উচ্চ শিক্ষা সহজসাধ্য কৰাৰ প্ৰচেষ্টাত আই.এ.এছ ৰ চাকৰি ত্যাগ কৰিলে ৰমন ছনীয়ে

0

আই.এ.এছৰ দৰে এটা উচ্চ পদৰ অধিকাৰী হোৱাটো বহুতৰে সপোনৰ অগোচৰ।বহুতে সপোন দেখিও এনে সপোন বাস্তৱত পৰিণত কৰিব নোৱাৰে।কিন্তু এনে এজন যুৱক যি ছিভিল ছাৰ্ভিছ পৰীক্ষাত দেশৰ ভিতৰত ষোল্ল নম্বৰ স্থানেৰে উত্তীৰ্ণ হৈ সন্মানীয় চাকৰি পায়ো সেই চাকৰি ত্যাগ কৰাৰ সিদ্ধান্ত ল'লে।কেৱল সেয়ে নহয় এইমছ ৰ দৰে আগশাৰীৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লৈ সেই প্ৰফেছনো বাছি নল'লে।তেনে এজন যুৱকক সাধাৰণ মানুহে নিশ্চিতভাৱে মানসিক ভাৰসম্যহীন বুলিয়ে মন্তব্য কৰিব।কিন্তু আচল কথা হ'ল যুৱক জনে নিজৰ সাফল্যৰ কথা চিন্তা নকৰি সমগ্ৰ দেশৰ যুৱ প্ৰজন্ম যাতে উচ্চ শিক্ষাৰে শিক্ষিত হ'ব পাৰে তাৰ বাবে উদ্যোগ ল'বলৈ বহু প্ৰত্যাশিত চাকৰি পৰিত্যাগ কৰিলে।

চৌব্বিশ বছৰীয়া এই যুৱকজনৰ নাম ৰমন ছনী।২০১৩ চনত এইমছৰ পৰা ডক্টৰেট ডিগ্ৰী লোৱাৰ পিছত তেওঁ ছিভিল ছাৰ্ভিছ পৰীক্ষাত অৱতীৰ্ণ হৈ ষোল্ল নম্বৰ স্থানেৰে উত্তীৰ্ণ হৈছিল।তাৰপাছত প্ৰশাসনিক ক্ষেত্ৰত উচ্চ পদস্থ বিষয়া হিচাপে জৱলপুৰত কৰ্মজীৱন আৰম্ভ কৰিছিল।কিন্তু নিজৰ জীৱনৰ সফলতাতকৈ ৰমনে চিন্তা কৰিছিল সেইসকল যুৱকৰ কথা যি আৰ্থিক দৈন্যৰ বাবে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈছিল।তেওঁৰ ভিতিৰত কিবা এটা অগতানুগতিক কাম কৰাৰ ইচ্ছা জন্ম হৈছিল।এই অগতানুগতিক কাম নিজৰ বাবে নহয়,সমাজ আৰু দেশৰ বাবে।

আই.এ.এছ হোৱাৰ পিছত চাকৰি পৰিত্যাগৰ সিদ্ধান্ত

জয়পুৰত জন্ম গ্ৰহণ কৰা ৰমনে অতি কম বয়সতে জীৱনত সেই স্থান পাইছিল যি স্থান পাবলৈ বহুতে কেৱল সপোন দেখে।কিন্তু কাম্য সফলতা লাভ কৰাৰ পিছত ৰমনৰ মনলৈ আহিল নতুন এক চিন্তা।ৰমনে তেওঁৰ বাল্য বন্ধু গৌৰৱ মুঞ্জালৰ সৈতে লগ হৈ unacademy.in নামৰ এটা ৱেবছাইট আৰম্ভ কৰে য'ত বিনামূলীয়াকৈ শিক্ষাদানৰ ব্যৱস্থা আছে।প্ৰধানকৈ এম.বি.বি.এছ,প্ৰশাসনিক সেৱা আৰু কম্পিউটাৰ প্ৰগ্ৰেমৰ বিষয়ে অনলাইন শিক্ষাদান কৰা হয়।এনে মহৎ ত্যাগৰ ফলাফল নিশ্চিতভাৱে সুন্দৰ হ'ব।এই ৱেবছাইটৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰা দহ জন ছাত্ৰই ইতিমধ্যে প্ৰশাসনিক পৰীক্ষাত উত্তীৰ্ণ হৈছে।ইয়াৰোপৰি ইউটিউবত তেওঁৰ পাঠ্যক্ৰমৰ দ্বাৰা এক কোটি দহ লাখ লোক উপকৃত হৈছে।ছ'চিয়েল নেটৱৰ্কিঙ ছাইট ফেচবুকত ৬৪০০০ লোকৰ লগতে টুইটাৰত ২০০০০ লোক ৰমনৰ এই অভিযানত জড়িত হৈছে।

