কোটি টকাৰ বাবে ব্যৱসায় নে কোটিজন গ্ৰাহকৰ বাবে ব্যৱসায়?

কোটি টকাৰ বাবে ব্যৱসায় নে কোটিজন গ্ৰাহকৰ বাবে ব্যৱসায়?

Tuesday November 17, 2015,

3 min Read

মোবাইল ফোনৰ ওপৰত ভিত্তি কৰি কৰিব পৰা ব্যৱসায়ৰ স্থল ভাৰতৰ বাহিৰৰ বজাৰত কিমান? ইয়াৰ বাবে সফলতাৰ সূত্ৰ কি ? এনেবোৰ প্ৰশ্ন লৈয়ে ম’বাইল ফোনৰ ওপৰত ভিত্তি কৰি সফল হোৱা কেইগৰাকীমান উদ্যোগশীল ব্যক্তি টেকস্পাৰ্কছ বৈঠকৰ মেজমেলত বহিছিল। এওঁলোকৰ ভিতৰত আছিল ৰেভাৰী লেনগুৱেজ টেকন’লজীৰ সহ-প্ৰতিষ্ঠাপক তথা সঞ্চালক অৰৱিন্দ পানী, প্ৰছেছ নাইনৰ প্ৰতিষ্ঠাতা ৰাকেশ কাপুৰ, এয়াৰ লয়েলৰ প্ৰতিষ্ঠাতা তথা মুখ্য কাৰ্যবাহী বিষয়া ৰাজা হুছেইন আৰু এক্সটেলৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ইশ্বৰ শ্ৰীধৰণ।

ভাৰতত ম’বাইলৰ ওপৰত চলা ব্যৱসায়ে শীৰ্ষ বিন্দু লাভ কৰিছেনে? এতিয়াও জানো সকলোৱে ইয়াৰ লাভালাভ লবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত ৰেভাৰী টেকনলজীৰ অৰৱিন্দে কয় যে ভিন্ন মবাইলৰ কাৰ্যকাৰিতাৰ ভিন্ন প্ৰয়োজনীয়তা আৰু ভিন্ন বিষয় আছে। অৰবিন্দে চলাই থকা ৰেভাৰী সম্পৰ্কত তেওঁ কয় যে তেওঁলোকে ব্যৱসায়টোৰ জৰিয়তে মবাইল ফোন নিৰ্মাতা, টেবলেট নিৰ্মাতা, ছেট-টপ বক্স নিৰ্মাতা তথা কম্পিউটাৰৰ এপ্লিকেছন নিৰ্মাতাসকলৰ বাবে আঞ্চলিক ভাষাৰ কাৰ্যকৰী প্ৰয়োগৰ কাৰিকৰী সহায় আগবঢ়োৱা হয়।

image


ভাৰতবৰ্ষত পৰম্পৰাগতভাৱে চলি অহা সকলো কথা আঞ্চলিক ভাষাতেই চলি আহিছে কিন্তু ডিজিটেল মাধ্যম সদায় এটা ভাষাতেই চলি আছে আৰু উন্নত হৈছে আৰু সেয়া হৈছে ইংৰাজী ভাষাটো। আমোদজনক কথাটো হল এয়ে যে ভাৰতবৰ্ষৰ প্ৰায় ৯০ শতাংশ লোকে ইংৰাজী ভাষাটো ভালকৈ কব আৰু লিখিব নাজানে আৰু তাৰ বাবেই এনে লোকৰ সহায়ক হোৱাকৈ ৰেভাৰী লেংগুৱেজ টেকনলজীয়ে ডিজিটেল মাধ্যমত আঞ্চলিক ভাষাত কাৰিকৰী সহায় আগবঢ়াই আহিছে। ইংৰাজী কব আৰু লিখিব নজনা লোকসকলৰ বাবে ডিজিটেল মাধ্যমত সকলো কথা অনুবাদ কৰি আঞ্চলিক ভাষাত সাধাৰণ লোকৰ সহায়ক হোৱাকৈ উপস্থাপন কৰা কামটোৱে ৰেভাৰী লেনগুৱেজ টেকনলজীয়ে কৰে। অৱশ্যে তেওঁলোক এতিয়াও বহুদূৰ যাবলৈ আছে বুলি কয় অৰবিন্দ পানীয়ে।

