উত্তৰ প্ৰদেশ নিৰ্বাচনে আমাক কি শিকালে ?

উত্তৰ প্ৰদেশ নিৰ্বাচনৰ ওপৰত আশুতোষৰ বিশেষ প্ৰৱন্ধ

উত্তৰ প্ৰদেশ নিৰ্বাচনে আমাক কি শিকালে ?

Sunday March 26, 2017,

6 min Read

মই এই প্ৰৱন্ধটো উত্তৰ প্ৰদেশ নিৰ্বাচনৰ ঠিক পিছতেই লিখিব খুজিছিলো । কিন্তু নিলিখিলো । মই এই বিষয়ত ছবিখন স্পষ্ট হোৱালৈ অপেক্ষা কৰাৰ সিদ্ধান্ত ল'লো । ইতিমধ্যে বহু কথাই আলোচনা হৈছে । বহু জল্পনা-কল্পনা আৰু বিশ্লেষণ হৈছে। তিনিটা মূল কথা পোহৰলৈ আহিছে যিকেইটাক লৈ গভীৰভাৱে চিন্তা-চৰ্চা আৰু নিৰপেক্ষ তদন্ত কৰা দৰকাৰ । 

১. মোডীৰ ৰথ অপ্ৰতিৰোধ্যভাৱে আগ বাঢ়িছে আৰু ২০১৯ৰ লোকসভা নিৰ্বাচন পৰ্যন্ত তেওঁক বাধা দিয়া অসম্ভৱ । 

২. কংগ্ৰেছ এতিয়া অস্তিত্বৰ সংকটত আৰু ৰাহুল গান্ধী যেন কংগ্ৰেছৰ বাহাদুৰ শ্বাহ জফৰ । 

৩. পাৰম্পৰিক ৰাজনীতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্তৰত আটাইটকৈ চৰ্চিত দল আম আদমী পাৰ্টী ক্ৰমে নিস্প্ৰভ হৈ পৰিছে । 

এই কথাত কোনো দ্বিমত নাই যে উত্তৰ প্ৰদেশত বিজেপিৰ ফলাফল সৰ্বকালৰ শ্ৰেষ্ঠ প্ৰদৰ্শন সমূহৰ অন্যতম  । নিৰ্বাচনৰ আগতে মই যিমান ৰাজনৈতিক পণ্ডিতৰ লগত কথা পাতিছিলে সকলোৱে কৈছিল যে এই নিৰ্বাচন এক তিনিকোণীয়া নিৰ্বাচন আৰু একোটা শিবিৰে আন দুটাক যিকোনো মূহুৰ্তত চেৰাই যাব পাৰে । একাংশই বিজেপি জয়ৰ ভৱিষ্যবাণী কৰিছিল যদিও ইমান ব্যাপক বিজয় তেওঁলোকেও কল্পনা কৰা নাছিল । বি এছ পিয়ে মাত্ৰ ১৮ খন আসনেৰে ইমান দুৰ্বল প্ৰদৰ্শন কৰিব বুলি কোনেও ভবা নাছিল । বিজেপিয়ে মোডীৰ নেতৃত্বত ৮০ শতাংশ আসন লাভ কৰিলে আৰু ইয়াক অলৌকিক ঘটনা আখ্যা দিব পাৰি । ই প্ৰমাণ কৰে যে বিজেপি আৰু মিত্ৰ দল সমূহে ২০১৪ নিৰ্বাচনত ৭৩ খন আসন লাভ কৰাটো ঢৌ নাছিল । উত্তৰাখণ্ডতো বিজেপিয়ে ভাল ফল দেখুৱাইছিল । কিন্তু উত্তৰ প্ৰদেশে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । এই জয়ে মোডী আৰু তেওঁৰ কাৰ্যপন্থা সম্পৰ্কে থকা সকলো সংশয় দূৰ কৰিছে । এতিয়া কোৱা হৈছে যে মোডীয়ে ২০১৯ চনত ইয়াতকৈও বেছি ভাট লাভ কৰিব ।

