পৰিবেশকৰ্মী হ'বৰ বাবে চিকিৎসক হোৱাৰ লক্ষ্য বাদ দিছিল পুৰুষোত্তম ৰেড্ডীয়ে

0

১৯৯৬ চনৰ ঘটনা। অবিভাজিত অন্ধ্ৰপ্ৰদেশৰ নালগণ্ডা জিলাৰ এখন গাঁৱত কৃষক সকলৰ এক মেল বহিছিল। কৃষক আৰু আন গাঁওবাসী সকলে ফ্লুৰছিছৰ সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় চিন্তা কৰিছিল। সেই সময়ত নালগণ্ডা জিলাৰ প্ৰায়বোৰ গাঁৱত ব্যৱহৃত পানীত ফ্লুৰাইডৰ মাত্ৰা বৃদ্ধি পোৱাৰ বাবে খোৱা পানীৰ সমস্যা আহি পৰিছিল। এক কথাত পানী যেন বিষলৈ পৰিণত হৈছিল। কিন্তু লোক সকলে উপায়হীন হৈ সেই পানী খাবলৈ বা ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছিল। ফলস্বৰূপে জিলাখনৰ বহু লোক ফ্লুৰছিছ বেমাৰত আক্ৰান্ত হ'ল। শিশু, বৃদ্ধ, মহিলা, যুৱক সকলো এই বেমাৰত আক্ৰান্ত হ'ল। ফ্লুৰছিছত আক্ৰান্ত লোক সকলৰ দাঁত হালধীয়া হৈ পৰিল, কিছুমানৰ হাড় ঠুনুকা হৈ বিকলাংগ হৈ পৰিল। ফ্লৰাইডযুক্ত পানী সেৱনৰ ফলত লোক সকল হাড়, মাংসপেশী, বুকু আৰু পেটৰ নানান অসুখত আক্ৰান্ত হ'বলৈ ধৰিলে। গৰ্ভৱতী মহিলা সকলৰো শৰীৰত বিভিন্ন লক্ষণ দেখা দিলে। প্ৰদূষিত পানীৰ বাবে বহু মহিলাৰ গৰ্ভপাত হ'ল। আনহাতে, কৃষিৰ বাবে উপযুক্ত পানী নোহোৱা বাবে লক্ষ লক্ষ একৰ মাটি অব্যৱহৃত হৈ পৰি ৰৈছিল।

ফ্লুৰছিছত আক্ৰান্তৰ সংখ্যা লাহে লাহে বৃদ্ধি পাইছিল। লোক সকলৰ মাজত শংকা, সন্ত্ৰাস বাঢ়ি গৈছিল। ৰাজ্য চৰকাৰক এই বিষয়ে অৱগত কৰাৰ পাছতো চৰকাৰৰ ফালৰ পৰা কোনো পদক্ষেপ লোৱা দেখা নগ'ল। জিলা প্ৰশাসনেও মৌনতা অৱলম্বন কৰিছিল। পৰিষ্কাৰ পানী চৰকাৰে যোগান ধৰিব নোৱাৰাৰ ফলত লোকসকল বিকলাংগ আৰু নপুংসক হৈ পৰিছিল। অথচ চৰকাৰ তথা চৰকাৰী কৰ্তৃপক্ষ সমস্যা সম্পৰ্কে সম্পূৰ্ণ অৱগত আছিল আৰু সমস্যা সমাধানৰ উপায়ো তেওঁলোকৰ হাতত আছিল। সমাধান মাত্ৰ ইমানেই আছিল যে গাঁও সমূহত সুৰক্ষিত পানীৰ যোগান ধৰা। কিন্তু ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। চৰকাৰৰ ওচৰত বিশুদ্ধ পানী যোগানৰ দাবী কৰি গাঁওবাসীয়ে বিভিন্ন আন্দোলন কাৰ্যসূচীও কৰিছিল। কিন্তু চৰকাৰৰ ওপৰত এই আন্দোলন সমূহৰ কোনো প্ৰভাৱ নপৰিল। চৰকাৰে মৌনতা অৱলম্বন কৰিলে।

সেয়ে, কৃষক আৰু গাঁওবাসীয়ে লগ হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত লৈছিল। আন্দোলনৰ গতি-বিধি সম্পৰ্কে আলোচনা কৰিবলৈ এখন সভা আহ্বান কৰা হৈছিল। এই সভাত কৃষক সকলক সহযোগ কৰিবলৈ ৰাজনীতি বিজ্ঞান বিষয়ৰ এজন বিদ্বান ব্যক্তি উপস্থিত আছিল। সভাত বিভিন্ন জনে বিভিন্ন মত পোষণ কৰিলে। চৰকাৰৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদী আন্দোলন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। আন্দোলন কেতিয়া আৰু কেনেকৈ কৰা হ'ব এই বিষয়ে আলোচনা কৰিবলৈ বাকী আছিল। কৃষক সকলে সমৰ্থকক লৈ ধৰ্ণা দিয়াৰ পক্ষত আছিল।

