সামগ্ৰী আৰু সেৱা কৰ সম্পৰ্কিত চাৰিখন বিলৰ প্ৰতি কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

সামগ্ৰী আৰু সেৱা কৰ সম্পৰ্কিত চাৰিখন বিলৰ প্ৰতি কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

Monday March 20, 2017,

2 min Read

সামগ্ৰী আৰু সেৱা কৰ সম্পৰ্কিত চাৰিখন বিলৰ প্ৰতি অনুমোদন জনোৱা হয় কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত । এই বৌঠকত সভাপতিত্ব কৰিছিল প্ৰধানমন্ত্ৰীয়ে । এই বিলকেইখন হৈছে- 

১. কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰৰ বিল ২০১৭ (চি জি এচ টি বিল)

২. সংহত সামগ্ৰী আৰু সেৱা কৰৰ বিল ২০১৭ (আই জি এচ টি বিল)

৩. কেন্দ্ৰীয় শাসিত অঞ্চলৰ সামগ্ৰী আৰু সেৱা কৰৰ বিল ২০১৭ (ইউ টি জি এচ টি বিল)

৪. সামগ্ৰী আৰু সেৱা কৰ (ৰাজ্যসমূহৰ বাবে ক্ষতিপূৰণ)ৰ বিল ২০১৭ (ক্ষতিপূৰণ বিল)

ওপৰোক্ত বিলসমূহ ইতিপূৰ্বে সংহত সামগ্ৰী আৰু সেৱা কৰ পৰিষদে যোৱা ছমাহত ১২ খনকৈ সভা অনুষ্ঠিত কৰি তাত এই বিষয়ে আলোচনা কৰি সকলো তন্ন তন্নকৈ পৰীক্ষা কৰি অনুমোদন জনাইছে।

image


চি জি এচ টি বিলৰদ্বাৰা ৰাজ্যসমূহৰ বাবে বাহিৰৰ পৰা অহা সামগ্ৰী আৰু সেৱাৰ বাবদ কেন্দ্ৰীয় চৰকাৰে কৰ সংগ্ৰহ কৰাৰ সুবিধা পাব।আনহাতে আই জি এচ টি বিলৰদ্বাৰা ৰাজ্যসমূহৰ মাজত হোৱা সামগ্ৰী আৰু সেৱাৰ যোগানৰ বাবদ কেন্দ্ৰীয় চৰকাৰে কৰ সংগ্ৰহ কৰাৰ সুবিধা পাব।

ইউ টি জি এচ টি বিলৰদ্বাৰা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ বাহিৰৰ পৰা অহা সামগ্ৰী আৰু সেৱাৰ বাবদ কেন্দ্ৰীয় চৰকাৰে কৰ সংগ্ৰহ কৰাৰ সুবিধা পাব। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহেও ৰাজ্যসমূহৰদৰেই বাহিৰৰ পৰা অহা সামগ্ৰী আৰু সেৱাৰ বাবদ কৰ সংগ্ৰহ কৰাৰ সুবিধা পাব।

ক্ষতিপূৰণ বিলৰদ্বাৰা সংবিধানৰ ২০১৬ বৰ্ষৰ আইনৰ ১৮ নং ধাৰামতে ৰাজ্যসমূহক পাঁচবছৰৰ সামগ্ৰী আৰু সেৱা কৰৰ ক্ষতিপূৰণ দিয়া হ’ব।

পটভূমিঃ

দেশৰ শাসন ব্যৱস্থাই আনিবলগীয়া উল্লেখনীয় সংস্কাৰসমূহৰ অন্যতম সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থা। সামগ্ৰী আৰু সেৱা কৰ পৰিষদে অহা ১ লা জুলাইৰপৰা সামগ্ৰী আৰু সেৱা কৰ আৰম্ভ কৰিবলৈ সিদ্ধান্ত কৰিছে। দেশৰ বিত্তমন্ত্ৰীয়ে সামগ্ৰী আৰু সেৱা কৰে কিদৰে দেশৰ উদ্যোগ আৰু বাণিজ্যক্ষেত্ৰত সহায় কৰিব সেই কথা এইবছৰৰ বাজেট উপস্থাপন কৰি দিয়া ভাষণত উল্লেখ কৰিছে। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

সুৰক্ষিত জীৱনক বেছি গুৰুত্ব দিয়াজন ভাল উদ্যমী হ'ব নোৱাৰে: মাৰ্ক লাইটফ্লাং ষ্ট'ন

ব্যাৱসায়িক পৰিকল্পনা ভাল হলে পুঁজি আহিবই: ৰৱি ৰঞ্জন, নাছকম ১০,০০০ ষ্টাৰ্টআপছ

এক্ট ইষ্ট নীতিয়ে সলনি কৰিব উত্তৰ-পূবৰ ছবি: অধ্যাপক ই বিজয় কুমাৰ

'প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰী কৰাতকৈ বিক্ৰী হোৱা সামগ্ৰী প্ৰস্তুত কৰাত গুৰুত্ব দিব লাগে': ড'নাৰ সচিব নৱীন ৱৰ্মা