image


মই যদি কওঁ যে এতিয়া কোনো কথা কোৱাটো বেছি সোনকাল হ'ব তেনেহলে মই শালৰ মাজত শিঙি হৈ পৰিম। লোকসভা নিৰ্বাচনৰ বাবে দুবছৰতকৈ অলপহে বেছি দিন বাকী আছে । আৰু ৰাজনীতিত এটা সপ্তাহ বহু দিঘলীয়া সময় । ইতিহাস এই কথাৰ সাক্ষী । ১৯৭১ চনত পাকিস্তানৰ পতন আৰু বাংলাদেশ সৃষ্টিৰ পাছত শ্ৰীমতি ইন্দিৰা গান্ধীক দূৰ্গা আখ্যা দিয়া হৈছিল । কোৱা হৈছিল- ইন্দিৰাই ভাৰত, ভাৰতেই ইন্দিৰা । কিন্তু ১৯৭২ চনৰ শেষলৈ তেওঁ জনপ্ৰিয়তা হেৰুৱাইছিল । ১৯৭৫ চনলৈ তেওঁৰ বিৰুদ্ধে জনতাৰ আক্ৰোশ ইমানেই বৃদ্ধি পাইছিল যে তেওঁ জৰুৰী অৱস্থা ঘোষণা কৰিবলগীয়া হৈছিল । ১৯৭৭ চনত তেওঁ নিজৰ আসনখনেই বচাব নোৱাৰিলে । কংগ্ৰেছৰ পতন হ'ল আৰু প্ৰথমখন অকংগ্ৰেছী চৰকাৰ গঠন হ'ল । এয়া আছিল ভাবিব নোৱৰা কথা । 

একেদৰে ১৯৮৪ চনত ৰাজীৱ গান্ধীয়ে ৪০৫ খন আসন লাভ কৰিছিল । ইমানখিনি আসন তেওঁৰ মাক আৰু ককাকেও লাভ কৰিব পৰা নাছিল । কিন্তু ১৯৭৮ চনলৈ ব'ফৰ্ছ কেলেংকাৰীয়ে তেওঁক বিপৰ্যস্ত কৰিলে আৰু তেওঁ ১৯৮৯ চনত ভি পি সিঙক বাট এৰি দিব লগা হ'ল । ২০০৪ চনত অটল বিহাৰী বাজপেয়ী চৰকাৰখনে নিজৰ জনপ্ৰিয়তাক লৈ উৎসাহী হৈ নিৰ্বাচন ছমাহ আগুৱাই দিছিল আৰু শোচনীয় পৰাজয়ৰ সন্মূখিন হৈছিল । ২০০৯ চনত বিজেপি যেতিয়া অন্তৰ্কন্দল আৰু ক্ষমতাৰ টনা-আঁজোৰাৰ বাবে দ্বিতীয়বাৰৰ বাবে পৰাজয়ৰ সন্মূখিন হ'ল তেতিয়া সকলোৱে কৈছিল যে ২০১৪ চনত দলটোৰ কোনো সম্ভাৱনা নাই আৰু ২০১৯ চনৰ বাবে ই প্ৰস্তুতি চলোৱা দৰকাৰ । কিন্তু সকলোৱে জানে কেনেকৈ সকলোবোৰ ওৰত পালত হৈ গৈছিল । কংগ্ৰেছ ধূলিস্যাৎ হৈ গৈছিল । গতিকে মই এইটো কব পাৰোঁ যে এতিয়া মোডীৰ সম্ভাৱনা উজ্জল যদিএ তেওঁ এই গতি ধৰি ৰাখিব পাৰে নে নোৱাৰে সেয়া এক ডাঙৰ প্ৰশ্ন । যদি তেওঁ পাৰে তেনেহলে তেওঁৰ কোনো সমস্যআ নাই অন্যথা ইতিহাসে অন্য মোৰ ল'ব ।