কিন্তু সভাত উপস্থিত এজন ব্যক্তিয়ে কথাটো অলপ বেলেগকৈ চিন্তা কৰিছিল। সভাত উপস্থিত ৰাজনীতি বিজ্ঞানৰ বিদ্বান ব্যক্তি জনে কৃষক সকলক যি উপদেশ দিলে সেয়া শুনি কৃষক সকল আচৰিত হোৱাৰ বাহিৰে উপায় নাছিল। এনে আন্দোনলৰ বিষয়ে কৃষকসলৰ কোনো ধাৰণা বা অনুমান আগতে নাছিল।

বিদ্বান ব্যক্তিজনে কৃষক সকলক বুজালে যে লোকসভা ইতিমধ্যে ভংগ কৰা হৈছে আৰু নিৰ্বাচন সমাগত। এনে পৰিস্থিতিত কেৱল ৰাজ্যৰ নহয় কেন্দ্ৰীয় চৰকাৰৰ মনোযোগ নালগণ্ডা জিলাৰ প্ৰতি আকৰ্ষিত কৰাৰ উপায় তেওঁ দিব পাৰিব। ব্যক্তিজনে পৰামৰ্শ আগবঢ়ালে যে এইবাৰ নালগণ্ডা লোকসভা পদৰ বাবে হ'বলগীয়া নিৰ্বাচনত ফ্লুৰছিছৰ দ্বাৰা প্ৰভাৱিত কেইবাজনো কৃষকে প্ৰাৰ্থীত্ব আগবঢ়াব। এই বাতৰি সমগ্ৰ দেশতে প্ৰচাৰ হ'ব।

বিদ্বান লোক জনৰ পৰামৰ্শ কৃষক সকলে মানি ল'লে। ৫৪০ জন কৃষকে প্ৰাৰ্থীত্ব আগবঢ়ালে। ১৯৯৬ চনৰ লোক সভা নিৰ্বাচনৰ এয়া আটাইতকৈ গৰিষ্ঠ সংখ্যক নামকৰণ আছিল। ইয়াৰ আগলৈকে লোকসভা পদৰ বাবে ইমান প্ৰাৰ্থীত্ব কোনেও আগবঢ়োৱা নাছিল।স্বাভাৱিকতেই সমগ্ৰ দেশৰ দৃষ্টি নিৱদ্ধ হ'ল নালগণ্ডা জিলাত। নালগণ্ডাৰ কৃষক সকল ফ্লুৰছিছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কথাতো সমগ্ৰ দেশতে প্ৰচাৰিত হ'ল। আৰু চৰকাৰৰ অসফলতাৰ প্ৰতিবাদত নালগণ্ডাৰ কৃষক সকলে গৰিষ্ঠ সংখ্যক প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ কথাটো পোহৰলৈ আহিল। কিন্তু সকলো প্ৰাৰ্থীকে নিৰ্বাচনী চিহ্ন দিবলৈ নিৰ্বাচনী আয়োগ অপৰাগ হ'ল। ফলত নিৰ্বাচন স্থগিত কৰিব লগীয়া হ'ল। নালগণ্ডাত নিৰ্বাচন স্থগিত কৰা বিষয়টো দেশজুৰি প্ৰচাৰ লাভ কৰিলে। নালগণ্ডাৰ লোক সকল ফ্লুৰছিছত আক্ৰান্ত হৈ কেনে পৰিস্থিতিৰ মুখামুখি হৈছে, সেই কথা সকলোৱে জানিব পাৰিলে। ৰাজ্য চৰকাৰৰ উদাসীনতাক সকলোৱে সমালোচনা কৰিলে। উপায়হীন হৈ ৰাজ্য চৰকাৰে নালগণ্ডাৰ তিনি লাখ একৰ ভূমিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা আৰু পাঁচশ গাঁৱত বিশুদ্ধ পানী যোগানৰ ব্যৱস্থা কৰিবলৈ বাধ্য হ'ল।

কৃষক সকলে এই সমস্যা সমাধানৰ উপায় বিচাৰি বহু বছৰ ধৰি আন্দোলন কৰি আছিল যদিও কোনো সুফল পোৱা নাছিল। কিন্তু এই বিদ্বান ব্যক্তিজনৰ পৰামৰ্শ মতে পদক্ষেপ গ্ৰহণ কৰাত বহু বছৰীয়া সমস্যা এটাৰ সমাধান কেইদিন মানৰ ভিতৰতে লাভ কৰিলে।

