১৫ লাখ টকা লোকচান আৰু এবছৰতে বন্ধ হৈ যোৱা মোৰ প্ৰথম ব্যৱসায়টো

১৫ লাখ টকা লোকচান আৰু এবছৰতে বন্ধ হৈ যোৱা মোৰ প্ৰথম ব্যৱসায়টো

Thursday December 03, 2015,

9 min Read

প্ৰথম ব্যৱসায়টোত মই কোটি কোটি টকা ঘটিম বুলি ভাবিছিলো, কিন্তু শোচনীয়ভাৱে ব্যৰ্থ হ'লো। মই ফ্লিপকাৰ্ট আৰু জোমেটোৰ সাফল্যৰে উজ্বল কাহিনী পঢ়িছো কিন্তু ৯০ শতাংশ নতুন ব্যৱসায় বা startup যে আৰম্ভ কৰাৰ দুবছৰ পিছতে ব্যৰ্থ বা বন্ধ হয়,সেই কথাটো মোক কোনেও কোৱা নাছিল। মোৰ ব্যৱসায়টো প্ৰথম বছৰটেই ব্যৰ্থ হ'ল। কেতিয়াবা মোৰ প্ৰৱঞ্চিত হোৱা যেনো লাগে, কিন্তু দোষটো যে মোৰেই সেইটোও স্বীকাৰ কৰোঁ। মই কাহিনীটোৰ এটা ফালহে বিশ্বাস কৰিছিলো। আজি মই আপোনালোকক কাহিনীটোৰ আন ফালটোৰ বিষয়ে কম।

image


সময়টো আছিল ২০১৩ চনৰ এপ্ৰিল মাহ, চাকৰিটোৱে মোক আমুৱাবলৈ আৰম্ভ কৰিছিল। বিৰক্তিকৰ চাকৰিটো এৰাৰ তাড়নাই ক্ৰমাৎ মোক গ্ৰাস কৰিছিল আৰু মই কামটোৰ প্ৰতি আগ্ৰহ হেৰুৱাবলৈ আৰম্ভ কৰিছিলো। মই আমেৰিকাৰ পৰা উভতি অহা বেছিদিন হোৱাই নাছিল, আৰু ভাৰতত থান-থিত লাগিবলৈ মোক আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি মেনেজাৰক পতিয়ন নিয়াইছিলো। সঁচা কথা ক'বলৈ গ'লে, মোৰ প্ৰকৃত সমস্যাটো আছিল কামটোৰ পৰা পোৱা গভীৰ অসন্তুষ্টি। মই নিজাকৈ কিবা এটা কৰাৰ সপোন দেখিছিলো,কিন্তু মোৰ সাহস নাছিল।

মই এজন বন্ধুৰ সৈতে আলোচনা কৰিলো আৰু এটা কোম্পানী আৰম্ভ কৰাৰ সিদ্ধান্ত ল'লো। মোৰ সমগ্ৰ সঞ্চয় সেইটো startup ত বিনিয়োগ কৰিলো।প্ৰথম পদক্ষেপত আমি এটা প্ৰাইভেট লিমিটেড কোম্পানী গঠন কৰিলো আৰু গাইপতি ৫ লাখ টকাকৈ বিনিয়োগ কৰিলো। অংশীদাৰী স্বত্ব সমানে সমানে ভাগ কৰা হ'ল। গুড়গাঁৱত আমি এটা বেছমেন্ট অফিচ পচণ্ড কৰিলো।

আমাৰ ধাৰণা আছিল যে, শিক্ষা এটা বিলিয়ন ডলাৰৰ উদ্যোগ, সেয়ে আমি বিদ্যালয়ৰ সৈতে জড়িত সমস্যা সমূহ সমাধান কৰিব বিছাৰিছিলো। আমি ভাবিছিলো যে স্কুলৰ কামত অহাকৈ আমি product তৈয়াৰ কৰিম আৰু বিশাল লাভ অৰ্জন কৰিম।

image


সুদীৰ্ঘ আলোচনাৰ অন্তত ঠিক হ'ল যে আমি স্কুলৰ বাবে ERP ফীজ আৰু তালিকাৰ পৰা অভিভাৱকৰ সৈতে যোগাযোগলৈ সকলো পৰিচালনা কৰিব পৰাকৈ এটা অনলাইন ছফ্টৱেৰ প্ৰস্তুত কৰিম।

