ৰাজনৈতিক অশিষ্টতাৰ অন্ত পৰক

ৰাজনৈতিক অশিষ্টতাৰ অন্ত পৰক

Wednesday December 30, 2015,

8 min Read

কিছুদিনৰ আগতে অৰুণ জেটলিয়ে ফেচবুকত এটা পোষ্ট লিখিছিল৷ পোষ্টটোৰ আৰম্ভণিতে “গুডচ চার্ভিচ টেক্স”ৰ বিষয়ত সংসদত হোৱা আলোচনাৰ অচলাৱস্থাৰ বিষয়ে উল্লেখ কৰা হৈছিল যদিও বর্তমানে ৰাজনৈতিক বিতর্কত সততে ব্যৱহাৰ হোৱা ভাষাৰ অপপ্ৰয়োগৰ কথাটোহে সেই পোষ্টটোৰ মূল বিষয় আছিল৷ ৰাজনৈতিক ক্ষেত্ৰৰ সৈতে জড়িত সকলোৱেই শ্ৰীযুত জেটলিয়ে উথ্থাপন কৰা এই বিষয়টোক আদৰণি জনোৱা উচিত৷ এই কথাটো কোনেও নুই কৰিব নোৱাৰে যে শেহতীয়াকৈ ৰাজনৈতিক বিতর্কৰ মান অতিকৈ নিম্নগামী হৈছে আৰু এনেবোৰ আলোচনাত এটা পক্ষই আনটো পক্ষক সমালোচনা কৰাতকৈ দুর্ব্যৱহাৰ কৰাহে পৰিলক্ষিত হৈছে৷ আজিকালি ৰাজনৈতিক ক্ষেত্ৰখনত অসংসদীয় ভাষা আৰু অভিব্যক্তিৰ ইমানেই সঘন প্ৰয়োগ হ’বলৈ ধৰিছে যে বহুসময়ত এনে আলোচনাত অংশ লোৱা অনেকৰ বাবেই সংসদীয় আৰু অসংসদীয়ৰ পার্থক্য ধূসৰ হৈ পৰে৷ এক কথাত ইয়াক সমাজৰ পৰা বিচিন্ন এক ছিন্নমূল ৰাজনৈতিক চর্চা বুলিয়েই ক’ব পাৰি৷ কিন্তু এয়া অৱশ্যম্ভাৱী৷ বহুকেইটা ৰাজনৈতিক দলত, বিভিন্ন ৰাজ্যৰ বিধানসভাত, চৰকাৰত হকে-বিহকে অপৰাধৰ লগত জড়িত থকা বহু ব্যক্তিৰ প্ৰৱেশ ঘটা সময়ত ৰাজনীতিৰ স্তৰ নিম্নগামী হোৱাটো তেনেই স্বাভাবিক৷ আনহাতে ভাৰতৰ এলিট গোষ্টীটোৰ মতে ৰাজনীতিত সমাজৰ নিম্নশ্ৰেণীৰ লোকৰ অংশগ্ৰহণৰ ফলত অথৱা ভাৰতৰ মূলসুতিটোৰ পৰা ফালৰি কাটি আঞ্চলিক শক্তিসমূহে প্ৰৱেশ কৰাৰ পৰাই মূলতঃ এনে প্ৰৱণতাৰ বেছিকৈ প্ৰকাশ ঘটিছে৷

