ষ্টাৰ্টআপ ইণ্ডিয়া – সপক্ষে-বিপক্ষে

ষ্টাৰ্টআপ ইণ্ডিয়া – সপক্ষে-বিপক্ষে

Wednesday January 27, 2016,

6 min Read

image


হেজাৰ আলোচনা চক্ৰ আৰু বাতৰি কাকতৰ সম্পাদকীয় লেখায়ো কৰিব নোৱাৰা কাম কেন্দ্ৰীয় চৰকাৰে দিল্লীত আয়োজন কৰা Startup India eventৰ জৰিয়তে কৰিলে। সেয়া হৈছে ভাৰতত ষ্টাৰ্ট আপক জনপ্ৰিয়তা প্ৰদান কৰা। ইয়াৰ লগে লগেই যেন বহুতো উদ্যোগীয়ে এতিয়া নতুন উৎসাহেৰে নিজৰ বিবাহৰ জো-যা চলাব। মই ভাবো এতিয়া বহুতো অভিভাৱকে নিজৰ জীয়ৰী-বোৱাৰীজনীৰ বিষয়ে গৌৰৱেৰে কব “তাই নিজৰ এটা ষ্টাৰ্ট আপ চলায়।” ভাৰত চৰকাৰে এই আড়ম্বৰপূৰ্ণ অনুস্থানটোত বিভিন্নজন মন্ত্ৰী,আমোলা আৰু প্ৰসিদ্ধ উদ্যোগপতিক একত্ৰিতকৰণেৰে এইক্ষেত্ৰখনৰ বহুতো বাট মুকলি কৰিলে। আডাম নিউমেন, মাছায়োছি চন আৰু ট্ৰেভিছ কালানিকৰ দৰে তাৰকা উদ্যোগীক একেখন মঞ্চতে সমবেত কৰাই অনুস্থানটোৰ সৌস্থৱ বহুখিনি বৃদ্ধি কৰিলে। কাৰিকৰী ক্ষেত্ৰখনৰ বাহিৰৰো এজন হলেও ডাঙৰ ব্যক্তিত্বক আমন্ত্ৰন জনালে আৰু ভাল হলহেতেন। কাৰণ যিধৰণৰ মিডিয়া কাভাৰেজ অনুস্থানটোৱে লাভ কৰিছে সেই কথাৰ পৰা যিকোনো নতুন উদ্যোগীয়ে হয়তো ভাবিব পাৰে যে নিজৰ ষ্টাৰ্ট আপ আৰম্ভ কৰিবলৈ নিজৰ এটা এপ মুকলি কৰাটো জৰুৰী।

য়'ৰ ষ্ট'ৰীত প্ৰকাশ কৰা অনুসৰি অনুস্থানটোত যিধৰণৰ ঘোষণা কৰা হৈছে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই প্ৰচেষ্টাটোৱে ভাৰতৰ ষ্টাৰ্ট আপ আৰু উদ্যোগশীলতাৰ ক্ষেত্ৰখনত কি প্ৰভাৱ পেলায় তাক লক্ষ্য কৰিব লাগিব।

কিছুমান মূল সিদ্ধান্তৰ ওপৰত মোৰ দৃষ্টিভংগী কি সেয়া আগবঢ়াইছো :

মোৰ দৃষ্টিত ষ্টাৰ্ট আপৰ ক্ষেত্ৰত ত্যাগ কৰা সুবিধাৰ সৰলিকৰণৰ ঘোষণাটো অতিকৈ গুৰুত্বপূৰ্ণ। সৰহসংখ্যক ষ্টাৰ্ট আপেই বিফল হব (আৰু মই এইকথা নকৈ নোৱাৰো যদিও সকলো উদ্যোগীয়ে সফল হব) আৰু সেয়াই প্ৰকৃতিৰ নিয়ম। দীৰ্ঘম্যাদী কাৰ্যব্যৱস্থা আৰু আইনী মেৰপেছত আৱদ্ধ হৈ থকাতকৈ বিফলতাৰ পিছতো আগুৱাই যোৱাটো এজন উদ্যোগীৰ বাবে বৰ জটিল ।এই কথা মই মোৰ অভিজ্ঞতাৰ পৰা কব পাৰো ।

১৪বছৰীয়া সংগ্ৰামৰ অন্তত ২০১৩চনত মই মোৰ ষ্টাৰ্ট আপটো ত্যাগ কৰাৰ পিছতো তাৰ পৰা সম্পূৰ্ণভাবে বাহিৰ হৈ অহাৰ ক্ষেত্ৰত এতিয়াও মই সংঘৰ্ষ কৰি থাকিব লগীয়া হৈছে। মই পুনৰ ষ্টাৰ্ট আপ নকৰিম নে ?

