অলিম্পিক মেডেল, গোলগপ্পাৰ ব্যৱসায়: সীতা ছাহুৱে দেখিছে বহু উত্থান পতন

অলিম্পিক মেডেল, গোলগপ্পাৰ ব্যৱসায়: সীতা ছাহুৱে দেখিছে বহু উত্থান পতন

Thursday November 24, 2016,

2 min Read

২০১১ চনৰ এথেন্স অলিম্পিকত ১৫ বছৰীয়া সীতা ছাহুৱে দুটা স্বণৰ্পদক জয় কৰিছিল । মধ্য প্ৰদেশৰ এই ছোৱালীজনীয়ে ২০০ মিটাৰ আৰু ৪x৪০০ মিটাৰ ৰীলে দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰিছিল । 

Image : Sports Keeda

Image : Sports Keeda


সেই সয়মত ৰাজ্য চৰকাৰে সীতাৰ বাবে ১ লাখ টকা পুৰষ্কাৰ ঘোষণা কৰিছিল । কিন্তু সেই ঘোষণা ঘোষণা হৈয়েই থাকিল । দৈনিক ১৫০-১৮০ টকা উপাৰ্জন কৰা দুখীয়া শ্ৰমিক পৰিয়ালটোৰ বাবে ই এক ডাঙৰ সকাহ হ'লহেতেন । এটা সময়ত পিতৃৰ অসুখৰ বাবে স্কুল বাদ দিবলগীয়া হ'ল সীতাই । মাক আৰু ভনীয়েকৰ সৈতে পথত গোলগপ্পা বিক্ৰী কৰি উপাৰ্জন কৰিবলৈ ধৰিলে সীতাই । 

"যেতিয়া সীতাই দুটাকৈ পদক পাইছিল তেতিয়া চৰকাৰে ঘোষণা কৰা আৰ্থিক পুৰষ্কাৰৰ বাবে তেওঁলোকে বহুদিন অপেক্ষা কৰিলে । এতিয়া খেলৰ কথা ক'লে খঙত জলি পকি উঠে তেওঁলোক । সেই কাৰণে মই তেওঁলোকক কোনো কথা নকও ।" সীতাৰ প্ৰশিক্ষক উষা ছাহুৱে কয় । 

সংবাদ মাধ্যমে এই কথাটো ২০১৩ চনত পোহৰলৈ অনাৰ পাছত চৰকাৰে এই পুৰষ্কাৰ পোৱাৰ ব্যৱস্থা কৰে । আনহাতে এন টি পি চিৰ তৰফৰপৰাও তেওঁলৈ ৬ লাখ টকা আগবঢ়োৱা হয় । 

ইয়াৰ পাছত সীতা আৰু তেওঁৰ ভনীয়েকে আকৌ স্কুল যাবলৈ আৰম্ভ কৰিলে । তেওঁলোকৰ গোলগপ্পাৰ ব্যৱসায়টোক তেওঁলোকে উন্নত কৰিলে আৰু ই বৰ্তমান প্ৰসাৰ লাভ কৰিছে । "মই কেতিয়াও ভবা নাছিলো এয়া হ'ব বুলি । আমি সকলো আশা হেৰুৱাই পেলাইছিলো । এতিয়া আমাৰ জীৱন যথেষ্ট উন্নত । আমাৰ ছোৱালীৰ বাবেই আমাৰ জীৱন সলনি হৈছে ।" সীতাৰ মাতৃ কিৰণ ছাহুৱে কয় । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

জনতাৰ কাষ চাপিবলৈ চাইকেলত টহল দিছে চেন্নাই আৰক্ষীয়ে

কি কাৰণে এচাম পুৰুষে নাৰীৰ প্ৰতি লোলুপ দৃষ্টি দিয়ে ?

ভাৰতত ব্যৱসায় কৰিবলৈ হলে ভাৰতৰ গ্ৰাহকক বুজিব লাগিব: ভিমেক্সৰ সহ-প্ৰতিষ্ঠাপক দীপক খুৰাণা

ম'বাইল ভিত্তিক ষ্টাৰ্টআপৰ বাবে মেক মাই ট্ৰিপৰ দীপ কালৰাৰ পৰামৰ্শ