আমি সহজেই কাম কৰা মানুহ বিচাৰি পাম বুলি মোৰ আত্মবিশ্বাস আছিল। এটা ভাল টীম গঠন কৰিবলৈ যি যি লাগে আমাৰ সকলো আছিল- এটা অফিচ, বেংক একাউন্টত ধন, কৰ্মচাৰী নিয়োগৰ নীতি অভিজ্ঞতা পুষ্ট এজন সহ প্ৰতিষ্ঠাপক।

আমি নিয়োগ কৰিব বিচৰা কেইজনমান মানুহক আমি প্ৰথমে লগ ধৰিলো। কিন্তু আমাক আচৰিত কৰি, এজনেও আমাৰ কোম্পানীত যোগদান কৰিব নিবিচাৰিলে।

মোৰ সহ প্ৰতিষ্ঠাপকে ক'লে, বেলেগ কোম্পানীত হোৱাহেঁতেন ইমান সময়ে মই কমেও দহজন কৰ্মচাৰী নিযুক্তি দিলোহেঁতেন, আমি কিয় মানুহ পোৱা নাই সেইটো মই বুজা নাই।

আমি যিহেতু কৰ্পৰেট বেকগ্ৰাউণ্ডৰ পৰা আহিছো, সেয়ে কেইদিনমান খৰচ কৰি আমি এটা নতুন নিয়োগ নীতিৰ খচৰা সাজু কৰিলো। এইবাৰ আমি মূল দৰমহাৰ উপৰি কোম্পানীৰ আয়ৰ ওপৰত ভিত্তি কৰি Incentive আৰু কামৰ ওপৰত ভিত্তি কৰি বোনাছৰ সুবিধা আগবঢ়ালো।

আমি নতুন অফিচত সোমালো। লাইনটোত সম্পুৰ্ণ নতুন এজনক নিয়োগ কৰিলো আৰু যথেষ্ট সংগ্ৰামৰ অন্তত কাৰিকৰী সামৰ্থৰে আমাক মুহিবলৈ সক্ষম হোৱা এজনক পালো যদিও তেওঁৰ নেতৃত্ব আৰু পৰিচালনাৰ যোগ্যতাক লৈ আমাৰ সন্দেহ আছিল। তেওঁক আমি বহুত দৰমহা দিবলগীয়া হৈছিল। দৰমহাৰ উপৰি বছৰৰ শেষলৈ কোম্পানীৰ লাভ হলে তেওঁক Incentive দিয়াৰো প্ৰতিশ্ৰুতি দিছিলো।

দুজনকৈ ডেভলপাৰ পাই আমি নিজকে ধন্য মানিছিলো। মই product তৈয়াৰ কৰিছিলো আৰু Front end design অৰ অপেক্ষা নকৰাকৈয়ে ডেভলপাৰে কোডিং আৰম্ভ কৰিলে। সেয়া ভীষণ উত্তেজক সময় আছিল।আমাৰ product ক্ৰমে সাজু হৈ উঠিছিল।তাৰপিছত কিছু অনাকাংক্ষিত সমস্যাই মূৰ দাঙি উঠিবলৈ আৰম্ভ কৰিলে। কনিষ্ঠ ডেভলপাৰজনে আশা কৰা ধৰণে কাম কৰিব নোৱাৰাত আমি তেওঁক অব্যাহতি দিবলগীয়া হ'ল।মাত্ৰ চাৰিজনীয়া টীম এটাতে আমি আমাৰ product ৰ প্ৰথম সংস্কৰণটো সাজু কৰি উলিয়ালো।

