এগৰাকী মূখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব লোৱা প্ৰথম মহিলা আই পি এছ সুবাষিণী শংকৰণ

এগৰাকী মূখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব লোৱা প্ৰথম মহিলা আই পি এছ সুবাষিণী শংকৰণ

Tuesday November 22, 2016,

2 min Read

সুবাষিণী শংকৰণক চিনি পায়নে ? জুলাই মাহত অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হোৱা সুবাষিণী হৈছে ভাৰতৰ যিকোনেো মূখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব লাভ কৰা প্ৰথমগৰাকী মহিলা আই পি এছ বিষয়া । নিউজ ১৮ৰ এক বাতৰিত এই কথা প্ৰকাশ ।

Image : News18

Image : News18


তামিল নাডুৰ তাঞ্জাভুৰৰ কুম্বকোণমত এটা শিক্ষিত মধ্যবিত্ত পৰিয়ালত সুবাষিণী জন্ম হৈছিল। তেওঁৰ পিতৃ মাতৃৰ সৈতে ১৯৮০ চনত মুম্বাইলৈ গুছি যায় । মুম্বাইৰপৰা স্কুলীয়া শিক্ষা শেষ কৰি চেইন্ট জেভিয়াৰ্ছ কলেজৰপৰা সমাজ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে । ইয়াৰ পাছত নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ আৰু এম ফিল ডিগ্ৰী লাভ কৰে । 

জে এন ইউত থকা অৱস্থাতে সুবাষিণীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰে । ইউ পি এছ চিত ২৪৩ তম স্থান লাভ কৰাৰ পাছত তেওঁ আই পি এছ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি অসমত নিযুক্তি লাভ কৰে । "প্ৰথমতে সকলোৰে বাবে আচহুৱা হ'লেও লাহে লাহে মানুহে মূখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত এগৰাকী মহিলা বিষয়া থকা কথাটো সহজভাৱে লবলৈ আৰম্ভ কৰে ।" তেওঁ কয় ।

মূখ্যমন্ত্ৰী এজনৰ নিৰাপত্তাৰ বিষয়টোত কোনো ভুলৰ স্থান নাই । মূখ্যমন্ত্ৰীৰ যাতায়তৰ সৈতে জড়িত সকলো কথা আৰু যাত্ৰাপথৰ পৰিকল্পনাৰে দায়িত্বত আছে সুবাষিণী । আনহাতে মূখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা সকলো গোটৰ তদাৰকীৰো দায়িত্ব তেওঁৰে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এজন ২০ টকীয়া ডাক্টৰৰ মৃত্যুত শোকস্তব্ধ কোইম্বটুৰ

ভাৰতীয় কমাণ্ডোৰ মহিলা প্ৰশিক্ষক সীমা ৰাও

সমাজ সচেতন এজন গ্ৰাম্য বিজ্ঞানী

উত্তৰ পূৱত কাঠফুলাৰ খেতিৰে বিপ্লৱ সুচনা কৰা উদ্যমীজন