পেম্বা গিয়ালজে শ্বেৰ্পা- নিষ্ঠুৰ পৰ্বত k2ত সাহস আৰু জীৱন সংগ্ৰামৰ কাহিনী:

পেম্বা গিয়ালজে শ্বেৰ্পা- নিষ্ঠুৰ পৰ্বত k2ত সাহস আৰু জীৱন সংগ্ৰামৰ কাহিনী:

Wednesday November 18, 2015,

8 min Read

৪৮ ঘণ্টাৰ ভিতৰত প্ৰকৃতিয়ে পৰ্বতাৰোহণৰ বুৰঞ্জীৰ অন্যতম শিহৰণকাৰী দুৰ্ঘটনা, বিজয় আৰু বীৰত্বৰ কাহিনীটো সৃষ্টি কৰিছিল। ২০০৮ চনত ১ আগষ্টৰ বিয়লি, পৃথিৱীৰ দ্বিতীয় সৰ্ব্বোচ্চ শৃংগ ৮০০০ মিটাৰ ওখ k2, আৰু সূৰ্যটো তেতিয়া পৃথিৱীৰ ঢালেৰে নামিবলৈ আৰম্ভ কৰিছিল। জীয়াই থকা সকলে কয়, শংগ জয়ৰ বাবে সেয়া এক আদৰ্শ দিন আছিল।

বিভিন্ন আন্তৰ্জাতিক পৰ্বতাৰোহণ অভিযানৰ ১৮ গৰাকী সদস্যই শৃংগ জয়ৰ সফল অভিযানৰ উল্লাস ক্ৰমাৎ হ্ৰাস পাবলৈ আৰম্ভ কৰা যেন অনুভৱ কৰিছিল। ৮০০০ মিটাৰ উচ্চতাৰ এটা শৃংগৰ পৰা নামি অহাৰ পথত পৃথিৱীৰ আটাইতকৈ বিপদজনক স্থানত কেইজনমান পৰ্বতাৰোহী আবদ্ধ হৈ পৰিছিল।

সন্মুখত আছিল বিশাল মৃত্যু উপত্যকা (যি উচ্চতাত মানুহ জীয়াই থকা অসম্ভৱ) আৰু নিশাৰ আন্ধাৰে ক্ৰমাৎ আকাশখন গিলি আনিছিল। তেওঁলোকৰ আশা আৰু আয়ুৰেখা স্বৰূপ, যাৰ জৰিয়তে তেওঁলোকে এই তীব্ৰ বিপদসংকুল পৰিৱেশৰ পৰা ওলাই গ'লহেঁতেন, সেই স্থায়ী ৰেখা (Fixed Line) এটা তুষাৰ স্খলনে ছিন্ন কৰি গৈছে, লগতে লৈ গৈছে নৰৱেৰ অভিযাত্ৰী দল এটা। নামি অহাৰ পথত ১৮ গৰাকী অভিযাত্ৰীৰ ১১ গৰাকীয়েই মৃত্যু মুখত পৰিছিল। 

সেই দুৰ্ঘটনাৰ প্ৰায় ১ দশকৰ পিছতো k2- ২০০৮ ট্ৰেজেডীৰ স্মৃতিয়ে অভিযাত্ৰী আৰু পৰ্বতাৰোহীসকলক ম্ৰিয়মান কৰি তোলে।'আদৰ্শ পৰিৱেশৰ, আদৰ্শ দিন'টোত পৰ্বতত আচলতে কি হৈছিল সেইয়া আজিও জল্পনা-কল্পনা আৰু বিতৰ্কৰ বিষয়। বহুতেই মৃত্যুক সাৱতি লোৱা আৰু বহুতেই চমৎকাৰ ভাৱে জীৱন্তে উভতি অহা সেই পৰ্বততেই উদয় হৈছিল এক বীৰ পেম্বা গিয়ালজে শ্বেৰ্পাৰ।
image