image


কিন্তু এনে এটা চিন্তাৰ পোষকতা কৰাৰ আগেয়ে বহু বিশ্লেষণ আৰু আলোচনা-বিলোচনাৰ লগতে আত্মসমালোচনাৰো প্ৰয়োজন আছে৷ এনে এটা সময় আছিল যেতিয়া ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা ভাৰতৰ জাতীয় কংগ্ৰেছৰ উচ্চস্তৰৰ নেতাসকলৰ বেছিভাগেই উচ্চবংশজাত হোৱাৰ উপৰিও তেওলোক ইংলেণ্ডৰ কোনো ভালৰো ভাল কলেজ অথৱা বিশ্ববিদ্যলয়ত অধ্যয়ন কৰাটো এটা অলিখিত নিয়মৰ দৰেই আছিল৷ তেওঁলোকৰ প্ৰতিজনেই সুসভ্য ইংৰাজ সংসদীয় পৰম্পৰাৰে দীক্ষিত আছিল৷ প্ৰত্যেকেই সাৱলীল ভাৱে ইংৰাজী ভাষা আৰু সুৰুচিসম্পন্ন আর্য সংস্কৃতিৰ প্ৰয়োগত দক্ষ আছিল৷ ইংলেণ্ডত শিক্ষা সামৰি ভাৰতলৈ ঘূৰি অহা তেনেবোৰ নেতাৰ আদৱ-কায়দা আৰু বেশ ভূষা সাধাৰণ ভাৰতীয়ৰ কাৰণে অপৰিচিত অছিল যদিও নেতা হ’বলৈ তেনেবোৰ গুণ থকাটো এক অলিখিত নিয়মৰ দৰেই হৈ পৰিছিল৷ মহাত্মা গান্ধীয়েহে সেই পৰম্পৰাটো ভাঙি খাদীৰ জৰিয়তে এক নতুন পৰম্পৰাৰ জন্ম দিছিল৷ সেই সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী উইনষ্টন চার্চিল মহাত্মা গান্ধীৰ বেশ-ভূষালৈ ইমানেই ক্ষোভিত হৈছিল যে তেওঁ আনকি গান্ধীজীৰ বিষয়ে আধা নাঙঠ ফকীৰ বুলিও অৱমাননা সূচক মন্তব্য কৰিছিল৷ যদিও চার্চিল বৰ ধনী মানী ব্যক্তি নাছিল তথাপিও বৃটিছ আদৱ-কায়দাত অভ্যস্ত হোৱা হেতুকেই চিগাৰৰ একান্ত ভক্ত মানুহজনে গান্ধীজীক তেনেকৈ কোৱাৰ ধৃষ্টতা প্ৰদর্শন কৰিব পাৰিছিল৷ আনহাতে গান্ধীজী আছিল এজন বেলেগ ধাতুৰে গঢ়া লোক৷ সাধাৰণ জনতাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ যে বিদেশী ভাষা আৰু পোচাকেৰে কামত নাহে সেই কথা গান্ধীজীয়ে মর্মে মর্মে উপলব্ধি কৰিছিল৷ অৱশেষত খাদীক লৈ গান্ধীজীৰ সম্পৰীক্ষাই সফলতা পাইছিল৷

আনহাতে নেহৰুৰ বৃটিছ প্ৰেম আছিল সর্বজনবিদিত৷ ইংৰাজী ভাষাটোৰ ওপৰতো তেখেতৰ ভাল দখল আছিল৷ তেওঁৰ সৈতে তেনে বাতাৱৰণত যিসকলে ভাৱৰ আদান প্ৰদান কৰাৰ সামর্থ ৰাখিছিল কেৱল তেনে লোককহে নেহৰুৱে পৃষ্ঠপোষকতা কৰিছিল৷ তেওঁৰ অনুগামী সকলৰ ভিতৰত কেৱলমাত্ৰ লাল বাহাদুৰ শাস্ত্ৰীহে চহা মানসিকতাৰ লোক আছিল৷ তৎসত্বেও কিন্তু ভাৰতীয় ৰাজনীতিত ভাষা, পোচাক পৰিচ্ছদ আৰু হাৱ-ভাৱৰ এলিট চিন্তা ধাৰাটোৰ প্ৰথম ব্যতিক্ৰম আছিল “ৰাম মনোহৰ লোহিয়া”, যি নেকি অকংগ্ৰেছী আৰু পিছপৰা সম্প্ৰদায়ৰ সপক্ষে ৰাজনীতিৰ সূচনা কৰিছিল৷ তেতিয়ালৈকে ভাৰতৰ ৰাজনীতিত প্ৰভাৱ থকা একমাত্ৰ ৰাজনৈতিক দল আছিল কংগ্ৰেছ আৰু কেৱল উচ্চবর্ণ সকলেই এই দলৰ নেতৃত্ব বহন কৰাৰ সুযোগ পাইছিল৷ কিন্তু লোহিয়াই সদম্ভে ঘোষণা কৰিলে যে সমাজৰ গৰিষ্ঠ সংখ্যক জনতাৰ হাততহে দৰাচলতে শাসনৰ বাঘজৰী থকা উচিত৷ সেইসময়ত শাসনৰ গাদীত অধিষ্ঠিত এলিট সকলক ক্ষোভিত কৰা স্বত্বেও ৰাম মনোহৰ লোহিয়াৰ এই ধাৰণাইহে প্ৰকৃততে ভাৰতবর্ষত গণতান্ত্ৰিক ধাৰণাটোৰ জন্ম দিয়া বুলি ক’ব পাৰি৷ দূর্ভাগ্যবশতঃ তেখেতে পিছপৰা সম্প্ৰদায় ভিক্তিক এই ৰাজনীতিৰ পৰিণতি চাই যাবলৈ বেছি দিন জীয়াই নাথাকিল যদিও ৯০ দশকত “মণ্ডল কমিচন” প্ৰৱর্তনৰ পাছতে ভাৰবর্ষত এক ভিন্ন শ্ৰেণীৰ ৰাজনৈতিক নেতৃত্বৰ আবির্ভাৱ ঘটিল৷