ব্যতিক্ৰমী চিন্তা মনলৈ কেনেকৈ আহিল

এই প্ৰশ্নৰ উত্তৰত ৰমন ছনীয়ে য়'ৰ ষ্ট'ৰীৰ আগত ব্যক্ত কৰিলে-'মই যেতিয়া এইমছত পঢ়ি আছিলো, তেতিয়া মোৰ বাল্যবন্ধু গৌৰৱ মুঞ্জালে নতুন কিবা এটা কৰাৰ কথা চিন্তা কৰিলে।তেওঁ প্ৰথমে ইউটিউবত আনএকাডেমী ডট ইন আৰম্ভ কৰিলে য'ত তেওঁ বিভিন্ন পাঠ্যক্ৰমৰ ভিডিঅ আপলড কৰিছিল।তেওঁ মোকো ইয়াৰ লগত জড়িত হোৱাৰ কথা কোৱাত তেওঁৰ পৰিকল্পনা মোৰ পছন্দ হ'ল।আমি বিনামূলীয়াকৈ আনক কিবা এটা জ্ঞান দিব পাৰোঁ।তাতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে।'

ৰমনে মন্তব্য কৰে যে গৌৰৱে আগতে এটা কম্পানিত চি.ই.অ.হিচাপে কৰ্মৰত আছিল।কিন্তু আনএকাডেমী ডট ইনৰ বাবে তেওঁ চাকৰি ত্যাগ কৰিলে।ৰমনে আৰু কয় যে প্ৰশাসনিক সেৱাৰ প্ৰতি তেওঁৰ যথেষ্ট সন্মান আছে।সেয়ে আই.এ.এছৰ চাকৰি পৰিত্যাগ কৰাৰ সিদ্ধান্ত লওঁতে তেওঁক সময়ৰ প্ৰয়োজন হৈছিল আৰু তেওঁৰ পৰিয়ালবৰ্গ এই সিদ্ধান্তত সুখী নাছিল।পৰৱৰ্তী সময়ত পৰিয়ালবৰ্গই তেওঁৰ সিদ্ধান্ত মানি লৈ তেওঁক সহযোগ কৰিছিল।ৰমনৰ পিতৃয়ে য়'ৰ ষ্ট'ৰীৰ আগত মন্তব্য কৰে-'ভাৰতৰ শিক্ষাক্ষেত্ৰত এক যোগাত্মক সংস্কাৰৰ কথা চিন্তা কৰি ৰমনে এই দিশত কাম কৰি আছে।ৰমনৰ মনোজগতত এটা ঘটনাই প্ৰভাৱ বিস্তাৰ কৰিছিল।বিহাৰৰ এজন যুৱকে আই.এ.এছ বাবে কচিং কৰিবৰ বাবে মাটি বন্ধকত থ'ব লগীয়া হৈছিল।কিন্তু দুখৰ বিষয় ইমান টকা খৰচ কৰাৰ পিছতো ল'ৰাজন আই.এ.এছ হ'ব নোৱাৰিলে।এই ঘটনাটোৱে ৰমনৰ মনত দকৈ সাঁচ বহুৱালে।তেওঁ তেতিয়া চিন্তা কৰিছিল যে পইচা খৰচ নকৰাকৈ ল'ৰা ছোৱালীয়ে কেনেকৈ প্ৰশাসনিক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিব পাৰে।এই চিন্তাটোৱে তেওঁৰ মন মগজুক আচ্ছন্ন কৰিলে।আৰু তাৰ ফলাফল আজি আপোনালোকে দেখিছে।'

এই সিদ্ধান্ত অকলে লোৱাটো ৰমনৰ বাবে প্ৰত্যাহ্বানপূৰ্ণ আছিল।তেওঁ বহুতৰে লগত এই বিষয়ে আলোচনা কৰি অৱশেষত নিজ সিদ্ধান্তত উপনীত হৈছিল।'মোৰ উদ্দেশ্য আছিল উচ্চ শিক্ষা সকলোৰে বাবে যাতে সুবিধাজনক হৈ পৰে।কোটি কোটি লোকৰ আশা পূৰণ কৰিবলৈ উন্নত প্ৰযুক্তি আৰু দক্ষ লোকৰ প্ৰয়োজন।সেয়ে মই unacademy.in ৰ লগত জড়িত হৈ পৰিলোঁ।'

গৌৰৱ মুঞ্জলে নিজৰ বাল্য বন্ধুৰ বিষয়ে মন্তব্য কৰে-'মই মোৰ ধাৰণাটোৰ কথা এজন আই.এ.এছ অফিচাৰক কৈছিলো।তেওঁ মোৰ আইডিয়াটো পচন্দ কৰিলে আৰু আমাৰ লগত ফুল টাইম কাম কৰাৰ সিদ্ধান্ত ল'লে। সঁচা অৰ্থত ৰমন এজন সাহসী ল'ৰা।সকলোৱে এনে সাহস নকৰে।'

গৌৰৱে আৰু মন্তব্য কৰে যে unacademy.in দেশৰ সৰ্ববৃহৎ ই-লাৰ্নিঙ প্লেটফৰ্ম।ইয়াৰ লগত দেশৰ আগশাৰীৰ শিক্ষক জড়িত হৈ থকাৰ লগতে পাঁচশ বিভিন্ন বিনামূলীয়া পাঠ্যক্ৰম আগবঢ়োৱা হয়।

সংখ্যাত কম হলেও সমাজত এনে লোক আছে যি নিজতকৈ আনৰ কথা বেছি চিন্তা কৰে।ৰমন ছনীয়ে যাতে তেওঁৰ সপোনক আৰু বহল পৰিসৰলৈ লৈ যাব পাৰে তাৰবাবে তেওঁলৈ য়'ৰষ্ট'ৰীৰ ফালৰ পৰা শুভেচ্ছা থাকিল।


মূল: নীৰজ সিং

অনুবাদ: পূবালী ভাগৱতী