বজাৰলৈ আহিলেই আমাৰ product টো হট কেকৰ দৰে বিক্ৰী হব বুলি আমি আত্মবিশ্বাসী আছিলো।প্ৰতিদ্বন্দীসকলক পৰাভূত কৰিবলৈ আমি বজাৰত পোৱা সকলো ERP product ৰ সকলোবোৰ সুবিধা অন্তৰ্ভুক্ত কৰিছিলো। অৱশ্যে Front end design ক লৈ আমি সন্তুষ্ট নাছিলো,আৰু এজন ভাল ডিজাইনাৰৰ সন্ধান অব্যাহত ৰাখিছিলো।

আমাৰ প্ৰথম গৰাকী সম্ভাব্য গ্ৰাহকে(এখন বিখ্যাত স্কুলৰ অধ্যক্ষা) আমাৰ আইডিয়া আৰু প্ৰদৰ্শন্ পচণ্ড কৰিলে,কিন্তু মেনেজমেন্টৰ তৰফৰ পৰা সিদ্ধান্ত জনোৱা পৰ্যন্ত আমাক অপেক্ষা কৰিবলৈ ক'লে। আমি তেওঁলৈ বিক্ৰীৰ সামগ্ৰী প্ৰেৰণ কৰিলো আৰু কেইদিনমানৰ ভিতৰতে ছফ্টৱেৰ যোগান ধৰিম বুলি কল্পনা কৰিবলৈ আৰম্ভ কৰিলো।এই সময়ছোৱাত(ছমাহ) আমাৰ product টো প্ৰস্তুত কৰাৰ খৰচ হ'লগৈ।

কোম্পানী গঠনঃ- ৩০,০০০ টকা

কাৰ্যালয় সজোৱাঃ- ১,২০,০০০ টকা

এচি/ফ্ৰীজ/ইনভাৰ্টাৰঃ- ৪০,০০০ টকা

ভাড়াঃ- ৯১,০০০ টকা

দৰমহাঃ- ৩,৬০,০০০ +১,০০,০০০+৬৫,০০০ টকা

ভ্ৰমণ, খাদ্য, মাৰ্কেটিং সামগ্ৰী আৰু অন্যান্যঃ- ১,০০,০০০ টকা

মুঠঃ- ৯,৬৫,০০০টকা

আমি ডেভেলপমেন্ট অফিচটো চণ্ডীগড়লৈ স্হানান্তৰ কৰাৰ সিদ্ধান্ত ল'লো। মই তাত থাকি কাম কাজ চোৱা-চিতা কৰিম আৰু মোৰ সহ প্ৰতিষ্ঠাপক বন্ধুৱে গুড়গাঁৱত থাকি বিক্ৰীৰ দিশটো চোৱাৰ সিদ্ধান্ত লোৱা হ'ল।

ইয়াৰ ফলত আমাৰ সহায় হ'ল। আমাৰ ছিনিয়ৰ ডেভেলপাৰে গুৰগাওঁ আৰু চণ্ডীগড়ৰ মাজত তাঁত বাতি কাঢ়ি থকাতকৈ কামত অধিক মনোনিবেশ কৰিবলৈ আৰম্ভ কৰিলে। অফিচৰ ভাড়াৰ বাবদ হোৱা খৰচ কমিল। মোৰ নিজা খৰচো ৰাহি হ'ল।

তাৰ পিছতে আহিল খুন্দাটোঃ-

লেপটপটো লৈ আমাৰ ডিজাইনাৰ বপুৰা পলাল।তাক বিচাৰি উলিয়াই আমি লেপটপটো উদ্ধাৰ কৰিলো, কিন্তু একমাত্ৰ ডিজাইনাৰজনক হেৰুৱালো।মই প্ৰত্যাহ্বানটো গ্ৰহণ কৰিলো আৰু Web designing ৰ মূল কথাখিনি শিকি পেলালো। এমাহৰ ভিতৰত গোটেই ডিজাইনটো নতুনকৈ সজাই পেলালো। product টো আছিল সুন্দৰ। আমি এইবাৰ স্কুলৰ সৈতে যোগাযোগ কৰিবলৈ আৰম্ভ কৰিলো কিন্তু আমি দুয়ো প্ৰতিষ্ঠাপকৰ এজনৰো বস্তু বিক্ৰীৰ পূৰ্ণ অভিজ্ঞতা নাছিল।

image


• কাৰোবাক লগ পাবলৈ আমি ভীষণ সংগ্ৰাম কৰিব লগীয়া হৈছিল।১০-১২ খন স্কুলৰ সৈতে যোগাযোগ কৰিও একো লাভ নহল।গেটকীপাৰ জনক অতিক্ৰম কৰাটোৱেই বৃহৎ প্ৰত্যাহ্বান আছিল।

