উত্তৰ-পূব ষ্টাৰ্টআপ সমাৰোহৰ মনোনয়ন: ৩০ ছেপ্টেম্বৰ শেষ দিন

উত্তৰ-পূব ষ্টাৰ্টআপ সমাৰোহৰ মনোনয়ন: ৩০ ছেপ্টেম্বৰ শেষ দিন

Monday September 26, 2016,

2 min Read

ইতিমধ্যে আৰম্ভ হৈছে য়'ৰ ষ্ট'ৰী অসমীয়াই সহযোগিতা আগবঢ়োৱা উত্তৰ-পূব ষ্টাৰ্টআপ সমাৰোহ 'আপষ্টাৰ্ট'ৰ মনোনয়ন প্ৰক্ৰিয়া। এই মনোনয়নৰ শেষ দিন ৩০ ছেপ্টেম্বৰ । উল্লেখযোগ্য যে ২৪-২৫ নৱেম্বৰত নৰ্থ-ইষ্ট ডিভেলপমেন্ট ফাউণ্ডেচন, ডিজিটেল এম্পাৱাৰমেন্ট ফাউণ্ডেচন, ইণ্ডিয়ান ইন্সটিটিউট অৱ অন্ট্ৰ'প্ৰিনিঅ'ৰশ্বিপ আৰু ৰাজীব গান্ধী নেচনেল ইনষ্টিটিউট অৱ য়ুথ দিভেলপমেন্টে আয়োজন কৰিব উত্তৰ-পূৱ ষ্টাৰ্টআপ সমাৰোহ 'আপষ্টাৰ্ট' । 

image


এই সমাৰোহ উত্তৰ পূৱৰ ষ্টাৰ্টআপ সমূহক এখন উমৈহতীয়া মঞ্চ প্ৰদান কৰাৰ উদ্যেশ্যেৰে আয়োজন কৰা হৈছে । ষ্টাৰ্টআপ সমূহৰ মাজত মত বিনিময় আৰু পৰামৰ্শ প্ৰদান এই সমাৰোহৰ অন্যতম লক্ষ্য ।

চিকিমকে ধৰি উত্তৰ পূবৰ আঠখন ৰাজ্যৰ ষ্টাৰ্টআপ সমূহক উদগণি যোগোৱাৰ উদ্যেশ্যেৰে আপষ্টাৰ্টৰ আয়োজন কৰা হৈছে। শ্ৰেষ্ঠতম ষ্টাৰ্টআপ সমূহক বিচাৰি উলিয়াই সেইবোৰক বিনিয়োগকাৰী আৰু অন্যান্য গোটৰ সৈতে সম্পৰ্ক স্থাপনত সহায় কৰি তেওঁলোকৰ ব্যৱসায় প্ৰসাৰ কৰা আৰু স্থানীয়, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰৰ উপযোগী ব্ৰেণ্ড সৃষ্টি কৰা এই সমাৰোহৰ লক্ষ্য। প্ৰয়োজনীয় পুঁজিৰ লগতে কাৰিকৰী জ্ঞান অৰু ইনকিউবেচনৰ সুবিধা প্ৰদান কৰাৰ লগতে এই অঞ্চলটোত উদ্যমিতাৰ সংস্কৃতি গঢ়ি তোলা আৰু উদ্যমিতাৰ পৰিবেশ উন্নত কৰাৰ লক্ষ্য এই সমাৰোহৰ জৰিয়তে লোৱা হৈছে ।

উল্লেখযোগ্য যে ১২ শিতানত নিৰ্বাচিত ষ্টাৰ্টআপ সমূহে তেওঁলোকৰ ধাৰণা সমূহ বিনিয়োগকাৰীৰ আগত উপস্থাপন কৰাৰ সুবিধা পাব দুদিনীয়া এই সমাৰোহত । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

অসমত প্ৰাকৃতিক চাহ উৎপাদনৰ পথপ্ৰদৰ্শক ধীৰেন ফুকন

এজন কুখ্যাত ড্ৰাগ মাফিয়াৰ জীৱনৰপৰা দুটামান শিক্ষা