স্বাৱলম্বী ‘কাৰ্পেট গাঁও’ মালগাঁও

স্বাৱলম্বী ‘কাৰ্পেট গাঁও’ মালগাঁও

Tuesday January 19, 2016,

3 min Read

নিতান্তই ভ্ৰমণৰ উদ্দেশ্যৰে গৈছিল বাৰাণসী, ভাদোহিলৈ। ঘূৰা-ফুৰাৰ মাজতে কৌতুহলী দৃষ্টিয়ে বিচাৰি পাইছিল সূতা-ঊণৰ যাদু। কাৰ্পেটৰ চহৰ ভাদোহি আৰু বাৰাণসীয়ে বহুত কথাই শিকালে আবু তাহেৰক। উত্তৰ প্ৰদেশৰপৰা উত্তৰ দিনজানপুৰৰ মালগাঁৱৰ ঘৰলৈ উভতি আহি তেওঁ ভাবিলে এবাৰ চেষ্টা কৰি চালে কেনে হয়। সেই চেষ্টাই আজি মালগাঁৱক স্বনিৰ্ভৰ কৰি তুলিছে। কৃষিকৰ্ম পৰিহাৰ কৰি পাণ্ডৱবৰ্জিত গাঁওখনৰ বাসিন্দাসকলে গোটেই বছৰটো আজিকালি ব্যস্ত থাকে চৌখিন কাৰ্পেট প্ৰস্তুত কৰাত। তেওঁলোকে প্ৰস্তুত কৰা কাৰ্পেট ভাদোহী, বাৰাণসী হৈ আমেৰিকা-ইউৰোপলৈও যায়।


image


উত্তৰ দিনাজপুৰ জিলাৰ সদৰ ৰায়গঞ্জৰপৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত্ব। ২৫ বছৰমানৰ আগলৈকে কৃষিৰ বাহিৰে যে আন কোনো বিকল্প পেছা থাকিব পাৰে সেই কথা জনাই নাছিল ইয়াৰ ভূমিপুত্ৰসকলে। কৃষি কৰি কোনো ভাল কাম কৰিবলৈ ইচ্ছা থাকিলেও মহাজনৰ ঋণ আৰু প্ৰাকৃতিক দুৰ্যোগত হেৰাই গৈছিল কৃষিজীৱী লোকসকল। গাঁওখনৰ এজন বাসিন্দা আবু তাহেৰে ১৯৮০ চনত ফুৰাৰ উদ্দেশ্যৰে উত্তৰ প্ৰদেশৰ কেইখনমান ঠাইলৈ গৈছিল। বাৰাণসী, ভাদোহিলৈ গৈ তাৰ হস্তশিল্প দেখি আশ্বৰ্যচকিত হৈ পৰিছিল আবু তাহেৰ। দেখিলে যে ভাদোহি আৰু বাৰাণসীৰ গাঁওসমূহত সকলোৱেই কাৰ্পেট প্ৰস্তুত কৰাত ব্যস্ত। ইয়াতকৈ ডাঙৰ দৃষ্টান্ত আৰু কি লাগে? ঘূৰা-ফুৰা পাহৰি তেওঁ মাথোঁ চালে সূতা আৰু ঊণৰ কাম। তেতিয়াই তেওঁৰ মূৰত বাহ ল’লে কাৰ্পেটত ভূতে।

অজুত সপোন লৈ ঘৰলৈ উভতি অহাৰ পিছত প্ৰতিবেশীসকলৰপৰা কিন্তু আশাপ্ৰদভাৱে উৎসাহ পোৱা নাছিল। একপ্ৰকাৰ জেদ ধৰিয়েই মেচিন আনি কাৰ্পেত নিৰ্মাণ আৰম্ভ কৰিলে। কাৰ্পেট বিক্ৰীৰ বাবে আগতেই কথা পাতি থৈছিল ভাদোহিৰ ব্যৱসায়ীসকলৰ সৈতে। গতিকে কাৰ্পেট ঘৰত পৰি নাথাকিল। আবু তাহেৰৰ হাতৰ কামত প্ৰতিবেশীসকলো প্ৰভাৱিত হ’ল। দেখাক দেখি কাম আৰম্ভ কৰিলে অন্যসকলেও। লাহে লাহে মালগাঁও নামৰ এই গাঁওখনৰ প্ৰায় ৫০০ লোক এই পেছাৰ সৈতে সংযুক্ত হৈ পৰিল।