ৰাজনীতি বিজ্ঞানৰ এই বিদ্বান ব্যক্তি জন আন কোনো নহয়, জনপ্ৰিয় শিক্ষাবিদ, পৰিবেশবিদ প্ৰবক্তা পুৰুষোত্তম ৰেড্ডী। সেইজন পুৰুষোত্তম ৰেড্ডী যি বহু সংখ্যক জন আন্দোলনক নেতৃত্ব দিয়াৰ লগতে ইয়াক সাফল্যমণ্ডিত কৰি তুলিছে। আন্দোলনত পোনপটীয়াকৈ জড়িত নহৈ ব্যৱহাৰিক পৰামৰ্শৰে ইয়াক সফল কৰাৰ ক্ষেত্ৰত মহত্বপূৰ্ণ ভূমিকা লৈছে। নিজস্ব ৰাজনীতিক জ্ঞান, বিবেক বুদ্ধিৰে তেওঁ বহু গণ আন্দোলনক সফল কৰিছে।

ফ্লুৰছিছৰ দ্বাৰা আক্ৰান্ত নালগণ্ডাৰ কৃষক সকলে কৰা আন্দোলনক সোঁৱৰণ কৰি এক বিশেষ সাক্ষাৎকাৰত পুৰুষোত্তম ৰেড্ডীয়ে মন্তব্য কৰে যে সেই সময়ত অবিভাজিত অন্ধ্ৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু তৎকালীন মুখ্য নিৰ্বাচনী আয়ুক্ত টি.এন.ছেচনে নিজকে খুব প্ৰভাৱশালী বুলি ধাৰণা কৰিছিল। তেওঁলোকৰ ধাৰণা আছিল যে কোনেও তেওঁলোকক পৰাজিত কৰিব নোৱাৰিব। কিন্তু জনতা তথা লোকতন্ত্ৰৰ ওচৰত অৱশেষত তেওঁলোকে হাৰ মানিবলৈ বাধ্য হ'ল। টি.এন.ছেচনে নিৰ্বাচন স্থগিত কৰিব লগীয়া হ'ল আৰু মুখ্যমন্ত্ৰী এই কথাত লজ্জিত হৈ নালগণ্ডাত বিশুদ্ধ পানীৰ যোগান ধৰিবলৈ বাধ্য হ'ল।

পুৰুষোত্তম ৰেড্ডীয়ে মন্তব্য কৰে-ৰাজনৈতিক পাৰ্টি তথা নেতা সকলৰ ওপৰত থকা নালগণ্ডা লোক সকলৰ বিশ্বাস উঠি গৈছিল। যেতিয়া মই লোক সভা নিৰ্বাচনত গৰিষ্ঠ সংখ্যক প্ৰাৰ্থীত্ব আগবঢ়াই নিৰ্বাচনত অংশগ্ৰহণৰ প্ৰস্তাব দিলোঁ, তেওঁলোক আচৰিত হৈছিল। কিন্তু পৰম্পৰাগত আন্দোলন কৰি কৰি তেওঁলোকে কোনো সুফল নোপোৱাত মোৰ পৰামৰ্শতো মানি ল'লে। তেওঁলোকে মোৰ পৰামৰ্শ মানি লোৱাৰ বাবে মই সুখী হৈছিলোঁ। কিন্তু মোৰ মনত এক শংকাও বিৰাজ কৰিছিল। প্ৰশ্ন হৈছিল কৃষক সকলে প্ৰাৰ্থীত্ব পৰিপূৰণৰ বাবে পাঁচশ টকা খৰচ কৰিবনে। কিন্তু মোৰ শংকা দূৰ হল যেতিয়া কৃষক সকলে পাঁচশ টকা খৰচ কৰি প্ৰাৰ্থীত্ব আগবঢ়াবলৈ মান্তি হল।

সেই আন্দোলনৰ সফলতাৰ কথা স্মৰণ কৰি নিজকে গৌৰৱান্বিত অনুভৱ কৰে পুৰুষোত্তম ৰেড্ডীয়ে। কিন্তু এই সফলতাক পুৰুষোত্তম ৰেড্ডীয়ে আন্দোলনকাৰী জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা বুলিও ক'ব নোখোজে। এক প্ৰশ্নৰ উত্তৰত ৰেড্ডীয়ে কয়- 

