এই বাৰ বছৰীয়া কিশোৰীেগৰাকীয়ে নিৰ্মাণ কৰিছে ৮০% পানী ৰাহি কৰিব পৰা এটি শ্বাৱাৰ

এই বাৰ বছৰীয়া কিশোৰীেগৰাকীয়ে নিৰ্মাণ কৰিছে ৮০% পানী ৰাহি কৰিব পৰা এটি শ্বাৱাৰ

Sunday December 27, 2015,

2 min Read

বাৰ বছৰীয়া সৃষ্টি নেৰকাৰ নাছিকৰ ৰচনা বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰী। তেওঁ বিশেষ ধৰণৰ ছিদ্ৰ আৰু পদ্ধতিৰ সৈতে এনে এটি শ্বাৱাৰৰ উদ্ভাৱন কৰিছে যি ৮০% লৈকে পানী ৰাহি কৰিব পাৰে। সৃষ্টিয়ে আৱিষ্কাৰ কৰা শ্বাৱাৰটোৱে সাধাৰণতে ব্যৱহাৰ হোৱা ৮০ লিটাৰৰ ঠাইত গাইপতি ১৫ লিটাৰ পানীহে ব্যৱহাৰ কৰে। ইয়াৰ ফলত প্ৰতিবাৰ গা ধোওঁতে প্ৰায় ৬৫ লিটাৰ পানী ৰাহি হয়।

image


সৃষ্টিৰ মগজুলৈ এটি স্মাৰ্ট শ্বাৱাৰৰ আইডিয়া আহিল যেতিয়া তেওঁ দেউতাকৰ সতে কাৰ ৱাশ্বলৈ গৈছিল। সৃষ্টিয়ে DNAক দিয়া এটি সাক্ষাত্‍কাৰত কয়, “যেতিয়া মই কাৰ ৱাশ্বলৈ গৈছিলো আৰু তেওঁলোকে ঘোষণা কৰা শুনিলো যে মাত্ৰ দুই লিটাৰ পানী ব্যৱহাৰ কৰিয়েই তেওঁলোকে গাড়ীখন ধুই পেলাব, মোৰ কৌতূহল জাগিল আৰু ম‌ই তেওঁলোকক গৈ সুধিলো সেইয়া কেনেদৰে সম্ভৱ? তেওঁলোকে বিশেষভাৱে নিৰ্মিত স্প্ৰিংকলাৰ ব্যৱহাৰ কৰিছিল। পিছত মই দেউতাৰ সতে আমাৰ শ্বাৱাৰত তেনে স্প্ৰিংকলাৰৰ ব্যৱহাৰ কৰিব পৰা যাব নে নাই সেই কথা আলোচনা কৰিলো।”

দেউতাকৰ পৰা উত্‍সাহ আৰু সহায় লাভ কৰি তেওঁ চাৰিবাৰ বিফল হোৱাৰ পিছতো ইয়াক সাজি উলিয়ায়।

সৃষ্টিয়ে তেওঁৰ আৱিষ্কাৰৰ বাবে পেটেন্টৰ আবেদন কৰিছে। দ্বাদশমানত পঢ়ি থকা তেওঁৰ ককায়েক অময়ে ইতিমধ্যেই এটি স্মাৰ্ট হেলমেট উদ্ভাৱনৰ বাবে পেটেন্ট লাভ কৰি থৈছে যিটোৱে হেলমেটটো পৰিধান নকৰালৈকে স্কুটাৰখন ষ্টাৰ্ট হ’বলৈ নিদিয়ে। তেওঁলোকৰ পিতৃ নৰেন্দ্ৰ নেৰকাৰ এখন চৰকাৰী পলিটেকনিক কলেজত ইলেকট্ৰনিকছৰ প্ৰবক্তা হিচাপে কৰ্মৰত। তেওঁ নিজৰ সন্তানৰ সফলতাক লৈ অতিশয় গৌৰৱান্বিত।


মূল: Think Change India

অনু: শান্তনু চাংমাই

এনেধৰণৰ অন্যান্য প্ৰেৰণাদায়ক কাহিনী পঢ়িবৰ বাবে ফেচবুক পেজলৈ যাওক আৰু শ্বেয়াৰ কৰক

সকলোৱে বুৰ্কক বুলি কোৱাৰ বাবেই নাম হ’ল-বাঞ্চ অৱ ফুলছ

আনক সহায় কৰাটো মোৰ অধিকাৰঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন উদ্ভাৱক ড° উদ্ধৱ ভৰালী

অসমত প্ৰাকৃতিক চাহ উৎপাদনৰ পথপ্ৰদৰ্শক ধীৰেন ফুকন

য়েল্ল' পেজেছৰ পৰা অনলাইন বজাৰলৈকে Askmebazaar ৰ নীৰৱ আৰু দ্ৰুত সফলতা