৬৩ বাৰ বিফলতাৰ পাছত আহিল সফলতা

৬৩ বাৰ বিফলতাৰ পাছত আহিল সফলতা

Thursday January 28, 2016,

5 min Read

কৌশিক মুদ্দা আৰু নবীন জৈন বাংগালুৰুৰ আৰবীছাইৰ ইলেকট্ৰনিকছ এণ্ড কমিউনিকেছন বিভাগৰ স্নাতক। ইঞ্জিনীয়াৰিঙৰ অন্তিম বৰ্ষ । সেই বছৰটোতে কেম্পাছ প্লেচমেন্টত দুয়ো ভাল চাকৰি পাইছিল । পিছে যোগদানহে কৰা নাছিল । কেপিএজীৰ দৰে কোম্পানীত যোগদানৰো সৌভাগ্য হৈছিল কৌশিকৰ ।প্ৰকৃততে এনেবোৰ কোম্পানীত যোগদানৰ সপোন থাকে বহু যুৱকৰে। তেতিয়া ষষ্ঠ চেমিষ্টাৰ । অৰ্থাৎ ইঞ্জিনিয়াৰিং পাছ কৰিবলৈ তেতিয়াও এটা বছৰ বাকী । এই অৱস্থাতেই অনুষ্টুপীয়াকৈ কেতবোৰ প্ৰকল্প আৰম্ভ কৰি দিছিল দুই বন্ধুৱে । সমগ্ৰ শ্ৰম আৰু প্ৰতিভা সমৰ্পিত কৰিছিল নিজৰ প্ৰকল্পত । “কলেজত পঢ়ি থাকোতে মই আৰু নবীনে সৰু ৰবট আৰু হভাৰক্ৰাফট্ নিৰ্মাণ কৰিছিলো ।" কৌশিকে এইদৰে সুৱঁৰিছিল অতীতৰ কথা । “এই যন্ত্ৰ কেইটা তৈয়াৰ কৰি থাকোতেই আমাৰ অনুভব হল যন্ত্ৰকেইটাক অধিক সঠিক কৰি তোলাৰ প্ৰয়োজনীয়তা আছে । কিন্তু তাৰ বাবে প্ৰয়োজন অধিকতৰ উন্নত সুক্ষ্ম যন্ত্ৰাংশৰ । প্ৰয়োজন হৈছিল চি এন চি ( কম্পিউটাৰ সংখ্যাত্মক নিয়ন্ত্ৰক)ৰাওতাৰৰ । পিছে সমস্যা হল, বজাৰত থকা একেবাৰে নিম্নমানৰ এনে চি এন চি একোটাৰ দামো তেতিয়া ৬ লাখ টকাৰ পৰা ৭ লাখ টকা । গতিকে আমাৰ দুয়োৰে বাবে প্ৰয়োজনীয় এই যন্ত্ৰাংশটো কিনাৰ ক্ষমতা আছিল সাৰ্মথ্যৰ বাহিৰত । কিন্তু যন্ত্ৰটো আমাক লাগে । অথচ আমাৰ সামৰ্থ্য নাই । আমি ভাৱি উলিয়ালো, এই প্ৰয়োজনীয় যন্ত্ৰটো আমি নিজেই তৈয়াৰ কৰি নলও কিয় ! সেইমতে যন্ত্ৰটো তৈয়াৰৰ সিদ্ধান্তও ললো । তাৰপিছত আৰু পাছলৈ ঘূৰি চাবলগীয়া হোৱা নাই । আমাৰ নিজৰ সমস্যা সমাধানৰ বাবে তৈয়াৰ কৰি লোৱা যন্ত্ৰটোৱেই এতিয়া গ্ৰাহকৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে । আৰু এইদৰেই এথিৰীয়েল মেচিনৰ আৰম্ভণি । পিছে আগুৱাই যোৱাৰ পথো সিমান সহজ নাছিল আৰু নহয়ো । সমুখত এতিয়াও অনেক বাধা ।"