হিমালয়ৰ কোলাত

মাউণ্ট এভাৰেষ্টৰ পৰা ৫০ কিলোমিটাৰ দক্ষিণে সমুদ্ৰ পৃষ্ঠৰ পৰা ৩০০০ মিটাৰ উচ্চতাত অৱস্থিত, পূৱ নেপালৰ পেংখোৱা গাৱঁত জন্ম লাভ কৰা পেম্বা শৈশৱতেই পাহাৰৰ প্ৰেমত পৰিছিল। '১৬ বছৰ বয়সতে মই পাহাৰ বগাবলৈ আৰম্ভ কৰিছিলো। কাঠমাণ্ডুৰ আশে-পাশে থকা পাহাৰ আৰু অৰণ্যত মই ট্ৰেকিং আৰু পৰ্বতাৰোহণ কৰিছিলো'- জনালে পেম্বাই। ট্ৰেকিং আৰু পৰ্বতাৰোহণৰ পেছাত কাম কৰাৰ উপৰি পৰিয়ালৰ কৃষি পামতো কাম কৰিছিল পেম্বাই। তেওঁৰ কথামতে, তেওঁ কৃষকৰ এটা সৰল জীৱন কটাই আহিছে। সৰুতে দেউতাকৰ সৈতে পাহাৰ বগাই আৰু ট্ৰেকিং কৰি ফুৰা পেম্বাই এদিন আৱিস্কাৰ কৰিলে দুয়োটা কামেই তেওঁৰ ভীষণ প্ৰিয়। সেইবাবে তেওঁ অৰ্হতাসম্পন্ন পৰ্বতাৰোহী আৰু গাইড হ'বলৈ মন মেলিলে। সময়ৰ লগে-লগে তেওঁ Chamonix France- ৰ পৰ্বতাৰোহী সকলৰ সৈতে নেপালৰ শৃংগ সমূহ বগাই প্ৰশিক্ষণ আৰম্ভ কৰিলে। তাতেই তেওঁ আধুনিক পৰ্বতাৰোহণ কৌশল আৰু নীতিৰো শিক্ষা অৰ্জন কৰিলে। পেম্বাই সাত বাৰকৈ এভাৰেষ্টৰ শীৰ্ষত উঠিছে আৰু তেওঁ বগোৱা আন শৃংগ সমূহৰ ভিতৰত আছে সহায়ক অক্সিজেন নোলোৱাকৈ k2, চো- ওয়ো, আমা ডাবলাম, আৰু পেম্বাৰ ভাষাত কেইবাটাও গণ্টি নকৰা ৬০০০ মিটাৰ ওখ শৃংগ।

শীৰ্ষ আৰু অৱৰোহণৰ কুটিল পথ:

বৰ্তমানে মিডিয়া আৰু পৰ্বতাৰোহণকাৰী সকলৰ মাজত 'মৃত্যু উপত্যকাৰ বাঘ' নামেৰে জনাজাত পেম্বাই বিগত ২০ বছৰে-high altitude porter, পৰ্বতাৰোহণ প্ৰশিক্ষক, অভিযানৰ নেতা আৰু পৰ্বতাৰোহীৰ গাইডৰূপে কাম কৰি আহিছে। ২০০৮ চনৰ অভিশপ্ত k2 অভিযানত পেম্বা নৰিট অভিযাত্ৰী দল এটাৰ সদস্যৰূপে গৈছিল। শীৰ্ষত উঠাৰ পিছতে পৰিৱেশ সলনি হ'বলৈ আৰম্ভ কৰিছিল। নামি অহাৰ পথতে পেম্বা, জেৰাৰ্ড মেকউনেল, উইলকো ভান ৰুইজেন আৰু মাৰ্ক' কনফ'টোলাই FIXED LINE- ৰ ঠাইত এডাল ছিগি পৰি থকা ৰছী অৱিস্কাৰ কৰিছিল। তেওঁলোক bottleneck আৰু মৃত্যু উপত্যকাত আবদ্ধ হৈ পৰিছিল।

image


দলৰ আনবোৰে পোহৰ হোৱালৈ bivouac- ত (সাধাৰণতে প্ৰাকৃতিক পৰিৱেশত কাম চলাব পৰাকৈ নিৰ্মাণ কৰা শিবিৰ, এইক্ষেত্ৰত বৰফৰ মাজত) আশ্ৰয় লোৱাৰ সিদ্ধান্ত লৈছিল, ২৭,০০০ ফুট উচ্চতাৰ মৃত্যু উপত্যকাৰ একেবাৰে সোমাজত নিশা কটোৱাৰ ৰিস্ক পেম্বাই ল'ব খোজা নাছিল। ছিন্ন, সোতমোছ খাই পৰি থকা একমাত্ৰ FIXED LINE- ৰ সহায়ত অকলে, অক্সিজেন নোহোৱাকৈ নিশা ১ বজাত তেওঁ কেম্প ফ'ৰৰ নিৰাপদ আশ্ৰয়ত উপস্থিত হৈছিল।