'ৰাজীৱ গান্ধীৰ প্ৰধান মন্ত্ৰীত্বৰ কালত নাগাৰ্জুন সাগৰ বান্ধৰ কাষত পাৰমাণৱিক ৰিয়েক্টৰ বনোৱাৰ প্ৰচেষ্টাক বাধা আৰোপ কৰাটো তেওঁৰ জীৱনৰ ডাঙৰ সফলতা।পুৰুষোত্তম ৰেড্ডীৰ মতে কৃষ্ণা নদীত নিৰ্মাণ কৰা নাগাৰ্জুন সাগৰ বান্ধ এখ বৃহৎ প্ৰকল্প। এই নদী বান্ধৰ কাষত এটা পাৰমাণৱিক ৰিয়েক্টৰ বনোৱাৰ পৰিকল্পনা কৰিছিল কেন্দ্ৰীয় চৰকাৰে। প্ৰকল্পৰ বাবে ভূমি আবন্টিত হৈ কাম প্ৰায় আৰম্ভ হৈছিল। যেতিয়া মই এই কথা গম পালোঁ, মই সংকল্প ল'লো যে যিকোনো প্ৰকাৰে এই প্ৰকল্প মই বন্ধ কৰিম। মই বুজি উঠিছিলোঁ যে পৰিবেশ আৰু মানুহৰ স্বাস্থ্যৰ বাবে এই প্ৰকল্প অতি হানিকাৰক। সেয়ে পূৰ্ণৰূপে এই প্ৰকল্পৰ বিৰোধিতা কৰিবলৈ মই দৃঢ় প্ৰতিজ্ঞ হলোঁ। যেতিয়া মই নিজে প্ৰকল্প তৈয়াৰ কৰা ঠাইলৈ গৈছিলোঁ, মই নিশ্চিত হৈছিলোঁ যে এই বান্ধে বহু লোকৰ জীৱনলৈ বিপদ কঢ়িয়াই আনিব।'

পুৰুষোত্তম ৰেড্ডীয়ে বুজি পাইছিল যে তেওঁ অকলে এই বান্ধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগত বিৰোধিতা কৰিব নোৱাৰে। তেওঁ নিজৰ সামৰ্থ বুজি পাইছিল। পাৰমাণৱিক ৰিয়েক্টৰৰ কাষৰীয়া গাঁও সমূলৈ গৈ তেওঁ গাঁওবাসীক এই প্ৰকল্পৰ পৰা হ'ব পৰা দুৰ্যোগ সমূহৰ বিষয়ে অৱগত কৰিছিল। গাঁৱৰ লোক সকলক, কৃষক সকলক এই বিষয়ত সজাগ কৰিলে। ইয়াৰ বাবে ৰেড্ডীয়ে বহু গাঁৱলৈ গৈ গাঁওবাসীক লগ কৰি সভা আহ্বান কৰিছিল। তেওঁ বিচাৰিছিল পৰিবেশ, মানুহ, পশু-পক্ষী সুৰক্ষিত হৈ থকাটো। জনতাৰ হিতৰ বাবে নি:স্বাৰ্থ ভাৱে পুৰুষোত্তম ৰেড্ডীয়ে পাৰমাণৱিক প্ৰকল্পৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিলে।

আন্দোলনৰ ফলত লোক সকলৰ মাজত সজাগতা আহিল। তেওঁলোকে বুজি পাইছিল যে পাৰমাণৱিক প্ৰকল্পই তেওঁলোকৰ জীৱন ধ্বংস কৰিব পাৰে। পুৰুষোত্তম ৰেড্ডীৰ প্ৰেৰণাত লোক সকলে নিজাববীয়াকৈ পাৰমাণৱিক প্ৰকল্পৰ বিৰোধিতা কৰিলে। লোক সকল প্ৰতিজ্ঞাবদ্ধ হ'ল যে যেতিয়ালৈকে পাৰমাণৱিক প্ৰকল্পৰ প্ৰস্তাৱ ঘূৰাই লোৱা নহয় তেতিয়ালৈকে তেওঁলোকে প্ৰতিবাদ বন্ধ নকৰে। পুৰুষোত্তম ৰেড্ডীৰ অনুপ্ৰেৰণাত আৰম্ভ হোৱা এই গণ আন্দোলন দিনে দিনে বৃহৎ ৰূপ ল'লে। প্ৰফেচাৰ শিৱাজী ৰাও, গোৱৰ্দ্ধন ৰেড্ডী, ড. বালগোপালৰ দৰে বিশিষ্ট ব্যক্তি সকল এই আন্দোলন কাৰ্যসূচীৰ লগত জড়িত হৈ পৰিল। অৱশেষত এই গণ আন্দোলনৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ'ল চৰকাৰ। প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে গোৱৰ্দ্ধন ৰেড্ডীক পত্ৰ লিখি পাৰমাণৱিক প্ৰকল্প স্থগিত কৰাৰ সিদ্ধান্তৰ কথা অৱগত কৰিলে। মুখত প্ৰফুল্লিত হাঁহি এটাৰে পুৰুষোত্তম ৰেড্ডীয়ে মন্তব্য কৰিলে-'এবাৰ যেতিয়া আমি আৰম্ভ কৰিলোঁ, আৰু পিছলৈ ঘূৰি চোৱা নাই। এয়া এক বৃহৎ আন্দোলন আছিল। আৰু সফলতাও আমাৰ বাবে গুৰুত্বপূৰ্ণ আছিল।'