লালু, মুলায়ম, মায়াৱতী, কাঞ্চিৰাম, কল্যাণ সিং, উমা ভাৰতী আদিয়ে জন্মতে সোণৰ চামুচ মূখত লৈ অহা নাছিল আৰু তেওঁলোকে কেতিয়াও সমাজৰ এলিট গোষ্ঠীভুক্ত হব’লৈ চেষ্টা কৰা নাছিল৷ ধূলি মাকতিৰে লেটি লৈ তেওঁলোকে ৰাজনৈতিক দর্শন আয়ত্ব কৰি ক্ৰমে নিজকে উচ্চ স্তৰত আৰোহণ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁলোকৰ আগমনৰ পিছত ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনত এক নতুন ধাৰাৰ জন্ম হ’ল, যিটোক কতৃত্বশীল গোষ্ঠীটোৱে কোনো কাৰণতে গ্ৰহণ কৰিব পৰা নাছিল৷ বহু সময়ত এই দলটোৱে লালু, মুলায়ম, মায়াৱতী আদিক ঠাট্টা-মস্কৰা কৰিবলৈয়ো এৰা নাছিল৷ তেনে কৰোতে তেওঁলোকে নানা ইতিকিং সূচক ভাষাৰ প্ৰয়োগ কৰিছিল৷ কথা-বতৰা আৰু আচাৰ ব্যৱহাৰত এই নেতাসকল কেতিয়াও এলিট সকলৰ দৰে মার্জিত নাছিল৷ এনেবোৰ নেতাৰ বহুতৰেই ইংৰাজীৰ জ্ঞান আছিল শূন্য৷ তাৰ উপৰিও জাত-পাতৰ ভেদাভেদ এটাৰ কথাও সংযোজিত হৈছিল৷ উচ্চ শ্ৰেণী আৰু উচ্চ বংশ জাত সকলে তেওঁলোকক পদে পদে অৱমাননা কৰিছিল৷ শাসন পৰিচালনাৰ দায়িত্ব পোৱাৰ পিছত এনে ৰাজনীতিক সকলৰ ক্ৰমান্বয়ে বাঢ়ি অহা সীমাহীন দূর্নীতি আৰু শাসন পৰিচালনাৰ অসমর্থতাৰ কথাটোৱে উচ্চ বংশ জাত সকলৰ পূর্বৰ ধাৰণাটোকে ভাল বুলি সময়ে সময়ে প্ৰতিপন্ন কৰিছিল৷ তৎস্বত্বেও কিন্তু এসময়ত কর্তৃত্ব থকা সকলে সংখ্যাগৰিষ্ঠৰ এই ৰাজনীতিক লাহে লাহে উপেক্ষা কৰিব নোৱৰা হৈ আহিল৷ ভোটাধিকাৰৰ ক্ষেত্ৰত শিক্ষাগত অর্হতাকে নির্ণায়ক মাপকাঠি হিচাপে ধৰা বিষয়ক সংবিধান সংশোধনৰ এক বিতর্কত ভাগ লোৱা সময়ত এই নব্য প্ৰতিষ্ঠিত ৰাজনীতিক সকলে ইয়াৰ বিপৰীতে মত প্ৰকাশ কৰিছিল আৰু শেষত সংখ্যাগৰিষ্ঠৰ মতামত হিচাপে সেই মতকে গ্ৰাহ্য কৰা হৈছিল৷