মৃত্যু উপত্যকালৈ আৰু প্ৰত্যাৱৰ্তন:

পিছৰ দিনটো সম্ভৱত পৰ্বতাৰোহণৰ বুৰঞ্জীৰ অন্যতম ক'লা দিন আছিল। অভিযাত্ৰী দলটোৰ কোনোবা যদি তুষাৰ স্খলনত আহত হৈছিল, কোনোবাই ক্লান্তিৰ ফলত আগগুৱাব পৰা নাছিল, কোনোবা হেৰাই গৈছিল। বহুতেই altitude sickness, ফ্ৰষ্ট বাইট্, ক্লান্তিৰ চিকাৰ হৈছিল, মৃত্যু উপত্যকাই সকলোকে কাহিল কৰি পেলাইছিল। 'তাত কেইবাগৰাকীও মানুহ আবদ্ধ হৈ আছিল, মই জানিছিলো মই তালৈ উভতি যাবই লাগিব। মই জানিছিলো তেওঁলোক জীয়াই আছে, মাত্ৰ পাহাৰটো নামিবলৈ তেওঁলোকৰ শাৰীৰিক সামৰ্থ নাই'- পেম্বাই কৈছিল। চৰম বিশৃংখলতা আৰু হাহাকাৰৰ মাজত পেম্বাই গম পাইছিল তেওঁ ক্ষিপ্ৰতাৰে কাম আৰম্ভ কৰিব লাগিব, ৰেডিঅ'ত তেওঁ শুনা পাইছিল ইটালিৰ পৰ্বতাৰোহী কনফ'ৰটোলাক- bottleneck- ৰ মাজভাগত দেখা গৈছে। ইতিম্যধে আৰু বেয়া হোৱা বতৰৰ মাজতে পেম্বাই আকৌ এবাৰ অকলশৰে bottlenecks বগাবলৈ আৰম্ভ কৰিছিল। 'মই জানিছিলো কনফ'ৰ্টোলা জীয়াই আছে, আন একো চিন্তা কৰাৰ অৱকাশ নাছিল, মই জানিছিলো মই সহায় কৰিব পাৰিম'- কৈছিল পেম্বাই।

'কনফ'ৰটোলাক সহায় কৰিবলৈ মই আৰু কেছ হাই কেম্পৰ পৰা ৰাওনা হৈছিলো'- পেম্বাই কৈ যায়। বতৰে কেছক কাহিল কৰি পেলাইছিল। ক্লান্তিত তেওঁ জিৰাব খুজিছিল, কিন্ত কনফ'ৰটোলাক হাই কেম্পৰ নিৰাপদ আশ্ৰয়লৈ ওভতাই আনিবলৈ ক্ৰমাৎ আগুৱাই গৈছিল।

image


কিছুসময় পিছতে পেম্বা altitude sickness-ত বিধ্বস্ত কনফ'ৰটোলাৰ ওচৰ পাইছিল। অক্সিজেন দি সামান্য সুস্থ কৰি তোলাৰ পিছত পেম্বাই কনফ'ৰটোলাক bottleneck- ৰ বেছলৈ নমাই আনিছিল। এই সময়খিনিত দক্ষিণ কোৰিয়াৰ দুজন বৰ্বতাৰোহী আৰু এজন সম্পৰ্কীয় ভাতৃক সহায় কৰিবলৈ bottleck- ৰে উঠি অহা দুজন শ্বেৰ্পাৰ সৈতে পেম্বাই ৰেডিঅ'ত অবিৰত সংযোগ ৰক্ষা কৰিছিল। হঠাৎ ওপৰত এটা তীব্ৰ গৰ্জনৰ শব্দ হৈছিল আৰু, এক বিশাল তুষাৰখণ্ড তললৈ নামি আহিছিল। দুৰ্ভাগ্যবশত: পেম্বাই কাকোৱেই সহায় কৰিব নোৱাৰিলে, আন এক তুষাৰ স্খলনে সকলোকে লৈ গ'ল, তেওঁ উভতি আহিল।

কেম্প ফ'ৰ পায়েই উইলকোৰ সন্ধানত পেম্বা আকৌ ওলাই আহিল। সকলোৱে উইলকো মৰা বুলিয়েই ভাবিছিল, কাৰণ তেওঁৰ লগত পানী নাছিল, মৃত্যু উপত্যকাৰ মুকলিত তেওঁ অকলশৰীয়া হৈ পৰিছিল, কিন্ত তেওঁ নিশাটো বাচি থাকিল, পত্নীৰ সৈতে সংযোজিত ছেটেলাইত ফোনৰ জড়িয়তে তেওঁক বিচাৰি পোৱা গ'ল। ৰাফে সহায়ৰ হাত আগবঢ়ালে, দলৰ আন এজন সদস্য কাছ ভান ডে জেভেলৰ সৈতে পেম্বা এইবাৰ ৰুইজেনৰ সন্ধানত ওলাল।

