কৰ্ণাটকৰ উদ্যোগৰ বিকাশ দীৰ্ঘকালীন আৰু প্ৰত্যাশিত বুলি ক’লে জাপানী কোম্পানীয়ে

কৰ্ণাটকৰ উদ্যোগৰ বিকাশ দীৰ্ঘকালীন আৰু প্ৰত্যাশিত বুলি ক’লে জাপানী কোম্পানীয়ে

Sunday February 07, 2016,

3 min Read

ইনভেষ্ট কৰ্ণাটক ২০১৬ সন্মিলনৰ অসামান্য পেনেলসমূহৰ এখনত ভাগ লোৱা আগশাৰীৰ জাপানী আৰু ভাৰতীয় ব্যৱসায়ী সকলে ক’লে উদ্যোগে স্থানীয় লোকসকলৰ সৈতে সমিলমিলেৰে কাম কৰি কেনেদৰে গাওঁ আৰু চহৰ সমূহৰ বিকাশ সাধন কৰিব পাৰে।

image


ফ্ৰান্স, জাৰ্মানী, ব্ৰিটেইন, ইটালী, ছুইডেন, জাপান আৰু দক্ষিণ কোৰিয়াৰ দৰে দেশে ভাগ লৈছিল এই বৰ্ষৰ ইনভেষ্ট কৰ্ণাটক সন্মিলনত।

বাংগালুৰুৰ এই সন্মিলনখনত উপস্থিত থাকি জাপানৰ কাউন্সিল জেনেৰেল জুনিচী কবাএই ক’লে- ভাৰতত ১২০০ তকৈও অধিক জাপানী কোম্পানীয়ে কাম কৰি আছে। এই ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহত্তম ক্ষেত্ৰ। ছনী, হ’ণ্ডা, মিটচুবিছী, হিটাচীৰ দৰে কোম্পানীৰ কথা বহু ভাৰতীয়ই জানে যদিও, ভাৰতত আন বহু জাপানী কোম্পানীয়ে সক্ৰিয় ভাবে কাম কৰি আছে।(আমেৰিকাৰ কেইবাটাও ভেঞ্চাৰ কেপিটেল কোম্পানীৰো ভাৰতত সুদৃঢ় ভেটি আছে। কিন্তু ছফট বেংক এণ্ড বিনছৰ দৰে জাপানৰ বিনিয়োগকাৰীয়েও ভাৰতত কাম কৰি আছে।)

টয়টা কিৰ্লোস্কাৰ মটৰৰ ভাইছ প্ৰেচিডেন্ট শেখৰ বিশ্বনাথন ভাষ্য অনুসৰি- যদিও অধিকাংশই ফেক্টৰী ডিজাইন আৰু উৎপাদনৰ ওপৰত গুৰুত্ব দিয়ে, ভাৰতৰ উৰ্ধগামী অৰ্থনীতিৰ বাবে নিকটবৰ্তী অঞ্চলৰ পাৰিপাৰ্শ্বিকতাৰ উন্নতি সাধন কৰাটোও প্ৰয়োজনীয়।

টয়টা কিৰ্লোস্কাৰে গঠন কৰিছিল বিদাদী ঔদ্যোগিক এছ’ছিয়েশ্বন (BIA) । বিদাদী ঔদ্যোগিক এছ’ছিয়েশ্বনৰ মুখ্য কাৰ্যবাহী তথা টয়টা কিৰ্লোস্কাৰৰ ডিজিএম ৰহেন্দ্ৰ হেগড়েই কোৱা মতে বিদাদী ঔদ্যোগিক এছ’ছিয়েশ্বনে Bosch আৰু অন্যান্য কোম্পানীক সমুহীয়াকৈ নেতৃত্ব দি সামাজিক কাম কাজৰ উদ্যোগ গ্ৰহণ কৰি আহিছে।

মডেল টাউনশ্বিপৰ বিকাশৰ বাবে বিআইএই স্থানীয় বাট-পথৰ উন্নয়ন, ষ্ট্ৰীট লাইট, বিদ্যালয়ৰ আন্তঃগাঠনি, নলা- নৰ্দমাৰ সুব্যৱস্থা আৰু অভিযোগ নিৰ্মূলৰ কাম কৰি আহিছে। সুৰক্ষা সচেতনতা অভিযানো ইয়াৰ অন্তৰ্ভুক্ত। পথৰ মাজত ডিভাইডাৰ আৰু ফুটপাথ নিৰ্মাণ আৰু পথৰ দাঁতিত পানী জমা নোহোৱাকৈ নলাৰ নিৰ্মাণৰ কামো কৰে বিআইএই।