আন ঘোষণাসমুহৰ ভিতৰত গুৰুত্বপূৰ্ণ আৰু আদৰণীয় পদক্ষেপ হৈছে এটা এপত এখন পত্ৰ পূৰ্ণ কৰিয়েই ষ্টাৰ্ট আপ কৰিব পৰা সুবিধা, স্ব-প্ৰামাণিকৰণৰ সুবিধা আৰু তিনি বছৰলৈ চৰকাৰী পৰ্যবেক্ষণ নকৰা ব্যৱস্থাটো। আৰম্ভণীতে এজন উদ্যোগীয়ে বৰ কঠিন সময় কটাবলগীয়া হয়। সেই সময়খিনিত কোনো ধৰণৰ আনুস্থানিক আৰু আইনী চাকনৈয়াত পৰি কক্ষচ্যুত নোহোৱাকৈ নিজৰ উৎপাদিত সামগ্ৰী বা সেৱাৰ ওপৰ মনোনিৱেশ কৰিবলৈ এজন উদ্যোগীয়ে পোৱা উচিত।

এটা ষ্টাৰ্ট আপৰ পেটেন্ট ফাইল কৰা বা লাভ কৰাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ সিদ্ধান্তটো মোৰ পচন্দ হৈছে। মই শেহতীয়াভাবে নিয়োজিত হোৱা এটা ষ্টাৰ্ট আপৰ কেইবাটাও পেটেন্ট ফাইল কৰা হৈছে আৰু মই নিশ্চিত যে এই ব্যৱস্থা এইক্ষেত্ৰত ফলপ্ৰসূ হব। আমি আমাৰ ষ্টাৰ্ট আপসমূহক একাধিক পেটেন্ট ফাইল কৰাৰ ক্ষেত্ৰত উৎসাহ যোগোৱা উচিত।

চৰকাৰে পৰোক্ষভাবে হলেও ষ্টাৰ্ট আপত বিনিয়োগ কৰাৰ যি সিদ্ধান্ত গ্ৰহন কৰিছে তাক মই আদৰণি নজনাও। মই গভীৰভাবে বিশ্বাস কৰো যে চৰকাৰে ষ্টাৰ্ট আপ সমুহৰ নীতি নিৰ্দেশনাৰ ক্ষেত্ৰত বা আন্তগাঠনিৰ উন্নয়নৰ ক্ষেত্ৰত অধিক মনোনিবেশ কৰি প্ৰকৃত প্ৰত্যক্ষ বিনিয়োগৰ পৰা আতৰি থকা উচিত। ষ্টাৰ্ট আপত বিনিয়োগ কৰাটো হৈছে বৃহত লাভৰ আশাত বৃহত ৰিস্ক এটা লোৱা। এই কামটো আন বিনিয়োগকাৰী , পুজিপতি আৰু ব্যক্তিগত বিনিয়োগকাৰী ন্যাস আদিৰ ওপৰত এৰি দিয়া উচিত, যাৰ এই খেলখনত ৰাপ আছে। চৰকাৰী বিনিয়োগৰ এই সিদ্ধান্তটো প্ৰধানমন্ত্ৰীৰ কম চৰকাৰ অধিক প্ৰশাসনৰ যি ঘোষণা, তাৰ পৰিপন্থী। আনহাতে, এই সিদ্ধান্তটোৱে বিনিয়োগকাৰীসকলক পুজি আহৰণৰ ক্ষেত্ৰত সকাহ দিয়াৰ লগতে সাধাৰণ বজাৰ মূল্যতকৈ অধিক আয়কৰ ৰেহাই প্ৰদান কৰিব। ই তেওঁলোকক ৰিস্ক লোৱাৰ মানসিকতাক আৰু অধিক উৎসাহ যোগাব।

এই সিদ্ধান্তৰ ঘোষণাটোত কিছু ৰসিকতাও নথকা নহয়:

এতিয়াৰে পৰা তিনিবছৰলৈ ষ্টাৰ্ট আপ সমুহে কৰ ৰেহাই পাব। সচাকৈয়ে? ভাৰতৰ সৰহসংখ্যক উদ্যোগীয়েই বিশ্বাস কৰে যে তেওঁলোকৰ উদ্দেশ্য ধনৰ পৰিমান বৃদ্ধি, ধন ঘটা নহয়। তেনেহলে ইয়াৰ পৰা লাভবান হব কোন? মোৰ চিন্তা হয়, এটা ষ্টাৰ্ট আপ আৰম্ভ হোৱাৰ কিমান দিনলৈ এই ৰেহাই প্ৰযোজ্য হৈ থাকিব। ; এই সুবিধাটো লাভ কৰালৈকে বহুতো ন-উদ্যোগীকে প্ৰায় ১৫বছৰ মান লাগি যাব।