"মই আশা বাদ দিয়া নাছিলো, মই জানিছিলো উইলকো জীয়াই আছে। বেছ কেম্পৰ পৰা এটা ৰেডিঅ' কলত হাই কেম্পত বহু তলৰ পাহাৰৰ ঢালত এটা হালধীয়া বিন্দু লৰচৰ কৰি থকা বুলি নিশ্চিত কৰাৰ পিছত মই অধিক নিশ্চিত হ'লো। গতিকে কেছ আৰু মই পুনৰ ওলালো। আমি নামিবলৈ আৰম্ভ কৰিছিলো, কিন্ত কেছ ক্লান্ত আছিল আৰু আন্ধাৰ হ'বলৈও আৰম্ভ কৰিছিল, তেওঁ মোক আৰু বেগাই যাব নোৱাৰো বুলি কৈছিল। তেওঁক লাহে লাহে আহিবলৈ কৈ মই যিমান পাৰি সিমান বেগেৰে তললৈ নামিলো আৰু উইলকোক বিচাৰিবলৈ আৰম্ভ কৰিলো”- পেম্বাই কৈ গৈছিল।

সকলো সংশয় উপেক্ষা কৰি সেইনিশা তুষাৰ স্খলনপ্ৰৱণ এলেকাত ৩ আৰু ৪ নং কেম্পৰ মাজত পেম্বাই কেইবাঘণ্টা উইলকোক বিচাৰি চলাথ কৰিছিল। 'প্ৰায় দুশ মিটাৰ আতৰত মই ছেটেলাইট ফোন ৰিং শুনা পাইছিলো, কিন্ত তেওঁ ক'ত আছিল ঠাৱৰ কৰিব পৰা নাছিলো'- পেম্বাই কৈছিল। নিশা প্ৰায় দুই বজাত পেম্বা কেম্প ৩ লৈ উভতি আহিছিল আৰু চৰম ক্লান্তিয়ে তেওঁক হেঁচা মাৰি ধৰিছিল।

"পুৱা এসময়ত মই টেণ্টৰ কাষতে এটা শিল বাগৰি পৰাৰ শব্দত মই সাৰ পাইছিলো, কেছে কেম্প ২ লৈ নামি অহাৰ সময়তে অকস্মাৎ শিলটো বাগৰি অহা বুলি মই ধাৰণা কৰিছিলো। কেছ কেম্পত উপস্থিত হোৱাৰ পিছত আমি পানী খাই জিপাল হ'লো আৰু পুনৰুজ্জীৱিত হ'লো। সেই সময়তে বেছ কেম্পৰ পৰা এটা ৰেডিঅ' কল আহিল, তেওঁলোকে ক'লে যে, হালধীয়া বিন্দুটো আমাৰ টেণ্টৰ ২০০ মিটাৰ আতৰত আছে"- কৈ যায় পেম্বাই।

এখন্তেকো নষ্ট নকৰি পেম্বা আৰু কেছে উইলকোৰ সন্ধানত ওলাই আহিল। 'অৱশেষত আমি তেওঁক বিচাৰি পালো'-জনাইছিল পেম্বাই। ফ্ৰণ্ট বাইট আৰু ক্লান্তি বিধ্বস্ত ৰুইজেনক পেম্বা আৰু কেছে কেম্প- টুলৈ লৈ আহিছিল।

অৱসন্ন হৈ পৰা স্বত্বেও উইলকোক লৈ পেম্বা- থ্ৰী লৈ উভতি আহিছিল, দুজনকৈ পৰ্বতাৰোহীৰ প্ৰাণ ৰক্ষা কৰি, 'আমি তেওঁক অক্সিজেন দিছিলো, সজীৱ কৰি তুলিছিলো, জিপাল কৰিছিলো আৰু বেছ কেম্পলৈ পঠিয়াই দিছিলো'- পেম্বাই স্মৃতিচাৰণ কৰিছিল। সেই ট্ৰেজেডীৰ কেইবাবছৰো হ'ল, পেম্বাই ট্ৰেকিং আৰু পৰ্বতাৰোহণলৈ পুনৰ উভতি আহিছে।' k2- ত মই ভাগ্যৱান আছিলো। সংযোগবশত:মই মানসিক আৰু শাৰীৰিক ভাৱে ফিট আছিলো সেইকাৰণেই অানক সহায় কৰিব পাৰিছিলো'- সৰল স্বীকাৰোক্তি পেম্বাৰ।