প্ৰছেছ নাইনৰ ৰাকেশ কাপুৰে কয় যে ভাৰতবৰ্ষৰ সৰু সৰু চহৰ-নগৰসমূহত থকা ডিজিটেল মাধ্যমৰ ব্যৱহাৰকাৰীসকলে এই ভাষাৰ সমস্যাৰ বাবে কিমান অসুবিধাৰ সম্মুখীন হবলগীয়া হয় সেই বিষয়টো চিন্তা কৰি ইয়াৰ সমাধান বিচাৰি উলিওৱাটো প্ৰয়োজনীয়। প্ৰছেছ নাইন হৈছে এনে এটা অনলাইন, ক্লাউড বেছড মেচিন তথা যন্ত্ৰ চালিত অনুবাদক প্ৰযুক্তি, যিয়ে বৰ্তমান ৯ টা ভাৰতীয় ভাষাত কাম কৰিব পাৰে। তেওঁলোকৰ পৰবৰ্তী সংযোজন হব ২১টা ভাৰতীয় আঞ্চলিক ভাষাত চলিব পৰা এম-অ-এক্স মবাইল। এয়া হব মবাইল ফোনৰ বাবে অনুবাদৰ অপাৰেটিং ছিষ্টেম, কী-পেড আৰু আখৰ।

বাংগালুৰুস্থিত ষ্টাৰ্ট-আপ কোম্পানী এক্সটেল হৈছে এনে এটা কোম্পানী যিয়ে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক ইন্টাৰনেটৰ মাধ্যমত ফোন কল তথা বাৰ্তা প্ৰেৰণৰ সুবিধা কৰি দিয়ে। এই কোম্পানীৰ ইশ্বৰ শ্ৰীধৰণে কয় যে তেওঁলোকে লক্ষাধিক লোকৰ বাবেই এই ব্যৱসায় কৰিছে। তেওঁ লগতে কয় যে ইন্টাৰনেট জগতত ইয়াৰ সহায়ত কৰিব পৰা এনে বহু ব্যৱসায় আছে আৰু যাৰ জৰিয়তে সাধাৰণ লোকৰ যথেষ্ট সহায়ক হব পাৰে।

ম’বাইলৰ ওপৰত ভিত্তি কৰি চলা ব্যৱসায় আৰু অইন ব্যৱসায়ৰ মাজৰ প্ৰতিযোগিতা সম্পৰ্কত মন্তব্য কৰি এয়াৰলয়েলৰ ৰাজা হুছেইনে কয় যে এতিয়াও মবাইল ভিত্তিক ব্যৱসায়ক লৈ জনমানসত একমত নাই। এয়াৰলয়েল হৈছে এটা ডিজিটেল মাধ্যমৰ মবাইল বিজ্ঞাপন ষ্টাৰ্ট আপ। গুগুল প্লে ষ্ট’ৰত উপলব্ধ তথা যোৱা বৰ্ষত এয়াৰলয়েলে মুকলি কৰি দিয়া প্ৰডাক্তটো হৈছে লাডডু। এয়া হৈছে গুগুল প্লে ষ্ট’ৰত থকা মবাইল বিজ্ঞাপনৰ এটা প্লেটফৰ্ম যাৰ জৰিয়তে প্ৰতিটো মবাইল বিজ্ঞাপনৰ প্ৰয়োগ নিশ্চিতকৰণ হয়।

ৰাজা হুছেইনে কয় যে মাত্ৰ ম’বাইল এপ বিষয়ক ব্যৱসায়ৰ দুটা গুৰুত্বপূৰ্ণ দিশ আছে আৰু সেয়া হৈছে ক্ৰেতা বা কাষ্টমাৰ বিচাৰি উলিওৱাটো আৰু ক্ৰেতাক ধৰি ৰখাটো। ম’বাইল ভিত্তিক ব্যৱসায়ৰ বাবে ক্ৰেতাৰ আগমণ যথেষ্ট কঠিন আৰু ক্ৰেতা অহাৰ পাছত তাক ধৰি ৰখাটো তাতোকৈ অধিক কঠিন। ৰাজাই এই বিষয়ত ক’ব খোজে যে, এই ক্ষেত্ৰত ক্ৰেতাৰ সৈতে সুসম্পৰ্ক গঢ়ি তোলাটোৱেই হৈছে এই ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ীসকলৰ প্ৰধান কৰ্তব্য। আৰু ইয়াৰ জৰিয়তেহে মবাইল ভিত্তিক ষ্টাৰ্ট-আপ ব্যৱসায়ৰ সঠিক দিশত উন্নতি হব।