ঠ দান কৰিছে। অৱশ্যে ৰেকৰ্ডিঙতকৈ লাইভ কনচাৰ্ট কৰি ভালপোৱা শিল্পীগৰাকীয়ে ভৱিষ্যতেও লাইভ কনচাৰ্ট কৰাৰ প্ৰতি বেছি আগ্ৰহী বুলি কয়।

তাব্ৰেজা এতিয়া এগৰাকী যুৱ শিল্পী। এটা সুন্দৰ ভৱিষ্যত তেওঁৰ বাবে ৰৈ আছে। অতি কম বয়সতে সংগীত ক্ষেত্ৰখনত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা তাব্ৰেজাই শেষত কয়-'পঢ়াৰ লগতে সংগীতৰ সাধনা অব্যাহত ৰাখিম।'

image


এই সাধনাৰেই তাব্ৰেজা জিনত সংগীত ক্ষেত্ৰখনত সদায় জিলিকি থাকক, য়'ৰষ্ট'ৰীৰ ফালৰ পৰা থাকিল শুভকামনা।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ৰন্ধনৰ ফিউজন শিল্পী- জ্যোতি দাস

৪০০ টকীয়া চাকৰিৰ পৰা কুইক হীলৰ প্ৰতিষ্ঠালৈকে কাটকাৰ ভাতৃদ্বয়ৰ চমকপ্ৰদ যাত্ৰা

অসমীয়া খাদ্যক বিশ্ব সভালৈ নিয়া চেফ অতুল লহকৰ

জীৱনৰ প্ৰথম লক্ষ্যত উজুটি খাই হতাশ নোহোৱা কোটিপতি ব্যৱসায়ী সৌম্যা গুপ্তা