আশাকৰোঁ , কিছুমান ষ্টাৰ্ট আপে এই নিয়মসমুহ পঢ়িব আৰু ভাবিব ইয়াৰ পৰা তেওঁলোক কিদৰে লাভান্বিত হব আৰু সেই লাভ নামৰ সাতামপুৰুষীয়া শব্দটোৰ অৰ্থনো কি তাকেই জানিবলৈ বিচাৰিব।

তাৰ পৰিৱৰ্তে আচলতে ষ্টাৰ্ট আপ সনুহক সেৱা কৰ ৰেহাই দিয়া উচিত । মই জনাত বহুতো ষ্টাৰ্ট আপেই B2B business modelত কাম কৰি আছে আৰু যদি ধৰা হয় যে দুবছৰৰ বাবে তেওঁলোকক সেৱা কৰ ৰেহাই দিয়া হয় বা বাৰ্ষিক আয়ৰ ৫কোটিলৈকে ৰেহায় দিয়া হয় , ই তেওঁলোকক অধিক প্ৰতিযোগী কৰি তুলিব।

মই তদুপৰি চৰকাৰক আহ্বান জনাম যে চৰকাৰে প্ৰথম তিনিবছৰলৈ শুল্ক কৰ ৰেহাইৰো ব্যৱস্থা কৰক। Startup India eventত জুৰিৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা কাৰ্ডিয়েক ডিজাইন লেবৰ দৰে ষ্টাৰ্ট আপক আয়কৰ ৰেহাই দিয়াৰ সলনি শুল্ক কৰ ৰেহাই দিলে ডিজাইনৰ ক্ষেত্ৰত আৰু তেওঁলোকে আৰু অধিক সাফল্য লাভ কৰিবলৈ সক্ষম হব।

ব্যক্তিগত তথা ৰাজহুৱা খণ্ডৰ সহযোগিতাৰে ভাৰতত ইনক্যুবেটৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত বিনিয়োগৰ সহযোগিতা কৰাৰ সিদ্ধান্ততো মোৰ পছন্দ হৈছে। কিন্তু এই ইনকাবেটৰ সমুহৰ গুণাগুণ সমহাৰত ৰক্ষা কৰাটোহে আচল প্ৰত্যাহ্বান। ; কিছুমানে ইনক্যুবেটৰ হিচাপে আৰম্ভ কৰে কিন্তু কৰ্মস্থান প্ৰদান কৰি অতি ক্ষিপ্ৰতাৰে ৰিয়েল এষ্টেট এজেন্টলৈ ৰূপান্তৰিত হৈ পৰে। এটা অভিজ্ঞ দলৰ দ্বাৰা পৰ্যবেক্ষন নকৰিলে চৰকাৰে এইক্ষেত্ৰত বিনিয়োগ কৰা ধন অথলে যোৱাৰ সম্ভাৱনা আছে।

সেইসকলক চালুকিয়া অৱস্থাতে চিনাক্ত কৰিব পৰাটো বুদ্ধিমত্তাৰ কাম হব আৰু তৃণমূল পৰ্যায়তে তেওঁলোকক শিক্ষকৰ দ্বাৰা উদ্ভাৱনী কৌশল প্ৰশিক্ষিত কৰাৰ চিন্তাটোও মনোগ্ৰাহী, কিন্তু শিক্ষক কত? ৫লাখ স্কুলত শিকাবৰ বাবে শিক্ষক কৰ পৰা আহিব। ?

বিভিন্ন অঞ্চলভিত্তিত আঞ্চলিক উদ্যোগশীলতা কোষ গঠন কৰা চিন্তাটোও আকৰ্ষণীয়। ই অন্তত বিভিন্ন অঞ্চললৈ উদ্যোগশীলতাৰ বাৰ্তা বহন কৰিব। কিন্তু এইক্ষেত্ৰতো কিছু প্ৰত্যাহ্বান আছে: আমি এই কোষসমুহত জ্ঞান দিবলৈ প্ৰকৃত অভিজ্ঞতালব্ধ উৎকৃষ্ট দিক্ষাগুৰু কত পাম? আমাক কিছু বাস্তৱিক উপায় লাগে, হঠাতে স্তব্ধ হৈ পৰিব পৰা আশাবাদী উপায় নালাগে।

বিভিন্ন বিজনেছ স্কুলকো সামৰি বিভিন্ন শিক্ষা প্ৰতিস্থানত উদ্যোগশীলতাৰ পাঠ্যক্ৰম সন্নিবিষ্ট কৰিব বিচৰা ধাৰণাটোৰ ক্ষোত্ৰতো মোৰ শংকা আছে। তেওঁলোকৰ সহৰসংখ্যকৰে আওপুৰণি শিকন প্ৰণালী আৰু সজুলি আছে আৰু সন্মানপূৰ্বক কওঁ যে যিসকল শিক্ষকে শিকাব তেওঁলোক কোনোকালেই উদ্যোগী নহয়। এইটো এটা ডাঙৰ বিষয় আৰু এইক্ষেত্ৰত মানৱ সম্পদ উন্নয়ন দপ্তৰৰ হস্তক্ষেপ প্ৰয়োজনীয়।

আনফালে এই তালিকাত কেৱল আভিযান্ত্ৰিক আৰু বিজনেজ স্কুল হে কিয়? মহাবিদ্যালয়সমুহত কিছুমান দক্ষ উদ্যোগী আছে নিশ্চয় ,যাৰ কলাৰ ওপৰত অধিক আগ্ৰহ?

