টাটা মেমৰিয়েল হাস্পাতালে নিয়ন্ত্ৰণ কৰিব ড° বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰশাসন

টাটা মেমৰিয়েল হাস্পাতালে নিয়ন্ত্ৰণ কৰিব ড° বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰশাসন

Saturday June 10, 2017,

2 min Read

পাৰমাণৱিক শক্তি দপ্তৰৰ অধীনৰ টাটা মেম’ৰিয়েল হাস্পাতেল কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বাটকটীয়াস্বৰূপ। টাটা মেম’ৰিয়েল চেন্টাৰে পাৰমাণৱিক শক্তি দপ্তৰৰ পৰামৰ্শমতে বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানক ১৯৮৯ চনৰেপৰা বিত্তীয় তথা প্ৰযুক্তিগত সাহায্য আগবঢ়াই আহিছে। ২০১৩ চনৰ অসমৰ মূখ্যমন্ত্ৰীয়ে পাৰমাণৱিক শক্তি দপ্তৰক প্ৰতিষ্ঠানটোৰ অধিগ্ৰহণ কৰি ইয়াক উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ উৎকৃষ্ট মানৰ চিকিৎসা, গৱেষণা তথা শিক্ষাকেন্দ্ৰ কৰি গঢ়ি তুলিবলৈ আহ্বান জনাইছিল। ড০ বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানক কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত তলত উল্লিখিত প্ৰস্তাৱসমূহত অনুমোদন জনোৱা হয়-

১. কেবিনেটৰদ্বাৰা ড° বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানক পাৰমাণৱিক শক্তি দপ্তৰৰ হাতত গতাই দি বিভাগৰ সাহায্যপ্ৰাপ্ত টাটা মেম’ৰিয়েল চেন্টাৰক তাৰ প্ৰশাসন নিয়ন্ত্ৰণ কৰিবলৈ দিয়াৰ সিদ্ধান্ত

২. অতিৰিক্ত ১৬৬ টা মেডিকেল, পেৰা মেডিকেল আৰু সহায়ক পদ সৃষ্টিৰদ্বাৰা কৰ্মীবল বৃদ্ধি

দিনে দিনে বাঢ়ি অহা কৰ্কট ৰোগীৰ সংখ্যা, কৰ্কট ৰোগৰ চিকিৎসা সুবিধাৰ সীমাৱদ্ধতা, কৰ্কট ৰোগৰ বিষয়ে গৱেষণা আগবঢ়াই নিবলৈ উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ চিকিৎসালয়ৰ সহযোগ সৃষ্টিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

image


প্ৰতিষ্ঠানটোক শক্তিশালী কৰি তুলিবলৈ প্ৰয়োজনীয় নন-ৰেকাৰিং খৰচ আনুমানিক ১৫০ কোটি টকা আৰু বাৰ্ষিক ৰেকাৰিং খৰচ আনুমানিক ৪৫-৫০ কোটি টকা হ’ব।

১৯৭৪ চনত স্বেচ্ছাসেৱী অনুষ্ঠান হিচাপে কৰ্কট ৰোগৰ বিষয়ে গৱেষণা, ৰোগৰ চিনাক্তকৰণ আৰু চিকিৎসাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ গুৱাহাটীত ড০ বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠান আৰম্ভ কৰা হৈছিল। অসম চৰকাৰে ১৯৮৬ চনত পাৰমাণৱিক শক্তি দপ্তৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিষ্ঠানসমূহৰ পৰিচালনা পৰিষদৰ লগত এক ত্ৰিপাক্ষিক চূক্তিৰ যোগেদি এই প্ৰতিষ্ঠানৰ অধিগ্ৰহণ কৰিছিল। বৰ্তমান ২০৯ খন বিচনাযুক্ত এই চিকিৎসালয়ত ৮ খন বিচনাযুক্ত আই চি ইউ আছে।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

পঢ়া-শুনা আৰু মডেলিঙত সমানে আগ ৰণুৱা মিছ ইণ্ডিয়া ৰাণাৰ্ছ আপ পঙ্খূৰি গিডৱানি

নাছাৰ তৃতীয়জন ভাৰতীয় মূলৰ মহাকাশচাৰী ৰাজা চেৰী

ৰিক্সাচালক বাবলুৱে যিটো কৰ্মফল কল্পনাও কৰা নাছিল