• আমি আৱিস্কাৰ কৰিলো যে অধ্যক্ষসকলৰ সিদ্ধান্ত গ্ৰহণৰ কোনো ক্ষমতা নাথাকে।সিদ্ধান্ত ল'ব পৰাসকল কেতিয়াও স্কুলত নাথাকে।

• গৰিষ্ঠসংখ্যক বিদ্যালয়ৰ কৰ্তৃপক্ষই ই-মেইল নাচায়/উত্তৰ নিদিয়ে।

• স্কুলত কিবা বিক্ৰী কৰিবলৈ নিলে দুই-তিনিমাহলৈ একো নহয়।

আমি বিক্ৰীৰ প্ৰশিক্ষনৰ(sales training)বাবে আহমেদাবাদৰ পৰা এজন মানুহ আনিলো, কিন্তু প্ৰতিযোগী সকলতকৈ কম দামৰ আৰু বেছি সুবিধা থকা স্বত্বেও আমাৰ product টো বিক্ৰী কৰাত ব্যৰ্থ হ'লো।

চিনাকী কোনোবাই কৈ দিয়াৰ সূত্ৰে কেইগৰাকীমান গ্ৰাহক পালো, কিন্তু উপাৰ্জন তেতিয়াও বহু দূৰৈত আছিল। বিক্ৰীৰ দায়িত্বত থকা মোৰ সহ প্ৰতিষ্ঠাপকে খবৰ দিলে যে আৰু কেইটামান নতুন সুবিধা যদি দিব পৰা যায় তেনেহলে কেইখনমান ডাঙৰ স্কুল আমাৰ product টো কিনিবলৈ আগ্ৰহী।

মোৰ মতামত আছিল বেলেগ। মোৰ যুক্তি আছিল স্কুল এখনৰ কামত অহাকৈ আমাৰ product ত যথেষ্ট সুবিধা আছে, আৰু গণ্ডগোলটো হৈছে বিক্ৰীৰ পদ্ধতিটোত। মোৰ মতে, আয় কম হলেও আমি ক্ষুদ্ৰ আৰু মজলীয়া স্কুলবোৰত বেছি গুৰুত্ব দিব লাগিব। আমাৰ দুয়োৰে মাজত সংঘাত আৰম্ভ হল।ইফালে আমাৰ হাতত থকা পইচাও কমিবলৈ আৰম্ভ কৰিছিল। গতিকে আমি startup ত বেছিকৈ বিনিয়োগ কৰা আৰম্ভ কৰি দিছিলো।

আমাৰ এক ডাঙৰ প্ৰতিদ্বন্দীৰ বিক্ৰী বিভাগত কাম কৰা এজন ব্যক্তিক এইবাৰ আমি নিয়োগ কৰিলো। আমাৰ একেবাৰে বাজিমাত কৰি দিয়া যেন লাগিল কাৰণ এই মানুহজনে তেওঁৰ জৰিয়তে প্ৰতিদ্বন্দীৰ product ৰ গোপন খৱৰ পোৱাৰ উপৰি স্কুলক কিদৰে product বিক্ৰী কৰিব পাৰি সেইবিষয়েও জ্ঞান অৰ্জন কৰিছিল।

এমাহ তেওঁ আমাৰ লগত কাম কৰিলে কিন্ত এঠাইতো আমাৰ product বিক্ৰী কৰিব নোৱাৰিলে।মুগ্ধ কৰিব পৰা তেওঁৰ sales record-ৰ ৰহস্যটো আছিল আমাৰ প্ৰতিযোগীৰ ব্ৰেণ্ডনেইম (Brand name)।

কোম্পানী বচাই ৰাখিবলৈ আমাক আৰু অধিক ধনৰ প্ৰয়োজন হ'ল। মোৰ সহ প্ৰতিষ্ঠাপকে ভাল পইচা আগধন দিব পৰা ডাঙৰ ডাঙৰ স্কুলৰ পিছত ঘূৰিবলৈ আৰম্ভ কৰিলে। অৰ্ডাৰ পাবলৈ তেওঁ আনকি ৰাজনীতিবিদ আৰু প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ কৰিবলৈও আৰম্ভ কৰিলে।

মই startup সম্পৰ্কীয় ব্লগ আৰু কিতাপ পঢ়া আৰম্ভ কৰিলো আৰু কম খৰচত কাম আৰম্ভ কৰাত বিশ্বাস কৰিবলৈ ল’লো। দুৰ্ভাগ্যজনকভাৱে মোৰ সহ প্ৰতিষ্ঠাপকে তেতিয়াও আমাৰ কোম্পানীটো এটা বিশাল কৰ্পোৰেট হাউছৰ দৰে গঢ়াত ব্যস্ত আছিল।

মই খৰচ কমোৱাৰ প্ৰস্তাৱ দিলো।

• আমাৰ একমাত্ৰ ডেভেলপাৰক দৰমহাৰ সলনি অংশিদাৰীত্ব (২০ শতাংশ) দিয়া।

• ডাঙৰ স্কুলৰ পিছে পিছে দৌৰি ফুৰাতকৈ সৰু স্কুলৰ ওপৰত গুৰুত্ব দিয়া (সোনকালে বিক্ৰী হোৱাটো নিশ্চিত কৰিবলৈ)।

• চহৰৰ উপকণ্ঠৰ স্কুলবোৰ টাৰ্গেট কৰা, কাৰণ সহজে পতিয়ন নিয়াব পাৰি।

• ছেলছৰ কৰ্মচাৰীজনক যাবলৈ দি আমাৰ সমগ্ৰ সময়খিনি বিক্ৰীৰ বাবে উৎসৰ্গা কৰা।

কিন্তু বন্ধু আৰু মোৰ মত নিমিলিল। অৱশেষত মোৰ সহ প্ৰতিষ্ঠাপকে কোম্পানীটো অধিগ্ৰহণ কৰিলে আৰু ভৱিষ্যতে কোম্পানীটোৱে লাভ উপাৰ্জন কৰিলে বিনিয়োগ কৰা ধনখিনি ওভতাই দিয়াৰ প্ৰতিশ্ৰুতি দিলে ।

১১ মাহৰ শেহলৈ খৰছ হৈছিল-

আৰম্ভণীৰ ছমাহঃ ৯,৫৬,০০০ টকা

দৰমহাঃ ৩,০০,০০০ টকা

Sales-ৰ প্ৰশিক্ষণঃ ৩০,০০০ টকা

ঘৰ ভাড়াঃ ৫৬,০০০ টকা

ভ্ৰমণ, মাৰ্কেটিং আৰু অন্যান্যঃ ২,০০,০০০টকা

মুঠঃ১৫,৪২,০০০ টকা

তেতিয়ালৈ আমি এনে এটা product–ত ১৫ লাখ টকা খৰচ কৰিছিলো যাৰ প্ৰতি কোনো ক্ৰেতা আকৰ্ষিত হোৱা নাছিল। আমাক পইচা দিয়া গ্ৰাহকৰ সংখ্যা আছিল ২, কেইটামান অৰ্ডাৰ পৰীক্ষা-নিৰীক্ষাৰ পৰ্যায়ত আছিল আৰু তালিকাত আছিল অসংখ্য।

আৰু কেইসপ্তাহমান পিছত মোৰ বন্ধুৱে আন এটা চাকৰিত যোগ দিলে। School Gennie-ৰ অধ্যায় তাতেই সমাপ্ত হৈছিল।

