চহকী ভাৰতীয়সকল চহকী আমেৰিকান সকলৰ দৰে দানী নহয় কিয় ? আজিম প্ৰেমজীয়ে দিব উত্তৰ

চহকী ভাৰতীয়সকল চহকী আমেৰিকান সকলৰ দৰে দানী নহয় কিয় ? আজিম প্ৰেমজীয়ে দিব উত্তৰ

Friday December 25, 2015,

7 min Read

দান কৰাৰ কলা বুলি কিবা বস্তু আছেনে বাৰু? নথকা নহয়। মাৰ্ক জুকাৰ্বাৰ্গে শেহতীয়াভাবে ঘোষণা কৰিলে যে তেওঁ তেওঁৰ জীৱনকালৰ উপাৰ্জনৰ ৯৯শতাংশ জনহিতৰ বাবে দান কৰিব। জনহিতকৰ দানৰ গুৰু ৱাৰেন বাফেট বা বিল গেটছৰ নামো এইক্ষেত্ৰত লব পৰা যায়। আনকি একেবাৰে ওচৰৰে নিজ দেশৰ আজিম প্ৰেমজীৰ কথাও ক'ব পাৰোঁ। আন একাংশ কৰ্পৰেট জগতৰ শীৰ্ষ ব্যক্তিত্বয়ো মুক্তহস্তে দান কৰা দেখা যায়।


image


অতি সম্প্ৰতি এই লোকহিতৈষী দান কাৰ্যই যথেষ্ট গুৰুত্ব লাভ কৰা দেখা গৈছে। যদিও ভাৰতীয় সকলৰ মাজত নিজৰ সীমিত শক্তিৰে দান বৰঙণি দিয়াৰ এক পৰম্পৰা আছে, কিন্তু সাধাৰণতে বিলিয়ন ডলাৰত কৰা দান বৰঙণিসমুহেহে চৰ্চা লাভ কৰা দেখা যায়। এইক্ষেত্ৰত কিন্তু আজিম প্ৰেমজীৰ অৱদানক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। তেওঁ ১৯৯৯ চনৰে পৰা তেওঁৰ আজিম প্ৰেমজী ফাউণ্ডেশ্বনৰ জৰিয়তে পদ্ধতিগতভাবে লোকহিতৈষী দান কাৰ্য অব্যাহত ৰাখিছে। তেওঁ তেওঁৰ সংস্থা ৱিপ্ৰ'ৰ ৪০শতাংশ শ্বেয়াৰ অৰ্থাৎ প্ৰায় ৫২হাজাৰ কোটি বা ৮.৫ বিলিয়ন ডলাৰ অব্যৱসায়ীক লোকহিতৈষী সংস্থাক দান কৰিছে।

প্ৰেমজীৰ মতে চহকী ভাৰতীসকলে আমেৰিকান সকলতকৈ কম দান কৰাৰ আঁৰত দুটা কথা আছে। “প্ৰথমটো হ'ল, তেওঁলোকৰ পৰিয়াল পৰিজনৰ সংখ্যা তেওঁলোকৰ সম্পত্তিৰ অনুপাতে বেছি। দ্বিতীয়তে, তেওঁলোকে ভাবে যে তেওঁলোকে জীৱনজোৰা আহৰিত সম্পদ আৰু সম্পত্তি তেওঁলোকৰ উত্তৰ প্ৰজন্মলৈ এৰি যাব লাগিব। ”

IIM Bangaloreৰ প্ৰথম প্ৰাক্তন ছাত্ৰ সমাৰোহ IIMBUEত কিৰণ মজুমদাৰ শ্বই ঘোষণা কৰিছিল যে তেওঁ যদি আজিম প্ৰেমজীৰ জীৱনী লিখিব লগীয়া হয়, সেই জীৱনীগ্ৰন্থৰ নাম হব ‘Giving it all.’অৰ্থাত সকলো বিলাই দিয়া।

কীৰণ মজুমদাৰ শ্ব আৰু আজিম প্ৰেমজীৰ মাজত হোৱা অগ্নিবৰ্ষা এক বাৰ্তালাপৰ কিয়দংশ আমি ইয়াত প্ৰকাশ কৰিব ওলাইছো।


image


কীৰণ মজুমদাৰ শ্ব : কি কাৰকে বাৰু আপোনাক এইধৰণৰ এজন লোকহিতৈষী দানী পুৰুষলৈ ৰুপান্তৰিত কৰিলে ? শৈশৱৰ কোনো কথাই আপোনাক এইক্ষেত্ৰত প্ৰভাৱান্বিত কৰিছিল নেকি?