ভাৰতীয় ৰাজনীতিত নিম্ন শ্ৰেণীৰ লোকৰ অংশগ্ৰহণৰ ফলতেই ভাষা আৰু আচাৰ-ব্যৱহাৰৰ মান নিম্নগামী হোৱা বুলি মই ক’ব খোজা নাই যদিওঁ তেতিয়াৰপৰাই কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনত এক পৃথক ভাষাৰ সমাহাৰ ঘটা বুলি নিশ্চয়কৈ ক’ব লাগিব৷ ক্ৰমান্বয়ে তেতিয়াৰ পৰাই আঞ্চলিক ভাষাসমূহে ইংৰাজীক বিদায় দিলে আৰু এই কথাটোৱে ইংৰাজী কোৱাত অভ্যস্ত শ্ৰেণীটোক হতচকিত কৰি তুলিলে৷ ৰাজনীতিৰ সৈতে জড়িত এই দুই শ্ৰেণীৰ মূখামূখী সংঘর্ষৰ ফলতেই অলোচ্য বিষয়টোক বেছি জটিল কৰি তুলিলে৷ পূর্বৰ কর্তৃত্বশীল উচ্চশ্ৰেণীৰ দলটোৰ কটা ঘাঁত চেঙা তেল ঢালি এই নতুন চিন্তা ধাৰাৰ দলটো ভাৰতীয় ৰাজনীতিৰ একছত্ৰী সম্ৰাট হৈ পৰিল৷ বোধহয় ইয়ে ভাৰতীয় ৰাজনীতিৰ অৱক্ষয়ৰ সূচনা কৰিলে৷ মৌলিক কাৰণতে হোৱা এই বিভাজনৰ ফলত উৎপন্ন হোৱা বিৰাগ লাহে লাহে তিক্ততাপূর্ণ হৈ পৰিছিল৷ ৰাজনৈতিক ক্ষেত্ৰখনত নিজৰ স্থান নিগাজি কৰাৰ স্বার্থত এটা পক্ষই আনটো পক্ষৰ লগত সংঘাতত লিপ্ত হ’ল৷ কোনো এটা দলেই পৃস্থভঙ্গ দিব নিবিচাৰিলে যদিও কিন্তু সংখ্যাগত ভাৱে দলিত শ্ৰেণীটো যথেষ্ট আগুৱাই থাকিল৷ লগে লগেই এটা দলৰ আনটো দলৰ প্ৰতি থাকিবলগা শ্ৰদ্ধা আৰু সন্মান কমি আহিল আৰু আদর্শগত ৰাজনৈতিক মতভেদবোৰ শত্ৰুতালৈ ৰুপান্তৰিত হ’ল৷ ৰাজনৈতিক বিতর্কবোৰে তিক্ততাপূর্ণ ৰুপ ল’ব ধৰিলে৷