এই গোটেই কাণ্ডটোত মই যি শিকিলো সেই অভিজ্ঞতাৰ ভাগ আপোনালোককো দিও আহক।

১.সামগ্ৰী এটা বনোৱাৰ পূৰ্বে সম্ভাব্য গ্ৰাহকে কি বিচাৰে জানি লওঁকঃ

আমি প্ৰতিযোগীৰ product- ৰ সৈতে তুলনা কৰি আমাৰ product- টো নিৰ্মাণ কৰিছিলো। তাৰ সলনি আমি গ্ৰাহকৰ মতামত জানিবলৈ চেষ্টা কৰা উচিত আছিল।

২.পইচা ক’ত খৰচ কৰিব লাগে আৰু ক’ত নালাগে সেইটো জানকঃ

অফিচৰ আন্তঃগাথনি আৰু দৰমহাৰ বাবদ আমি আটাইতকৈ বেছি পইচা খৰচ কৰিছিলো। আমি যদি ঘৰৰ পৰা কাম কৰিলোহেঁতেন আৰু কৰ্মচাৰীক নুন্যতম দৰমহা+শ্বেয়াৰৰ বন্দোবস্তিত নিয়োগ কৰিলোহেঁতেন, তেনেহ’লে ৮০% ধন ৰাহি হ’লহেঁতেন।

প্ৰফেছনেল ডিজাইন, বিপণন সজুলি আৰু পেছাদাৰী পৰামৰ্শদাতাৰ বাবে আমি খৰচ কৰিব বিচৰা নাছিলো। বিক্ৰী বৃদ্ধিত সহায়ক হ’ব পৰা এইবোৰ শিতানত আমি অলপ খৰচ কৰা হ’লে ভাল আছিল।

যদি ৱেবছাইট আপোনাৰ বাবে গ্ৰাহকক আকৰ্ষণৰ প্ৰাথমিক উপায় হয়, তেনেহ’লে content marketing, sales deck আৰু sales page–ত সৰ্বাধিক গুৰুত্ব দিয়ক।

যদি আপুনি offline সামগ্ৰী বিক্ৰী কৰে তেনেহ’লে পুস্তিকা বা আন ছপা সামগ্ৰীত বেছিকৈ খৰচ কৰে।

৩. যিয়েই নহওক কডিং কৰিবইঃ

কাৰিকৰি শিক্ষা নথকা সহ প্ৰতিষ্ঠাপকসকলে কাৰিকৰী কথাবোৰ নাজানে। আপোনাৰ কাৰিকৰী শিক্ষা নাথাকিলেও মই কডিং কৰিবলৈ পৰামৰ্শ দিম। কিছু ব্যতিক্ৰম থাকিলেও, সাধাৰণতে কামটো কিদৰে কৰা হয় সেই বিষয়ে জানিলে কাৰিকৰী শিক্ষা নথকা প্ৰতিষ্ঠাপক এজনে উন্নত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।

৪. পূৰ্বৰ অভিজ্ঞতা নাথাকিলেও নিজেই বিক্ৰী কৰকঃ

মই বিক্ৰীৰ পৰা আতৰি আছিলো কাৰণ মোৰ ধাৰণা আছিল যে মোৰ সহ প্ৰতিষ্ঠাপক বন্ধু মানুহৰ সৈতে সম্পৰ্ক গঢ়াৰ আৰু বেছি মানুহৰ আগত কথা কোৱাত অধিক দক্ষ। তেওঁৰ যোগাযোগৰ দক্ষতা আৰু মানৱ সম্পদৰ বেকগ্ৰাউণ্ড থকা স্বত্বেও আমি product বিক্ৰী কৰিবলৈ সমৰ্থ হোৱা নাছিলো। কাৰণটো আছিল আমি কেৱল বিক্ৰীহে কৰিবলৈ চেষ্টা চলাইছিলো, গ্ৰাহকে কি বিচাৰে তাক গুৰুত্ব দিয়া নাছিলো।

বিক্ৰীৰ প্ৰক্ৰিয়াটো কেৱল চমকপ্ৰদ ভাষণ নহয়। গ্ৰাহকৰ স্বাৰ্থইহে এইক্ষেত্ৰত গুৰুত্ব পাব লাগে।