প্ৰথমটো বাধা হল- নিজৰ সপোন দিঠকত পৰিণত কৰিবলৈ বাবে নিজৰ নিজৰ চাকৰি বাদ দিয়াটো । দ্বিতীয় আৰু গুৰুত্বপূৰ্ণ বাধাটো হল- ইঞ্জিনিয়াৰিঙৰ নতুন স্নাতক দুজনমানে লগলাগি যন্ত্ৰ এটা নিৰ্মাণ কৰিব পাৰিব আৰু এই যন্ত্ৰটোৱে যে বহু গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰাব পাৰিব ,সেই সম্পৰ্কত পতিয়ন নিওৱাটো ।

তথাপিও, অৱশেষত তেওঁলোকে সিদ্ধান্তটো লৈ আগবাঢ়িল আৰু এজন বন্ধুক তেওঁৰ গেৰেজটো ব্যৱহাৰ কৰিবলৈ দিবৰ বাবে সৈমান কৰিবলৈ সক্ষম হল । আৰম্ভ হল অ`ছ`ম এথিৰীয়েল মেচিনৰ কাৰ্যালয় । দুয়ো প্ৰট`টাইপ নিৰ্মাণ কৰি উলিয়ালে আৰু নিজৰ অৱধাৰনাটোক সাকাৰ ৰুপ দিয়াৰ পিছত যন্ত্ৰটোৰ সম্পৰ্কত বজাৰৰ সমীক্ষা চলালে । দুই বন্ধুৰ এই প্ৰয়াসৰ এটা ইতিবাচক দিশ আছিল - বজাৰত পোৱা এনেবোৰ যন্ত্ৰৰ ভিতৰত তেওঁলোকৰ চি এন চি ৰাওটাৰ যন্ত্ৰটোৰ দামেই সবাটোকৈ কম । দুই বন্ধুৰ দাবী – সমগ্ৰ ভাৰতবৰ্ষত তৈয়াৰীকৃত সামগ্ৰীবিধক আৱশ্যকতা অনুসৰী নিজস্ব বৈশিষ্টৰে তৈয়াৰ কৰি উলিওৱাত দেখা দিছিল অনেক সমস্যাৰ ।গতিকে বৃদ্ধি পাইছিল দুয়োৰে চিন্তাও । এথিৰীয়েলে গ্ৰাহকসকলৰ আৱশ্যকতা পূৰণ কৰাই নহয় , সহায় কৰে আন কেতবোৰ কাৰিকৰী দিশতো । দুই বন্ধুৰ এই যন্ত্ৰটোৰ জৰিয়তে কাঠ, মাৰ্বল, গ্ৰেণাইট, প্লাষ্টিক আদিত যিকোনো প্ৰকাৰৰ টু-ডি, থ্ৰী-ডি আদি ডিজাইন খোদাই কৰিব পাৰি । আঁকিব পাৰি নক্সাও।

image


যন্ত্ৰটো বজাৰলৈ উলিয়াই দিয়াৰ লগে লগেই জীৱনৰ আটাইতকৈ ডাঙৰ সত্যটোৰ সৈতে মুখামুখি হবলগীয়া হল দুই বন্ধু । সফলতাৰ পথত যেন দণ্ডায়মান অস্বীকৃতি । “ প্ৰথমটো অৰ্ডাৰ পোৱাটোৱেই আছিল এক বিৰাট প্ৰত্যাহ্ববান । ৬৩ বাৰ বিফল হোৱাৰ পিছতহে আমি পাইছিলো প্ৰথমটো অৰ্ডাৰ । “ পৰিস্থিতি এনে হৈছিলগৈ যে এজন গ্ৰাহকে যেতিয়া গম পালে যে আমি কলেজৰ অন্তিম চেমিষ্টাৰৰহে ছাত্ৰ , তেতিয়া তেওঁ এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিলে যে আমাক গেৰেজৰ পৰা বাহিৰ কৰি দিওৱাৰে অৱস্থাৰ সৃষ্টি হল । গ্ৰাহকজনৰ এনে ক্ষোভৰ কাৰণ হল – তেওঁ নিজেও এনে প্ৰয়াস কৰি বৰ বেয়াকৈ বিফল হৈছিল" – এইদৰে সুঁৱৰিলে কৌশিকে ।