image


কাৰ্পেটৰ কেঁচামাল আহে উত্তৰ প্ৰদেশৰ ভাদোহি, মিৰ্জাপুৰ আৰু পঞ্জাৱৰ লুধিয়ানাৰপৰা। এক কিলোগ্ৰাম সূতা অনাৰ বাবে খৰচ পৰে প্ৰায় ২০টকা। প্ৰতি বৰ্গফুটত ১০০টকাৰ পৰা ইয়াৰ কাৰ্পেটৰ দাম আৰম্ভ। সৰ্বোচ্চ দাম ১০০০টকা। কৰ্মীসকলৰ মজুৰী দৈনিক ২০০টকাৰ পৰা ১০০০টকা পৰ্যন্ত। বছৰি প্ৰায় ১ কোটি টকাৰ কাৰ্পেট ৰপ্তানি কৰে এই গাঁওখনে। মূলতঃ কাৰ্যালয়, ঘৰ আৰু শ্ব’ৰুমৰ কাৰ্পেট এই গাঁওখনত প্ৰস্তুত কৰা হয়। সমান্তৰালভাৱে ৱাল হেংগিঙৰ চাহিদাও পূৰণ কৰে গাঁওখনে। বছৰজুৰি কাম। গতিকে চাইকেল এৰি মটৰচাইকেলত ঘূৰে অঞ্চলটোৰ যুৱকসকলে। সাধাৰণ ৰঙীন টেলিভিশ্যনৰ স্থান অধিকাৰ কৰিছে ফ্লেট টিভিয়ে। কাৰ্পেটে তেওঁলোকৰ অন্ধকাৰ বহু পৰিমাণে ঢাকি পেলাইছে। গাঁওখনৰ কাৰ্পেটৰ পুৰোধা আবু তাহেৰে কয়, ‘আমি উৎপাদন কৰা সামগ্ৰী উত্তৰ প্ৰদেশ আৰু পঞ্জাৱলৈ প্ৰেৰণ কৰো। তাৰপৰা মাৰ্কিন যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ফ্ৰান্স, জাপানলৈ যায়। শীতপ্ৰধান ঠাইবোৰত ভাল চাহিদা আছে। চাহিদা বহুত, কিন্তু বিপণন আমি নিজেই কৰিব পাৰিলে আৰু বেছি ভাল হ’লহেঁতেন।’


image


আবু তাহেৰে য’ৰপৰা আৰম্ভ কৰিছিল, তাৰপৰাই আৰম্ভ কৰিছে শ্বাহনৱাজ হুছেইন, শ্বামিম ৰিয়াজহঁতে। তেওঁলোকৰ দৰে নতুন প্ৰজন্মও কাৰ্পেটক লৈ সমানেই উৎসাহী। শ্বাহনৱাজৰ দৰে বহুতেই কেইবছৰমান আগলৈকে খেতি কৰিছিল। এতিয়া নাঙল এৰি তেওঁলোক ব্যস্ত কাৰ্পেট প্ৰস্তুত কৰাত। মাত্ৰ প্ৰশাসনৰ মুখাপেক্ষী নহৈ এই কুটিৰ শিল্পক আৰু বহুতৰ ওচৰলৈ কেনেকৈ লৈ যাব পাৰি তাৰ বাবে পৰিকল্পনা কৰিছে এওঁলোকে। শ্বাহনৱাজহঁতে নিজৰ সামগ্ৰী লৈ দেশৰ বিভিন্ন হস্তশিল্প মেলাত অংশগ্ৰহণ কৰে। মঞ্জুষাৰ দৰে চৰকাৰী সংস্থা আৰু বহুতো বেচৰকাৰী প্ৰতিষ্ঠানে মালগাঁৱৰ কাৰ্পেটক লৈ আগ্ৰহ প্ৰদৰ্শন কৰিছে। উত্তৰ দিনজানপুৰৰ ‘কাৰ্পেট গাঁও’ৰ শিল্পীসকলে বিশ্বাস কৰে বিপণন ভালদৰে হ’লে তেওঁলোকৰ কামৰ কথা নতুন নতুন ঠাইলৈ প্ৰসাৰিত হ’ব।

মূল: তন্ময় মুখাৰ্জী

অনুবাদ: ৰুবুল দাস

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

4G ডিভাইচ শ্বিপমেন্টৰ বৰ্ধিত পৰিসংখ্যাই ইন্টাৰনেট ষ্টাৰ্ট-আপসমূহক কিমান লাভান্বিত কৰিব?

'ভাল' যেন লগা 'বেয়া' ষ্টাৰ্ট-আপ পৰিকল্পনাৰ পৰা কেনেকৈ বাচিব পাৰি

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী