বান্ধৱীৰ বিয়াৰ ফটোগ্ৰাফীৰে আৰম্ভ দুজন সাংবাদিকৰ উদ্যমিতাৰ খোজ

বান্ধৱীৰ বিয়াৰ ফটোগ্ৰাফীৰে আৰম্ভ দুজন সাংবাদিকৰ উদ্যমিতাৰ খোজ

Monday August 08, 2016,

2 min Read

এগৰাকী বান্ধৱীৰ বিয়াৰে হঠাৎ কোনো পূৰ্ব প্ৰস্তুতি অবিহনে আৰম্ভ হৈছিল মঞ্জৰী আৰু অনুৰাগৰ এক যাত্ৰা । সাংবাদিক দম্পতি মঞ্জৰী বৰকটকী আৰু অনুৰাগ বৰুৱাই নিজাকৈ কিবা এটা কৰাৰ কথা চিন্তা কৰোঁতে মনলৈ আহিছিল বিভিন্ন ধাৰণা । ফটোগ্ৰাফীত চখ থকা অনুৰাগ আৰু মঞ্জৰীক এগৰাকী বান্ধৱীয়ে নিজৰ বিয়াৰ ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফীৰ দায়িত্ব লোৱাৰ বাবে প্ৰস্তাৱ দিয়ে । কোনো পূৰ্ব প্ৰস্তুতি নথকাকৈয়ে এই প্ৰস্তাৱ গ্ৰহণ কৰে তেওঁলোকে আৰু জন্ম হয় চিৰিয়েল শ্বুটাৰছৰ । প্ৰাৰম্ভিক অৱস্থাত আন এজন বন্ধু অনিৰুদ্ধ বৰুৱাও জড়িত আছিল যদিও বৰ্তমান মঞ্জৰী আৰু অনুৰাগেই চলাই নিছে চিৰিয়েল শ্বুটাৰছ ।

image


বিয়াত ফটোগ্ৰাফী বহুতেই কৰে । কিন্তু এখন বিয়াৰ একো একোটা মূহুৰ্ত স্মৰণীয় কৰিবৰ কাৰণে তাত কিছু সৃজনিশীলতাৰ সংমিশ্ৰণ ঘটাই নতুনত্ব প্ৰদানৰ চেষ্টা কৰিলে চিৰিয়েল শ্বুটাৰছে । ইয়াৰ পাছতে ইখনৰ পাছত সিখন বিয়াৰ ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফীৰ বাবে চাহিদা বাঢ়ি আহে চিৰিয়েল শ্বুটাৰছৰ । "The Big Fat Indian Weddingৰ ধাৰণাটোৱে লাহে লাহে গুৱাহাটীতো গা কৰি উঠিছে আৰু গোটেই বিয়াখনক এটা বিশাল অনুস্থানৰ দৰে অথবা এখন চিনেমাৰ দৰে ফটো আৰু ভিডিঅ'ত আবদ্ধ কৰি ৰাখিবলৈ আজিকালি মানুহ আগ্ৰহী । আজিকালি ডাঙৰ ডাঙৰ মহানগৰীৰ দৰে গুৱাহাটীতো বিশাল আয়োজনেৰে একোখন বিয়া হয় য'ত আনকি কৰিঅ'গ্ৰাফাৰ পৰ্যন্ত নিয়োগ কৰা হয় । সেয়েহে ৱেডিং ফটোগ্ৰাফীৰ ক্ষেত্ৰখনতো বহুতো নতুন ধৰণৰ চাহিদাৰ সৃষ্টি হৈছে আৰু ইায়ত সম্ভাৱনীয়তা অপৰিসীম । এই চাহিদালৈ লক্ষ ৰাখি আমি কেতবোৰ নতুন প্ৰয়োগ কৰিছো । সম্ভৱতঃ বিয়াৰ ফটোগ্ৰাফীত আমিয়েই প্ৰথম ড্ৰন ব্যৱহাৰ কৰিছো । " অনুৰাগে কয় । 

image


কিন্তু কেৱল অসম বা গুৱাহাটীতে নহয় জয়পুৰকে ধৰি ভাৰতৰ অন্যান্য ঠাইতো কেইবাখনো বিশাল বিবাহৰ ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী কৰিছে চিৰিয়েল শ্বুটাৰছে । "আমি লাহে লাহে সম্পূৰ্ণ ৱেডিং প্লেনাৰ আৰু অন্যান্য ক্ষেত্ৰৰ ইভেন্ট মেনেজমেন্টৰ ক্ষেত্ৰখনলৈও নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিম ।" ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে এইদৰে কয় অনুৰাগে ।  

image


ৱেডিং ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফীৰ লগতে ফেশ্যন ফটোগ্ৰাফীও কৰে চিৰিয়েল শ্বুটাৰছে । সাংবাদিকতাৰ ক্ষেত্ৰখনৰপৰা ৱেডিং আৰু ফেশ্বন ফটোগ্ৰাফী ক্ষেত্ৰখনলৈ কেনেকৈ আকৰ্ষিত হ'ল বুলি সোধাত অনুৰাগে কয়, "সাংবাদিকতা যদিও ৰুক্ষ তথ্য মানুহক জনোৱাৰ এক পেছা তথাপিও ইয়াত সৃজনীশীলতাৰ প্ৰয়োজন আৰু সেয়েহে দুয়োটা বিষয়ৰ মাজত বিশেষ পাৰ্থক্য নাই ।" ইতিমধ্যে অসমৰ চাৰিসীমা অতিক্ৰম কৰা চিৰিয়েল শ্বুটাৰছক ৰাষ্ট্ৰীয় পৰ্যায়ত এক প্ৰতিষ্ঠিত নামত পৰিণত কৰাৰ সপোন মঞ্জৰী আৰু অনুৰাগৰ । 

এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কিছুমান কাহিনী 

অনন্ত অম্বানিৰ ফিটনেছ ট্ৰেইনাৰ বিনোদ চান্নাই এদিন দৈনিক এসাজহে খাবলৈ পাইছিল  

বেঞ্জামিন ফ্ৰেংকলিনৰ কৰ্মকুশলতাৰ এক গোপন মন্ত্ৰ উদ্যমীসকলৰ বাবে 

সমস্যাৰ সৈতে যুঁজেই ৰাষ্ট্ৰীয় স্বীকৃতি আনিলে এজন গ্ৰাম্য উদ্ভাৱকলৈ

কেৱল অসমৰ জাতি জনগোষ্ঠীৰ বাবে প্ৰথমটো মেট্ৰিমনিয়েল ছাইট subhabibah.com