২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

Tuesday June 07, 2016,

2 min Read

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস: ইয়াৰ আৰম্ভণী 

২০১৫ চনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বিশ্বজুৰি সফলতাৰে পালন কৰাৰ পাছত দ্বিতীয়বাৰৰ বাবে ইয়াক পালন কৰিবলৈ আমি সাজু হৈছো । এই দিৱসলৈ মাত্ৰ কেইসপ্তাহমান থকা অৱস্থাত যওৱা বছৰ আৰম্ভ হোৱা এই পদক্ষেপৰ ওপৰত আমি আকৌ এবাৰ চকু ফুৰাওঁ আহক । 

২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ ৬৯তম অধিবেশনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ বাবে সমগ্ৰ বিশ্বকে আহ্বান জনাইছিল । সেই বছৰৰে ১১ ডিচেম্বৰত ১৯৩ সদস্যৰে গঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এই প্ৰস্তাব গ্ৰহণ কৰে আৰু ১৭৭খন দেশৰ সহযোগিতাত ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰূপে উদ্যাপনৰ সিদ্ধান্ত লোৱা হয়। এই প্ৰস্তাৱত স্বাস্থ্যৰক্ষাৰ ক্ষেত্ৰত যোগৰ ভূমিকাক স্বীকৃতি দিয়াৰ লগতে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সমতা স্থাপন, ৰোগ প্ৰতিৰোধ জীৱনশৈলী সম্বন্ধীয় ৰোগৰ প্ৰতিৰোধ আদি সকলো ক্ষেত্ৰতে ইয়াৰ ভূমিকাক স্বীকাৰ কৰা হৈছে । 

আয়ুষ মন্ত্ৰালয়ে ২০১৫ চনৰ ২১ জুনত লতুল দিল্লীৰ জনপথত সফলতাৰে প্ৰথম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰে । এই উপলক্ষে দুটাকৈ বিশ্ব ৰেকৰ্ডো স্থাপন হৈছিল । প্ৰথমটো আছিল ৩৫,৯৮৫ জন ব্যক্তিৰে বিশ্বৰ বৃহত্তম সংখ্যক লোকে ভাগ লোৱা যোগ অনুশীলনৰ ৰেকৰ্ড আৰু দ্বিতীয়টো আছিল সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয়তাৰ লোকে (৮৪) ভাগ লোৱা যোগ অনুষ্ঠানৰ ৰেকৰ্ড । ইয়াৰ উপৰিও বিশ্বৰ বিভিন্ন প্ৰান্তৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুস্থিত হয় যত লাখ লাখ লোকে অংশগ্ৰহণ কৰে ।

প্ৰচীন ভাৰতীয় পৰম্পৰা যওগৰ অনুশীলনৰ দ্বাৰা স্বাস্থ্যলাভ আৰু সুস্থ জীৱ-যাপন সম্ভৱ হয় বুলি ইতিমধ্যে প্ৰমাণিত হৈছে । বিশ্বৰ বিভিন্ন ঠাইত হোৱা গৱেষণাত ইয়াৰ দ্বাৰা বিভিন্ন শাৰীৰিক আৰু মানসিক ৰোগৰ উপশম ঘটে বুলি প্ৰমাণিত হৈছে । দিনে দিনে বিশ্বজুৰি যোগৰ জনপ্ৰিয়তা বৃদ্ধি হৈছে আৰু ই বিশ্ববাসীৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট সূপ্ৰভাৱ পেলাব । এই আশা লৈয়েই ২০১৬ চনৰ দ্বিতীয় বিশ্ব যোগ দিৱসৰ বাবে বাট চাই ৰোৱা হৈছে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

৪০০ টকীয়া চাকৰিৰ পৰা কুইক হীলৰ প্ৰতিষ্ঠালৈকে কাটকাৰ ভাতৃদ্বয়ৰ চমকপ্ৰদ যাত্ৰা

এতিয়া অসমত সহজ হ'ব উদ্যোগ স্থাপন প্ৰক্ৰিয়া

কলাৰ স্নাতকসকলে কিয় ষ্টাৰ্ট-আপ আৰম্ভ কৰিব লাগে

হুইল চেয়াৰৰপৰা ৰেম্পৱাক আৰু বিশ্বৰেকৰ্ডলৈ ৰুচিকা শৰ্মাৰ যাত্ৰা