নিজে কষ্টকৰ জীৱন কটাইও আনৰ বাবে লাখ টকাৰ বিনামূলীয়া ঔষধ গোটোৱা ৭৯ বছৰীয়া ‘মেডিচিন বাবা’

নিজে কষ্টকৰ জীৱন কটাইও আনৰ বাবে লাখ টকাৰ বিনামূলীয়া ঔষধ গোটোৱা ৭৯ বছৰীয়া ‘মেডিচিন বাবা’

Friday December 11, 2015,

3 min Read

তেওঁ দিল্লীৰ গলিয়ে গলিয়ে দৰিদ্ৰৰ বাবে ঔষধ বিচাৰে...

দিল্লীৰ ডাঙৰ ডাঙৰ হাস্পতালত ঔষধৰ অনুদান দিয়ে...

দাৰিদ্ৰতাৰ মাজতো আন দৰিদ্ৰক সহায় কৰে...

প্ৰকৃত নাম ঔমকাৰনাথ শৰ্মা কিন্তু মানুহে তেওঁক মাতে মেডিচিন বাবা বুলি...

প্ৰতিমাহে লাখ টকাৰ ঔষধ গোটাই দৰিদ্ৰৰ হাতত তুলি দিয়ে...

সাধাৰণতে বাবা শব্দটো ক’লে ধৰ্মৰ প্ৰচাৰ কৰা এজন বৃদ্ধৰ ছবি মানসপটত ভাঁহি উঠে।কিন্তু দিল্লীত এনে এজন বাবা আছে যিজনে ধৰ্ম,জাতি সকলোৰে উৰ্ধত মানৱতাক আগস্থানত ৰাখি কেৱৰ দৰিদ্ৰৰ সেৱাকে জীৱনৰ ব্ৰত কৰি লৈছে। কেৱল জ্ঞানৰ পোহৰ বিলোৱাই নহয় তেওঁ দৰিদ্ৰৰ জীৱন সলনি কৰাৰ ক্ষেত্ৰতো কাম কৰি গৈছে।শাৰীৰিক দিশত বিশেষভাৱে সক্ষম এইজন ৭৯বছৰীয়া ব্যক্তিয়ে কেৱল প্ৰৱল ইচ্ছাশক্তিৰে কৰ্মক্ষেত্ৰত এজন যুৱককো সহজতে চেৰাই যাব পাৰে।

image


হয় আমি উল্লেখ কৰা এইজন ব্যক্তিয়েই হৈছে মেডিচিন বাবা।বয়সৰ দিশেৰে যথেষ্ট বৃদ্ধ এইজন মহান ব্যক্তিয়ে বিগত কেইবাবছৰৰ পৰা দিল্লী,নয়দা,গাজিয়াবাদ,গুৰগাওঁৰ গলিয়ে গলিয়ে ঘুৰি মানুহক ঘৰত থকা পুৰণি ঔষধ দান দিবলৈ আহ্বান জনাই আহিছে।ঔমকাৰনাথ নামৰ এইজন ব্যক্তিক তেওঁৰ কামৰ বাবে ৰাইজে নাম দিছে মেডিচিন বাবা।ঔমকাৰনাথ নয়দাৰ কৈলাশ হাস্পতালত এসময়ত টেকনিচিয়ান ৰূপে কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট।

মেডিচিন বাবা ভাষাত, “দিল্লীৰ লক্ষ্মী নগৰত মেট্ৰ’ৰ কাম চলি থকাৰ সময়ত সংঘটিত এটা দুৰ্ঘটনাত কেইবাজনো শ্ৰমিকৰ প্ৰাণহানি হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছিল বহুকেইজন কৰ্মৰত শ্ৰমিক।এই দুৰ্ঘটনাই মোক বিহ্বল কৰি তুলিছিল আৰু মোৰ চকুৰ পৰা টোপনি পৰ্যন্ত উৰি গৈছিল।তেতিয়াই দৰিদ্ৰসকলৰ বাবে কিবা কৰাৰ হেঁপাহে মোৰ মনত ভুমুকি মাৰে।মই দেখিছিলো কিদৰে দৰিদ্ৰ লোকৰ হাতত দৰৱ কিনিবলৈ পইচা নাথাকে আৰু চিকিৎসকেও দৰৱ মজুত নথকাৰ দোহাই দি তেওঁলোকৰ চিকিৎসা কৰিবলৈ অপাৰগতা প্ৰকাশ কৰে। প্ৰথমে বজাৰৰ পৰা দৰৱ কিনি আনিলেহে চিকিৎসা সম্ভৱ হ’ব বুলি তেওঁলোকক কৈ দিয়া হয়।কিন্তু দৰৱবোৰ যথেষ্ট মহঙা হোৱাৰ বাবে তেওঁলোকৰ বাবে এইসমূহ ক্ৰয় কৰাটো দুৰুহ হৈ পৰে।এই অসুবিধাৰ বাবেই তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হয় আৰু মুৰকত দৰৱৰ অভাৱত তেওঁলোক আন বহু জটিল ৰোগত আক্ৰান্ত হৈ পৰে।”