'মোৰ ধাৰণা আন মানুহবোৰ আতঁৰিব পৰা নাছিল কাৰণ তেওঁলোক শাৰীৰিক আৰু মানসিক ভাৱে ক্লান্ত হৈ পৰিছিল। তেওঁলোক নামি আহিব পৰা অৱস্থাত নাছিল, প্ৰতিটো উশাহৰ বাবে তেওঁলোকে সংগ্ৰাম কৰিব লগীয়া হৈছিল, কিন্ত তেওঁলোক জীয়াই আছিল, সিদিনা মই সঁচাই ভাগ্যৱান আছিলো। Bottleneck আৰু তুষাৰ খণ্ডবোৰ ভীষণ অস্থিৰ হৈ পৰিছিল আৰু খহি আছিল, সেই পথটোৰে যাত্ৰা কৰাটো কঠিন আছিল, সৌভাগ্যক্ৰমে মই সেইটো কৰিবলৈ সক্ষম হৈছিলো আৰু আবদ্ধ হৈ পৰা সকলক সহায় কৰিছিলো'- কৈ যায় পেম্বাই।

পেম্বাৰ মতে k2- ৰ দৰে কঠিন আৰু প্ৰত্যাহ্বানপূৰ্ণ পৰ্বত বগাবলৈ প্ৰস্তুতিৰ প্ৰয়োজন; এই ক্ষমাহীন শৃংগত সামান্যতম ভুলৰো সুযোগ নাই বুলি তেওঁ বিশ্বাস কৰে। k2- ৰ বুৰঞ্জী, ৰূপকথা আৰু কিংবদন্তীৰ বিষয়েও বহু কথা তেওঁৰ অৱগত বুলি পেম্বাই জানিবলৈ দিয়ে।'সেই অভিযানৰ বাবে মই নিজকে শাৰীৰিক আৰু মানসিক ভাৱে প্ৰস্তুত কৰিছিলো আৰু সম্ভৱপৰ সকলোখিনি কৰাৰ চেষ্টা কৰিছিলো'- কৈছিল পেম্বাই।

পৰ্বতৰ উপাসনা কৰক:

পিছুৱাই কিয় নাহিল বুলি সোধা প্ৰশ্নৰ উত্তৰত পেম্বাই কৈছিল, 'মই নাজানো, মই জানিছিলো পাহাৰখন সেই সময়ত কুটীল হৈ পৰিছিল, কিন্ত মই উভতিব নোৱাৰিলো, কিয় নাজানো।' ২০০৮ চনৰ k2 ট্ৰেজেডীয় ২৫ গৰাকী পৰ্বতাৰোহীৰ জীৱনৰ ওপৰত প্ৰভাৱ পেলাইছিল, কিন্ত সেই দুৰ্যোগে পেম্বাক পাহাৰৰ পৰা আতৰাই ৰাখিব নোৱাৰিলে।

সঁচাকৈ ক'বলৈ হ'লে, পিছৰ ছিজনতে তেওঁ পুনৰ পাহাৰ বগাবলৈ আৰম্ভ কৰিলে। পেম্বাৰ বাবে পাহাৰ সদায় জীৱনৰ এক অপৰিহাৰ্য অংগ আছিল। স্কুললৈ যাবলৈ তেওঁ পাহাৰ বগাই ৩০০ মিটাৰ উঠিব লাগিছিল। 'শিখৰৰ প্ৰতি সৰুৰে পৰাই মোৰ বিশেষ আকৰ্ষণ আছিল। প্ৰকৃতিৰ আটাইতকৈ বিশুদ্ধ আৰু বন্য ৰূপটো মোৰ আটাইতকৈ ভাল লাগে। আমাৰ বাবে পাহাৰ পবিত্ৰ। প্ৰতিবাৰ পাহাৰ বগোৱাৰ পূৰ্বে মই পাহাৰক প্ৰাৰ্থনা কৰো, ই সৌভাগ্যৰ লগতে পাহাৰ বিঘিনিহীন যাত্ৰা নিশ্চিত কৰে'- মন্তব্য পেম্বাৰ।