টোকাঃ

সকলো প্ৰতিষ্ঠাপকে একে সময়তে সকলো কাম কৰিব লাগে বুলি মই কোৱা নাই। তেওঁলোকে নিজৰ ক্ষেত্ৰতেই কাম কৰক কিন্তু startup –ৰ সকলো কাম-কাজৰ বিষয়ে তেওঁলোকৰ প্ৰত্যক্ষ অভিজ্ঞতা থকাটো জৰুৰী।

৫. সিদ্ধান্ত লওক আৰু নিজক বিশ্বাস কৰকঃ

বিক্ৰী বঢ়োৱাৰ বাবে বাজেট নিৰ্ধাৰণ, কৰ্মচাৰী নিযুক্তি আৰু অব্যাহতি, কৰ্মচাৰীক অংশীদাৰীত্ব প্ৰদান, ডাঙৰ স্কুল নে সৰু স্কুলক টাৰ্গেট কৰিম, বিক্ৰীৰ পিছত বিনামূলীয়াকৈ আন সুবিধা দিম নে পইচা ল’ম, আৰু একেবাৰে আমি কিদৰে নিজৰ নিজৰ ৰাস্তা ল’ম- এই ধৰণৰ কঠোৰ সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত আমি হেমাহি কৰিছিলো।

প্ৰথম কোম্পানীটো বন্ধ হোৱাৰ পিছত হাতত থকা তথ্যৰ ভিত্তিত মই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা আৰম্ভ কৰিলো। যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনাৰ হাতত ১০০ শতাংশ প্ৰয়োজনীয় তথ্য নাথাকিবও পাৰে। ৬০-৭০ শতাংশ তথ্য আৰু আপোনাৰ অনুভৱৰ সহায়ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰাকৈ আপুনি বুদ্ধিমান হ’ব লাগিব।

৬. শিকা কেতিয়াও বন্ধ নকৰিবঃ

কোনোবাই সবজান্তাৰ দৰে আচৰণ কৰিবলৈ আৰু নতুন কথা শিকিবলৈ অনাগ্ৰহী হোৱাৰ লগে-লগে startup –ৰ বিপদঘণ্টা বাজিবলৈ আৰম্ভ কৰে। শিকা বন্ধ কৰিলে আপুনি ডুবাতো নিশ্চিত।

৭. পইচা আনুষংগিকহেঃ

মই বহু পলমকৈ শিকিলো, কিন্ত আপোনালোকৰ কোনো কোনোৱে চাগে এতিয়ালৈ কথাটো উপলব্ধি কৰিছেই। আমি উদ্যমীসকলে কিবা এটা কাম আৰম্ভ কৰোঁ গ্ৰাহকৰ সমস্যা সমাধান কৰিবলৈ বা আমাৰ কোনো হাবিয়াস পূৰণ কৰিবলৈ, startup –ৰ যানখনৰ বাবে পইচা কেৱল ইন্ধন। পইচাৰ ওপৰত গুৰুত্ব দিলে আপোনাৰ দৃষ্টি সংকুচিত হৈ পৰিব। সমস্যা সমাধান কৰা আৰু গ্ৰাহকক সুখী কৰাত গুৰুত্ব দিয়ক, পইচা নিজেই আহিব।

৮.উদাৰ হওকঃ

মোৰ উদ্যমিতাৰ যাত্ৰাৰ পৰা লাভ কৰা আটাইতকৈ মূল্যবান শিক্ষাটো হ’ল- উদাৰ হওক, নম্ৰ হওঁক।

সিদ্ধান্তঃ

এই কাহিনীটো মোৰ প্ৰথমটো startup –ৰ, কিন্ত মোৰ ধাৰণা প্ৰথমবাৰৰ বাবে এইটো পথত খোজ দিয়া সকলৰ অভিজ্ঞতা এনেকুৱাই হয়। পিছত মই আন এটা startup–ত সহ-প্ৰতিষ্ঠাপকৰূপে যোগ দিলো সফল হ’লো। এতিয়া মই startup –সমূহক লৈ কাম কৰো আৰু সেইবোৰৰ বিকাশৰ ক্ষেত্ৰত সহায় কৰো।

মূলঃ পৰদীপ গোয়েল

অনুবাদঃ লুইত পাঠক।