প্ৰাক্তন চোৰ ব্যাসাৰ যুঁজ গৃহহীনৰ বাবে

প্ৰাক্তন চোৰ ব্যাসাৰ যুঁজ গৃহহীনৰ বাবে

Saturday July 02, 2016,

2 min Read

কৰ্ণাটকৰ এজন প্ৰাক্তন চোৰ শ্বিগলি ব্যাসা । চাৰি দশকজুৰি আঢ়ৈশতকৈও অধিক ঘৰত চুৰ কৰা ব্যাসা বহুবাৰ জেললৈ গৈছে। শেহতীয়াকৈ ব্যাসাই খোজকাঢ়ি এসময়ত চুৰিকাৰ্য সংঘটিত কৰা প্ৰতিখন ঘৰলৈ গৈ ক্ষমা বিচৰা অভিযান চলাই আছে। এখন জাতীয় পতাকা লৈ ইতিমধ্যে ৪৫০ কিলমিটাৰতকৈও অধিক দুৰত্ব অতিক্ৰম কৰা ব্যাসাই চলাই আছে আন এক যুঁজো । এই যুঁজ গৃহহীন লোকৰ আশ্ৰয়ৰ বাবে ।

Image : (L) – TV9; (R) – Vijay Karnataka

Image : (L) – TV9; (R) – Vijay Karnataka


টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক বাতৰি অনুসৰি তেওঁ কাৰাগাৰৰপৰা মুক্ত হোৱাৰ পাছত নিজৰ পিতৃৰ ঘৰলৈ গৈ সন্মূখিন হোৱা এক অভিজ্ঞতাই তেঁৰ মন সলনি কৰে । তেওঁ দেখিলে যে ২.৩ একৰ পৈতৃক মাটিৰ সকলোবোৰ তেওঁৰ ককাই-ভায়ে দখল কৰিছে আৰু তেওঁক এই তেওঁৰ ভাগৰ মটিৰপৰা বঞ্চিত কৰা হৈছে । তেওঁ এই কথাৰ প্ৰতিবাদ কৰি পঞ্চায়তৰ কাষ চপাত পঞ্চায়তে তেওঁক এটা ঘৰ দিবলৈ মান্তি হয় যদিও স্থানীয় ৰাইজে এই কথাৰ প্ৰতিবাদ কৰে । এই ঘটনাই তেওঁৰ মনৰ পৰিৱৰ্তন ঘটায় আৰু তেওঁ নিজ কৰ্মৰ বাবে অনুশোচনা কৰিবলৈ আৰম্ভ কৰে । 

বৰ্তমান গৃহহীন লোকসকলৰ বাবে আশ্ৰয়ৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সজাগতা আনিবলৈ চেষ্টা কৰি আছে তেওঁ । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

উত্তৰ-পূৰ্বাঞ্চলত চিকিৎসা সেৱা সহজ কৰি তুলিছে অক্সিস্কোৱেৰে

দৈনিক ৮ কি:মি: পাহাৰ বগাই এখন স্কুল জীয়াই ৰাখিছে এজন শিক্ষকে

গাড়ী ধুই জীৱিকা নিৰ্বাহ কৰা বি এম বালকৃষ্ণ আজি ২০ কোটি টকীয়া কোম্পানীৰ মালিক

'কাজু কিং' ৰাজমোহন পিল্লাইৰ উপন্যাসোপম সংঘৰ্ষৰ কাহিনী