অধ্যাপক ৰেড্ডীৰ মতে আন ৰাজ্য সমূহত লোক সকলে প্ৰতিবাদ কৰিও পাৰমাণৱিক প্ৰকল্প বন্ধ কৰিব নোৱাৰে। কোটা, কুডনকুলম আদি ঠাইত লোক সকলে বান্ধৰ বিৰোধিতা কৰিছিল যদিও এই প্ৰতিবাদ কামত নাহিল। নাগাৰ্জুন সাগৰ আন্দোলন সফলতাৰ সন্দৰ্ভত ৰেড্ডীয়ে মন্তব্য কৰে-মই গাঁও সমূহলৈ গৈ লোক সকলক পাৰমাণৱিক প্ৰকল্পৰ ক্ষতিৰ কথা বুজাইছিলোঁ। মই লোক সকলক বুজাইছিলোঁ যে পাৰমাণৱিক ৰিয়েক্টৰত দুৰ্ঘটনা সংঘটিত হলে ইয়াৰ পৰা হোৱা বিকিৰণে পঞ্চাশৰ পৰা এশ কিলোমিটাৰ দূৰত্বত থকা বহু লোকৰ প্ৰাণ হানি কৰাৰ সম্ভাৱনা থকাৰ লগতে লোক সকলক বচোৱাৰ বাবে চৌব্বিশ ঘন্টাৰ ভিতৰত লোক সকলক সুৰক্ষিত স্থানলৈ নিব পৰা নাযাব। লাখ লাখ লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত হ'ব। যদি নিৰ্দিষ্ট সময়ত কিছু লোকক সুৰক্ষিত স্থানলৈ নিয়াও হয়, কিন্তু তাত কাম কৰা কৰ্মচাৰী সকলৰ কি হ'ব? বান্ধত সংৰক্ষিত পানী ইয়াৰ ফলত প্ৰদূষিত হ'ব। প্ৰদূষিত পানীৰ ফলতো বহু সমস্যাৰ সৃষ্টি হ'ব। মই লোক সকলক তেওঁলোকৰ ভাষাৰে পাৰমাণৱিক ৰিয়েক্টৰৰ পৰা হ'ব পৰা ক্ষতিৰ বিষয়ে অৱগত কৰিছিলোঁ। এই কাৰণেই হয়তো তেওঁলোকৰ মাজত সজাগতা অনাৰ ক্ষেত্ৰত মই সহজে সফল হলোঁ।

উল্লেখযোগ্য যে, প্ৰায় পাঁচ দশক ধৰি পুৰুষোত্তম ৰেড্ডীয়ে পৰিবেশ সংৰক্ষণৰ প্ৰতি জনচেতনা জাগ্ৰত কৰা আৰু এই বিষয়ত চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰা কাৰ্য কৰি আহিছে। জন হিত তথা পৰিবেশ সম্পৰ্কীয় যিকোনো কামত তেওঁ সহযোগ কৰাৰ পৰা পিছ পৰি নাহে।ৰেড্ডীয়ে কয় যে, সৰুতেই পিতৃ-মাতৃৰ পৰা লাভ কৰা সংস্কাৰৰ বাবে তেওঁ সমাজ আৰু পৰিবেশৰ বাবে নিজকে সমৰ্পিত কৰিবলৈ প্ৰেৰণা দিছিল। তেলেংগানাৰ এটা ধনী কৃষক পৰিয়ালত ১৯৪৩ চনৰ ১৪ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰিছিল পুৰুষোত্তম ৰেড্ডীয়ে। তেওঁৰ মাতৃ কৌশল্যা দেৱী আৰু পিতৃ ৰাজা ৰেড্ডী দয়ালু আৰু উদাৰ ব্যক্তি আছিল। দয়ানন্দ সৰস্বতী, আচাৰ্য অৰবিন্দ আৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দ্বাৰা তেওঁ সৰুৰে পৰাই প্ৰভাৱিত হৈছিল। ঘৰৰ পৰিবেশো আধ্যাত্মিক, ভাৰতীয় সংস্কৃতি আৰু ৰীতি-নীতিৰে পৰিপূৰ্ণ আছিল। আচাৰ্য বিনোৱা ভাৱেৰ দ্বাৰা প্ৰভাৱিত হৈ ৰাজা ৰেড্ডীয়ে এহেজাৰ একৰ ভূমি ভূদান আন্দোলৰ সময়ত দান কৰিছিল। পৰৱৰ্তী সময়ত আতুৰ জনক সহায়ৰ বাবে তিনি হাজাৰ একৰ ভূমিও দান কৰিছিল।