এনে সময়তে এটা সম্পূর্ণ নতুন ধাৰণাৰে “আম আদমি পার্টি”ৰ জন্ম হ’ল৷ ভাৰতৰ ৰাজনীতিত এই ধাৰাটোৱে পূর্বে প্ৰচলিত সকলোবোৰ ধাৰাকে প্ৰত্যাহ্বান জনালে৷ আগৰ বয়োজ্যেষ্ঠ নেতা সকলৰ লগতে ৰাজনৈতিক দলবোৰে এই নতুন বাস্তৱ অৱস্থাটোক আকোৱালি ল’বলৈ হয় অসমর্থ হ’ল নহয় ইয়াক গ্ৰহণ কৰিবলৈ তেওঁলোকে টান পালে৷ আনকি জন্মৰ পূর্বেই “আপ” নামৰ ভাৰতীয় ৰাজনীতিৰ এই শিশুটোক প্ৰতিষ্টিত দলবোৰৰ লগতে বহুবোৰ নেতাই তুচ্ছ-তাচ্ছিল্য কৰা আৰম্ভ কৰি দিছিল৷ আমাক আনকি নলা-নর্দমাৰ এন্দুৰৰ লগতো তুলনা কৰা হৈছিল৷ আনকি বিগত দিল্লী বিধান সভাৰ নির্বাচনত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীজনেই আমাৰ ওপৰত অজস্ৰ গালি বর্ষণ কৰাৰ লগতে আমাক নক্সালৰ লগত তুলনা কৰি হাবিলৈ গৈ তাতে থকাৰ কথা কৈছিল৷ প্ৰধানমন্ত্ৰীজনে আনকি আমাক হতভগীয়াৰ দল বুলিও উল্লেখ কৰিছিল৷ প্ৰধানমন্ত্ৰীজনে এনেবোৰ মন্তব্যৰে ভাৰতীয় ৰাজনীতিত নজিৰ বিহীন ঘটনাৰ সৃষ্টি কৰিছিল৷ দৰাচলতে প্ৰধানমন্ত্ৰীৰ দৰে উচ্চ পদবীত অধিষ্ঠিত এজনৰ পক্ষে এনেবোৰ মন্তব্য কৰাটো যথেষ্ঠ অশোভনীয় হৈছিল৷ ভাৰতীয় জনতা পার্টিৰ আন এজন জ্যেষ্ঠ নেতা “গিৰিৰাজ সিঙে” আমাক ৰাক্ষসৰ লগত তুলনা কৰিছিল৷ সাধ্ৱী জ্যোতি নিৰঞ্জনে আনকি আৰু এখোপ আগুৱাই গৈ আমাক জাৰজ বুলিও অভিহিত কৰিছিল৷ বি.জে.পি.ৰ নেতৃত্বই এওঁলোকক কাকো এনেবোৰ মন্তব্য দিয়াৰ বাবে সতর্ক কৰাটো নাছিলেই বৰঞ্চ এই তালিকাখন যথেষ্ঠ দিঘলীয়া হৈ গৈ থকাৰ পিছতো সেই বিষয়ত কোনো গুৰুত্ব দিয়া নাছিল৷

