গ্ৰাম্যাঞ্চলত তথ্য-প্ৰযুক্তি প্ৰসাৰৰ বাবে ডিজিটেল ইণ্ডিয়াৰ প্ৰয়াসত ইণ্টেলৰ যোগদান

গ্ৰাম্যাঞ্চলত তথ্য-প্ৰযুক্তি প্ৰসাৰৰ বাবে ডিজিটেল ইণ্ডিয়াৰ প্ৰয়াসত ইণ্টেলৰ যোগদান

Monday November 23, 2015,

2 min Read

গ্ৰাম্য ভাৰতৰ ডিজিটাইজেচনৰ স্বপ্নক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ উদ্যোগক সহযোগিতা কৰিবলৈ ইণ্টেল ইণ্ডিয়াই প্ৰৱৰ্তন কৰা বিশেষ কাৰ্যসূচী হৈছে ‘এক কদম উন্নতি কি ঔৰ’ (উন্নতিৰ দিশত এখোজ)। ডিজিটেল ভাৰতৰ প্ৰথমটো এনে ‘উন্নতি’ কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছে তেলেংগানাৰ মেহবুবনগৰ জিলাৰ নাদিমপাল্লে গাঁৱৰ সামূহিক সেৱা কেন্দ্ৰত। তেলেংগানা মডেল ডিজিটেল গাঁৱৰ গাঁথনি প্ৰস্তত কৰাৰ বাবে এই কেন্দ্ৰ ব্যৱহাৰ কৰা হ’ব।

image


এই কাৰ্যসূচীৰ অধীনত ইণ্টেলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ৰে সহযোগত ভাৰতৰ দহখন ৰাজ্যৰ তৃণমূল পৰ্যায়ত প্ৰযু্ক্তিৰ মাধ্যমত ৰূপান্তৰৰ পূৰ্ব পৰিকল্পনা প্ৰস্তুত কৰিব। এই কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত বিক্ৰয় আৰু বিপণন গোটৰ উপাধ্যক্ষ (পৰিচালন সঞ্চালক, দক্ষিণ এছিয়া, ইণ্টেল) দেৱযানী ঘোষে মন্তব্য কৰে যে, “ডিজিটেল তেলেংগানাৰ সৃষ্টিৰ দিশে এঢাপ আগুৱাই তেলেংগানা চৰকাৰৰ সৈতে এই যাত্ৰা আৰম্ভ কৰিবলৈ পাই আমি অত্যন্ত সুখী।”

“মেহবুব নগৰত প্ৰথমটো কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰ প্ৰতি আমি বিপুল সঁহাৰি লাভ কৰিছো। কমেও ৮০০ খন গাঁৱে এই কেন্দ্ৰৰ পৰা উপকৃত হৈছে আৰু আমি এই আৰ্হিৰ সহায়ত ডিজিটেল ভাৰতৰ স্বপ্ন সঠিক দিশত আগুৱাই নিয়াৰ বাবে আশাবাদী।” তেওঁ লগতে কয়।

“গ্ৰাম্য ভাৰতক সংযুক্ত কৰিবলৈ হাৰ্ডৱেৰ, ব্ৰডবেণ্ড সংযোগ, ডিজিটেল শিক্ষণৰ দক্ষতা আৰু স্থানীয়ভাৱে উপলব্ধ প্ৰাসংগিক সমাধান, এই সকলোবোৰৰ সংমিশ্ৰনৰ প্ৰয়োজন।” এনেদৰে মন্তব্য কৰি তেওঁ লগতে উল্লেখ কৰে যে “ডিজিটেল ভাৰতৰ অভিযান সফল কৰিবলৈ গ্ৰাম্য ভাৰতৰ সঠিক ডিজিটাইজেচনেই হৈছে একমাত্ৰ পথ।” সমগ্ৰ দেশজুৰি বিস্তৃত হৈ থকা সামূহিক সেৱা কেন্দ্ৰৰ সহযোগিতাত ইণ্টেলে এই কাৰ্য ৰূপায়ন কৰিব।

ডিজিটেল ভাৰত উন্নতি কেন্দ্ৰই উপযুক্ত আহিলা, প্ৰয়োজনীয় স্থানীয় উপাদান উপলব্ধ কৰোৱাৰ লগতে নাগৰিকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি উন্নয়ন আৰু সৱলীকৰণৰ দিশত প্ৰচেষ্টা চলাব। তেলেংগানাৰ তথ্য আৰু প্ৰযুক্তিৰ সচিব জয়েশ ৰঞ্জনৰ মতে, “প্ৰযুক্তিৰ সহায়ত নাগৰিকৰ জীৱনশৈলী উন্নত কৰিবলৈ দীৰ্ঘদিনৰ পৰা আমি প্ৰচেষ্টা চলাই আহিছো। ডিজিটেল গাঁৱৰ সৃষ্টিৰ জৰিয়তে আমাৰ এই প্ৰচেষ্টাই ন-ৰূপ পাইছে।”

(উৎস- পি.টি.আই )