আজিম প্ৰেমজী: লোকহিতৈষী দান কাৰ্যৰ প্ৰতি মোক আকৰ্ষিত কৰা প্ৰথম কাৰক আছিল মোৰ মা। তেওঁ এগৰাকী চিকিৎসক আছিল কিন্তু চিকিৎসকৰ ব্যৱসায়ত নমা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ তেতিয়াৰ বোম্বে আৰু এতিয়াৰ মুম্বাইত প'লিঅ আৰু চেৰিব্ৰেল পালছিত আক্ৰান্ত শিশুসকলৰ বাবে এখন অস্থিৰোগৰ চিকিৎসালয় স্থাপন কৰিছিল। ২৭ বছৰ বয়সৰে পৰা ৭৭ বছৰ বয়সলৈ তেওঁ সেই চিকিৎসালয়খনৰ সঞ্চালক হিচাপে কাম কৰিছিল। তেওঁ ওৰেটো জীৱন এই চিকিৎসালয়খনৰ বাবে ধন আহৰণতে নিয়োজিত হৈ থাকিব লগীয়া হৈছিল। কাৰণ চিকিৎসালয়খন আছিল চৰকাৰী অনুদানৰ ওপৰত নিৰ্ভৰশীল আৰু সেই চৰকাৰী ধন কেতিয়াও সময়ত মুকলি হৈ অহা নাছিল।

কীৰণ মজুমদাৰ শ্ব: আপুনি ধন ব্যয়ৰ ক্ষেত্ৰত সদায় সচেতন। আপুনি কেতিয়াও পঞ্চতাৰকাযুক্ত হোটেলত থকাটো পচণ্ড নকৰে, বিলাসী গাড়ী ব্যৱহাৰ নকৰে। আচলতে আভিজাত্যৰ সকলো প্ৰতীকেই আপুনি পৰিহাৰ কৰি চলে। ইমাৰ বিশাল হাৰত জনহিতকৰ দান বৰঙণিৰ ক্ষেত্ৰত এইকামবোৰে আপোনাক সহায় কৰি আহিছে নেকি?

আজিম প্ৰেমজী: ইয়াৰ কাৰণ হৈছে টকা। কাৰণ দেশখনত ইমান দাৰিদ্ৰতা আছে, আঁচনিৰ ধনৰ ইমান আপচয় হয় আৰু যথেষ্ট সংখ্যক লোক ধনৰ পৰা বঞ্চিত হৈ আহিছে।

কীৰণ মজুমদাৰ শ্ব: এটা আপ্তবাক্য আছে যে ধন আৰু জ্ঞান বিলাব লাগে। আমি তাক সমাজত কিদৰে বিলাম। আপুনি এই কথা বা এই বাৰ্তা সমাজলৈ কিদৰে লৈ গৈ লোকসকলক এইক্ষেত্ৰত উদ্বুদ্ধ কৰে?

আজিম প্ৰেমজী: মোৰ আটাইতকৈ ডাঙৰ অনুতাপটো হল,মই এই কাম যথেষ্ট পলমকৈ আৰম্ভ কৰিলো। প্ৰায় ১৪-১৫বছৰমান আগৰ পৰা মই দেশৰ গাওঁ অঞ্চলৰ বিদ্যালয়সমুহত শিক্ষাৰ ক্ষেত্ৰত সহায় কৰা আৰম্ভ কৰিছিলো। বিগত চাৰিটা বছৰত এই হাৰ অধিক বৃদ্ধি কৰিছো। কাৰণ গাওঁসমুহৰ চৰকাৰী বিদ্যালয়সমুহত উন্নত শিক্ষাৰ যঠেষ্ট প্ৰয়োজনীয়তা আছে। কিন্তু সত্যটো হৈছে আমি সৰুকৈ আৰু পলমকৈয়ে আৰম্ভ কৰিলো।