শৈশৱৰ কথা স্মৰণ কৰি পুৰুষোত্তম ৰেড্ডীয়ে মন্তব্য কৰে-মোৰ পিতৃ-মাতৃয়ে আধ্যাত্মিক জীৱনৰ শিক্ষা দিছিল।তেওঁলোকৰ একতা, দয়া গুণ, সমাজ সেৱা আদি কাৰ্যই মোক প্ৰভাৱিত কৰিছিল। মোৰ পিতৃ মাতৃয়ে মোক শিকাইছিল যে মাটি, সম্পত্তি, এইবোৰৰ কোনো মূল্য নাই। পঢ়া-শুনা কৰা আৰু ইয়াৰ পৰাই ফল পাবা।

পিতৃৰ উপদেশ মানি লৈ পুৰুষোত্তম ৰেড্ডীয়ে পঢ়া-শুনাত মনোযোগ দিছিল। তেওঁ এজন মেধাবী তথা কৃতী ছাত্ৰ আছিল। নিজৰ সদগুণেৰে শিক্ষাগুৰু সকলৰ প্ৰিয় পাত্ৰ হ'ব পাৰিছিল। কষ্ট আৰু প্ৰতিভাৰ বলত তেওঁ চিকিৎসা মহাবিদ্যালয়ত আসন লাভ কৰিছিল। মেধাৰ বাবেই প্ৰতিষ্ঠিত ওস্মানিয়া চিকিৎসা মহাবিদ্যালয়ত এম.বি.বি.এছ কৰাৰ সুযোগ লাভ কৰিছিল।

দুবছৰ চিকিৎসা বিজ্ঞান পঢ়াৰ পাছত পুৰুষোত্তম ৰেড্ডীয়ে হঠাতে এটা ডাঙৰ সিদ্ধান্ত ল'লে। ডাক্টৰী পঢ়াৰ সলনি সমাজ সেৱা কৰাৰ কথা তেওঁ ভাবিলে। যিহেতু পঢ়াটোও জৰুৰী আছিল। সেয়ে, চিকিৎসা বিজ্ঞান এৰি ৰাজনীতি বিজ্ঞানত নাম ভৰ্তি কৰিলে। 'কিয় জানো মোৰ ভাব হ'ল যে ডাক্টৰ হৈ মই বিচৰা ধৰণে সমাজ সেৱা কৰিব নোৱাৰিম। ইয়াৰ সলনি ৰাজনীতি বিজ্ঞান ভালকৈ আয়ত্ব কৰিলে মই মানুহৰ বেছি সেৱা কৰিব পাৰিম। সেয়ে মই ৰাজনীতি বিজ্ঞানক মুখ্য বিষয় হিচাপে ল'লো।'

পৰৱৰ্তী সময়ত ৰাজনীতি পুৰুষোত্তম ৰেড্ডীয়ে ওস্মানিয়া বিশ্ববিদ্যালয়ত তিনি দশকৰো অধিক সময় হাজাৰ হাজাৰ ছাত্ৰক ৰাজনীতি বিজ্ঞানৰ পাঠ দান কৰিছিল। ইয়াৰ আগত তেওঁ ৰাজনীতি বিজ্ঞান বিষয়ত বি.এ., এম.এ, এম.ফিল., পি.এইচ.ডি. কৰিছিল। ওস্মানিয়া বিশ্ববিদ্যালয়ত প্ৰৱক্তা হিচাপে থকাৰ সময়তো পুৰুষোত্তম ৰেড্ডীয়ে বিভিন্ন গণ আন্দোলনত অংশগ্ৰহণ কৰিছিল। কৃষক আৰু জনতাৰ আন্দোলনকাৰী হিচাপে তেওঁ পৰিচিত হৈ পৰিল। বহু দূৰ দূৰণিৰ পৰা সমস্যাৰ সমাধান বিচাৰি তেওঁৰ ওচৰলৈ মানুহ আহিছিল। মানুহক সমস্যাৰ সমাধান দিয়াৰ ক্ষেত্ৰত কেতিয়াবা তেওঁ নায়ক আৰু কেতিয়াবা পৰামৰ্শদাতাৰ ভূমিকা গ্ৰহণ কৰে। মানব কল্যান আৰু পৰিবেশ সংৰক্ষণৰ বাবে তেওঁ আইনৰ বিৰুদ্ধেও মাত মাতিছে।