ইয়াত এটা অন্য দিশো আছে । মোডীৰ যাদু স্বত্বেও বিজেপি/এনডিএ মাত্ৰ উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডতহে জয়যুক্ত হ'ল । এই দুখন ৰাজ্যত বিজেপি ক্ষমতাত নাছিল । কিন্তু পঞ্জাব আৰু গোৱাত বিজেপি ক্ষমতাত আছিল আৰু এই দুখন ৰাজ্যত পৰাজয়ৰ সন্মূখিন হ'ল । মণিপুৰত কংগ্ৰেছ হল সৰ্বাধিক সফল দল । পঞ্জাবত অকালি-বিজেপি জোঁটে কংগ্ৰেছক বিপুল জনমতেৰে জয়লাভ কৰাত বাধা দিব নোৱাৰিলে । ই প্ৰমাণ কৰে যে য'তে বিজেপি আৰু ইয়াৰ মিত্ৰদল সমূহ ৰাইজৰ আশা পূৰণত ব্যৰ্থ হৈছে ত'তেই ৰাইজে ইয়াক প্ৰত্যাখ্যান কৰিছে । গতিকে মোডীয়ে যদি নিজৰ জনপ্ৰিয়তাক লৈ অতি অাত্মবিশ্বাসী হয় তেনেহলে ই তেওঁৰ বাবে বিপজ্জনক হ'ব পাৰে । আকৌ এবাৰ প্ৰধানমন্ত্ৰী হ'বলৈ তেওঁ অৰ্থনৈতিক দিশত সফল হৈ দেখুৱাব লাগিব । 

কিন্তু আচল সংকট হৈছে কংগ্ৰেছৰ । ৰাহুল দলটোৰ বাবে এটা বোজা । তেওঁৰ নেতৃত্বৰ বিৰুদ্ধে ঢৌ ইমানেই প্ৰৱল যে গোৱা, পঞ্জাব আৰু মনিপুৰৰ সফলতা স্বত্বেও নেতৃত্ব পৰিৱৰ্তন অথবা ৰাহুলৰ কাৰ্যপ্ৰণালী পৰিৱৰ্তনৰ দাবী উঠিছে । ৰাহুলৰ সমস্যআ হৈছে তেওঁ এনে এজন নেতাৰ বিৰুদ্ধে থিয় দিছে যি বৰ্তমান জনপ্ৰিয়তাৰ শীৰ্ষত আৰু নৈতিক, অনৈতিক যিকোনো উপায়েৰে ক্ষমতা ধৰি ৰখাত বিশ্বাসী । অৰুণাচল আৰু উত্তৰাখণ্ডৰ চৰকাৰ বৰ্খাস্ত কৰাটে ইয়াৰ উদাহৰণ । শেহতীয়াকৈ গোৱা আৰু মনিপুৰতো বিজেপিয়ে কংগ্ৰেছক চৰকাৰ গঠন কৰিবলৈ নিদিলে । ৰাহুলৰ কাৰ্যপন্থা হৈছে প্ৰতিৰক্ষামূলক । ছ'নিয়া গান্ধীৰ দৰে তেওঁ দলীয় সদস্যৰ সমৰ্থন আৰু সন্মান লাভ কৰাত অপাৰগ । তেওঁৰ বিৰুদ্ধে আন এটা অভিযেগ হ'ল যে তেওঁ অপৰিপক্ক লোকেৰে আবেষ্টিত আৰু তেওঁৰ নিজৰ ধাৰণাবোৰো বহু পৰিমাণে অবান্তৰ । তেওঁ নিজকে সলনি কৰিব লাগিব যিটো প্ৰায় অসম্ভৱ !! 