image


কীৰণ মজুমদাৰ শ্ব: মই আপোনাৰ লোকহিতৈষী দান কাৰ্যৰ অন্য এটা দিশ চুৱ খুজিছো, সেয়া হৈছে আপুনি বিল গেটছৰ সৈতে আৰম্ভ কৰা দান কৰ্ম। আৰু মই আচলতে আপুনি যিধৰণে কৰ্প'ৰেট জগতৰ লোকসকলক এইক্ষেত্ৰত অৰ্থাৎ দান বৰঙণিৰ দিশত উৎসাহ যোগাইছে ,সেই কথা ভাবি যথেষ্ট অনুপ্ৰাণিত হওঁ। আপুনি কিয় ভাবে যে এই ক্ষেত্ৰত লোকসকলক জনোৱাটো প্ৰয়োজন আৰু তাতকৈয়ো গুৰুত্বপূৰ্ণ কথাটো হল আপুনি কিয় বাবে যে লোকসকল নিজৰ সম্পত্তিৰ ক্ষেত্ৰত বহুত আত্মকেন্দ্ৰীক আৰু স্বৰ্থপৰ ?

আজিম প্ৰেমজী: (এক মুহুৰ্তৰ নিৰৱতা) মই ভাবে এইটো এটা বৰ ওজন থকা মন্তব্য (দৰ্শকৰ মাজত হাঁহিৰ ৰোল). মই নাভাবোঁ যে মানুহক কিবা কোৱাৰ প্ৰয়োজন আছে। সৰহসংখ্যক লোকেই জানে তেওঁলোকৰ সামাজিক দায়বদ্ধতা কি। মোৰ মতে চহকী ভাৰতীসকলে আমেৰিকান সকলতকৈ কম দান কৰাৰ আঁৰত দুটা কথা আছে। “প্ৰথমটো হল,তেওঁলোকৰ পৰিয়াল পৰিজনৰ সংখ্যা তেওঁলোকৰ সম্পত্তিৰ অনুপাতে বেছি। দ্বিতীয়তে, তেওঁলোকে ভাবে যে তেওঁলোকে জীৱনজোৰা আহৰিত সম্পদ আৰু সম্পত্তি তেওঁলোকৰ উত্তৰ প্ৰজন্মলৈ এৰি যাব লাগিব। ”

এই কথাটো ভাৰতৰ বিভিন্ন প্ৰান্ততেই আছে। মই ভাবোঁ ভাৰতৰ আটাইতকৈ উদাৰ অঞ্চলটো হল দক্ষিণ ভাৰত।

কীৰণ মজুমদাৰ শ্ব: আমি আজি ইয়াত বৰ্তমান আৰু ভৱিষ্যতৰ সম্পদশ্ৰষ্টাসকলৰ মাজত আছো। আপুনি এইসকলৰ মাজত লোকহিতৈশী দান কৰ্মৰ এই বাৰ্তা কিদৰে প্ৰেৰণ কৰিব ?

আজিম প্ৰেমজী: মই ভাবোঁ সম্পদশীল বৰ্তমানৰ প্ৰজন্ম এইক্ষেত্ৰত যঠেষ্ট উদাৰ। তেওঁলোকে সময়, প্ৰচেষ্টা অথবা ধন দান কৰে লোকহিতৰ বাবে। যিমানদুৰ পুৰণি প্ৰজন্মৰ কথা, তেওঁলোকক কোনোবাই দৃষ্টান্ত দেখুৱাব লাগিব। তাৰ দ্বাৰাই আমি সফলতা আশা কৰিব পাৰোঁ। আচলতে, সৈমান কৰিব লাগে পত্নীসকলকহে !(দৰ্শকৰ মাজত হাঁহিৰ ৰোল)। পত্নীবোৰ এইক্ষেত্ৰত বেছি সংবেদনশীল আৰু তেওঁলোকৰ হাতত এইধৰণৰ কামৰ বাবে সময়ো বহুত থাকে। গিৰিয়েকবোৰ টকা উপাৰ্জনতেই বেছি ব্যস্ত হৈ থাকে। (আকৌ দৰ্শকৰ মাজত হাঁহিৰ ৰোল আৰু কিৰিলি)


image


কীৰণ মজুমদাৰ শ্ব: মই ভাবো পত্নীসকলৰ বাবে এইকথা যথেষ্ট গুৰুত্বপূৰ্ণ। বাৰু, আপুনি ইয়াত প্ৰক্তন ছাত্ৰ সন্মিলনত ভাগ লৈছে। আপুনি ভাবেনে যে নিজৰ প্ৰাক্তন শিক্ষানুস্থানখনলৈ দান বৰঙণি কৰাটো প্ৰয়োজনীয়। আচলতে এই প্ৰশ্নটোৱেই হাস্যকৰ। কিন্তু নিজৰ পুৰণি শিক্ষানুস্থানখনলৈ কিবা এটা নিদিয়াৰ বাবে কোনোবাই অপৰাধবোধ কৰা উচিত নেকি ?

