১৯৮১ চনৰ নাবাৰ্ড আইনৰ ৰূপায়ণৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

১৯৮১ চনৰ নাবাৰ্ড আইনৰ ৰূপায়ণৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

Saturday March 25, 2017,

2 min Read

বৃদ্ধি পাব নাবাৰ্ডৰ মূলধনৰ পৰিমাণ । প্ৰধানমন্ত্ৰীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত তলত উল্লিখিত প্ৰস্তাৱসমূহত অনুমোদন জনোৱা হয়।

ক) আইন দপ্তৰে প্ৰয়োজনীয় বুলি ভৱা গুৰুত্বপূৰ্ণ সালসলনি কৰি আৰ্হি বিলত উপস্থাপন কৰাৰ ধৰণে ১৯৮১ চনৰ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ণ বেংক আইনৰ ৰূপায়ণ কৰা হ’ব। এই আইনৰ ৰূপায়ণৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ বাবে নাবাৰ্ডৰ পৰা অনুমোদিত মূলধনৰ পৰিমাণ ৫,০০০ কোটি টকাৰ পৰা ৩০,০০০ কোটি টকালৈ বৃদ্ধি হোৱাৰ লগতে প্ৰয়োজন সাপেক্ষে সময়ে সময়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লগত আলোচনা কৰি ৩০,০০০ কোটি টকাতকৈও বেছি ধনৰ অনুমোদন লাভ কৰিব পাৰিব।

image


খ) নাবাৰ্ডত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ০.৪ শতাংশ ইকুইটিৰ হস্তান্তৰ ভাৰত চৰকাৰৰ বাবে ২০ কোটি টকা হ’ব।

প্ৰস্তাৱিত নাবাৰ্ড আইনৰ ৰূপায়ণৰ লগতে মধ্যম খণ্ডৰ উদ্যোগ আৰু হস্তশিল্পৰ ক্ষেত্ৰখনক নাবাৰ্ডৰ বাবে বাধ্যতামূলক কৰি আন কিছুমান নিৰ্দিষ্ট পৰিৱৰ্তনৰো সূচনা কৰা হ’ব।

মূলধনৰ পৰিমাণ বৃদ্ধিৰ প্ৰস্তাৱে নাবাৰ্ডে ইতিমধ্য গ্ৰহণ কৰা দীৰ্ঘম্যাদী জলসিঞ্চন পুঁজি, অলপতে কেবিনেটে লেৱা সিদ্ধান্ত মতে সহযোগী বেংকক কৰিবলগা সহায় আদি সূচাৰুৰূপে কৰিবলৈ নাবাৰ্ডক সক্ষম কৰি তুলিব।পিছলৈ নাবাৰ্ডে বিভিন্ন ধৰণৰ ব্যৱসায়িক উন্নয়নৰ ক্ষেত্ৰত নতুন পদক্ষেপ লৈ সংহত গ্ৰাম্য উন্নয়নৰ সম্ভাৱনীয়তা সমূহ পোহৰলৈ অনাৰ লগতে অধিক নিয়োগ সৃষ্টিৰ ক্ষেত্ৰতো আগভাগ ল’ব পাৰিব।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ হাতত থকা সকলো অংশীদাৰিত্ব কেন্দ্ৰীয় চৰকাৰক গতাই দিয়াৰ ফলত বেংকিং ক্ষেত্ৰখনৰ নিয়ন্ত্ৰকৰূপে থকা ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডৰ মাজৰ খামখেয়ালি দূৰ হ’ব। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

ষ্টাৰ্ট আপৰ কাৰণে পুঁজি যোগানৰ বাবে পুঁজি (এফ এফ এছ)গঠনৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

পাঁচ লাখ কৃষকে বিনিয়োগ কৰা এখন ছুপাৰহিট ছবি : শ্যাম বেনেগালৰ ‘মন্থন’

ভাৰতৰ 'ব্ৰা কুইন' অৰ্পিতা গণেশে চলাইছে মানসিকতা সলনিৰ অভিযান

উঃ পূবৰ ষ্টাৰ্টআপৰ অসুবিধালৈ লক্ষ্য ৰাখিয়েই নেডফি ভেঞ্চাৰ ফাণ্ড: বি পল মুক্তি, চি এম ডি, নেডফি