পেম্বা কেৱল পৰ্বতাৰোহণকাৰী বা পৰ্বতাৰোহণৰ প্ৰশিক্ষক নহয়, তেওঁৰ বাবে পাহাৰ বহুত কিবাকিবি। ২০ বছৰৰো অধিক পৰ্বতাৰোহণৰ অভিজ্ঞতাৰে পুষ্ট পেম্বাৰ বিশ্বাস প্ৰতিবাৰেই পাহাৰে তেওঁক কিবা নতুন শিক্ষা দিয়ে। 'মই এতিয়াও পৰ্বতৰ ছাত্ৰ'- কৈছিল পেম্বাই। তেওঁ কয় যে, প্ৰতিবাৰেই পাহাৰত আটাইতকৈ সুকীয়া পৰিৱেশ আৰু পৰিস্থিতিৰ মুখামুখি হোৱাটোৱেই এক শিক্ষনীয় অভিজ্ঞতা। কোনোবাটো পথেৰে মই কেইবাবাৰো বগালেও প্ৰতিবাৰেই তাত নতুন প্ৰত্যাহ্বান, নতুন পাঠ আৰু নতুন সৌন্দৰ্য্য থাকে’- পেম্বাই স্মৃতিচাৰণ কৰে।

পাহাৰৰ প্ৰতি থকা প্ৰেমৰ কথা কবলৈ গৈ পেম্বাই কয় যে আপুনি পাহাৰ আৰু প্ৰকৃতিক ভাল পাব লাগিব। তেওঁ ক’লে, প্ৰকৃতি, আপোনাৰ শাৰীৰিক আৰু মানসিক অৱস্থা বুজি লওঁক। আজিকালি মানুহে কেৱল শিখৰত উৰিব খোজে কিন্তু তাৰ বাবে গুৰূত্বপূৰ্ণ বিষয় সমূহ যেনে- শৰীৰ আৰু মনৰ ভাল প্ৰশিক্ষণ-আদি উপেক্ষা কৰে।

পৰিৱৰ্ত্তিত পৰিস্থিতিৰ ওপৰত আলোকপাত কৰি পেম্বাই কয় “আজিকালি High Altitude পৰ্বতাৰোহণ ভীষণ বাণিজ্যিক হৈ পৰিছে, স্থানীয় ব্যৱসায় আৰু আমাৰ মানুহবোৰৰ বাবে এয়া ভাল কথা হ’লেও বহু জৰুৰী বিষয় উপেক্ষা কৰা হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো সুৰক্ষা, High Altitude পৰ্বতাৰোহনৰ বাবে গ’লেআপুনি ইয়াৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হৈ যাব লাগিব। অকণো অভিজ্ঞতা নোহোৱাকৈ মানুহ পাহাৰ বগাবলৈ ওলায়, এয়া বিপজ্জনক। ২০০৯ চনত UIAGM-ৰ দ্বাৰা আন্তৰ্জাতিক পৰ্বতাৰোহণ গাইডৰ আনুস্থানিক স্বীকৃতিপ্ৰাপ্ত পেম্বাই হিমালয়ত পৰ্বতাৰোহণৰ সৈতে জড়িত ইতিবাচক কামকাজ সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে কাম কৰি আহিছে। কেইবাটাও শৃংগ জয় কৰা পেম্বা হিমালয়ৰ পৰিৱৰ্তনৰ সাক্ষী।

পৰ্বতাৰোহী সকললৈ পেম্বাৰ উপদেশঃ

“ভাল প্ৰশিক্ষণ, প্ৰস্তুতিৰ লগতে শৰীৰ আৰু মনটো ভালকৈ বুজি পালে সম্ভৱতঃ পৰ্বতাৰোহণ আপুনি কৰিবপৰা আটাইতকৈ ভাল কামৰ এটা।”

লেখক: সিন্ধু কাশ্যপ

অনবাদ: লুইত পাঠক

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

'ভাল' যেন লগা 'বেয়া' ষ্টাৰ্ট-আপ পৰিকল্পনাৰ পৰা কেনেকৈ বাচিব পাৰি

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী

‘আঞ্জা-আচাৰত লেটি লৈ থকা এই ভাৰতীয়টোক পিটি পিটি ফাঁচী দিব লাগে’: ই-মেইল উদ্ভাৱক শিৱ আয়াদুৰাইৰ বিৰুদ্ধে বৰ্ণবাদী আক্ৰোশৰ কাহিনী