এইটো সত্য যে পঞ্জাবত কংগ্ৰেছৰ বিপৰীতে আম আদমী পাৰ্টীৰ সম্ভাৱনীয়তাক লৈ বেছি হুলস্থুল হৈছিল । আপে তিনি চতুৰ্থাংশ বহুমত লাভ কৰিব বুলি সংবাদ মাধ্যমত ভৱিষ্যবাণী কৰা হৈছিল । কিন্তু ই মিত্ৰদলসমূহৰ সৈতে মাত্ৰ ২২ খন আসনহে লাভ কৰিলে । এতিয়া দিল্লীত পৌৰ নিৰ্বানত ই কংগ্ৰেছ আৰু বিজেপিৰ মূখামুখি হ'ব । সমালোচকে ২০১৪ত যেতিয়া দলটোৱে ৪০৯ খন আসনত আমানত হেৰুৱাইছিল তেতিয়া কৰাৰ দৰে এতিয়াও দলটোৰ মৃত্যুবাৰ্তা লিখিছে । কিন্তু ২০১৫ চনত দলটোৱে চমকপ্ৰদ প্ৰত্যাবৰ্তন কৰিছিল । আপ এটা ৪ বছৰ পুৰণি দল । এই কম সময়তে ই দিল্লীত দুবাৰ চৰকাৰ গঠন কৰিছে আৰু আন এখন ৰাজ্যত মূখ্য ৰাজনৈতিক দল হৈ পৰিছে । ই সাধাৰণ কথা নহয় । আন ৰাজনৈতিক দলে এই ফলাফল লাভৰ বাবে কেইবা বছৰো লগাইছিল । দুই দশকজোৰা উপস্থিতিৰ পিছতো বিজেপিয়ে উত্তৰ প্ৰদেশত ১৯৮০ চনত ৩ শতাংশ আৰু ১৯৮৫ চনত ৫ শতাংশ ভোট লাভ কৰিছিল । 

আপ নিশ্চিতভাৱে মৰহি যোৱা নাই । সমালোচক আকৌ হতাশ হ'ব । কিন্তু এটা কথা সত্য যে চৰকাৰক একনায়কত্বৰ পথলৈ যোৱাৰ পৰা নিয়ন্ত্ৰিত কৰি ৰাখিবলৈ শক্তিশালী বিৰোধীৰ দৰকাৰ । গণতন্ত্ৰ জীয়াই থাকিবলৈ বিতৰ্ক আৰু প্ৰতিবাদৰ অধিকাৰ, সংখ্যলঘূৰ অধিকাৰ আদি সংৰক্ষণ কৰাৰ দৰকাৰ । অনৈক্যৰ মাজত ঐক্যৰ বাবে সহিষ্ণুতাৰ দৰকাৰ । আজি আৰ এছ এছ বা বিজেপিক ৰাইজে একনায়ক হোৱাৰ ক্ষমতা প্ৰদান কৰিছে আৰু কেইবা দশক ধৰি সুপ্ত হৈ থকা এক আদৰ্শ শক্তিশালী ৰূপত মূৰ দাঙি উঠিছে । কিন্তু সমীকৰণ সলনি হবলৈ সময় নালাগে যিদৰে বাজপেয়ীৰ দিনত বিজেপিৰ বাবে ই সলনি হৈছিল আৰু ক্ষমতালৈ ঘূৰি আহিবলৈ এটা দশকত লাগিছিল । 

( EDITORIAL DISCLAIMER- লেখক আই বি এন ৭ৰ প্ৰাক্তন পৰিচালন সম্পাদক আৰু বৰ্তমান আম আদমী পাৰ্টীৰ মূখপাত্ৰ । প্ৰকাশিত মতামত লেখকৰ নিজৰ আৰু ইয়াৰ লগত য়'ৰ ষ্ট'ৰী অসমীয়াৰ সম্পাদকীয় নীতিৰ কোনো সম্পৰ্ক নাই )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এজন কুখ্যাত ড্ৰাগ মাফিয়াৰ জীৱনৰপৰা দুটামান শিক্ষা

উঃ পূবৰ ষ্টাৰ্টআপৰ অসুবিধালৈ লক্ষ্য ৰাখিয়েই নেডফি ভেঞ্চাৰ ফাণ্ড: বি পল মুক্তি, চি এম ডি, নেডফি

সুৰক্ষিত জীৱনক বেছি গুৰুত্ব দিয়াজন ভাল উদ্যমী হ'ব নোৱাৰে: মাৰ্ক লাইটফ্লাং ষ্ট'ন

ব্যাৱসায়িক পৰিকল্পনা ভাল হলে পুঁজি আহিবই: ৰৱি ৰঞ্জন, নাছকম ১০,০০০ ষ্টাৰ্টআপছ