স্থানীয় লোক সকলৰ সহায়ৰ বাবে এক হেল্পলাইনৰো আৰম্ভ কৰা হৈছে। লগতে স্থানীয়লোক সকলৰ সুস্বাস্থ্যৰ বাবে মেডিকেল কেম্প তথা পোহনীয়া জন্তুবোৰৰ স্বাস্থ্য পৰীক্ষাৰ বাবেও স্থানীয় গাওঁবোৰত ২০ টাতকৈও অধিক মেডিকেল কেম্প আয়োজিত কৰিছে। মহিলা উদ্যোগী সকলক সহায় কৰা, গণিত মেলাৰ জৰিয়তে ল’ৰা-ছোৱলীৰ শিক্ষাৰ ক্ষেত্ৰতো সহায়ৰ হাত আগবঢ়োৱা কাৰ্যসুচীও হাতত লয়। স্থানীয় কৃষকৰ কৃষি ক্ষেত্ৰত পানী সিঁচাৰ বাবে আৰ্থিক সাহাৰ্যও আগবঢ়ায় আহিছে বিআইএই।

হেগড়েই কয়- “আমি কৰ্ণাটকৰ অন্য সংগঠন সমূহৰ সৈতে একেলগে কাম কৰি মডেল টাউনশ্বিপৰ পৰিবেশ গঢ়ি তুলিব বিচাৰোঁ। লগতে অন্য ৰাজ্যতো অধিক বিনিয়োগৰ বাবে আকৰ্ষিত কৰিবৰ বাবে আমি চেষ্টা চলাই আছো।”

কেইটামান জাপানী কোম্পানীও গাঁৱৰ বিদ্যালয়ৰ আন্তঃগাঠনি তথা বিদ্যালয়ৰ পৰিবেশ নিকাকৰণৰ কামত জড়িত হৈ আছে। জাপানী কোম্পানী সমূহত কাম কৰা লোকসকলৰ ল’ৰা-ছোৱালীয়ে অধ্যয়ন কৰে এই বিদ্যালয় সমূহত।

কেভিন ফিৰ কৰ্যবাহী সঞ্চালক মাচাকী যাশিমাৰ ভাষ্য অনুসৰি যিখন সমাজত কোম্পানীসমূহে কাম কৰে তাত তেওঁলোকে ব্যাপক ভাবে পৰ্যবেক্ষণ কৰা প্ৰয়োজন।

কোম্পানীসমূহৰ মূল্যবোধ মূলত পাঁচটা কথাৰ ওপৰত আধাৰিত। নিৰাপত্তা, বিশ্বাস, পাৰস্পৰিক সৃষ্টিশীলতাও ইয়াৰ অন্তৰ্গত। যিবোৰ মডেল কৰ্পৰেটৰ মূল আধাৰ। JETRO বাংগালুৰুৰ সঞ্চালক প্ৰধান জন্যা তাশিৰৰ ভাষ্য অনুসৰি কোনো জাপানী কোম্পানীয়ে নিজৰ ভাৰতীয় অংশীদাৰৰ সৈতে এনেধৰণৰ উদ্যোগ হাতত লৈ আহিছে। জাপানী কোম্পানীয়ে নিজৰ সামাজিক দ্বায়িত্ববোধৰ উদ্যোগ হিচাপে অবেদনহল্লী অঞ্চলৰ বিদ্যালয় সমূহত শৌচাগাৰ আৰু পানী টেংক নিৰ্মাণ কৰি দিছে।



মুলঃ য়’ৰ ষ্টৰী হিন্দী

অনুবাদ- মুকুন্দ মাধৱ নেওগ


আমাৰ ফেচবুক পেজ লাইক কৰক


এইধৰণৰ অন্যান্য কাহিনী


অন্য দেশৰ তুলনাত ভাৰতৰ অৰ্থনীতি অধিক উন্নত আৰু স্থিতাৱস্থাত আছেঃ জেটলী

কৰ্ণাটক-জাৰ্মানীৰ সম্পৰ্ক শিখৰলৈ উঠাৰ ১০টা কাৰণ

ইনভেষ্ট কৰ্ণাটকা ২০১৬- এক যুগান্তকাৰী পদক্ষেপ

বিনিয়োগৰ অনুকুল পৰিবেশ গঢ়ি তোলাত সফল কৰ্ণাটক