২০০৭ চনৰ গুজৰাট বিধানসভাৰ নির্বচনৰ সময়ত শ্ৰীযুত নৰেন্দ্ৰ মোডী ডাঙৰীয়াই কিদৰে শ্ৰীমতী ছোনীয়া গান্ধী আৰু তেতিয়াৰ নির্বচনী আয়ুক্ত শ্ৰীযুত জে.এম.লিংডোৰ কথা উল্লখ কৰিছিল সেয়া এতিয়াওঁ মোৰ মনত আছে৷ সেই কথাখিনি বিস্তৃতভাৱে বর্ণনা নকৰাকৈয়ো মই কবলৈ বাধ্য হৈছো যে সেইবোৰ কথা নিশ্চয়কৈ গৰিহণাৰ যোগ্য আছিল৷ এইমূহুর্তত মোৰ বহুদিনৰ আগতে তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিষয়ে যশোৱন্ত সিনহা ডাঙৰীয়াই কৰা মন্তব্য এটা মনত পৰিছে – য’ত তেখেতে প্ৰধানম্ত্ৰী গৰাকীক শিখন্দী বুলি অভিহিত কৰিছিল৷ হয়তো আলংকাৰীকভাৱে প্ৰধামন্ত্ৰীক সিনহা দাঙৰীয়াই পুৰুষত্বহীন আখ্যা দিব খুজিছিল৷ ভাৰতৰ প্ৰধানম্ন্ত্ৰী এজনৰ বিষয়ে এনে ধৰণৰ অসন্মানসূচক মন্তব্য কৰা যশোৱন্ত সিনহা কিন্তু কোনো এলাপেচা মানুহ নাছিল – তেখেত শ্ৰীযুত অটল বিহাৰী বাজপেয়ী মন্ত্ৰীসভাৰ এগৰাকী সন্মানীয় কেবিনেট মন্ত্ৰী আছিল৷ আৰু এতিয়া সেই বি.জে.পি. দলৰে শ্ৰীযুত অৰুন জেটলিকে ধৰি প্ৰায়বোৰ নেতা কর্মীয়ে অৰবিন্দ কেজৰিৱালে এতিয়াৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ বিষয়ে কৰা এটা মন্তব্যক সহজভাৱে গ্ৰহণ কৰিব পৰা নাই৷ মই এইটোকে ক’ব খুজিছো যে আনক দোষ দিয়াৰ আগতে প্ৰত্যেকেই এবাৰ নিজৰ গাত চিকুটি চোৱা উচিত৷ শ্ৰীযুত জেটলি ডাঙৰীয়াই দিয়া উপদেশবোৰ কার্যক্ষেত্ৰত সকলোৱে পালন কৰা উচিত৷ সকলোৱে আত্মসমালোচনাৰে নিজকে আৰু দলৰ কর্মীসকলক আত্মশুদ্ধি কৰাৰ কথা চিন্তা কৰিলে “আম আদমি পার্টি”য়ে সদায়ে এই ধাৰণাটোক সমর্থন কৰিব আৰু তাৰ সুপ্ৰয়োগৰ বাবে চেষ্টা কৰিব৷ এইখিনিতে এটা কথা উল্লেখ কৰি থোৱা উচিত হ’ব যে “আপ”ৰ জন্মৰ বহু আগতেই সংসদে সাংসদ সকলৰ আচাৰ-ব্যৱহাৰ বিষয়ক নীতিগত নির্দেশাৱলী প্ৰস্তুত কৰিবলৈ এখন কমিটি গঠন কৰি দিছিল যদিও সেই কমিটিখনে আজিও নিজৰ মতামতবোৰ ভালকৈ প্ৰকাশ নকৰিলে আৰু সেই বিষয়টোলৈ কোনো এটা দল বা দলৰ নেতাকে চিন্তিত হোৱা দেখা নগ’ল৷ ইয়াৰ কাৰণটো সহজেই অনুমেয়৷ ভাৰতৰ ৰাজনৈতিক বাতাৱৰণ আগতকৈ বহু সলনি হ’ল৷ বুৰঞ্জীমূলক কাৰণসমূহ বাদ দিলেও এতিয়া পুৰণি ৰাজনৈতিক দলবোৰৰ বাবে নিজৰ খোপনি ধৰি ৰখাটো যথেষ্ট কঠিন হৈ পৰিছে আৰু সেইবাবেই দলবোৰে কোনো বান্ধোনৰ মাজত সোমাব নিবিচাৰে৷ প্ৰয়োজনসাপেক্ষে উৎকৃষ্ট আৰু নিকৃষ্ট সকলো ধৰণৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাট তেওঁলোকে সদায়ে খোলা ৰাখে৷ সময়ৰ সোঁতত আজি অতীত আৰু বর্তমান – এই দুয়োটা ধাৰা এঠাইত মূখামূখী হোৱাৰ সময়ত পৰস্পৰে পৰস্পৰক বোকা চটিউৱাৰ খেল এখন আৰম্ভ হৈছে৷ কিন্তু মই এই কথা ন’ দি ক’ব পাৰোঁ যে ভাৰতীয় ৰাজনীতিত পৰিবর্তন আহিছে আৰু ভবিষ্যতৰ মঙ্গলৰ বাবেই এই পৰিবর্তনৰ সূচনা হৈছে৷

(লেখক প্ৰাক্তন সাংবাদিক আশুতোষ IBN7ৰ প্ৰাক্তন মেনেজিং এডিটৰ আৰু বৰ্তমান আম আদমী পাৰ্টিৰ নেতা । এই লেখাত প্ৰকাশিত মাতামত লেখকৰ নিজৰ )

মূল ৰচনা – আশুতোশ

অসমীয়া অনুবাদ – মণি ভট্টাচার্য্য

(Image credit- Shutterstock)