সেই সময়ছোৱা দুয়োৰে বাবে আছিল যথেষ্ট কষ্টকৰ ।

প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল নবীন আৰু কৌশিকে । ২৮০ বৰ্গফুটৰ গেৰেজ এটাত স্থাপিত কাৰ্যালয়ত ঠাই সৰাৰ পৰা আৰম্ভ কৰি সকলো কাম নিজেই কৰিবলগীয়া হৈছিল দুই বন্ধুৱে। ঢেৰ কাম । আকৌ গ্ৰাহক আহিলে ছেলচমেনৰ ৰুপত অৱতীৰ্ণ হব লাগিছিল নিজেই । অৱশেষত যেনিবা ৬৪ তম বাৰত প্ৰথমটো অৰ্ডাৰ পাবলৈ সক্ষম হ'ল । আৰু সফলতাৰ বাটত খোজ পেলাবলৈ সক্ষম হল দুই বন্ধু ।

যদিও বিগত মাহ কেইটাত এথিৰীয়েল মেচিনৰ তালিকাত ডাঙৰ গ্ৰাহকৰ নাম পৰিলক্ষিত হোৱা নাই, তথাপি মেচিনটোৰ ব্যৱসায় ঠিকেই চলিল । “ আমি গৌৰৱ অনুভব কৰোঁ যে আমি আমাৰ যন্ত্ৰটোৰে বহুতকে উদ্যমী কৰি তোলাত সহায় কৰিব পাৰিছো । আমাৰ মেচিনটো ক্ৰয় কৰাৰ পিছত গ্ৰাহকসকলে মাৰ্বল আৰু কাঠত নক্সা তৈয়াৰৰ উপৰি সঠিক অংকন আৰু কাটিবলৈ সক্ষম হৈছিল । তাৰোপৰি ইন্টেৰিঅৰ ডিজাইনিঙৰো বহু অভাব পূৰাবলৈকো সক্ষম হৈছিল যন্ত্ৰটোৱে । দুই বন্ধুৰ এই যন্ত্ৰৰ মূল্য ২ লাখ টকাৰ পৰা ৪ লাখ টকা । উল্লেখযোগ্য যে যন্ত্ৰটো বিক্ৰীৰ মাৰ্কেটিঙৰ বাবে দুই বন্ধুৱে এতিয়ালৈকে কৰা নাই কোনো ব্যয় ।