বিশেষ সাক্ষাৎকাৰৰ সময়ত আমি পুৰুষোত্তম ৰেড্ডীক সুধিছিলোঁ যে বহু বছৰ ৰাজনীতি বিজ্ঞান পঢ়ি, সেই বিষয়ত শিক্ষকতা কৰি, অৱশেষত কেনেকৈ শিক্ষাবিদৰ পৰা পৰিবেশবিদ আৰু গণ আন্দোলনকাৰীৰ প্ৰৰণা হিচাপে পৰিচিত হ'ল? এই প্ৰশ্নৰ উত্তৰত পুৰুষোত্তম ৰেড্ডীয়ে কৈছিল যে দুটা ঘটনাই তেওঁৰ জীৱনটো সলনি কৰিলে। প্ৰথম ঘটনাটো আছিল ভূপালৰ তেল বিস্ফোৰণৰ ৰ ঘটনা যত বহু লোকে প্ৰাণ হেৰুৱাইছিল। দ্বিতীয় ঘটনাটো তেওঁৰ ঘৰ-পৰিয়ালৰ সৈতে জড়িত আছিল। পুৰুষোত্তম ৰেড্ডীৰ ভাতৃও কৃষক আছিল আৰু তেওঁ জৈৱিক কৃষি কৰিছিল। চৰুৰনগৰ হ্ৰদৰ পনী তেওঁৰ কৃষিত ব্যৱহাৰ কৰিছিল। কিন্তু কাষত গঢ়ি উঠা উদ্যোগ আৰু কংক্ৰীকটৰ ঘৰ সমূহৰ ফলত সেই হ্ৰদ পেলনীয়া বস্তুৰ ডাষ্টবিন হৈ পৰিছিল।ৰাসায়নিক দ্ৰব্য হ্ৰদত পৰাৰ ফলত পানী দূষিত হৈছিল। দূষিত পানীৰ বাবে খেতি নষ্ট হৈছিল। ফলত তেওঁলোকৰ বহু লোকচান হ'ল। এনে পাৰিবাৰিক সংকটৰ সময়ত পুৰুষোত্তম ৰেড্ডীয়ে সংকল্প লৈছিল যে তেওঁ পৰিবেশ সংৰক্ষণৰ হকে কাম কৰিব। তেওঁৰ প্ৰথম আন্দোলন আছিল চৰুৰনগৰ হ্ৰদ পুনৰুদ্ধাৰ কৰা।

চৰুৰনগৰ হ্ৰদ পুনৰুদ্ধাৰ কৰিবলৈ পুৰুষোত্তম ৰেড্ডী ইমান দৃঢ় হৈ পৰিছিল যে তেওঁ ইয়াৰ লগত সম্পৰ্কীয় সকলো বিষয়াকে কাম কৰিবলৈ বাধ্য কৰাইছিল। তেওঁৰ আন্দোলন সফল হ'ল আৰু চৰুৰনগৰ হ্ৰদ পুনৰ জীৱিত হৈ উঠিল।