image


এনে চিন্তাৰে ঔমকাৰনাথে এটা গেৰুৱা ৰঙৰ হলৌ চোলা চিলাই তাত ডাঙৰ ডাঙৰকৈ নিজৰ ফোন নম্বৰ, ইমেইল সকলো লিখি সেই চোলা পৰিধান কৰি দিল্লীৰ গলিয়ে গলিয়ে দৰিদ্ৰৰ বাবে ঔষধ বিচাৰি ওলাই আহে।আজিলৈকে সেই ধাৰা অব্যাহত আছে।ঘৰে ঘৰে গৈ তেওঁ সকলোকে ব্যৱহাৰ নকৰা ঔষধ দান দিবলৈ আহ্বান জনায়।এনেদৰে সংগৃহীত ঔষধসমূহ মেডিচিন বাবাই চিকিৎসালয়ৰ চিকিৎসকৰ হাতত তুলি দিয়ে যাতে ইয়াৰ দ্বাৰা কোনো দৰিদ্ৰৰ চিকিৎসা সম্ভৱ হয়।

প্ৰতিমাহে এনেদৰে মেডিচিন বাবাই লাখ টকাৰ ঔষধ দান কৰি আহিছে।দিল্লীৰ এইমছ,ৰাম মনোহৰ লোহিয়া হাস্পতাল,লেডী হাৰ্ডিগ মেডিকেল কলেজ আৰু দীন দয়াল উপাধ্যায় হাস্পতালত তেওঁ এনেদৰে ঔষধ দান কৰে।

বৰ্তমান কেৱল দেশৰে নহয় বিদেশৰ পৰাও বিভিন্ন লোকে মেডিচিন বাবালৈ ঔষধ প্ৰেৰণ কৰে যাতে তেওঁ সেই ঔষধ আৰ্তজনৰ হাতত তুলি দিব পাৰে।ঔষধৰ লগতে হুইলচেয়াৰ, অক্সিজেন চিলিণ্ডাৰ, বিচনা, চিৰিঞ্জ আদিও তেওঁলৈ প্ৰেৰণ কৰে বিভিন্নজনে।উত্তৰাখণ্ডৰ জলপ্ৰলয়ৰ সময়তো মেডিচিন বাবাই সম্পূৰ্ণ সহায় আগবঢ়াই লাখ টকাৰ ঔষধ বিধ্বস্ত এলেকালৈ প্ৰেৰণ কৰিছিল।

মেডিচিন বাবাই জনোৱা মতে ঔষধসমূহ ভালদৰে ৰখাৰ ক্ষেত্ৰত তেওঁৰ বহুতো অসুবিধা হয়।তেওঁ এটা সৰু ভাড়াঘৰত থাকে আৰু সেইটোৱে তেওঁৰ কাৰ্যালয়ো।ব্যক্তিগত সকলো সম্পদ তেওঁ নিজৰ মহান উদ্দেশ্যত খটুৱাইছে যদিও চৰকাৰৰ তৰফৰ পৰাও কিছু সহযোগিতা তেওঁ কামনা কৰে।চৰকাৰী সহায়ে এই কাম দ্ৰুততৰ আৰু বিস্তাৰিত কৰি তুলিব বুলি তেওঁ আশাবাদী।দৰিদ্ৰ ৰাইজক সহায় কৰিবলৈ ভৱিষ্যতে তেওঁ এটা মেডিচিন বেংক নিৰ্মাণ কৰিব বিচাৰে য’ত বিপদত পৰাজনে বিনামূলীয়াকৈ ঔষধ লাভ কৰিব পাৰিব।

মেডিচিন বাবাই ভালদৰে খোজ কাঢ়িব নোৱাৰে কিন্তু কেৱল মানুহক সহায় কৰাৰ অদম্য হেপাঁহেৰে নিজৰ বাটত অগ্ৰসৰ হৈছে এইজন ব্যক্তি।নিস্বাৰ্থ ভাৱে সেৱা আগবঢ়াই যোৱা মেডিচিন বাবাই দেশৰ সকলোৰে সুস্বাস্থ্য কামনা কৰে।দৰিদ্ৰ ৰাইজৰ সহায় কৰাটো তেওঁ নিজৰ ধৰ্মৰূপে গ্ৰহণ কৰিছে আৰু নিজৰ কামক লৈ তেওঁ অত্যন্ত সুখী।তেওঁৰ মতে সামৰ্থবান সকলে দৰিদ্ৰসকলক সহায় কৰিবলৈ নিজে আগবাঢ়ি অহা উচিত।

image


মূল-আশুতোষ খান্তৱাল

অনুবাদ-তুলিকা দেৱী