“ আই টি সেৱাৰ ক্ষেত্ৰখনত ষ্টাৰ্টআপৰ প্ৰভূত বিস্তাৰ থকাৰ সময়ত মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ষ্টাৰ্টআপ এটাৰ প্ৰতিষ্ঠা অত্যন্ত কঠিন কাম ।“ এয়া কৌশিকৰ ভাষ্য । তেওঁলোকৰ ব্যৱসায় নিৰ্ভৰশীল আছিল কেইবাটাও বছৰজুৰি দুয়ো আহৰণ কৰা গভীৰ কাৰিকৰী জ্ঞানৰ ভিত্তিত । বিদেশৰ পৰা এনে মেচিন আমদানি কৰা লোকসকলেও আনকি কাৰিকৰী সমৰ্থন অৰ্থাত্ এনে বিদেশী যন্ত্ৰৰ মেৰামতিৰ বাবেও সন্মুখীন হয় অনেক সমস্যাৰ ।গতিকে এথিৰীয়েল মেচিন এই ক্ষেত্ৰত আগবাঢ়ি থকাৰ অন্যতম মুখ্য কাৰণ । বহলভাবে চাবলৈ গলে – বজাৰৰ সৰ্বত্ৰ চীনা যন্ত্ৰৰ পয়োভৰ । অথচ এই যন্ত্ৰসমূহ চলাওঁতে গ্ৰাহকসকল সন্মুখীন হয় নানা সমস্যাৰ । এই সম্পৰ্কত কৌশিকৰ প্ৰতিক্ৰিয়া হল – আমি তৈয়াৰ কৰা যন্ত্ৰটো এটা বিশেষ ডিজাইনৰ আৰু বিশেষ কাৰিকৰী উপায়েৰে তৈয়াৰ কৰা । সেয়ে ই গ্ৰাহকৰ বাবেও সুচল । ফলত গ্ৰাহকৰ সহাঁৰিও লাভ কৰিছে য্ন্ত্ৰটোৱে । তাৰোপৰি গ্ৰাহকসকলে এই যন্ত্ৰটো চলোৱাত সমস্যাৰ সন্মুখীন নহয় , কিয়নো আমাৰ ইঞ্জিনিয়াৰসকলে এই দিশত সহায় কৰিবলৈ ব্যয় কৰে যথেষ্ট সময় । তাৰোপৰি তেওঁলোক সৰ্বক্ষণ তত্পৰ প্ৰশিক্ষন প্ৰদানৰ ক্ষেত্ৰতো ।

image


বাংগালুৰুৰ এই কোম্পনীটোত এতিয়া কাম কৰি আছে ৬জনকৈ ইঞ্জিনিয়াৰে । কোম্পানীটোৰ আন এটা দিশ হল – গ্ৰাহকসকলৰ দিহা – পৰামৰ্শ আৰু অভিযোগৰ প্ৰতি দিয়া মনোযোগ ।এনে দিহা পৰামৰ্শৰ ভিত্তিত কোম্পানীটোৱে যন্ত্ৰটোৰ সালসলনিও ঘটোৱাৰ প্ৰয়াসো অব্যাহত ৰাখিছে । সদ্যহতে কোম্পানীটো ইতিমধ্যে চাৰিখন ৰাজ্যলৈ বিস্তাৰিত হৈছে । কৌশিক আৰু নবীনৰ হেপাহ - কোম্পানীটোক সময়ৰ সৈতে আৰু আগুৱাই নিয়াৰ ।

ভৱিষ্যতৰ পৰিকল্পনাৰ কথা সদৰি কৰি কৌশিকে কয় – “ মই সমগ্ৰ দেশৰ প্ৰত্যেক ৰাজ্যতে কমেও এটাকৈ হলেও এথিৰীয়েল স্থাপন কৰিবলৈ বিচাৰো । আমি ইতিমধ্যে উপসাগৰীয় দেশসমূহৰ উপৰি শ্ৰীলংকা আৰু নেপালৰ দৰে চুবুৰীয়া দেশৰ গ্ৰাহকৰ সৈতে যোগাযোগ স্থাপন কৰিছো , কিয়নো এই দেশসমূহৰ গ্ৰাহকসকলৰ চীনা যন্ত্ৰৰ ওপৰত ভৰসা নাই ।আমাৰ আশা – অদূৰ ভৱিষ্যতে এই দেশসমুহৰ বজাৰতো দেখিবলৈ পোৱা যাব আমাৰ এই যন্ত্ৰ ।"

মূল- নিশান্ত গোয়েল

অনুবাদ- মনীষা তালুকদাৰ সন্দিকৈ

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

নাৰীয়ে কেৰিয়াৰত উধাব নোৱাৰিলে সমাজেও চাপ নিদিয়েঃ

বিয়াৰ বাবে ফটোগ্ৰাফাৰৰ সন্ধান কৰোতে সৃষ্টি হ'ল কিউ ৱাই কে (Qyk) ৰ

“যদি দৃঢ়বিশ্বাস থাকে তেন্তে সফলতা অনিবাৰ্য”: ডঃ বন্দনা জৈন