আজিম প্ৰেমজী: মই নাভাবোঁ। মই মোৰ পুৰণি শিক্ষানুস্থানক একো দিয়া নাই (দৰ্শকৰ মাজত হাঁহিৰ ৰোল)। মই ভাবোঁ এইটো ব্যক্তিগত প্ৰাধান্যৰ কথা। কিন্তু বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয় সমুহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ বৰঙণিৰে চহকী হৈ আছে।

কীৰণ মজুমদাৰ শ্ব: কিন্তু মই নিশ্চিত যে আপোনাৰ প্ৰাক্তন স্কুল বা কলেজখনৰ পৰা যদি কোনো সহায়ৰ বাবে আপোনাৰ ওচৰলৈ যায়,আপুনি না নকৰিব।

আজিম প্ৰেমজী: তেওঁলোকে সদায়েই মোৰ ওচৰলৈ যায় (দৰ্শকৰ মাজত হাঁহিৰ ৰোল).।

কীৰণ মজুমদাৰ শ্ব: তেনেহলে আপুনি কিয় না কয়?

আজিম প্ৰেমজী: মই আচলতে দেশৰ বাবে অধিক প্ৰয়োজনীয় বিষয়সমুহক প্ৰথম প্ৰাধান্য প্ৰদান কৰোঁ। (দৰ্শকৰ মাজত হাতচাপৰি)

কীৰণ মজুমদাৰ শ্ব: আজিম, আপুনি দৰ্শকৰ পৰা লাভ কৰা হাতচাপৰি মই পচন্দ কৰা নাই। (দৰ্শকৰ মাজত হাঁহিৰ ৰোল)। কাৰণ মই ভাবোঁ আপুনি আপোনাৰ প্ৰাক্তন শিক্ষানুস্থানসমুহক কিবা প্ৰকাৰে সহায় কৰা প্ৰয়োজন। কাৰণ সেই শিক্ষানুস্থান সমুহৰ বাবে আজি আমি এই স্থানত উপনীত হবলৈ সক্ষম হৈছোহঁক। (দৰ্শকৰ মাজত হাতচাপৰি আৰু কিৰিলি)

আজিম প্ৰেমজী: আপুনি এইবাৰ ভাল হাতচাপৰি পালে (দৰ্শকৰ মাজত হাঁহিৰ ৰোল)

কীৰণ মজুমদাৰ শ্ব: মই ভাবোঁ তেওঁলোকে কথাটো বুজি পাইছে। বাৰু, আন এটা কথা জানিব বিচাৰোঁ, যে কোনো এজন ব্যক্তিয়ে সম্পদশালী হোৱাৰ পিছত লোকহিতৈষী দান কৰ্মৰ ক্ষেত্ৰত বিল গেটছ, এলন মাস্ক, ৱাৰেণ বাফেট বা মাৰ্ক জুকাৰবাৰ্গৰ দৰে আন্তৰ্জাতিক শীৰ্ষ ব্যক্তিসকলৰ কাষ কেতিয়া চাপে। দৰমাহাৰ ওপৰত ভিত্তি কৰি চলি থকা লোকসকলে কিয় এইক্ষেত্ৰত বিশেষ আগনাবাঢ়ে। আপুনি ভাবেনে তেওঁলোক এইক্ষেত্ৰত বিশেষ আগ্ৰহী নহয় ।

আপুনি সেইধৰণৰ এক সংস্কৃতি কিদৰে গঢি উঠিব বুলি ভাবে ।

আজিম প্ৰেমজী: মই নাজানো, তেওঁলোকে দান কৰিছে নে নাই। এই বিষয়ত কোনো কটু কথা কব নিবিচাৰোঁ। এই কামটোৱে কেতিয়াবা প্ৰচাৰ বা গুৰুত্ব লাভো নকৰে।


image


কীৰণ মজুমদাৰ শ্ব: দৰমহাৰে ঘৰ চলোৱা লোকসকলৰ এইধৰণৰ লোকহিতৈষী দান কৰ্মৰ খবৰ বাতৰি সমুহ প্ৰচাৰ মাধ্যমে গুৰুত্ব সহকাৰে প্ৰকাশ আৰু প্ৰচাৰ কৰা উচিত বুলি মই ভাবোঁ। লোকহিতৈষী বৰঙণিৰ বিষয়টো শিক্ষানুস্থানত স্থান দিব পৰা নাযায়নে। আমি বাণিজ্য বিষয়ৰ বিদ্যালয়সমুহত এই বিষয়টো আৰম্ভ কৰিব নোৱাৰোঁ নেকি?