ষ্টাৰ্ট আপৰ বাবে নিৰ্ভযোগ্য ক্ষীপ্ৰ ইন্টাৰনেট সংযোগ অতি প্ৰয়োজনীয়

গ্ৰাহকসকলে পৰৱৰ্তী বৃহৎ ষ্টাৰ্ট আপটো ঢুকি নাপাব,কাৰণ আৰম্ভণী সময়ত ,যত ষ্টাৰ্ট আপ বোলা বস্তুটো এতিয়াও অচিনাকি, এয়াৰটেল, ৰিলায়েন্স আৰু ভোডাফোনৰ দৰে ইন্টাৰনেট সেৱা প্ৰদানকাৰীসকলে গ্ৰাহকৰ পৰা দুগুণ দামৰ ব্যৱস্থাত সেই অচিনাকি চাইট সমুহ প্ৰদান কৰিব। নিসন্দেহে এইক্ষেত্ৰত কোনেও ধন খৰচ নকৰে। ইন্টাৰনেটৰ সাধাৰণিকৰণ ভাৰতত ষ্টাৰ্ট আপৰ প্ৰসাৰৰ বাবে অতি প্ৰয়োজনীয় । আমি যদি ভৱিষ্যতে ভাৰতত ১,০০,০০০ ষ্টাৰ্ট আপ আৰম্ভ কৰিব খোজো তেনেহলে আমি সফল নহম, কাৰণ এই ইন্টাৰনেট। মই ভাবো চৰকাৰে এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা উচিত।

চৰকাৰে অনতিপলে সংসদত পৰি থকা দুখন অতি প্ৰয়োজনীয় বিধেয়ক অনুমোদন জনোৱাটো জৰুৰী হৈ পৰিছে। সেয়া হৈছে GST আৰু bankruptcy বিল। এই বিধেয়ক দুখনে ভাৰতত ষ্টাৰ্ট আপৰ জগতত প্ৰভাৱ পেলাব।

এই কৃত আৰু ঘোষিত চিন্তাসমুহ যথেষ্ট আকৰ্ষণীয় । The Startup India eventটো চৰকাৰৰ এক মহান পদক্ষেপ। আমি এতিয়া বাস্তৱিক পদক্ষেপেৰে আগবঢ়াৰ সময়।

এই প্ৰথম পদক্ষেপটোত কিছুমান প্ৰভাৱশালী ঘোষণা হৈছে। কিন্তু বাস্তৱত দেখা যায় যে কিছুমান চিন্তা অন্য দিশলৈ গতি কৰে আৰু বিফল হয়। দেখাত ই এক বৃহৎ পদক্ষেপ কিন্তু অৰ্থনীতিত ই বাস্তৱিকতে কি প্ৰভাৱ পেলায় সেই কথা লক্ষনীয়।

এইক্ষেত্ৰত আন উপাদানসমুহ যেনে কেন্দ্ৰীয় চৰকাৰকে ধৰি অংশীদাৰসমুহ, ৰাজ্য চৰকাৰসমুহ, আমোলাতন্ত্ৰ, উদ্যোগজগত, বিনিয়োগকাৰীসমুহ, দিক্ষাগুৰুসকল,সহযোগীসকল, বিদ্যায়তনিক সংস্থাসমুহ, আৰু ষ্টাৰ্ট আপৰ সৈতে জড়িত আনসকল এই অনুস্থানটোত একত্ৰিত হৈছে। এই মঞ্চক উবেৰৰ প্ৰতিস্থাতা আৰু মুখ্য কাৰ্যবাহী বিষয়া ট্ৰেভিছ কালানিকে – “যাদুৰ মঞ্চ” আখ্যা দিছে।

(বিধিসন্মত ঘোষণা: ইয়াত প্ৰকাশিত চিন্তাধাৰা আৰু দৃষ্টিভংগীসমুহ লিখকৰ নিজৰ। YourStory ৰ নিজস্ব মতামত নহয় )

মূলঃকে বৈথেশ্বৰণ

অনুবাদঃ প্ৰাঞ্জল শৰ্মা