প্ৰথমটো আন্দোলনৰ সফলতাই পুৰুষোত্তম ৰেড্ডী আত্ম বিশ্বাসী কৰি তুলিলে। অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ বহু হ্ৰদ পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত তেওঁ সফল হল। মানুহক সহায় কৰিবলৈ পুৰুষোত্তম ৰেড্ডীয়ে পৰিবেশ সম্পৰ্কীয় বিভিন্ন কিতাপ অধ্যয়ন কৰিছিল। আচাৰ্য অৰবিন্দৰ দৰ্শন শাস্ত্ৰক বিষয় হিচাপে লৈ তেওঁ এম.ফিল. কৰিছিল। কিন্তু পি.এইচ.ডি. কৰোঁতে সেই বিষয়ৰ সলনি তেওঁ পৰিবেশ নীতিক বিষয় হিচাপে বাছি লৈছিল। পৰিবেশ আৰু ইয়াৰ লগত জড়িত বিযয়বোৰ অধ্যয়ন আৰু গৱেষণা কৰোঁতে কৰোঁতে তেওঁ এই বিষয়ত পাৰদৰ্শী হৈ উঠিছিল। অৰ্জিত জ্ঞান সমূহ মানুহৰ মাজত বিলাবলৈ আৰু মানুহক পৰিবেশৰ প্ৰতি সজাগ কৰি তুলিবলৈ তেওঁ কাম কৰি আছে। ৭৩ বছৰ বয়সতো তেওঁ এজন যুৱকৰ দৰেই কাম কৰি আছে।পুৰুষোত্তম ৰেড্ডীয়ে বিশ্বাস কৰে যে যদি দেশৰ যুৱ প্ৰজন্ম পৰিবেশ সংৰক্ষণৰ প্ৰতি সজাগ হয়, তেন্তে অতি সোনকালে দেশবাসীয়ে ইয়াৰ সুফল পাব। এই উদ্দেশ্যেৰেই তেওঁ গাঁও আৰু স্কুল-কলেজ সমূহলৈ গৈ ছাত্ৰ-ছাত্ৰী সকলক পৰিবেশ সংৰক্ষণৰ প্ৰতি সজাগ কৰিবলৈ সকলো ধৰণৰ প্ৰয়াস কৰি আহিছে। ৰেড্ডীয়ে কয়-যুৱ শক্তিৰ ওপৰত মোৰ ভৰসা আছে। কিয়নো আমি যদি পৰিবেশ বচাব পাৰোঁ, তেন্তে সমগ্ৰ দেশকে বচাব পাৰিম। খৰাং, বানপানী, বনজুই আদি পৰিবেশক কৰা অত্যাচাৰৰ ফলাফল। পৰিবেশ বচোৱাৰ আন্দোলন স্বাধীনতাৰ দ্বিতীয় আন্দোলন। আৰু যুৱ শক্তিয়ে এই আন্দোলন আৰম্ভ কৰি এক সঠিক গতি দিব পাৰিব।

পুৰুষোত্তম ৰেড্ডীয়ে অভিযোগ কৰি কয় যে এতিয়ালৈকে কোনো এখন চৰকাৰে বিকাশৰ সঠিক অৰ্থ ৰূপায়ন কৰিব পৰা নাই। উদ্যোগ, কাৰখানা, ৰাস্তা, ঘৰ নিৰ্মাণ কৰাটোকে বিকাশ বুলি ধৰি লৈছে। কিন্তু এই ধাৰণা শুদ্ধ নহয়। পৰিবেশৰ প্ৰতি ভাবুকি অনা কোনো কাম বিকাশ হব নোৱাৰে।পুৰুষোত্তম ৰেড্ডীক সোধা হৈছিল যে দেশৰ বিভিন্ন প্ৰান্তত পৰিবেশ সংৰক্ষণৰ বাবে কৰা আন্দোলন সমূহ সফল নোহোৱাৰ কাৰণ কি- 'তেওঁ উত্তৰত কৈছিল-সমস্যাটো হৈছে আন্দোলনকাৰী সকলক লৈ। আন্দোলনকাৰী সকলে লোক সকলক সজাগ কৰাত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ জনপ্ৰিয়তাৰ কথা বেছি চিন্তা কৰে। মই এনে বহু লোকক দেখিছোঁ যি সমস্যাৰ কথা কয়। কিন্তু যেতিয়াই তেওঁলোক অলপ জনপ্ৰিয় হৈ তেওঁলোকে বিষয় বা সমস্যাটো পাহৰি দ্বিতীয় এনে এটা সমস্যাৰ সন্ধান কৰে যি তেওঁলোকক আৰু জনপ্ৰিয়তা দিব পাৰে। ইয়াৰ বাবেই আন্দোলন সফল নহয়। নিজৰ জনপ্ৰিয়তাৰ কথা চিন্তা নকৰি আন্দোলনকাৰী সকলে সমস্যাটো জনতাৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিব লাগে।'

অনুবাদ: পূবালী ভাগৱতী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মহিলা ক্ৰিকেট বিশ্বৰ এক মহান তাৰকা ভাৰতৰ মিতালী ৰাজ

বাঁহৰ চুঙাৰে ধূপকাঠি পেকেজিঙ কৰি ব্যৱসায়ত সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰিছে অৰ্পণা দাসে

অসমত প্ৰাকৃতিক চাহ উৎপাদনৰ পথপ্ৰদৰ্শক ধীৰেন ফুকন

Dr Arvind Yadav is Managing Editor (Indian Languages) in YourStory. He is a prolific writer and television editor. He is an avid traveler and also a crusader for freedom of press. In last 19 years he has travelled across India and covered important political and social activities. From 1999 to 2014 he has covered all assembly and Parliamentary elections in South India. Apart from double Masters Degree he did his doctorate in Modern Hindi criticism. He is also armed with PG Diploma in Media Laws and Psychological Counseling . Dr Yadav has work experience from AajTak/Headlines Today, IBN 7 to TV9 news network. He was instrumental in establishing India’s first end to end HD news channel – Sakshi TV.

Related Stories

Stories by ARVIND YADAV