আজিম প্ৰেমজী: নিশ্চয়...আৰু তেওঁলোকে আপোনাক তাৰেই অধ্যাপক নিয়োগ কৰিব পাৰে ( দৰ্শকৰ মাজত পুনৰ হাঁহিৰ ৰোল উঠিল) এইধৰণৰ এটা পাঠ্যক্ৰমে নিশ্চয় বহু কাম দিব।

( এইধৰণৰ এক অগ্নিবৰ্ষা আলোচনাৰ অন্তত কীৰণ মজুমদাৰ শ্বই দৰ্শকক আজিম প্ৰেমজীক প্ৰশ্ন কৰাৰ সুবিধা দিয়ে। তাৰে কিয়দংশ আগবঢাইছো)

ধন দান কৰাৰ ক্ষেত্ৰত লাভ কৰা প্ৰত্যাহ্বান সম্পৰ্কত এক প্ৰশ্নৰ উত্তৰত আজিম প্ৰেমজীয়ে কয়, “আমি সমূখিন হোৱা ডাঙৰ প্ৰত্যাহ্বানটো হৈছে সমস্যাটোৰ আকাৰ, পৰিসৰ আৰু গভীৰতাটো। এইক্ষেত্ৰত হতাশাৰ বহু থল থাকি যায়। এটা সংস্থা যিমানেই ডাঙৰ নহওঁক কিয়, আটাইতকৈ ডাঙৰ হতাশাটো আহে দানৰ কৰাৰ বাবে উচিত পথ নাথাকিলে। আমি চৰকাৰী শাসনযন্ত্ৰটোত নিৰ্ভৰ কৰিব লগীয়া হয়। আৰু তাৰেই ওপৰত ভৰষা কৰিবলগীয়া হয়। ”

তেওঁ ৰাজনীতিৰ ক্ষেত্ৰখনলৈ কিয় ঢাপলি মেলা নাই বুলি সোধা এটা আকৰ্ষণীয় প্ৰশ্নৰ উত্তৰত প্ৰেমজীয়ে কয়, “ কাৰণ এইটো কৰিলে মই কেইবছৰমানৰ ভিতৰতেই মৰি থাকিম। মই ভাবো, এজন ৰাজনীতিবিদ হবৰ বাবে আপুনি নিজৰ ভিতৰতেই এক অসংবেদনশীলতাৰ জন্ম দিব লাগিব। ”

কথা বতৰাৰ এই অধ্যায়টোৰ অন্ত পৰিল এজন লোকে দান কৰিবৰ বাবে কিদৰে সিদ্ধান্ত লব বা আৰম্ভ কৰিব বুলি উত্থাপিত এটা প্ৰশ্নৰ এক গুৰুত্বপূৰ্ণ উত্তৰেৰে -

“যোৱা সপ্তাহত আমাৰ লোকহিতৈষী দান কৰ্মৰ পদক্ষেপ সন্দৰ্ভত এক বৈঠকৰ আয়োজন কৰা হৈছিল। সেই বৈঠকত নিজৰ পৰিয়ালৰ বহুজনে লোকহিতৈষী বৰঙণিৰ ক্ষেত্ৰত আগভাগ লোৱা এজন সদস্যই কৈছিল যে তেওঁ শৈশৱত উপহাৰ স্বৰূপে লাভ কৰা ধনৰ ২৫শতাংশ এইধৰণৰ লোকহিতৈষী বৰঙণিৰ বাবে ৰাখিছিল। তেওঁ যেতিয়া ২বছৰীয়া আছিল তেতিয়াৰে পৰা এইকাম কৰি আহিছে। গতিকে আপুনিও লোকহিতৈষী পদক্ষেপ এইদৰেই আৰম্ভ কৰিব পাৰে। ”

মূল --- দিপ্তী নায়াৰ

অনুবাদ--- প্ৰাঞ্জল শৰ্মা